শ্ৰদ্ধাঞ্জলিঃ নীলপৱনে আমাক শিকাই থৈ গ'ল সৃষ্টি মানে প্ৰেম :: ড° হীৰেন গোহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শ্ৰদ্ধাঞ্জলিঃ নীলপৱনে আমাক শিকাই থৈ গ'ল সৃষ্টি মানে প্ৰেম :: ড° হীৰেন গোহাঁই

শ্ৰদ্ধাঞ্জলিঃ নীলপৱনে আমাক শিকাই থৈ গ'ল সৃষ্টি মানে প্ৰেম :: ড° হীৰেন গোহাঁই

Share This
নীলপৱনে আমাক শিকাই থৈ গ'ল সৃষ্টি মানে প্ৰেম
ড° হীৰেন গোহাঁই
neelpaban baruah, নীলপৱনে আমাক শিকাই থৈ গ'ল সৃষ্টি মানে প্ৰেম ড° হীৰেন গোহাঁই, xukhdukh, tribute
সমাজ আৰু সংস্কাৰে এটা যান্ত্ৰিক জীৱন জাপি দি মানুহক পাহৰাই দিয়ে যে জন্তুৰ পৰা উত্তীৰ্ণ হোৱা মানুহ প্ৰজাতিৰ পৰিচয় স্ৰষ্টাৰ। উৎপাদনৰ শ্ৰমেৰে মানুহে নতুন সৃষ্টি গঢ়িব বিচাৰে। আকাংক্ষা, আনন্দ আৰু বেদনাৰ আৱেগ আু সপোন মিহলি তাড়ণাৰে। কিন্তু বাস্তৱ জীৱনে সেই পৰিতৃপ্তিৰ পৰা মানুহক বঞ্চিত কৰি জীৱন মৰুময় কৰে। শিল্পীয়ে সেই অৱহেলিত সৃষ্টিৰ তাড়ণা প্ৰাণৰ উমেৰে জীয়াই ৰাখি সৃষ্টি কৰে, সৌন্দৰ্য, যি আকৌ সমাজৰ মানুহক হেৰুৱা মাণিক হাতত পোৱাৰ পুলক আৰু গৌৰৱ দান কৰে। সেয়ে শিল্পীও শ্ৰমিক, কৰ্মী, কাৰিকৰ। কিন্তু তেওঁ আচল ৰূপ স্ৰষ্টাৰ। 
neelpaban baruah, নীলপৱনে আমাক শিকাই থৈ গ'ল সৃষ্টি মানে প্ৰেম ড° হীৰেন গোহাঁই, xukhdukh, tribute
বস্তুত প্ৰাণ প্ৰতিষ্ঠা কৰি মানুহৰ অন্তৰংগ কৰা খনিকৰ। তৃপ্তিহীন, দুৰ্বাৰ, অফুৰন্ত সৃষ্টিৰ বাসনাৰে নীলপৱনে অসংখ্য কাম কৰি গ'ল। ৰং, ৰেখা অৱয়বৰ চিত্তহৰণকাৰী সানমিহলি খেলা। কেনভাছে দৰ্শকৰ দৃষ্টিক একাগ্ৰ কৰিও বহুদূৰলৈ টানি লৈ যায়। এক অভিনৱ অভিজ্ঞতা। নিজৰ ব্যক্তিগত জীৱনতো সংসাৰৰ আঘাতে নিথৰ কৰা এখন মুখত সমান কষ্ট আৰু আনন্দৰে ফুটাই তুলিলে অপৰূপ অবাক হাঁহি। নীলপৱনে আমাক শিকাই থৈ গ'ল যে সৃষ্টি মানে প্ৰেম।
লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। লেখকৰ সুখ-দুখত প্ৰকাশিত সকলো লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/DR-HIREN-GOHAIN

No comments:

Post a Comment