শংকৰ সংঘ, এঘৰীয়া কৰণ আৰু ঘটনাৰ আঁৰৰ ঘটনা
ডাঃ নভনীল বৰুৱা
শেহতীয়াকৈ সংবাদ শিৰোনাম দখল কৰা তথা সামাজিক মাধ্যমত আলোচিত সমালোচিত হোৱা কথাবোৰে সমাজৰ ভিন্ন চিন্তাক প্ৰতিনিধিত্ব কৰে। আজিকালি এই কথাবোৰক লৈ আধুনিক যুগতো যে ধৰ্মান্ধ লোকৰ এনে ব্যৱহাৰ এতিয়াও আছেনে ধৰণৰ প্ৰতিক্ৰিয়াই চিন্তাশীল মানুহে দিবলৈ বাধ্য হয়। কিন্তু, অলপ ভালকৈ চালে দেখিব, এই যে চকলংৰ নামত এঘৰীয়া জাতীয় ঘটনাবোৰ, তাৰ উদ্দেশ্য-প্ৰভাৱ, এইবোৰ আপুনি মই যি দেখিছো , তাতকৈ কিন্তু বহু গভীৰ।
বহুতেই মানি লবলৈ টান পাব , কিন্তু ব্ৰিটিচৰ ভাৰতৰ প্ৰতি মনোভাৱ আৰু ভাৰতৰ বাকী মুখ্য অংশৰ অসমৰ প্ৰতি মনোভাৱৰ মাজত খুব বেছি পাৰ্থক্য নাই । ইয়াৰ আঁৰৰ শক্তি কোনো অসমীয়াৰ প্ৰতি কিবা বেয়া ভাৱ নহয় বৰঞ্চ ইয়াৰ আঁৰত আছে ব্যৱসায় বা অৰ্থনৈতিক লাভালাভ । ৰাজনীতিৰ চালিকা শক্তি অৰ্থনীতি বা বৃহত ব্যৱসায়ী গোষ্ঠীৰ স্বাৰ্থ । দল চৰকাৰ যাৰেই নহওক কিয় , শক্তি কিন্তু বৃহত ব্যৱসায়ী গোষ্ঠীৰ। আগতে কথাবোৰ ইমান প্ৰকাশ্য নাছিল , আজিকালি প্ৰায় নিৰ্লজ্জ ভাৱে সন্মুখলৈ কথাবোৰ ওলাই পৰিছে।
অসম আৰু উত্তৰ পূৰ্বাঞ্চল এই গোষ্ঠী সমুহৰ বাবে অৰ্থ আহৰণৰ সুযোগৰ বাদে অন্য বিশেষ একো নহয় । চাহ, প্লাই, চিমেন্ট উদ্যোগৰ ইতিহাস চালেই মই কোৱা কথাৰ সত্যতা প্ৰত্যায়িত হ’ব । সেইয়ে , আমাৰ সম্পদ লুণ্ঠনৰ বাবে এই গোষ্ঠী সমুহক এক সুচল বাতাবৰণৰ প্ৰয়োজন। অসমীয়া বা তাৰ সহযোগি জাতীয় চেতনাবোধ তেওঁলোকৰ ব্যৱসায়ৰ বাবে বৰ সুবিধাজনক নহয়।
অসমীয়াৰ জাতীয় চেতনাবোধৰ ভিত্তি যোৱা প্ৰায় ২শ বছৰ ধৰি ভাষা। শিল্পী সাহিত্যিকৰ প্ৰতি থকা শ্ৰদ্ধাৰ কথা বাদেই , আনকি আধ্যাত্মিক দিশতো গুৰুজনাক ধৰ্মতকৈ অসমীয়াত্বৰ প্ৰতীক হিচাপে বেছি চোৱা হয় । আনকি শক্তি উপাসক সকলৰো কামাখ্যাকে আদি কৰি শাক্ত দেৱালয় সমুহৰ প্ৰতি থকা শ্ৰদ্ধা বা একাত্মতা, ভাৰতৰ অন্য শক্তিপীঠৰ লগত তুলনা নহয়।
সেইয়ে অসমত সুচল ব্যৱসায় কৰাৰ বাবে বা লুন্ঠনৰ বাবে, অসমীয়াৰ সামাজিক সাংস্কৃতিক মনস্তত্বত আঘাট কৰি পৰিবৰ্তন অনাটো, তেওঁলোকৰ বাবে অতি প্ৰয়োজনীয়। আৰু তাৰ বাবেই লাগে এটা অতি সুচিন্তিত , সুপৰিকল্পিত দীৰ্ঘম্যাদি আচনি । অসম আন্দোলন আৰু তাৰ পৰবৰ্তী সময়ত গঠিত অগপ চৰকাৰৰ সময়ত অসমত জাতীয়তাবাদৰ শিখৰ কাল বুলিলেও ভুল নহব। আৰু সেই উত্থান তেওঁলোকৰ বাবে ভীষণ চিন্তাৰ কাৰণ হৈ পৰিল । ৰাজনৈতিক শক্তি যদি ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ নেথাকে , সেইয়া হ’ব বনিক গোষ্ঠীৰ কাল ! ভূতৰ ওপৰত দানহ পৰাদি ওলাল আকৌ আলফা ! এইবাৰ তেওঁলোকৰ সংকট দুগুন বাঢ়িল। অসমীয়া জাতীয়তাবাদৰ আগ্ৰাসনে তেওঁলোকৰ টোপনি হৰিল। আৰম্ভ হ’ল কূটকৌশল।
প্ৰথম আঘাত হানিলে অসমীয়া ভাষী আৰু অসমৰ জনগোষ্ঠিয় সংঘাটৰ সৃষ্টি কৰি । অগপ দুৰ্বল হ’ল । একে সুবিধাতে লোভ আৰু দমনৰ নীতিৰে আলফাৰ কঁকাল ভাঙি দিয়া হ’ল। প্ৰথম ৰাউণ্ডত তেওঁলোক সফল।
কিন্তু খেল আৰু বাকী আছিল। যি জনগোষ্ঠীয় অশান্তি তেওঁলোকে সৃষ্টি কৰিলে, সি সামৰিক ৰূপ লৈ, তেওঁলোককো ক্ষতি কৰাত লাগিল। তাতে অগপই প্ৰফুল্ল মহন্তৰ নেতৃত্বত এক আশা নকৰা কাম কৰি পেলালে। অগপ লাহে লাহে মিঞাৰ মাজত সোমোৱা আৰম্ভ হ’ল আৰু বাম পন্থীৰ লগতো হাত মিলালে যিতোৱে অসমত ভাষিক জাতীতাবাদক এক চিৰস্থায়ী ৰাজনৈতিক শক্তি হোৱাৰ ফালে অগ্ৰসৰ কৰালে৷ তেওঁলোকে অগপ দল চৰকাৰক ৰাজনৈতিক বৰঙনিত হাত ধৰিলে যাতে দল শক্তিশালী হৈ নপৰে । অগপ দুবাৰ শাসনত থাকিও দলীয় পুঁজি টনকীয়াল কৰিব নোৱাৰিলে কিন্তু তাৰ তুলনাত ৬ বছৰতেই ভাজপা দলক হিয়া উজাৰি বৰঙনি দিলে। (কিছু দল আৰু তেওঁলোকৰ নিয়ন্ত্ৰণকাৰী সংগঠনৰ গুৱাহাটীস্থিত কাৰ্য্যলয় সমূহেই তাৰ প্ৰমাণ)।
তাৰ পাচত এই গোষ্ঠীৰ টাৰ্গেট হ’ল অসমীয়া জাতীয় প্ৰতীক বা শক্তি সমূহ । বিভিন্ন কাৰণত অগপ নিশকতীয়া হৈ বৰ্তমান নিঃচিন্ন হোৱাৰ পথত । আছু দৰে এটা সংগঠন , যাৰ এটা আহ্বানত অসম স্তব্ধ হৈ গৈছিল , আজি ফিল্ড এখন ভৰাব পৰা মানুহ গোটাবলৈ কষ্ট কৰিব লাগে। তাৰ কাৰণ হৈছে কিছু তেওঁলোকৰ স্বাৰ্থত কাম কৰা নেতা , বিশেষকৈ এজন নেতা যি আছুক ব্যক্তিগত কোম্পানীলৈ ৰূপান্তৰ কৰি আছুৰ সকলো নীতি নিয়ম ভাঙি ক্ষমতা ধৰি থৈ, সংগঠনৰ জনমানসত ছবি শেষ কৰি পেলালে । একে কাৰোবাৰ চলিল সাহিত্য সভাত। অতি শ্ৰদ্ধাৰ সাহিত্য সভাত এনে কিছু ব্যক্তি সোমাল যি সাহিত্যৰ বাহিৰে সকলো কৰি গেলাই পেলালে । তেনে ঘটনা অনেক জাতীয় সংগঠনত হ’ল। আৰু একেই কাণ্ড এতিয়া বড়ো জাতীয়তাবাদে দেখিবলৈ পাইছে। সত্ৰ মহাসভাই কা আন্দোলন আৰু তাৰ পৰৱৰ্ত্তি সময়ত লোৱা ভূমিকাই, সেই সংগঠনৰো বিশ্বাসযোগ্যতা বহু লাঘৱ কৰিলে।
অসমীয়া ভাষীক জাতীয়তাবাদ ধংস কৰাৰ পৰিকল্পনাত এক অন্য কাৰক আহি পৰিল টিভি চিনেমাৰ জড়িয়তে বিয়পি পৰা উত্তৰ ভাৰতীয় সংস্কৃতি। অসমীয়া সেই বিজতৰীয়া সংস্কৃতি গোগ্ৰাসে গিলিব ধৰি বনিক গোষ্ঠিৰ কাম আৰু সহজ কৰি দিলে। তাতে হিন্দুত্বৰ উৎথানে এক দেশ এক সংস্কৃতি বিশ্বাসি সকলক অসমীয়াৰ মাজত থকা পূৰ্ববংগীয় মূলৰ মুচলমান ভীতিক সমল হিচাপে লৈ আগ বঢ়াত বহু সহায় কৰিলে। ফল স্বৰূপে অসমীয়া জাতীয়তাবাদ দুৰ্বলৰ পৰা মৃতপ্ৰায় হ’ল । কা’ আন্দোলনে এই জাকীয়তাবাদক হঠাৎ এক ভয়ংকৰ শক্তি প্ৰদান কৰিছিল । তেওঁলোকৰ ভাগ্যক্ৰমে আন্দোলনৰ নেতৃত্ব তেওঁলোকৰ এজেন্টে লৈ খুব চতুৰ ভাৱে সেই আবেগ স্তিমিত কৰিলে । তাৰ বাবে তেওঁলোকে অৰ্থব্যয়ত কোনো সংকোচ কৰা নাছিল।
শংকৰ সংঘ অসমৰ এক বিশাল (হয়টো বৃহত্তম) সংগঠন । তাত প্ৰায় ৬০ লাখ সদস্য আছে বুলি কোৱা হয় । যদিও আধ্যাত্মিক সংগঠন , তথাপিও তাত মূল চালিকা শক্তি শ্ৰীমন্ত শংকৰ গুৰুৰ প্ৰতি থকা অগাধ শ্ৰদ্ধা যি আচলতে অসমীয়াত্বৰ চিন। মোৰ চিন্তা হৈছে যে এই কৰ্পোৰেট বা বৃহত ব্যৱসায়ীক গোষ্ঠি সমূহে তাক লৈ চিন্তিত নেকি ? তেওঁলোকে বাৰু সংঘক ভৱিষ্যতৰ এক বাধা বুলি গণ্য কৰে নেকি ? কাৰন, এতিয়া অসমীয়াৰ সম্পূৰ্ণ আস্থা থকা অনুষ্ঠান একমাত্ৰ শংকৰ সংঘ হে বাচি আছেগৈ কিজানি!
আৰু সেইয়ে হয় , এই যে সঘনে নেতিবাচক কাৰণত শংকৰ সংঘ শিৰোনাম দখল কৰে, সি এক সুপৰিকল্পিত নীতি অনুযায়ী হৈছে নেকি ? মানে , এই অদ্ভুত, গুৰুশিক্ষা পৰিপন্থী কাৰ্য্যকলাপ বোৰৰ দ্বাৰা সংঘৰ ছবি জনমানসত হেয় কৰাৰ চেষ্টা চলিছে নেকি ?
সেইটো যাতে অন্য জাতীয় সংগঠনৰ লেখীয়া নহয়গৈ, তাৰেই আন্তৰিক কামনা।
আজিৰ ছৱিখন মনত ৰাখিব। চাহ, প্লাই, চিমেন্টকে আদি কৰি কোনো ডাঙৰ উদ্যোগ অসমীয়াৰ হাতত নাই। খুচুৰা ব্যৱসায় ও আমাৰ হাতৰ পৰা লাহে লাহে ওলাই গৈছে। শ্বপিং মল অসমীয়াৰ নাই। স্বাস্থ্য উদ্যোগ- যি অসমীয়াৰ একচেতীয়া আছিল , এতিয়া বাহিৰা গোষ্ঠীৰ আগ্ৰাসন। গৃহ নিৰ্মাণ উদ্যোগ কেতিয়াবাই নিলে। খেতিৰ মাটি ও গৈ আছে। সকলোবোৰ এনেয়ে হোৱা নাই । পৰিকল্পনাৰ মতেই হৈছে।
বিঃদ্ৰঃ - মোৰ উদ্দেশ্য কাকো হেয় কৰা নহয় । উদ্দেশ্য জাতীয় স্বাৰ্থ হে। অসমৰ সম্পদ অসমীয়াৰ নিয়ন্ত্ৰণত নেথাকিলে, কোনো অসমীয়া সংগঠনো চিৰ দিন নেথাকে। জয় আই অসম।
No comments:
Post a Comment