গণতান্ত্রিক ৰাষ্ট্ৰৰ নানা বিচ্যুতি থাকিবই পাৰে। কাৰণ ৰাষ্ট্ৰচালনা (চৰকাৰ) মানুহেই কৰে, আৰু দোষত্রুটি মানুহৰ হ’বই পাৰে। ঘাইকৈ ধন আৰু ক্ষমতাৰ লালসাই ৰাষ্ট্ৰৰ পৰিচালনাত সৰু-ডাঙৰ বিচ্যুতি ঘটোৱা পৰিচিত ঘটনা। কিন্তু বৃহৎ জনগণৰ স্বাৰ্থতে গণতন্ত্রত ৰাষ্ট্ৰ পৰিচালনা হােৱা প্রয়ােজন, দীর্ঘদিনীয়া ঔপনিবেশিক শােষণ-দমনৰ বিৰুদ্ধে ভাৰতীয় জনগণেই সংগ্রাম কৰি স্বাধীনতাৰ পাৰিজাত ফুলপাহ লাভ কৰিছিল এই উদ্দেশ্যেৰেই। সংবিধানখনতাে সেই উদ্দেশ্য পৰিষ্কাৰ। নাগৰিকৰ স্বাধীনতা আৰু সৰ্বাংগীণ উন্নতি আৰু মংগলেই তাৰ নিৰ্ণায়ক লক্ষ্য। অথচ ৰাজনৈতিক দল আৰু নেতাৰ ধন-ক্ষমতাৰ হাউচৰ ফলত সেই প্রধান লক্ষ্যবােৰ অতি সীমিতভাবেহে পূৰণ হৈছে।
ভাল-ভাল আইন প্রণয়ন হৈছে প্ৰচুৰ। কিন্তু বেছিভাগ আইনেই আইন কাৰ্য্যকৰী কৰা মন্ত্রী-বিষয়া কৰ্মচাৰীৰ অৱহেলা, অসাধুতা আৰু অকর্মণ্যতাৰ ফলত কাৰ্য্যক্ষেত্রত অতি ৰুগীয়া বা পংগু হােৱাহে দেখা গৈছে। আমাৰ বাঞ্ছিত স্বাধীনতা খর্ব হৈছে, আমি সদায় বিভিন্ন ক্ষেত্ৰত ক্ষমতাশালী লােকৰ ভয়ত থাকে। আমাৰ বাস্তৱ উন্নতি আৰু সমৃদ্ধি ক’ত হ'ব, আমি সদায়েই অভাৱ আৰু দৈন্যৰ দুঃস্বপ্ন দেখে। এই পৰিস্থিতিত ন্যায়ালয়েই একমাত্র ভৰসা হৈ পৰিছে, যি স্বাধীনতা সংগ্রাম আৰু সংবিধানৰ সেই মহৎ আৰু উদাৰ লক্ষ্যবােৰ পূৰণৰ পৰা চৰকাৰক তথা ধন-ক্ষমতাৰে বলীয়ান মহলবােৰক বিচ্যুত নােহােৱাকৈ ৰাখিব পাৰে। পথভ্রষ্ট ৰাজনীতিকক কিছু পৰিমাণে নাকী লগাই পুনৰ সঠিক পথলৈ ঘূৰাই আনিব পাৰে। ধন-ক্ষমতাৰ অধিকাৰী মহলবােৰে ইতিমধ্যে ন্যায়ালয়ৰ তলৰ নহলাবােৰত দুর্নীতি আৰু অন্যায়ৰ বীজাণু সুমুৱাই দিছে। ওপৰৰ নহলাবােৰত তাৰ মাত্রা তাকৰ হ'লেও সঁচাই-মিছাই বহু কথা শুনা যায়। আনকি উচ্চতম মহলাৰ সর্বোচ্চ আসনত বহা সকলৰাে কেইবাজনৰাে বৰুদ্ধে অধিবক্তা শান্তিভূষণে ৰাজহুৱাকৈ অভিযােগ উত্থাপন কৰিছিল। তথাপি আজি বহু বছৰ ধৰি উচ্চতম ন্যায়ালয়কে জনসাধাৰণে গণতন্ত্ৰৰ অতন্দ্র প্রহৰী বুলি গণ্য কৰি আহিছে বিবেকবান, মেধাবী আৰু বিচক্ষণ ন্যায়াধীশসকলে দিয়া ৰায়ৰ বাবে। সেয়ে উচ্চতম ন্যায়ালয়ৰ মর্যাদা আৰু কর্তৃত্ব (authority) অটুট বখা সকলাে সৎ নাগৰিকৰে দায়িত্ব আৰু কৰ্ত্তব্য।
কিন্তু সম্প্রতি ক্ষমতাৰ ৰাগীত হিতাহিত জ্ঞান শূন্য হােৱা কিছুমান নেতা আৰু সংগঠনে তাক আচৰিত ধৃষ্টতাৰে অমান্য কৰি অৰাজকতাৰ পৰিবেশ ৰচনা কৰাত আগভাগ লৈছে। | কেৰালাৰ শৰীমালা মন্দিৰত ভগৱান আয়াপ্পাৰ পূজা ঋতুমতী হ'ব পৰা বয়সৰ নাৰীৰ দ্বাৰা হােৱা বাৰণ। তাত ৮-৯ বছৰলৈ ছােৱালী আৰু পঞ্চাছ-উর্ধ্বৰ নাৰীৰহে প্রবেশ সম্ভৱ। ঋতুমতী হ’ব পৰা নাৰীৰ প্রবেশ নিষেধ। ঋতুমতী হােৱাৰ দিনকেইটাতে নহয়, বছৰৰ কোনাে দিনতে তেওঁলােকে সেই মন্দিৰত প্রবেশ কৰিব নােৱাৰে। এই অন্যায় ধর্মীয় সংস্কাৰৰ বিৰুদ্ধে ন্যায়ালয়ত দুগৰাকীমান নাৰীয়ে গােচৰ দিয়াত উচ্চতম ন্যায়ালয়ে তেনে নিষেধাজ্ঞা অবৈধ বুলি কৈছে। ন্যায়ালয়ে ৰায়হে দিয়ে, তাক কাৰ্য্যকৰী কৰাৰ দায়িত্ব চৰকাৰৰ। কেৰালাৰ বৰ্তমান চৰকাৰে সেই দায়িত্ব পালন কৰিবলৈ যাওঁতে কেৱল আৰএছএছ আৰু বিজেপিয়েইনহয়, কংগ্রে’ছেও তীব্র প্রতিবাদ আৰু বিক্ষোভ কৰিছে!!
বিজেপি দলৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে কৈছে যে উচ্চতম ন্যায়ালয়ে “কাৰ্য্যকৰী কৰা সম্ভৱ” (implementable) ৰায়হে দিয়া উচিত আৰু এই ৰায় কাৰ্যকৰী কৰিব ওলােৱা বৰ্তমানৰ কেৰেলা চৰকাৰক ক্ষমতাৰ পৰা উফৰাই দিয়া হ'ব। অভিযােগ কৰা হৈছে যে এনে বক্তব্য ন্যায়ালয়ৰ প্ৰতি অৱজ্ঞাসূচক অপৰাধ। (Contempt of Court) একেধৰণৰ মন্তব্য কৰিছে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ এতিয়ালৈকে একাদিক্রমে তিনিবাৰ “সৰকাৰ্যবাহ” (সাধাৰণ সম্পাদক) ভায়াজী যােশীয়ে। বাবৰি মছজিদ থকা ঠাইখনৰ ভূমিস্বত্ব লৈ বিবাদ চলি আছে, উচ্চতম ন্যায়ালয়ত ঠাইটুকুৰাৰ মালিক কোন, তাকে লৈ গােচৰ চলি আছে। মুশ্লিম ৱাকফ বাের্ড (মুশ্লিম ধর্মীয় স্থানবােৰৰ ৰক্ষণাবেক্ষণ কৰা পৰিষদ), নির্মোহী আখড়া নামৰ সাধু-সন্যাসীৰ এটা গােষ্ঠী আৰু “ৰাম লালা” (কণমানি ৰাম?) নামেৰে ৰামলক্ষ্মণৰ মাটিৰ সৰু-সৰু মূর্তি দুটামানৰ পূজা দিয়া পুৰােহিতৰ মাজত এই বিবাদ চলি আছে।
অৱশ্যে ১৯৯২ চনৰ ৬ ডিচেম্বৰৰ দিনা এক-ডেৰলাখ “কৰসেৱক” গােট খাই মছজিদটো ভাঙি চুর্ণীকৃত কৰাৰ পিছতহে ঠাইটুকুৰাৰ মালিকানা দেৱানী আইনমতে গােচৰৰ বিষয় হৈ পৰিছে। উচ্চতম ন্যায়ালয়ে শেহতীয়া ৰায়ত গােচৰৰ শুনানি ২০১৯ চনলৈ স্থগিত ৰখাত হিন্দুত্ববাদী মহল জঁকি উঠিছে। তেওঁলােকে আশা কৰিছিল, উচ্চতম ন্যায়ালয়ে তেওঁলােকক সমীহ কৰি তেওঁলােকৰ সপক্ষে ৰায় দিব আৰু তেওঁলােকে সেই উত্তেজনাৰ ঢৌত উটি সগৌৰৱে মন্দিৰ নিৰ্মাণ কৰি ২০১৯ চনত অনায়াসে দিল্লী পুনৰ দখল কৰিব।
ভায়াজী যােশীয়ে ক্ষুব্ধ হৈ কৈছে যে ই উচচতম ন্যায়ালয়ৰ দ্বাৰা হিন্দু জাতিৰ প্রতি অপমান (insult to the Hindu Community)! এনে মন্তব্যই নিশ্চিতভাবে ন্যায়ালয়ৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযােগ আনিছে। ন্যায়ালয়ৰ কোনাে ৰায় সম্পর্কে নাগৰিকে যুক্তিগ্রাহ্য বিচাৰেৰে দ্বিমত প্ৰকাশ কৰিব পাৰে। কিন্তু পক্ষপাতিত্ব বা অসাধুতাৰ অভিযােগ এক গুৰুতৰ অপৰাধ। কেৱল সেয়ে নহয়, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ প্রতিপত্তি এতিয়া ইমান বেছি যে বহুসংখ্যক ৰাইজ ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ক অৱজ্ঞা কৰিবলৈ সাহস পাব। দেশত শাসন, ন্যায়দান, আইন-প্রণয়ন, সকলাে ক্ষমতা হিন্দুত্ববাদী মহলে নিজৰ হাতলৈ নিয়াৰ অভিপ্রায় এই ঘটনাত স্পষ্ট। তাৰ শেষ পৰিণতি হব সংবিধান আৰু গণতন্ত্ৰৰ বিনাশ।
চৰকাৰৰ “অর্থনীতি” আৰু ৰিজাৰ্ভ বেংক
আজিৰ বিশ্ব-অর্থনীতি ইমানেই জটিল যে তাৰ তলা-নলা পােৱা সাধাৰণ শিক্ষিত মানুহৰ পক্ষেই কঠিন। অথচ তাৰ প্ৰতিটো ঘটনা, প্রতিটো পৰিৱৰ্ত্তনে বিভিন্ন ধৰণে আমাৰ দেশৰ সাধাৰণ মানুহৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। খনিজ-তেলৰ দাম নির্ধাৰিত হৈছে আন্তর্জাতিক লেন-দেনৰ বজাৰত, অথচ তাৰ ফলত অসমৰ এচুকতাে নিত্যপ্রয়ােজনীয় দ্রব্যৰ দাম অতিপাত বাঢ়িছে। যােৱা বছৰ নহৰু খেতিত বিত্তৰ লাভ কৰা খেতিয়কসকলে এইবাৰ বেছি মাটিত নহৰু লগাই আন্তর্জাতিক বজাৰত হঠাতে মূল্য হ্রাস হােৱা বাবে মূৰেকপালে হাত দিবলগা হৈছে।
আনহাতে তাৰে সুযােগ লৈ বিজেপি চৰকাৰে অতি অন্যায়ভাবে ৰাজকোষৰ ধন বৃদ্ধি কৰিছে। খনিজ-তেলৰ মূল্য আন্তর্জাতিক বজাৰত হ্রাস পালেও ভাৰতত তাৰ দাম নকমায়। আকৌ বিমুদ্ৰাকৰণ, জি-এছ-টি, এইবােৰ অকস্মাৎ প্রবর্তন কৰি অপ্রস্তুত ৰাইজৰ মূৰত টাঙোন মাৰে। তেওঁলােকৰ বিপুল লাভ হ'ব বুলি প্ৰচাৰ কৰে, কিন্তু তাৰ ফলত বহুতে আত্মহত্যা পর্যন্ত কৰিবলৈ বাধ্য হয়। যি দেখিছে চৰকাৰে অর্থনীতি নিয়ন্ত্রণ নকৰে, ধন ঘটাৰ এক কৌশলী অর্থনীতিহে প্রয়ােগ কৰে ৰাইজক ছলি আৰু ঠগন দি। অথচ এই সময়ত গড়াখহনীয়াৰ প্রকোপ কমাবলৈ আমি নদীপাৰত বহি নামকীৰ্ত্তন কৰি আছোঁ। অর্থাৎ উক্ত ছলনাবােৰ বুজিবলৈ আমি সামর্থ্যই আয়ত্ত কৰা নাই।।
ময়াে সেই ৰাইজৰ এজন। তথাপি যিকণ বুজোঁ ৰাইজক জনাবলৈ হাবিয়াস কৰোঁ। এতিয়া দিল্লীৰ সংবাদজগতত তােলপাৰ লগাই থকা এটা খবৰ সম্পর্কে যি বুজোঁ ৰাইজক জনাওঁ। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ লগত প্রধান মন্ত্রী কার্যালয় তথা প্রধান মন্ত্রী আৰু বিত্তমন্ত্রী তীব্র বাদানুবাদ চলিছে। ঘটনা এনে পর্যায় পাইছে যে হয়তাে ৰিজার্ভ বেংকৰ মূৰব্বী (Governor) উর্জিৎ পেটেলে পদত্যাগ কৰিব লগা অৱস্থা হ'ব পাৰে। ৰিজাৰ্ভ বেংকৰ ইতিহাসতে ই এক নােহােৱা নােপজা ঘটনা।
প্রধান মন্ত্ৰীৰ পক্ষত থকা বিলাকে কৈছে যে দেশৰ সামগ্রিক অর্থনীতিক সংকটৰ পৰা মুক্ত কৰিবলৈ প্রধান মন্ত্রী/বিত্তমন্ত্রীয়ে ৰিজাৰ্ভ বেংকৰ ওচৰত এক অভূতপূর্ব দাবী উত্থাপন কৰিবলৈ বাধ্য হৈছে ৷ ৰিজাৰ্ভ বেংকৰ ৰিজাৰ্ভত (অতিৰিক্ত ধনৰাশি) থকা ৩ লাখ ৭০ হেজাৰ কোটি টকা নিজৰ দখললৈ নি তাক ব্যৱহাৰ কৰিব খুজিছে। আনহাতে গৱৰ্ণৰ উৰ্জিৎ পেটেলে ভাবে যে তাৰ ফলত ভাৰতৰ বিত্তব্যৱস্থাত ভূমিকম্প হ’ব, বিনিয়ােগকাৰীয়ে ভাৰতত বিনিয়ােগ কৰা ধন আঁতৰাই নিব আৰু বেংকত ধন জমা দিয়া গ্রাহকসকলে টকা হেৰােৱাৰ ভয়ত বেংকৰ টকা উঠাই নি বেংকবােৰত “লাল বাতি জ্বলাব”। পৰিণতিত দেশৰ অর্থনীতি খহি পৰিব আৰু বিত্তবান সকলেও জীৱন-নির্বাহ কৰা কঠিন হৈ পৰিব। এনে এক পৰিস্থিতিতে নব্বৈ দশকত আর্জেন্তিনাত উচ্চ মধ্যবিত্ত লােকে খাদ্যৰ বাবে ৰাস্তাৰ “ডাষ্টবিনত (আবর্জনা পেলােৱা আধাৰত) খুঁচৰি থকাৰ ফটো চাৰিওপিনে বিয়পি গৈছিল।
আধুনিক পুঁজিবাদী অর্থনীতিৰ ৰাজহাড় বেংক। বেংকত গ্রাহক দ্বাৰা দেশৰ সমগ্র সঞ্চিত ধন জমা হয়। গ্রাহকে তাৰ পৰা সুদ পায় আৰু তাতকৈ কিছু উচ্চহাৰৰ সুদত বেংকে শিল্প-ব্যৱসায়ত ধন যােগান ধৰি উপার্জন কৰে। আজিকালি বেংকে শ্বেয়াৰৰ বজাৰতাে ধন বিনিয়ােগ কৰে। বেংক-ব্যৱস্থা ভাঙি পৰা মানে দেশৰ অর্থনীতিয়ে বিধ্বস্ত হৈ পৰা। সেয়ে বেংকৰ কাৰ্যকলাপৰ ওপৰত কিছুমান কার্যবিধি আৰােপ কৰা আৰু বেংকৰবাৰক নিৰীক্ষণত ৰখা দেশৰ কেন্দ্রীয় বেংকটোৰ কৰ্ত্তব্য। ভাৰতৰ ৰিজাৰ্ভ বেংক তেনে এক কেন্দ্রীয় বেংক। বেংকে যাতে গ্রাহকক নঠগায়, যাতে গ্রাহকৰ ধন দায়িত্বহীনভাবে ধাৰলৈ নিদিয়ে, যাতে আয়-ব্যয়ৰ ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰে, সেয়ে ৰিজাৰ্ভ বেংকৰ তদাৰকি প্রয়ােজন। বেংকৰ গ্রাহক আস্থাহীন হৈ পৰিলেই বিপদ। এই তদাৰকি কৰিবলৈ ৰিজাৰ্ভ বেংকৰ স্বাতন্ত্র্য (autonomy) প্রয়ােজন। ইমান দিনে এই স্বাতন্ত্র্য চৰকাৰবােৰে বৰ্তাই ৰাখিছিল। দেশত মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাত ৰিজাৰ্ভ বেংকে নির্ধাৰণ কৰা বেংকে ধাৰলৈ দিয়া সুদৰ হাৰ (bank rate) আৰু বেংক বিলাক সচল ৰাখিবলৈ বান্ধি দিয়া নগদ ধনৰ পৰিমাণ আদি পদক্ষেপৰে ৰিজার্ভ বেংকে চঞ্চল বিত্ত ব্যৱস্থাক শাসনত ৰাখিছিল। বেংকবােৰত নগদ ধনৰ সংকট হলে সেই পৰিমাণৰ ধনাে অতিৰিক্ত ধনৰাশিৰ (surplus) পৰা ধন যােগান ধৰিছিল।
কিন্তু এতিয়া মােদী চৰকাৰে দাবী কৰিছে যে ধনৰ অভাৱত দেশৰ| অর্থনীতি স্থবিৰ হ'ব ধৰিছে। সেয়ে চৰকাৰে নিজেই দেশৰ ক্ষুদ্র, মজলীয়া, অতিক্ষুদ্র ব্যৱসায়বােৰত প্রাণ সঞ্চাৰ কৰিবলৈ পােনপতীয়াকৈ নিজেই ধন যােগান ধৰাৰ সংকল্প কৰিছে। আৰু সেই উদ্দেশ্যে ৰিজাৰ্ভ বেংকৰ স্বাতন্ত্র উপেক্ষা কৰি সমস্ত অতিৰিক্ত ধনৰাশি (surplus) নিজৰ হাতলৈ নিবলৈ বিচাৰিছে। গৱৰ্ণৰ উজিৎ পেটেলে এই সংকল্পক অতি হঠকাৰী আৰু দেশৰ অৰ্থনীতিৰ বাবে বিপজ্জনক বুলি ভাবিছে। কিন্তু ১৯ নবেম্বৰৰ দিনা ৰিজাৰ্ভ বেংকৰ পৰিষদৰ সভাত চৰকাৰপক্ষীয় সদস্যসকলে তেনে সিদ্ধান্ত গৃহীত কৰাবলৈ বিচাৰিলে তেওঁ হয়তাে পদত্যাগ কৰিবলৈ বাধ্য হ'ব।
ইতিপূর্বে ৰিজাৰ্ভ বেংকৰ অনুমােদন অবিহনে ভাৰত চৰকাৰে লােৱা বিত্তীয় পদক্ষেপবােৰ যেনে বিমুদ্ৰাকৰণ বা জি-এছ-টি— মাৰাত্মক আৰু ক্ষতিকৰ বুলি প্রমাণিত হৈছে। চৰকাৰৰ নতুন পদক্ষেপটোও তেনে হােৱাৰ আশংকা আছে। যদিও চৰকাৰে ক্ষুদ্রমজলীয়া উদ্যোগ-ব্যৱসায়ক ধন যােগান ধৰাৰ কথা কৈছে, এইদৰে সংগৃহীত বিপুল ধন আদানি-আম্বানি জাতীয় বৃহৎ পুঁজিপতিক যােগান ধৰাই সম্ভৱ।
ইয়াৰ আগতে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হৈ থকা ৰঘূৰাম ৰাজনে দেখিছিল যে দেশৰ বৃহৎ বেংকবােৰে বৃহৎ পুঁজিপতি বিলাকক জধেমধে বিপুল পৰিমাণৰ ধন ধাৰলৈ দি এপয়চাও ঘূৰাই পােৱা নাছিল। বৰং ২০১৫ চনৰ মাৰ্চ মাহৰ পৰা ২০১৮ চনৰ মাৰ্চ মাহৰ ভিতৰত অনাদায় হৈ থকা বেংকৰ ধন ৬ কোটি ২ নিযুত লাখলৈ বৃদ্ধি পাইছিল। মােদী চৰকাৰৰ দিনতে কে’বাজনাে এনে ধনবান ধৰুৱাই দেশ এৰি পলায়ন কৰিছে। এনে অনাদায় ঋণ (NPA) দেশৰ বেংক ব্যৱস্থাৰ মাজত চৰম বিশৃংখলা আৰু ক্ষতি সৃষ্টি কৰিছে। ৰঘূৰাম ৰাজনে ২০১৬ চনতে এনে অপৰাধী ধৰুৱাৰ তালিকা চৰকাৰক দি ধন-আদায় বা দণ্ড বিধান কৰিবলৈ পৰামর্শ দিছিল। চৰকাৰে একো নকৰিলে, বৰং ৰঘূৰাম ৰাজনক বিদায় দিয়া হ’ল সচৰাচৰ কৰা দৰে কাৰ্যকাল বৃদ্ধি নকৰি।
এতিয়া ৩ কোটি ৭০ লাখ লাখ (মন কৰিব দুবাৰ লাখ সংখ্যাৰ ব্যৱহাৰ হৈছে) টকাৰ বিপুল ধন আনি পুনৰ ধনকুবেৰৰ হাততে গতােৱাৰ চক্রান্ত হৈছে, অৱশ্যে নিজৰ ফলীয়া এচাম ক্ষুদ্র-মজলীয়া ব্যৱসায়ীকো ধন যােগান ধৰিব পাৰে। উদ্দেশ্য, ২০১৯ চনৰ নিৰ্বাচনত প্ৰচাৰৰ ধুমুহা বােৱাবলৈ তেওঁলােকৰ পৰা বিপুল ধন সংগ্রহ কৰা।
ক্ষমতাধীষ্ঠ দলটোৱে যেনে তেনে ক্ষমতা দখল কৰি ক্ষমতাত টিকি থকাৰ বাহিৰে আন একো চিন্তা নকৰে। যিখিনি কাম কৰে সিও সাধাৰণ মানুহৰ পৰা অধিক ধন চুঁচি-মাজি অনাৰ বাবেহে। সেয়ে ৰিজাৰ্ভ বেংকৰ ওপৰত খটোৱা কর্তৃত্বই দেশত আৰু বিপদ ঘনীভূত কৰিব। ৰিজার্ভ বেংকৰ ৮৩ বছৰীয়া ইতিহাসত এনে ঘটনা পূর্বে ঘটা নাই। (আগলৈ)
No comments:
Post a Comment