মনৰ কথাঃ সংঘৰ পদাধিকাৰীয়েই চকলং পাতিছিল! আজি শংকৰ সংঘৰ উত্তৰণ নে অধঃপতন ?? :: ৰিপুঞ্জয় গগৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ সংঘৰ পদাধিকাৰীয়েই চকলং পাতিছিল! আজি শংকৰ সংঘৰ উত্তৰণ নে অধঃপতন ?? :: ৰিপুঞ্জয় গগৈ

মনৰ কথাঃ সংঘৰ পদাধিকাৰীয়েই চকলং পাতিছিল! আজি শংকৰ সংঘৰ উত্তৰণ নে অধঃপতন ?? :: ৰিপুঞ্জয় গগৈ

Share This
সংঘৰ পদাধিকাৰীয়েই চকলং পাতিছিল!
আজি শংকৰ সংঘৰ উত্তৰণ নে অধঃপতন ??
ৰিপুঞ্জয় গগৈ
সংঘৰ পদাধিকাৰীয়েই চকলং পাতিছিল! আজি শংকৰ সংঘৰ উত্তৰণ নে অধঃপতন ?? ৰিপুঞ্জয় গগৈ
(১)
এবাৰ নহয় ,দুবাৰ নহয় তিনিবাৰকৈ শংকৰ সংঘৰ পদাধিকাৰী হৈছিল বিশিষ্ট বৈষ্ণৱ পণ্ডিত শশী চন্দ্ৰ বৰবৰুৱা । বিখ্যাত ,বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাৰ ঘৰৰ এইজনা প্ৰভাৱশালী আহোমৰ লোকে নিজৰ পুলিন পুথাওৰ সংস্কাৰ, সংস্কৃতিৰে নিজৰ জীয়ৰীৰ চকলং পাতিছিল 1963 চনত । জোৱাঁই আছিল গড়গাঁও কলেজৰ অধ্যক্ষ নীলমণি বৰগোঁহাই (সেই সময়ৰ উপাধ্যক্ষ আছিল পৰৱৰ্তী কালৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া )।

শংকৰ সংঘৰ সবাতোকৈ প্ৰভাৱশালী লোকজনেই চকলং পতাৰ পৰৱৰ্তী কালত সংঘৰেই এচাম অসীম অজ্ঞ ,আহোম বিদ্বেষীয়ে চকলঙৰ বিৰুদ্ধে তালিবানী ফটোৱা জাৰি কৰাত সংঘক অনেকেই তুলা ধুনা দিলে, পাছত নিৰুপায় সংঘৰ আজি অসহায় আত্মসৰ্মপণ ! তাৰ পাছত এতিয়া শংকৰ সংঘৰ বৰ্তমানৰ পদাধিকাৰকো পদৰ পৰা অপসাৰণ কৰাৰ যো-জা চলাৰ বাতৰি আহিছে। যিটো একেবাৰেই শোভনীয় নহয়।

আমাৰ সমাজ-সংস্কৃতি, সাহিত্য বুৰঞ্জী নজনা নুবুজা এখিনি বুৰ্বক, অবালচন্দই আজি ধৰ্ম ,সাহিত্য আদি অনুষ্ঠানবোৰত খলি পুতি বহাত এনেবোৰ অবাঞ্ছিত ঘটনা ঘটিবলৈ লৈছে ।

আমি নিজে আজি দহবছৰমানৰ পূৰ্বে বৈষ্ণৱ পণ্ডিত শশী চন্দ্ৰ বৰবৰুৱাৰ ৰচনাৱলীৰ সম্পৰ্কে দৈনিক জনমভূমিত বিশদ ভাৱে লিখিবলৈ গৈ পণ্ডিতজনৰ পাণ্ডিত্য উমান পাইছিলো । তেখেতে আনকি বেণুধৰ শৰ্মাৰ অকাডেমী প্ৰাপ্ত "কাচিঁয়লি ৰ'দৰো" অনেক খুঁট উলিয়াইছিল । বৈষ্ণৱ পণ্ডিত হোৱাৰ পাছতো তেওঁৰ ছোৱালীৰ চকলঙ পতাত কোনো অসুবিধা নাছিল । তেওঁৰ প্ৰখ্যাত পুত্ৰ পৰাণ বৰবৰুৱাই আকৌ তেওঁৰ সন্মতিতেই ব্ৰাহ্মণ ছোৱালীৰ ক'ৰ্ট মেৰেজ কৰিছিল । বিয়াখনৰ আঁত ধৰিছিল সুৰেণ গোস্বামীয়ে । কইনা হৈছে খ্যাতিমান কবি গীতিকাৰ বিবি দেৱী বৰবৰুৱা । বিশিষ্ট চলচিত্ৰ পৰিচালক পৰাণ বৰবৰুৱাৰ গোটেই (জীয়ৰী প্ৰেৰণা বৰবৰুৱা) পৰিয়ালটোৱেই তিনিটা ৰজত কমল বঁটা পাইছে ।


শশীচন্দ্ৰ বৰবৰুৱাৰ সুযোগ্য পুত্ৰ পৰাণ বৰবৰুৱাৰ (তেখেত তৰুণ গগৈৰ মাহীয়েকৰ পুতেক) পৰিয়ালে বিগত সময়খিনিত পিতৃৰ নামত শংকৰ সংঘৰ দ্বাৰা একলাখ টকাৰ বঁটা এটা দি আহিছে । এতিয়ালৈকে আঠবাৰ দিয়া লাখটকীয়া সন্মানীয় বঁটাটো লাভ কৰিছে পণ্ডিত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামী, ভৱপ্ৰসাদ চলিহা, কেশৱানন্দ গোস্বামী আদি বৰেণ্য ব্যক্তিয়ে ।

এইহেন জন বৈষ্ণৱ ব্যক্তিৰ কৰ্ম ,আদৰ্শক উপেক্ষা কৰি সংঘই চকলঙত হাত দিয়াকে ধৰি কেতবোৰ সমাজ সংস্কৃতি বিধ্বংশী কামত মছগুল হোৱা কাণ্ডই বৰবৰুৱা ,সোণাৰাম চুতীয়া আদি সংঘ ,শংকৰদেৱপ্ৰাণ বৈষ্ণৱকে অপমান কৰা নহয়নে ?

(আমি নিজে চকলঙৰ সপক্ষে বা বিপক্ষে একো কবলৈ নাযাঁও ,কাৰণ আমি নিজৰ বিয়া ,নিজৰ আদৰ্শৰে আদালতত পাতিলো )
(২)
জাতৰ _খাদ্যৰ  শুচিতা আৰু  বিশুদ্ধ  ধৰ্মৰ  সুৰক্ষাৰ  স্বৰূপ 
অসমীয়াত এষাৰ কথা আছে, "নমো  নমো  পাৰিজাত  ,কুকুৰে  মূতে  বাহিগাত !, সাধাৰণতে নীতি-নিয়মৰ বৈপৰীত্যক বাস্তৱত কটাক্ষ কৰাৰ বাবেই এই কথাষাৰ ব্যৱহাৰ কৰা হয়।
 
বিবাহ  উপযুক্ত  ছোৱালীজনীৰ  বা  ল'ৰাজনৰ  বাবে  দৰা  অথবা  কইনা বিচৰাৰ সময়ত  আমাৰ  সৰহভাগ  অভিভাৱকেই  সাধাৰণতে  নিজৰ  জাত_  ধৰ্মৰ  পাত্ৰ  _পাত্ৰী  বিচাৰে  । কোনোবাই  ইয়াক  মুখ  খুলি  কয়  আৰু  কোনোবাই  তেনেকৈ   মুখ  ফুটাই  নকলেও  "স্বজাতি ,স্বধৰ্ম্মী  হলে  ভাল  হয়"  বুলি  ভাবে ।

পৰিয়ালৰ  ৰুচি  সংস্কৃতিৰ  সাদৃশ্যৰ  বাবে  কন্যা  বা  পুত্ৰ  দায়গ্ৰস্ত  পৰিয়ালে  স্ববৰ্ণ  ,স্বধৰ্ম্ম  সন্ধান  কৰাৰ  কথাটো  চাবলৈ  গলে  বিৰাট  কিবা  এটা  আপত্তি  কৰিবলগীয়া  কথা  নহয় ।  নহয় সেয়া কোনো  দোষণীয়  কথা । 

কিন্তু  নিজৰ  জাত  ধৰ্ম ,খাদ্য  নীতিৰ  আদিৰ  ক্ষেত্ৰত  যিসকল  অজ্ঞতা  বা  সংকীৰ্ণতাৰে  অতি  গোড়া  , যি  নিজৰ  জাত  ধৰ্মৰ  খাদ্যৰ  বাহিৰে  আন  জাত , ধৰ্মৰ  খাদ্য  বা  নীতি  নিয়মক  হীন , অস্পৃশ্য  বুলি  ভাবি  গোঁৱাৰ  গোবিন্দ  হৈ  নিজৰ  সংকীৰ্ণ  স্থানত  বহি  ৰয়  , সেইসকলৰ  অৱস্থাটো  আজিৰ  বাস্তৱতাত  বহুসময়ত  চাবলগীয়া  হয় । 
যিটো  জাত  _গোষ্ঠীক  অপাৰ  অজ্ঞতাৰে  "অতি  হীন"  বুলি  ভাবি  যিমান  পাৰে তাৰ  পৰা   দূৰে দূৰে   থাকে,  সময়ৰ  সন্ধিত  আকৌ  সেই  জাত_  গোষ্ঠীৰ  ছোৱালী  আহি  সেই ঘৰখনৰেই  প্ৰভুত্ববাদী  বোৱাৰী  হয়হি   বহুতৰে  ! অথবা  সদায়ে  হীন  চকুৰে  দেখা  আন  জাত _ ধৰ্মৰ  লোকলৈও  আজি অতি সহজে মৰমৰ  ছোৱালী জনী গুচি  যায়   !!

এনে  উদাহৰণ বোৰ   আজিৰ  সময়ত  পিছে  বিৰল , ব্যতিক্ৰম হৈ  ৰোৱা  নাই । 

 আকৌ  বহুসময়ত  দেখা  যায়  যে  অতি  হেপাঁহেৰে  চাই  _বাছি  নিজৰ  একে  জাত_  ধৰ্মৰ  লোকলৈ   বিয়া  দিয়া  মৰমৰ  ছোৱালী জনীক  সেই  স্ববৰ্ণ  ,স্বধৰ্ম্মী দৰাৰ  পৰিয়ালটোৱেই   অকথ্য  অত্যাচাৰ  কৰিছে  !  ক'ৰবাত  ছোৱালীক  হত্যা  কৰিছে  বা  মাকৰ  ঘৰলৈ  খেদি  পঠাইছে  !  


তদ্ৰুপ  একে  জাতৰ  ,ধৰ্মৰ  বোৱাৰী জনীয়ে   শহুৰ  শাহুৰ  নালাগে  নিজৰ  মতাটোকে  অনেক  নাকনি _ কাননি  কৰি   "নিৰ্যাতিত  স্বামী"ৰ  অভিধাৰ  অধিকাৰী কৰাৰ  কিমান  কাহিনী  আজি  সৃষ্টি  হৈ  আছে ! !

আজি বিবাহ  বিচ্ছেদ  বা  পৰিয়ালৰ  হিংসাৰ  খবৰ  _তথ্য  ললে  আমি  দেখা  পাম  যে  এইবোৰ  বিবাহ  বিচ্ছেদ  বা  হিংসা  ভিন্ন  জাত  ধৰ্মৰ  মাজত  হোৱাতকৈ  একে  জাত  ধৰ্ম  বৰ্ণৰ  মাজতহে  অধিক  হৈছে । 

স্বজাতি  _স্ববৰ্ণ _ স্বধৰ্ম্মীৰ  উন্নাসিকতাৰ  ত্ৰেজিক  পৰিণতি  উদাহৰণ  ৰবীন্দ্ৰনাথৰ  "গোড়া " উপন্যাসৰ  নায়ক  "গোড়া"  ।  

আকৌ  কেতিয়াবা  লক্ষ্য  কৰিব  যে  যিজনী  বোৱাৰী  বা  জোঁৱাইক  ভিন্ন  জাত  ধৰ্মৰ  বাবে  প্ৰথমতে  পৰিয়ালে  দুৰ্ঘোৰ  আপত্তি _ অশান্তি  কৰিছিল   পাছত  আকৌ  এইগৰাকী  অবাঞ্ছিত  বোৱাৰীয়েই  গৈ সেই পৰিয়ালৰ  "আচল  লখিমী  বোৱাৰী"  হৈছেগৈ !  অথবা  "অবাঞ্ছিত  জোৱাঁই"  গৈ  "অতি  মৰমৰ  জোৱাঁই " হৈছেগৈ  !

আজিকালি  বিভিন্ন  খাদ্যৰ  আন্তৰ্জাতিকতামুখী  যাত্ৰাত  আগতে  অনেকেই  "ছিঃ  ছিঃ"  বুলি  নোখোৱা  (শুকান  মাছ  ,গাহৰি  আদি  ) খাদ্যকো  লৰা  ছোৱালী  ,নাতি  নাতিনীহঁতে অতি  প্ৰিয় প্ৰয়োজনীয়  খাদ্য  বুলি  ভাবিবলৈ  লোৱাত  খাদ্য  জাতৰ  সংৰক্ষণবাদী  সকলৰ  কেনে  ত্ৰেজিক  অৱস্থা  হৈছে  সেয়া  আমাৰ  অনেকৰ  বাবেই  আমোদজনক  হৈ  পৰিছে !!
(৩)
ধৰ্মপ্ৰাণ  ৰাজনীতিকৰ  প্ৰদৰ্শনকামিতা আৰু পাপাচাৰৰ  অনুজ্ঞাপত্ৰ  
আমাৰ  সদ্য মৃতকজনৰ  আন  একো  বিশেষ  গুণেৰে  স্মৃতিচাৰণ  কৰিব  নোৱাৰাৰ  অৱস্থাত  সেই গৰাকী  বৰ  ধৰ্মপ্ৰাণ  ব্যক্তি  আছিল  বুলি  কোৱা  হয়  । অৰ্থাত্  এই  ধৰ্মপ্ৰাণ  কথাটোৱে  মৃতক  জনৰ  আন  সকলো  গুণহীনতা  বা  ব্যৰ্থতাক  ঢাকি  মানুহৰ  মনত  এটা  ভাল  ভাৱমূৰ্তি  নিৰ্মাণ  কৰে  । 
বাস্তৱিকতে  এই  ধৰ্মপ্ৰাণ  হোৱাটো   মানুহৰ  এটা  প্ৰয়োজনীয় গুণ  হয়নে  ? কেৱল  নিজৰ  কিবা  এটা  বিচাৰি  ধৰ্ম  কৰা  সকল  বাস্তৱিকতে  ব্যক্তিকেন্দ্ৰিক  লোকহে  হয়  । সেয়েহে  এইটো  মুঠেও  আদৰণীয়  বা  প্ৰশংসনীয়  গুণ  নহয়।

ধৰ্মপ্ৰাণ ব্যক্তিৰ  আমাৰ  সমাজত  এই  গুৰুত্ব , এই  মনস্তত্বৰ  বাবেই  আজি  বাস্তৱতাত অনেক  দুৰাচাৰী  ৰাজনীতিকে  নিজকে  বৰ  ধাৰ্মিক  বুজাবলৈ  ৰাজহুৱাকৈ  ধৰ্ম  কৰ্ম ৰ  প্ৰতি  অতিকৈ  মতি  ভকতি  প্ৰদৰ্শন  কৰে ।


বাস্তৱিকতে  ৰাইজদ্ৰোহী  , দেশদ্ৰোহী  , লাঠুৱা  লুণ্ঠনকাৰী  এইবোৰ  ৰাজনীতিকে   নিজকে  অতি  ধৰ্মপ্ৰাণ  সজাই  ঈশ্বৰ  আল্লাকেই  ঠগে, ফাঁকিবাজীৰ  ঢাকোন দিয়ে ।

তথাকথিত  এই  ধৰ্মপ্ৰাণ  ৰাজনীতিকবোৰে  নিজৰ  দগবাজী  ফাঁকিবাজী ঢাকিবৰ  বাবেই  নিজকে  সততে  ধাৰ্মিক  সজাই । ইহঁতে  আৰু  আন  অনেকজনৰ  দৰে  ধৰ্মক  পাৰাপাৰহীন  পাপাচাৰৰ  অনুজ্ঞাপত্ৰ  হিচাপে  ব্যৱহাৰ  কৰে।

ইহঁতৰ  অস্তিত্ব  আৰু  বিভিন্ন  অসৎ  সক্ৰিয়তাই  আচলতে  ঈশ্বৰ  আল্লাৰ  অস্তিতকেই  প্ৰশ্নৰ  মুখত  থিয়  নকৰাইনে ? 
এইবোৰ  কথা  তথ্যই  আমাক  কি  বাৰ্তা  দিয়ে  ? 

1 comment: