ৰূপালী পৰ্দাঃ মোৰ শেষ গান :: অখিল ৰঞ্জন দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ মোৰ শেষ গান  :: অখিল ৰঞ্জন দত্ত

ৰূপালী পৰ্দাঃ মোৰ শেষ গান :: অখিল ৰঞ্জন দত্ত

Share This

 ‘মোৰ শেষ গান’ 

ড° অখিল ৰঞ্জন দত্ত

RUPALI-PARDA,DR-AKHIL-RANJAN-DUTTA,RECENT,ৰূপালী পৰ্দা,ড° অখিল ৰঞ্জন দত্ত, মোৰ শেষ গান, ASSAMESE CINEMA

নতুন অসমীয়া চিনেমা 'মোৰ শেষ গান'। সৃজনী ভাস্ব মহন্তৰ কন্ঠত জ্যোতিপ্ৰসাদৰ এটি অমৰ গীত ‘আমাৰে সখীয়া আকুল বিয়াকুলে সপোনত হাঁহিটি চাই’ ৰ কিয়দাংশ এনেকৈ প্ৰাণ পাই উঠিছে যে সেই গানটোৰ বাবেই মই "মোৰ শেষ গান" চিনেমাখন চাবলৈ গ’লো সপৰিবাৰে। সৃজনীৰ কণ্ঠত সঁচাকৈয়ে  এক গভীৰতা আছে। জ্যোতিপ্ৰসাদৰ এই বিশেষ গানটোত সৃজনীয়ে ‘দিঠকৰ বাতৰি সপোনত মিলিলে’ৰ পিছৰ ‘আছিল সখী বাটে চাই’ বাক্যাংশ যিটো মাত্ৰাত তুলি ধৰিছে সেইটোৱে আমি অতদিনে শুনি অহা গীতটোকে যেন নতুন ৰূপত তুলি ধৰিছে। মই সেয়েহে বহুবাৰ সৃজনীৰ কণ্ঠৰ এই গীতটো শুনিছোঁ।  

RUPALI-PARDA,DR-AKHIL-RANJAN-DUTTA,RECENT,ৰূপালী পৰ্দা,ড° অখিল ৰঞ্জন দত্ত, মোৰ শেষ গান, ASSAMESE CINEMA

অৱশ্যে তাৰ লগত আৰু দুটা কথা আছে৷ এই চিনেমাৰ অভিনয় চোৱাৰ পূৰ্বে সৃজনীয়ে মাক স্বপ্নালী মহন্তৰ এটা কবিতাক গীতৰ (আদৰ ) ৰূপত সজাই তোলোতে লিংগ চেতনাক যি এক সৃষ্টিশীল ৰূপত তুলি ধৰিছে সেইটো দেখাৰ পিছত সৃজনী অভিনীত এই চিনেমাখন চোৱাৰ বাবে আগ্ৰহী হৈ উঠিছিলোঁ ৷ অলপতে চোৱা ’গুৱাহাটী ডায়েৰীজ’ চিনেমাখনত ভাললগা অন্যতম চৰিত্ৰ আৰু অভিনয় আছিত অৰ্ঘ্যদীপৰ ৷ চিনেমাখনৰ সম্ভাৱনা আছিল, কিন্তু কাহিনী আৰু উপস্থাপন অত্যন্ত দুৰ্বল ৷ নগৰীয়া জীৱনৰ জটিলতা, একাকীত্ব আৰু ভোগবাদী প্ৰৱণতাক উপস্থাপনৰ প্ৰয়াস কৰা চিনেমাখনত ৰুচিবোধ আৰু কলাৰ যথাযথ গুৰুত্ব নথকা হেতুকে যৌনতা আৰু নগ্নতাৰ উগ্ৰতাই সীমা চেৰাই গ’ল ৷ কিন্তু অৰ্ঘ্যদীপৰ অভিনয়ে মনত সাঁচ বহুৱাই গ’ল ৷ ‘আমিষ’ মোৰ চোৱা নহ’ল । সেই চিনেমাত অৰ্ঘ্যদীপৰ অভিনয়ো যথেষ্ট প্ৰশংসিত হৈছে । 


’মোৰ শেষ গান’ সম্পৰ্কে যথেষ্ট প্ৰশংসাসুচক লেখা ওলাইছে ৷ মহৰ্ষি তুহিন কাশ্যপৰ ইংৰাজীত লিখা ছুটি মন্তব্য  এইক্ষেত্ৰত অত্যন্ত প্ৰাসংগিক । তেওঁ কৈছে : It majorly talks about exotic ideas of being an Assamese and what not but at the end questions jatiotabadi idea. ‘ সৃজনীয়ে কৰা চৰিত্ৰটোৰ অভিনয় সম্পৰ্কত কৰা মন্তব্যও প্ৰণিধানযোগ্য । ‘Being a daughter of a Bamun she nullifies the need of a Bamun for the sacred ceremony. তুহিন কল্যাণ বৰাই আঙুলিয়াই দিছে যে ‘কাহিনীটোৰ শেষৰফালে গ্ৰাফটো যিমান উঠিব লাগিছিল সিমান নুঠিল । সৃজনী বাৰ চৰিত্ৰটোৰ স্ক্ৰীন টাইমিং যিমান বেছি তাৰ বিপৰীতে চৰিত্ৰটোৰ গুৰুত্ব কম ।‘  কিন্তু চিনেমাখন চাই চিনেমাখন সম্পৰ্কে মন্তব্য দিয়া অধিকাংশ লোকেই এই জটিল ৰাজনৈতিক আৰু প্ৰাসংগিক প্ৰশ্নসমূহ পৰিহাৰ কৰি চলিছে । মই বিতোপন বৰবৰাই নো কি লিখে তাৰ বাবে অপেক্ষা কৰিছিলোঁ ৷ অসমত চিনেমা সম্পৰ্কে গভীৰভাৱে লিখা সকলৰ ভিতৰত তেওঁ অন্যতম ৷ কিবা কাৰণত তেওঁ এক সমালোচনাত্মক লেখা নিলিখিলে ৷ বোধহয় চিনেমাখনত কোনো লুকঢাক নোহোৱাকৈ যিহেতু ইয়াক দৰ্শকৰ মনোৰঞ্জনৰ বাবে নিৰ্মাণ কৰা চিনেমা বুলি কোৱা হৈছে- যিটো কথা বিতোপন বৰবৰাই উল্লেখ কৰিছে- সেইবাবেই হয়তো বৰবৰাই বিষয়বস্তুৰ গভীৰতালৈ গৈ চিনেমাখনৰ বিষয়ে সচৰাসচৰ তেওঁ কৰা ধৰণৰ মন্তব্য কৰা নাই । 


চিনেমাখনৰ মূল কাহিনীটো হ’ল ভাষিক জাতীয়তাবাদৰ  দুই বিপৰীত ৰূপ। এফালে দেখা গ’ল মুম্বাইত থকা এগৰাকী প্ৰবাসী অসমীয়াৰ অসম, অসমীয়া ভাষা-সংস্কৃতি, খাদ্য আৰু প্ৰকৃতিৰ প্ৰতি গভীৰ আকুলতা আৰু তাৰ বিপৰীতে ভাষাৰ নামত হোৱা উন্মাদনাই সৃষ্টি কৰা হিংসা আৰু পাশৱিকতা । এই হিংসা আৰু পাশৱিকতাৰ প্ৰতিনিধি আৰু ভুক্তভোগী একেটা পৰিয়ালৰ অংশ হৈ উঠা আৰু ই সৃষ্টি কৰা উদ্বেগ আৰু সংঘাটেই চিনেমাখনৰ মূল বিষয় । এতিয়া প্ৰশ্ন হয় ইমান এক জটিল আৰু স্পৰ্শকাতৰ সামাজিক-ৰাজনৈতিক প্ৰশ্নক লৈ একমাত্ৰ দৰ্শকৰ মনোৰঞ্জনৰ বাবে এখন চিনেমা নিৰ্মাণ কৰিব পাৰি নে ?  আৰু যিহেতু সেই প্ৰশ্ন উত্থাপিত হ’লেই গতিকে মানুহৰ চেতনাক জোকাৰি যাব পৰাকৈ তাক উপস্থাপন কৰা নহ’ল কিয় ? গভীৰভাৱে যি সকলে চিনেমাখন চাইছে তেওঁলোকে নিশ্চয় চিনেমাখনৰ মাজেৰে আওপকীয়াকৈ হ’লেও উগ্ৰ জাতীয়তাবাদ আৰু পুৰুষতান্ত্ৰিক ব্ৰাহ্মণ্য পৰম্পৰাৰ বিৰুদ্ধে উত্থাপন কৰা প্ৰশ্নসমূহ বুজিব পাৰিব । মহৰ্ষি তুহিন কাশ্যপৰ মন্তব্যৰ পৰা এই কথা বুজিব পাৰি । ভাষিক উন্মাদনাৰ কুটিল ৰূপটোক চিনেমাখনে স্পৰ্শ কৰি গ’ল- কিন্তু সূক্ষ্মভাৱে চালে ভাৱ হয় প্ৰেম আৰু ৰোমাণ্টিকতাৰ এক কাহিনীৰ গতিময়তাৰ মাজত যেন সেই দিশটো সাধাৰণ দৰ্শকৰ দৃষ্টিত তল পৰি গ’ল । এই প্ৰশ্নও হয় যে ইমান এটা স্পৰ্শকাতৰ বিষয়ক ইমান সৰল গতিৰে সমাপ্ত কৰিব পাৰি নে ? এনে বিষয়ৰ এখন চিনেমা যদি সকলোৰে বাবে মনোৰঞ্জন আৰু উপভোগ্য চিনেমাৰ শাৰীত ৰৈ যায় তাক তেন্তে চিনেমাখনে ক’ব খোজা মূল বিষয়টোৰ প্ৰতি অৱজ্ঞা কৰা নহ’ব নে ? এইখন যদি কেৱল প্ৰেম আৰু ভালপোৱাৰ চিনেমা হ’লহেঁতেন তেন্তে ই এখন সঁচাকৈয়ে মনোৰঞ্জন আৰু সকলোৰে বাবে উপভোগ্য চিনেমা ৷ কিন্তু মোৰ দৃষ্টিত এইখন মাত্ৰ প্ৰেম আৰু ভালপোৱাৰ চিনেমা নহয় ৷ ই আমাৰ অতীত আৰু ভাষিক উন্মাদনাই সৃষ্টি কৰা পাশৱিকতাক প্ৰশ্ন কৰা  আৰু এই পাশৱিকতাই থানবান কৰি যোৱা এখন সমাজৰ ব্যক্তিগত আৰু সামাজিক দণ্ডক উন্মোচন কৰিব খোজা এখন সামাজিক চিনেমা । কিন্তু এই দিশটো যেন সাধাৰণ দৰ্শকে ধৰিবই পৰা নাই । উদাহৰণ স্বৰূপে নবীন বৰুৱাদেৱে চিনেমাখন চাই উঠি দিয়া মন্তব্য ।


মই চিনেমাৰ গতি-প্ৰকৃতি, ৰীতি-নীতি বুজি পোৱা ৰসিক সমালোচক নহয় । চিনেমাখন চোৱাৰ পিছত মোৰ মনলৈ অহা কেইটামান প্ৰশ্নহে তুলি ধৰিলো । আশা কৰিছোঁ যোগ্য সমালোচকে এই প্ৰশ্নসমূহো বিচাৰ কৰি চাব । এই প্ৰশ্নসমূহ উত্থাপনৰ সুযোগ দিয়া বাবে ‘মোৰ শেষ গান’ চিনেমাৰ প্ৰযোজক-পৰিচালক তথা শিল্পী আৰু কলা-কুশলীকে ধৰি চিনেমাখনৰ স’তে জড়িত সকলোকে কৃতজ্ঞতা যাচিলোঁ। 


দৰ্শকসকলে এইখন চিনেমা চোৱা উচিত নিজৰ অতীতক বুজি উঠি অতীতৰ ভ্ৰান্তিসমূহক প্ৰশ্ন কৰাৰ বাবে আৰু ভাষিক-সাংস্কৃতিক জাতীয়তাবাদৰ উন্মাদনাই সৃষ্টি কৰা বিভীষিকা বুজি উঠাৰ বাবেও ।

লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/DR-AKHIL-RANJAN-DUTTA

No comments:

Post a Comment