শ্ৰীমন্ত শংকৰ গুৰুৰ আদৰ্শ আৰু বৰ্তমান সমাজ
অনিৰুদ্ধ ভকত
গুৰু ব্ৰহ্মা গুৰু বিষ্ণুঃ গুৰুদেৱেী মহেশ্বৰঃ।
গুৰু সাক্ষাৎ পৰব্ৰহ্মী তমসে শ্রীগুৰুৱে নমঃ।।
অর্থাৎ গুৰু হৈছে ব্রহ্মা, গুৰুৱে হৈছে বিষ্ণু, গুৰুৱেই হৈছে শিৱ। পৰমব্ৰহ্মৰ সাকাৰ স্বৰূপ হৈছে গুৰু, সেই শ্রীগুৰুক সেৱা জনাইছোঁ। গুৰু চিৰসত্যৰ সাকাৰ প্রতীক। গুৰু আৰু ঈশ্বৰৰ মাজত ভেদ আনিলে সত্যৰ উপলব্ধি কৰা টান হৈ পৰে। ফলত চিৰসত্যৰ সান্নিধ্য লাভ কৰিও আমি সত্যৰ সুন্দৰতাৰ পৰা বহু দূৰত ৰৈ যাওঁ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কোন? মহাপুৰুষজনাৰ ৫৭৩সংখ্যক জন্মবার্ষিকীৰ সময়ত এই প্রশ্ন আমি প্রত্যেক অসমীয়াই নিজক এবাৰ কৰা উচিত বুলি ভাবো। আপুনি একশৰণ নামধৰ্মত বিশ্বাস ৰাখে অথবা আপুনি শাক্তধর্মী, এই প্রশ্নৰ লগত তাৰ কোনো সম্পর্ক নাই। গুৰুজনাৰ আদৰ্শক প্রত্যেক অসমীয়াই সন্মান কৰে আৰু সেইবাবেই আজিৰ সময়ত এই প্রশ্নৰ উত্তৰ বিচাৰি উলিওৱা খুবেই জৰুৰী।
শ্ৰীমন্ত শংকৰদেৱৰ লগত আমি অসমীয়াই বহুত অন্যায় কৰিছোঁ। সেয়া তেওঁৰ জীৱনকালতেই হওক বা বর্তমান সময়তেই হওক। বর্তমান সময়ত আমি মহাপুৰুষগৰাকীক এটা বৃত্তৰ পৰিধিত সুমুৱাই নিজৰ মাজত এনেদৰে আবদ্ধকৰি ৰাখিছো যে অসমৰ সীমাত থকা তথা এসময়ৰ অসমৰ অংগ অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড কিম্বা মিজোৰামত তেওঁক আজিৰ তাৰিখত খুব কমসংখ্যক মানুহে চিনি পায়। যুৱপ্ৰজন্মৰ কোনেও হয়তো চিনি নাপাব। দোষ কাক দিব। অসমৰে সকলােৱে যে চিনি পায় যে মোৰ সন্দেহ আছে।
ইণ্টাৰনেটৰ এই যুগত সকলোৱে কিবা জানিবলৈ গুগলৰ সহায় লয়। শ্ৰীমন্ত শংকৰদেৱ বুলি আপুনি যদি গুগলত ছার্চ কৰে, দেখিব। গুৰুজনাক এগৰাকী কবি বুলিহে তেখেতৰ মূল পৰিচয় দাঙি ধৰা হৈছে। ইয়াৰ বাবে দায়ী আমি নিজেই নহয় জানো?
শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা এগৰাকী কবি আছিল, তেখেত সমাজ সংস্কাৰক আছিল, তেখেত এগৰাকী সুদক্ষ অভিনেতা আছিল, তেখেত গায়ক আছিল, বাদ্যযন্ত্রী আছিল– ইয়াত কোনো দ্বিমত থাকিব নোৱাৰে। কিন্তু সর্বোপৰি তেখেত যে এক ঐশ্বৰিক শক্তিৰ অধিকাৰী, এজন অৱতাৰী মহাপুৰুষ আছিল সেই কথা আমি তল পেলাই দিয়া মানেই আমাৰ গুৰুজনাৰ উপলব্ধিখিনি একপ্রকাৰ জলাঞ্জলি দিয়া হ’ব। সেইবাবেই মই প্ৰথমতেই লিখিছোঁ— গুৰু সাক্ষাৎ পৰব্ৰহ্ম। গুৰু আৰু ঈশ্বৰৰ মাজত যদি আমি ভেদ সৃষ্টি কৰে, তেন্তে গুৰু আৰু ঈশ্বৰ দুয়োকে উপলুঙা কৰা হ'ব বুলি মোৰ ব্যক্তিগত অনুভৱ।
ভগৱান শ্রীকৃষ্ণই অর্জুনক মহাভাৰতৰ যুদ্ধআৰম্ভ হোৱাৰ আগত, গীতাৰ তত্ত্ব ব্যাখ্যা কৰোঁতে কৈছিল— হে অর্জুন তুমি সমস্ত ত্যাগ কৰি মোৰ ওচৰত শৰণ লোৱা, মই তোমাক উদ্ধাৰ কৰিম। অর্জুন ভগৱন্ত শ্ৰীকৃষ্ণৰ পৰম বান্ধৈ আছিল, কিন্তু অর্জুনৰ অজ্ঞানতা নাশ তেতিয়াহে হ'ল, যেতিয়া তেওঁ মহাভাৰতৰ যুদ্ধৰ আগমুহূর্তত শ্ৰীকৃষক ঈশ্বৰ মানি গুৰুসেৱা কৰিলে। গতিকে গুৰু অবিহনে যে ঈশ্বৰপ্রাপ্তি নহয় সেই কথা আৰু ঈশ্বৰ সন্মুখত থাকিলেও যে তেওঁক সাকাৰ ৰূপত গুৰু ৰূপে গ্রহণ নকৰিলে উদ্ধাৰ নাই, তাৰ উদাহৰণ ঈশ্বৰে। নিজেই দেখাই গৈছে।
শ্ৰীমন্ত শংকৰদেৱ যে এক অৱতাৰী তথা যুগশ্রেষ্ঠ মহাপুৰুষ আছিল সেই কথা প্রথম মহেন্দ্ৰ কন্দলিয়ে উপলব্ধি কৰিছিল। ঈশ্বৰৰ মহিমা বুজা সহজ নহয়। ঈশ্বৰৰ মহিমা কেৱল ভক্তিৰ দ্বাৰাহে বুজিব পাৰি। শ্রীকৃষ্ণয়ো কেইজনমান ভকতকহে নিজৰ পূর্ণ স্বৰূপৰ দৰ্শন দিছিল বা তেওঁৰ ৰহস্য ভেদ কৰিছিল। ঠিক সেইদৰেই আমি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনকাললৈ মন কৰোঁ, আমি দেখে যে গুৰুজনাক প্রকৃতার্থত খুব কমসংখ্যক ভকতেহে ভক্তিৰ দ্বাৰা তেওঁক চিনিবলৈ সক্ষম হৈছিল।
গুৰুজনাক এজন সমাজ সংস্কাৰক তথা মাথো এজন মহাপুৰুষ হিচাপে এটা বৃত্তৰ মাজত সুমুৱাই ৰাখি আমি তেওঁৰ লগত যিমান অন্যায় কৰিছোঁ, তাতোকৈ বেছি অন্যায় আমি আমাৰ স্বাভিমান আৰু স্বজাতিৰ লগত কৰিছোঁ। গুৰু আৰু ঈশ্বৰৰ মাজত যে ভেদ নাই, সেই কথা উপলব্ধি কৰি আমি তেওঁক ঈশ্বৰ জ্ঞান কৰি সেই ঐশ্বৰিক সত্তাক প্রতিষ্ঠা কৰাটো সময়ৰ আহ্বান।
কিন্তু এইখিনিতেই এটা প্রশ্ন আহি পৰে। আমি আজিৰ তাৰিখত শ্ৰীমন্ত শংকৰদেৱক গুৰুৰ আসনত বহুৱাই ৰাখিছো ঠিকেই, কিন্তু তেৰাৰ আদৰ্শক জানো আমি অনুকৰণ কৰিছো? মহাপুৰুষজনাই কোনোদিন জাত-পাতৰ বিচাৰ কৰা নাছিল, কিন্তু আমাৰ সমাজখনে কি কৰি আছে? মহান সত্ৰ পৰম্পৰাৰ ধ্বজাবাহকসকলে আজিও জাত-পাত লৈ ব্যস্ত, কিছু ব্যতিক্রম অৱশ্যে আছে। বামুণ, গোসাঁই, কোঁচ, কলিতা, আহোম, চুতীয়া, কছাৰী, মিচিং, বড়ো এইবোৰ কৰি থাকোতেই যি দেখিছোঁ ২১ শতিকা আমি পাৰ কৰি দিম। ১৯ আৰু ২০ শতিকাত আমি এইবোৰ লৈ ব্যস্ত থাকোতেই ইংলেণ্ড তথা পশ্চিমীয়া দেশৰ পৰা অহা খ্রীষ্টান মিছনেৰীসকলে সাত ভনীৰ প্ৰায় ৪জনীকে নিজৰ ধৰ্মত আঁকোৱালি লৈ উত্তৰ-পূবত খ্রীষ্ট ধর্মৰ ধ্বজা প্রতিষ্ঠা কৰিলে। বর্তমান সময়ত অসমৰ জনজাতীয় সমাজত এই ধর্মধ্বজা ব্যাপকভাৱে প্রতিষ্ঠা হোৱা দেখা গৈছে। গতিকে মই ভাবোঁ যে জাতি ৰক্ষা কৰিব হ'লে আমি জাত-পাতৰ বিচাৰ এৰি, জাতিটোক একত্র কৰিবৰ সময় আহি পৰিছে। নহ'লে অসমীয়া বুলি না ভাষা থাকিব না জাতি থাকিব। শংকৰ গুৰুক জগত সভাত প্রতিষ্ঠা কৰিৰ বাবে বহু লোকে অহর্নিশে প্রচেষ্টা চলাই গৈছে, সেই সকলোৰে প্রতি এটা অনুৰোধ প্রথমে ঘৰত যি আমাৰ জাত বিচাৰ চলি আছে, সেইখিনি পৰিষ্কাৰ কৰি লওঁ আহক। এতিয়া সময় জাতিক এক কৰা আৰু প্ৰতিষ্ঠা কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জগতৰ আগত পৰিচয় কৰি দিয়াৰ। ইয়াৰ বাবে আমি নিজৰ মাজৰ ভেদাভেদ আঁতৰাব লাগিব।
বহু লোকে মোৰ কথাখিনিৰ লগত একমত নহ'ব পাৰে। তেওঁলােকে যুক্তি দিব পাৰে যে এজন তেজ-মঙহৰ মানুহ, কুসুম্বৰ ভূঞাৰ ঔৰসত তথা সত্যসন্ধাৰ গৰ্ভৰ পৰা জন্মলভা শংকৰদেৱ ঈশ্বৰ কেনেকৈ হ'ল। তেওঁলােকৰ বাবে শেষত শ্রীমদ্ভগৱদগীতাৰ এইষাৰ শ্লোক উল্লেখ কৰিলোঁ, যাৰ ব্যাখ্যাৰ প্রয়োজন নাই—যদা যদা হি ধর্মস্য গ্লানির্ভবতি ভাৰত। অভ্যুত্থানমধর্মস্য তদাত্মানং সৃজামহ্যম।।৭।।
পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাম্।
ধর্মসংস্থাপনার্থায় সম্ভবামি যুগে যুগে।।৮।।
লেখক ৰিপাব্লিক টিভিৰ উত্তৰ-পূৰ্বাঞ্চলৰ বুৰ’ প্রমুখ ৰূপে কৰ্মৰত এগৰাকী সাংবাদিক। ফোনঃ ৮৭৬১০-৪৫৪৭২, লেখাটি নিয়মীয়া বাৰ্তা কাকততো প্ৰকাশ পাইছে। সুখ-দুখৰ পাতত প্ৰকাশিত লেখকৰ সকলো লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/ANIRUDHA%20BHAKAT
No comments:
Post a Comment