বৰ্তমান সময়ৰ এটি বহু চৰ্চিত বিষয় হ’ল বিদ্যালয় পৰ্যায়ত নীতিশিক্ষাৰ প্ৰয়োজনীয়তা। সাধাৰণতে যিসকল লোকে এই বিষয়ে চৰ্চা কৰে, তেওঁলোকে বিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰমত নীতিশিক্ষা নাই বুলি হায়ৈ-বিয়ৈ কৰা দেখা যায়। তেওঁলোকৰ মতে নীতিশিক্ষাৰ দৰে এটি গুৰুত্বপূৰ্ণ বিষয় আমাৰ পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে। নীতিশিক্ষা বিষয়টোৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বুজি তেওঁলোকে এনে কৰে। পূৰ্বৰ পাঠ্যক্ৰমসমূহত চৰিত্ৰ-পাঠ নামৰ এখন পাঠ্যপুথি সংলগ্ন আছিল। কিন্তু ১৯৮৬ চনৰ নতুন শিক্ষা নীতি প্ৰৱৰ্ত্তন হোৱাৰ পিছত পাঠ্যক্ৰম সলনি হোৱাত চৰিত্ৰ-পাঠ নামৰ কিতাপখন নোহোৱা কৰা হয়।
অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) ৰ আধিনত ১৯৯৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহা ছাত্ৰ-ছাত্ৰীসকলে হৈছে চৰিত্ৰ-পাঠ নপঢ়া প্ৰথম ছাত্ৰ-ছাত্ৰী। এই কিতাপখন নাইকীয়া হোৱাৰ পিছৰে পৰা এচাম লোকে পাঠ্যক্ৰমত নীতিশিক্ষা নথকা বিষয়টোকলৈ আলোচনা কৰি অহা দেখা গৈছে। কিন্তু বৰ্তমান সময়ত বিদ্যালয় পৰ্যায়ত যি পাঠ্যক্ৰম প্ৰচলিত আছে সেই পাঠ্যক্ৰমত সঁচাকৈ নীতিশিক্ষা নাইনে। এই বিষয়ে আলোচনা কৰাৰ পূৰ্বে পাঠ্যক্ৰম সম্পৰ্কে দুটা সৰু কথা জনা উচিত। প্ৰথম কথা হ’ল পাঠ্যপুথি হৈছে পাঠ্যক্ৰমৰ এটা অংশ। দ্বিতীয় কথা হ’ল বিদ্যালয় কেন্দ্ৰীক বিভিন্ন কাৰ্যকলাপ হৈছে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত। তৃতীয় কথা হ’ল এতিয়া সমন্বিত (Integrated) পাঠ্যক্ৰমৰ যুগ। এতিয়া ভাষাৰ মাধ্যমত নীতিশিক্ষা, গণিতৰ মাধ্যমত নীতিশিক্ষা প্ৰদান কৰা হয়। ইয়াৰ বাবে পৃথক পাঠ্যপুথিৰ প্ৰয়োজন নাই। আমি আমাৰ অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰচলিত ভাষা বিষয়ৰ (অসমীয়া আৰু ইংৰাজী) কেইটামান পাঠৰ উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ।
ষষ্ঠ শ্ৰেণীৰ অসমীয়া ভাষাৰ পাঠ্যপুথি ‘অংকুৰন’ৰ পঞ্চম পাঠ গুৰুদক্ষিণা সম্পৰ্কে উল্লেখ কৰিব বিচাৰিছোঁ। পাঠটোৰ মূল কাহিনীটো এনে ধৰণৰ, বেদকণ্ঠ নামৰ এজন গুৰু আছিল। তেওঁৰ টোলত কুৰিজনমান ছাত্ৰ আছিল। ছাত্ৰসকলে বছেৰেকত এবাৰ গাঁৱলৈগৈ ধনী মানুহৰ পৰা ভিক্ষা মাগি গুৰুক দক্ষিণা দিয়াৰ নিয়ম। এদিন গুৰুই সকলো ছাত্ৰক মাতি গুৰুদক্ষিণা বিচাৰি কলে, ‘আজিকালি মানুহে দান-দক্ষিণা দিব নিবিচাৰে। গতিকে তোমালোকে গছৰ আঁৰত লুকাই থাকি কোনো সাউদ গ’লে কোনেও নেদেখাকৈ তেওঁৰ পৰা ধন কাঢ়ি আনিবা'। গুৰুৰ কথা শুনি সত্যব্ৰত নামৰ ছাত্ৰজনৰ বাহিৰে সকলো ছাত্ৰ গ’ল। সত্যব্ৰত নোযোৱা দেখি গুৰুৱে ইয়াৰ কাৰণ জানিব বিচাৰিলে। তেতিয়া সত্যব্ৰতে কলে, ‘আপোনাৰ পৰাই জানিব পাৰিছোঁ, গুৰুদেৱ পৃথিৱীত এনে ঠাই নাই, য’ত ঈশ্বৰ নাই, আমি এনে একো কাম কৰিব নোৱাৰো, যি কাম ঈশ্বৰে দেখা নোপোৱাকৈ থাকে’। তাৰ পিছত ছাত্ৰজনে গুৰুক প্ৰশ্ন কৰিলে, ‘কোনোৱে নেদেখা ঠাই মই কিদৰে বিচাৰি উলিয়াম’? সত্যব্ৰতৰ কথা শুনি বেদকণ্ঠ আপ্লুত হ’ল আৰু বাকী ছাত্ৰসকলক উভতাই আনিবলৈ দিলে। যিকোনো অৱস্থাতে অন্যায় অনীতিৰ আশ্ৰয় ল’ব নালাগে, এই কথা ছাত্ৰ-ছাত্ৰীসকলক শিকিৱাটো হ’ল এই পাঠটোৰ মূল উদ্দেশ্য।
পঞ্চম শ্ৰেণীৰ অসমীয়া ভাষাৰ পাঠ্যপুথি ‘অংকুৰন’ৰ দশম পাঠ ‘তিনিটা মাছৰ কাহিনী’টো নীতশিক্ষা প্ৰদান কৰিব বিচৰা হৈছে। কাহিনী মতে এখন বিলত অনাগতবিধাতা, প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্য নামৰ তিনিটা মাছে বাস কৰিছিল। এদিনাখন কেইজনমান মাছমৰীয়া বিললৈ আহি পৰৱৰ্তী দিনা মাছ ধৰাৰ কথা আলোচনা কৰিলে। এই কথা শুনি অনাগতবিধাতাই প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্যৰ লগত আলোচনা কৰিলে আন ঠাইলৈ যোৱাৰ কথা ক’লে। অনাগতবিধাতাৰ কথাত প্ৰত্যুৎপন্নমতিয়ে হয়ভৰ দিলে কিন্তু যদভৱিষ্য অমান্তি হ’ল। বহু আলোচনাৰ অন্তত যদভৱিষ্যক এৰি বাকী দুটা মাছ আন ঠাইলৈ গুচি গ’ল। পৰৱৰ্তী দিনা যদভৱিষ্য মাছমৰীয়াৰ জালত পৰিল। ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে যি শিক্ষা লাভ কৰিব সেয়া নীতিশিক্ষাৰ বাহিৰে আন একো নহয়।
সপ্তম শ্ৰেণীৰ অসমীয়া ভাষাৰ পাঠ্যপুথি ‘অংকুৰন’ত ‘নোকোৱাৰ পৰিনাম’ নামৰ এখন সৰু নাটিকা আছে। পাঠ ষষ্ঠ। কণ্যা কালত দেখা দিয়া সমস্যাকলৈ নাটকখন ৰচনা কৰা হৈছে। এই সমস্যাসমূহ উপযুক্ত চিকিৎসকৰ লগত আলোচনা নকৰি লুকাই থলে যে বিপদ অনিবাৰ্য সেই কথা নাটকখনত বুজাব বিচৰা হৈছে।
ইয়াৰ উপৰিও ইংৰাজী বিষয়তো এনে বহু পাঠ আছে তাৰে কেইটামান তলত উল্লেখ কৰা হ’লঃ
চতুৰ্থ শ্ৰেণীৰ Beginners’ English-IV ৰ The Hidden Treasure পাঠটোত এজন খেতিয়কৰ দুজন এলেহুৱা ল’ৰাৰ বিষয়ে আছে। এদিনাখন দেউতাকে তেওঁলোকক পথাৰলৈ নি তাত গুপ্ত ধন আছে বুলি ক’লে। দেউতাকৰ কথা শুনি ল’ৰা দুজনে পথাৰখন খান্দিলে। তাত কোনো গুপ্ত ধন নাপায় তেওঁলোকে ধান সিঁচে। পথাৰত তেতিয়া ধান পকে, পকা ধানলৈ দেখুৱাই দেউতাকে সেয়াই গুপ্ত ধন বুলি কোৱাত, ল’ৰা দুজনে কষ্ট নকৰিলে ফল পোৱা নাযায় বুলি বুজি পালে। এই মে কৰ্ম বিমুখ ল’ৰাদুজনে কষ্ট নকৰিলে একো পোৱা নাযায় বুলি অনুধাৱন কৰিলে ইয়াকতৈ ডাঙৰ নীতিশিক্ষা আৰু কি হ’ব পাৰে।
পঞ্চম শ্ৰেণীৰ Beginners’ English-V ৰ The Joy of Helping পাঠত ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকক সহায় কৰাৰ বাবে প্ৰধান শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক উদ্ধুদ্ধ কৰা আৰু অষ্টম শ্ৰেণীৰ Sunbeam English Reader-III ৰ The Prince of Panidihing নামৰ পাঠটোত বানপীড়িত ৰাইজক খগেন আৰু তেওঁৰ বন্ধুবৰ্গই উদ্ধাৰ কৰাৰ কাহিনী আছে। ইয়াৰ জৰিয়তে বিপদগ্ৰস্থ লোকক সহাযৰ বাবে ছাত্ৰ-ছাত্ৰসকলক উৎসাহ যোগাব বিচৰা হৈছে। যি নিশ্চিতভাৱে নীতশিক্ষা।
ওপৰত উল্লেখ কৰা পাঠ কেইটা হ’ল কেইটামান উদাহৰণ। ইয়াৰ উপৰিও আৰু বহুতো পাঠ আছে য’ত নীতিশিক্ষা প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত আমি এটাও কবিতা উল্লেখ কৰা নাই। পাঠ্যপুথত থকা কবিতাসমূহৰ বেছিভাগতে দেশপ্ৰেম আৰু প্ৰকৃতি প্ৰেমৰ ভাব প্ৰকাশ পোৱা যায়। দেশপ্ৰেম আৰু প্ৰকৃতি প্ৰেমৰ জৰিয়তে এক প্ৰকাৰ নীতিশিক্ষাই প্ৰকাশ কৰা হৈছে এই কবিতাসমূহত।
আমি আগতে উল্লেখ কৰিছোঁ যে পাঠ্যপুথিসমূহ পাঠ্যক্ৰমৰ এটা অংশহে। ইয়াৰ উপৰিও বিভিন্ন ‘বিদ্যালয় কেন্দ্ৰিক ক্ৰিয়াকলাপ' পাঠ্যক্ৰমৰ এটি অবিচ্ছেদ্য অংগ। এই ক্ৰিয়াকলাপৰ ভিতৰত প্ৰাত-সভা, বিভিন্ন উৎসৱ উদযাপন আৰু খেল-ধেমালি আদি অন্তৰ্ভুক্ত। নীতিশিক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰাত-সভাই বিশেষ ভূমিকা পালন কৰা দেখা যায়। প্ৰাত-সভাৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে প্ৰাৰ্থনা। প্ৰাৰ্থনাৰ কথাটো আমি এৰাই চলিলেও এই সভাত ছাত্ৰ-ছাত্ৰীসকলে গান্ধীজীৰ একাদশ ব্ৰত, অহিংসা, সত্য, আস্থেয়, ব্ৰহ্মচৰ্য, অসংগ্ৰহ, শৰীৰ শ্ৰম, অস্বাদ, সৰ্বত্ৰ ভয় বৰ্জন, সৰ্ব ধৰ্ম সমানত্য, স্বদেশী, স্পৰ্শ ভাৱনা গ্ৰহণ কৰা দেখা যায়। ইয়াৰ উপৰিও ‘এইখন আমাৰ বিদ্যালয়, বিদ্যালয়খন আমাৰ আপোন, আমি সদায় বিদ্যালয়লৈ আহিম, বিদ্যালয়, ঘৰ-দুৱাৰ পৰিষ্কাৰকৈ ৰাখিম, পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী আৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম, আমি ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যৎ নাগৰিক, আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টা পথত অগ্ৰসৰ হ’ম’, সংকল্প গ্ৰহণ কৰে। ইয়াৰ লগতে প্ৰাত-সভাত ছাত্ৰ-ছাত্ৰীসকলে মহৎ লোকৰ বাণী শুনাই। যিবোৰৰ পৰা বহু নৈতিক জ্ঞান আহৰণ কৰিব পাৰি। তাৰ পিছতো যদি কোনো ব্যক্তিয়ে এতিয়া বিদ্যালয় পাঠ্যক্ৰমত নীতিশিক্ষা নাই বুলি কয় সেই কথা মানি ল’ব পৰা যায়নে? সেই বিচাৰৰ ভাৰ পাঠকসকলৰ।
আমাৰ বিদ্যালয়সমূহত বৰ্তমান যি পাঠ্যক্ৰম প্ৰচলিত আছে সেই পাঠ্যক্ৰম National Curriculum Framework (NCF) 2005 অনুসৰি প্ৰস্তুত কৰা। এনে চি এফ ২০০৫ ত মানৱ অধিকাৰ, ন্যায়, সহিষ্ণুতা, সহযোগিতা, সামাজিক দ্বয়িত্ববোধ, অহিংসা, সাংস্কৃতিক বৈচিত্ৰ্ৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা আদি মূল্যবোধৰ শিক্ষা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰিছে। আমাৰ পাঠ্যক্ৰমসমূহত এই বিষয় বোৰ অন্তৰ্ভুক্ত হৈছে। ইফালে ২০২০ চনৰ নতুন শিক্ষা নীতিতো সেৱা, স্বচ্ছতা, সত্য, শান্তি, ত্যাগ, সহিষ্ণুতা, বৈচিত্ৰ্য, বহুত্ববাদ আদি বিষয়সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ কথা কৈছে। ওপৰত উল্লেখ কৰা পাঠসমূহৰ লগতে প্ৰাতঃ-সভাৰ জৰিয়তে এই বিষয়ে শিক্ষা প্ৰদান কৰা হৈছে। গতিকে আমাৰ পাঠ্যক্ৰমত নীতিশিক্ষা নাই বোলা কথাটো আমাৰ ধৰণাহে। চৰিত্ৰ-পাঠ নামৰ পুথিখন উঠাই দিয়াৰ পৰা এই ধাৰণা সৃষ্টি হৈছে। বাস্তৱিকতে এই ধাৰণা সঁচা নহয়। কিয়নো আমাৰ প্ৰচলিত পাঠ্যক্ৰমত নীতিশিক্ষামূলক বহু পাঠ আৰু ক্ৰিয়াকলাপ অন্তৰ্ভুক্ত হৈ আছে।
লেখক আনন্দৰাম উচ্চ বুনিয়াদী বিদ্যালয়, উত্তৰ গুৱাহাটী, কামৰূপ, ৭৮১০৩০ ত সহকাৰী শিক্ষক ৰূপে কৰ্মৰত। যোগাযোগৰ বাবে মোবাইল নম্বৰঃ ৯৮৬৪৭৬৫৩৮৬
No comments:
Post a Comment