চিন্তনঃ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ গুমগুমনিঃ ঐতিহ্যৰ ভেটিত ভৱিষ্যতৰ প্ৰশ্ন :: ড° অখিল ৰঞ্জন দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ গুমগুমনিঃ ঐতিহ্যৰ ভেটিত ভৱিষ্যতৰ প্ৰশ্ন ::  ড° অখিল ৰঞ্জন দত্ত

চিন্তনঃ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ গুমগুমনিঃ ঐতিহ্যৰ ভেটিত ভৱিষ্যতৰ প্ৰশ্ন :: ড° অখিল ৰঞ্জন দত্ত

Share This

বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ গুমগুমনিঃ

ঐতিহ্যৰ ভেটিত ভৱিষ্যতৰ প্ৰশ্ন

ড° অখিল ৰঞ্জন দত্ত

বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ গুমগুমনিঃ ঐতিহ্যৰ ভেটিত ভৱিষ্যতৰ প্ৰশ্ন  ড° অখিল ৰঞ্জন দত্ত

এই আলোচনাত আলোকপাত কৰিব খুজিছোঁ  মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত কৰা শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ বিষয়ে । অসম চৰকাৰে, বিশেষকৈ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ পূৰ্বৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন প্ৰান্তৰ বহুবোৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ শাৰীলৈ উন্নীত কৰা কথাটোত গুৰুত্ব দিছে। আপাতত: এইটো এটা ভাল পদক্ষেপ। 

বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ গুমগুমনিঃ ঐতিহ্যৰ ভেটিত ভৱিষ্যতৰ প্ৰশ্ন  ড° অখিল ৰঞ্জন দত্ত

ধৰক লক্ষীমপুৰ জিলাতেই এতিয়া দুখন বিশ্ববিদ্যালয় হ’ব- মাধৱদেৱ বিশ্ববিদ্যালয় আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়। এই কথাত জিলাখনৰ নাগৰিক যথেষ্ট উৎফুল্ল আৰু উৎসাহিত হৈছে । একেই কথা বজালী মহাবিদ্যালয়ক উন্নীত কৰি প্ৰতিষ্ঠা কৰা ভট্টদেৱ বিশ্ববিদ্যালয়; হোজাই মহাবিদ্যালয়ক উন্নীত কৰি প্ৰতিষ্ঠা কৰা ৰবীন্দ্ৰনাঠ ঠাকুৰ বিশ্ববিদ্যালয় আৰু শেহতীয়াকৈ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব বুলি ঘোষণা কৰা গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়, নগাৱঁৰ নগাওঁ মহাবিদ্যালয়, যোৰহাটৰ জগনাথ বৰুৱা মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয় অথবা বঙাইগাওঁ মহাবিদ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য।  


প্ৰাদেশীকৃত অথবা চৰকাৰী মহাবিদ্যালয় এখনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা কথাটোক লৈ মোৰ যথেষ্ট শংকা আছে ৷ ইতিমধ্যে বিশ্ববিদ্যালয়ৰ শাৰীলৈ উন্নীত হোৱা মহাবিদ্যালয়সমূহে যি গতিৰে গতি কৰিছে অথবা প্ৰত্যহ্বানৰ সমুখীন হৈছে সেইফালৰ পৰা এই প্ৰসিদ্ধ মহাবিদ্যালয় কেইখনক বৰ্তমানৰ চৰকাৰী নীতিগত পৰিকাঠামোৰে কিমানদূৰ একোখন গুণমান সম্পন্ন আৰু ৰাষ্ট্ৰীয় বা আন্ত:ৰাষ্ট্ৰীয় মূল্যাংকনত জিলিকি উঠিব পৰা বিশ্ববিদ্যালয় হিচাপে গঢ়ি তুলিব পাৰিব তাক লৈও বহু প্ৰশ্ন আৰু আলোচনাৰ অৱকাশ আছে ৷ আচলতে চৰকাৰে ইতিমধ্যে মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত কৰা শৈক্ষিক প্ৰতিষ্ঠান কেইটাৰ- ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সকলোদিশৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে গঢ়ি তোলাৰ পিছতহে নতুনকৈ অধিক মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নীতকৰণৰ পদক্ষেপ হাতত লব লাগিছিল ৷ কিন্তু চৰকাৰৰ এইবোৰ কথা শুনাৰ আহৰি নাই ৷ সেইবাবে বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা মহাবিদ্যালয়সমূহে নিজাকৈ সাম্ভাৱ্য প্ৰত্যাহ্বান মোকাবিলা কৰিবৰ বাবে নিজাকৈ প্ৰস্তুতি আৰম্ভ কৰিব লাগিব ৷


গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পূৰ্বে কটন কলেজকেই বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণৰ প্ৰস্তাৱ আহিছিল ৷ কি কাৰণত এই প্ৰস্তাৱ নাকচ হ’ল সেই সম্পৰ্কীয় বিতং প্ৰতিবেদন উপলব্ধ ৷ এই সকলোবোৰ দিশ এতিয়াও অসম চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই ৷ এখন চৰকাৰী অথবা প্ৰাদেশীকৃত মহাবিদ্যালয় আৰু এখন বিশ্ববিদ্যালয়ৰ মাজত গুণগত পাৰ্থক্য আছে ৷ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশীকৃত হৈ ৰ’ব নে বিশ্ববিদ্যালয়লৈ হস্তান্তৰিত হ’ব সেই লৈও যথেষ্ট বেমেজালি ৷ মাধৱদেৱ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পাছত মহাবিদ্যালয় হৈ থাকোঁতেই পদোন্নতি পাবলগীয়া শিক্ষক কৰ্মচাৰীৰ  পদোন্নতিৰ প্ৰশ্নটো এতিয়াও সমাধান হোৱা নাই ৷ একেই কথা নতুনকৈ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা আন মহাবিদ্যালয়ৰ ক্ষেত্ৰটো প্ৰযোজ্য ৷ দেখাত কথাটো সৰু ৷ কিন্তু এনে সমস্যাই বিশ্ববিদ্যালয়ৰ মৰ্যাদা পোৱা শিক্ষানুষ্ঠানটোত অবাঞ্চিত পৰিস্থিতিৰ সূচনা কৰে ৷ কটন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পাছতো একেই সমস্যা হৈছিল ৷ বহু প্ৰত্যাহ্বান অতিক্ৰমি ক্ৰমে এই সমস্যা সমাধান হৈছে ৷ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা কটন মহাবিদ্যালয়ৰ আৰ্হি অন্য মহাবিদ্যালয়ৰ বেলিকা প্ৰযোজ্য হ’ব নে ? আমি এই কথাও মনত ৰখা উচিত হ’ব যে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয়ভিন্ন প্ৰতিষ্ঠানে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বাৰ্ষিক বা পাঁচ বছৰীয়া মূল্যায়ন কৰে ৷ কিন্তু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মূল্যায়নৰ মাপকাঠি বেলেগ ৷ সেয়েহে মহাবিদ্যালয় হৈ থাকোতে উচ্চ স্থান দখল কৰা এটা শৈক্ষিক প্ৰতিষ্ঠানে বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ পিছত একেই মান অটুত ৰাখিব নোৱাৰিবও পাৰে ৷ কটন বিশ্ববিদ্যালয়ে দেশৰ এশখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ ভিতৰত কিয় স্থান লাভ কৰা নাই বুলি উঠা প্ৰশ্নটোৰ উত্তৰ ইয়াতেই লুকাই আছে ৷


নতুনকৈ হোৱা বহু বিশ্ববিদ্যালয় ক্ষেত্ৰত আৰু এটা ডাঙৰ প্ৰত্যাহ্বান হ’ল এক ধৰণৰ Absentee Vice Chancellor অৰ্থাৎ উপাচাৰ্য এগৰাকী বিশ্ববিদ্যালয় প্ৰাংগনত নিয়মীয়াকৈ উপস্থিত নথকাৰ প্ৰৱণতা । উপাচাৰ্য এগৰাকী কিয়নো বিশ্ববিদ্যালয় প্ৰাংগনত থাকিব নোখোজে তাৰ অন্তৰালত বহু কাৰণ থাকে । তাৰ ভিতৰৰে এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল উপাচাৰ্য পদত অধিষ্ঠিত এগৰাকী অধ্যাপকৰ নিজা গৱেষণা আৰু বিশ্ববিদ্যালয়খনৰ বৌদ্ধিক-বিদ্যায়তনিক বাতাবৰণ । অসমত অতি সম্প্ৰতি উপাচাৰ্য নিযুক্তি প্ৰক্ৰিয়াত অগ্ৰাধিকাৰ লাভ কৰিছে বিজ্ঞানৰ অধ্যাপক গৱেষকে ৷ বিশেষকৈ ৰসায়ন বিজ্ঞানৰ অধ্যাপক গৱেষকে সৰ্বাধিক প্ৰাধান্য লাভ কৰিছে ৷ তাৰ এটা কাৰণ হ’ল গৱেষণা পত্ৰ আৰু গৱেষণা প্ৰকল্পৰ ক্ষেত্ৰত তেওঁলোকৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰাপ্তি ৷ গৱেষণা প্ৰকল্পৰ বাবে এগৰাকী অধ্যাপকে কিমান ধনৰ আৱণ্টন পাইছে সেই দিশটোৱেও উপাচাৰ্য বাচনি প্ৰক্ৰিয়াত হয়তো গুৰুত্ব লাভ কৰে । এইবোৰ নিশ্চয়কৈ গুৰুত্বপূৰ্ণ মাপকাঠি  কাৰণ ইয়াৰ স’তে বিশ্ববিদ্যালয় একোখনৰ গৱেষণা আন্ত:গাঁথনি নিৰ্মাণৰ প্ৰশ্নটো জড়িত হৈ আছে ৷ আনটো কাৰণ হ’ল দেশৰ শিক্ষা ব্যৱস্থাই জটিল সামাজিক-ৰাজনৈতিক প্ৰশ্ন উত্থাপন কৰা সমাজ বিজ্ঞানক অ-উৎপাদনশীল বিষয় হিচাপে গণ্য কৰিব খোজা এক প্ৰৱণতা । আমি সকলোৱে জানো যে বিশ্ববিদ্যালয় এখনৰ সামগ্ৰিক বিকাশত গৱেষণা এটা মাত্ৰ দিশ ৷ অনস্বীকাৰ্য যে ই এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ৷ নতুনকৈ প্ৰতিষ্ঠা লাভ কৰা একোখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হোৱা  অধ্যাপক-গৱেষকৰ সমুখত ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে তেওঁ কি কথাত অগ্ৰাধিকাৰ দিব- নিজৰ গৱেষণাত নে বিশ্ববিদ্যালয়খনৰ সকলো দিশৰ আন্ত:গাঁথনি নিৰ্মানত ? দুয়োটাৰে মাজত ভাৰসাম্যতা কেনেকৈ ৰক্ষা কৰা হ’ব ? আমি সকলোৱে জানো যে এখন বিশ্ববিদ্যালয় এটা বিজ্ঞানাগাৰতকৈ বহু বিশাল আৰু জটিল ৷ শৈক্ষিক-প্ৰশাসনিক আন্তঃগাঁথনি নিৰ্মাণ কৰি তোলাটো হ’ল নতুনকৈ গঢ়ি উঠা বিশ্ববিদ্যালয়ৰ প্ৰধান প্ৰত্যাহ্বান ৷ তাৰবাবে পুঁজি, সময় আৰু চৰকাৰ তথা বিশ্ববিদ্যালয়ৰ ভিতৰে বাহিৰে থকা বহল সমাজখনৰ স’তে আলোচনা আৰু মোকাবিলা কৰিব লাগে ৷ এই কাম এজন স্বনামধন্য বিজ্ঞানীয়েই মাত্ৰ সুকলমে কৰিব তাৰ কোনো নিশ্চয়তা নাই ৷ তেনে বিজ্ঞানী এই ক্ষেত্ৰত ব্যৰ্থ হ’ব বুলিও কোনো কথা নাই । প্ৰতিজন বিজ্ঞানীয়ে প্ৰচুৰ কষ্ট কৰি নিজে কৰ্মৰত বিশ্ববিদ্যালয়খনত অথবা গৱেষণা প্ৰতিষ্ঠানত নিজৰ গৱেষণাৰ বাবে একোটা বিজ্ঞানাগাৰ নিৰ্মাণ কৰে৷ তেনে বিজ্ঞানীয়ে গৱেষণাৰ বিশেষ পৰিবেশ নথকা আৰু মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা প্ৰতিষ্ঠানত উপাচাৰ্য হৈ বিপদত নপৰে নে? 


এই যে বিশ্ববিদ্যালয়সমূহত বহু সময়ত উপাচাৰ্যসকল নিয়মীয়াকৈ থাকিব নোখোজাৰ অন্যতম কাৰণ এইটোও নেকি? একোজন প্ৰসিদ্ধ বিজ্ঞানীক একোটা গৱেষণা প্ৰতিষ্ঠানৰ সৰ্বোচ্চ পদত নিযুক্তি দিয়া আৰু পৰম্পৰাগত বিজ্ঞান-সমাজ বিজ্ঞানৰ প্ৰাধান্য থকা বিশ্ববিদ্যালয়ত নিযুক্তি দিয়াৰ মাজত যথেষ্ট পাৰ্থক্য আছে । বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ পদত এটা নিৰ্দিষ্ট বিষয়ৰ অধ্যাপক-গৱেষকেই অগ্ৰাধিকাৰ পোৱা কথাটোও চিন্তা আৰু আলোচনাৰ বিষয় । ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ত স্পষ্টকৈ কোৱা হৈছে যে দেশৰ শিক্ষা ব্যৱস্থাত নিৰ্দ্দিষ্ট বিষয়ৰ ওপৰত দি অহা অত্যাধিক গুৰুত্বৰ বিপৰীতে সামগ্ৰিকভাৱে সকলো বিষয়ৰ মাজত যোগাযোগ, সমন্বয় আৰু জ্ঞানৰ ভাগ বতোৱাৰা হ’ব লাগে । সেয়েহে উপাচাৰ্য পদত নিযুক্তিৰ বেলিকা এই আটাইবোৰ দিশ বিবেচনা কৰা উচিত । কেৱল বিজ্ঞানী অথবা নিৰ্দিষ্ট বিষয়ৰ অধ্যাপক- বিশেষজ্ঞক উপাচাৰ্য পদত অধিষ্ঠিত কৰাৰ যি প্ৰৱণতা সেইটো সমাজ বিজ্ঞান-ভাষা-সাহিত্য আৰু মৌলিক বিজ্ঞানৰ সংমিশ্ৰণ থকা বিশ্ববিদ্যালয়সমূহৰ বাবে সকলো সময়তে ইতিবাচক কথা নহয়। 


মহাবিদ্যালয় একোখন পৰিচালিত হয় প্ৰধানত: চৰকাৰৰ নীতি-নিৰ্দেশনাৰ ভিত্তিত । বিশ্ববিদ্যালয় একোখন পৰিচালিত হয় নিজা আইন, বিধি ব্যৱস্থা আৰু অৰ্ডিনান্স ইত্যাদিৰ জৰিয়তে । বিশ্ববিদ্যালয়ৰ নিযুক্তি ব্যৱস্থাও মহাবিদ্যালয়ৰ নিযুক্তি ব্যৱস্থাতকৈ বেলেগ। যোৱা সময়চোৱাত অসমত মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত দেখা দিয়া ডাঙৰ প্ৰত্যাহ্বানটো হ’ল এই বিশ্ববিদ্যালয়সমূহে বিশ্ববিদ্যালয় পৰিচালনাৰ যাৱতীয় আন্ত:গাঁথনি নিৰ্মাণ কৰিব পৰা নাই । শৈক্ষিক পৰিষদ গঠন আৰু তাক নিয়মিতভাৱে কৰ্ম তৎপৰ কৰি তোলাৰ ক্ষেত্ৰত বিশেষভাৱে আগবাঢ়িব পৰা নাই। পুৰণি আৰু প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ বেলিকাও এই দিশবোৰত যথেষ্ট বেমেজালি বিদ্যমান । গতিকে এই আন্ত:গাঁথ্নি নিৰ্মাণৰ কথাটোৱে নতুনকৈ গঠিত বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত প্ৰাধান্য লাভ কৰিব লাগে। বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৃত পদ নহয় । অৰ্থাৎ সেই পদসমূহৰ বাবে চৰকাৰৰ কোষাগাৰৰ পৰা পোনপটীয়া ধনৰ আবণ্টন নহয় । তাৰ পৰিবৰ্তে বিশ্ববিদ্যালয়সমূহ, বিশেষকৈ অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ চৰকাৰৰ আৱণ্টিত পুঁজি আৰু আভ্যন্তৰীণ ৰাজহৰ ভিত্তিত চলে। ব্যৱস্থাটো পূৰ্বৰ ঘাটি মঞ্জুৰীপ্ৰাপ্ত মহাবিদ্যালয়ৰ দৰে। অন্যহাতে নতুন পদ সৃষ্টিৰ বাবে চৰকাৰৰ অনুমোদন লাগে। চৰকাৰে এনে অনুমোদন দিওঁতে কি স্থিতি লয় ধৰিব নোৱাৰি। ধৰক নাৰী আৰু লিংগ বিষয়ক অধ্যয়ন,, পৰিবেশ অধ্যয়ন, সাংবিদকতা, আৰু অতি সম্প্ৰতি দক্ষতা বৃদ্ধি বিষয়ক অধ্যয়ন- এই বিষয়বোৰক যথেষ্ট প্ৰাসংগিক আৰু সময়ৰ দাবী বুলি কৈ বিশ্ববিদ্যালয়ত তেনে বিষয়ৰ বিভাগ খোলাৰ বাবে চৰকাৰেই বা বিশ্ববিদ্যালয় অনুদান আয়োগৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হয় । কিন্তু তেনে বিভাগৰ বাবে চৰকাৰে পৰ্যাপ্ত পদৰ মঞ্জুৰী নিদিয়ে । অসমৰ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়সমূহেই এনে বিভাগ খোলাৰ পিছত যথেষ্ট আহুকালৰ সমূখীন হৈছে।  বাধ্য হৈ এই বিশ্ববিদ্যালয়সমূহেও অতি কম নিৰিখত এনে বিভাগ চলাবৰ বাবে শিক্ষক সহ:যোগী অথবা ঠিকা ভিত্তিক শিক্ষক নিযুক্তি দিবলগীয়া হৈছে । নতুন বিশ্ববিদ্যালয়সমূহৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য । কম বেতন আৰু অধিক কাম- এই বাধ্যবাধকতাই বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানৰ বোদ্ধিক বিকাশ ঘটাব নোৱাৰে। 

মই মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা অথবা নতুন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বিৰোধী নহওঁ । কিন্তু মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ  গুম্গুমনিয়ে যাতে প্ৰতিষ্ঠিত মহাবিদ্যালয় একোখনৰ যশ ঐতিহ্যৰ ক্ষতি সাধন কৰাৰ পৰিবৰ্তে মহাবিদ্যালয়খনৰ লাইখুঁটাত ভৰ দি একোটা অঞ্চলক অধিক পোহৰেৰে আলোকিত কৰিব পাৰে সেই কথাটোত অধিকভাৱে মনোনিবেশ কৰিব লাগে । ৰাজহুৱা মহাবিদ্যালয় সমাজৰহে সম্পদ (Resource); ই কোনো চৰকাৰৰ সম্পতি (Property) নহয়- এই কথাটোও যাতে আমি সকলোৱে সকলো সময়তে মনত ৰাখো।

স্বাধীনতাৰ স্বপ্নগাঁথাঃ উপন্যাসঃ লেখকঃ অজয় লাল দত্ত
অনলাইন পুথিভঁৰালত ফ্ৰী পিডিএফ পাবলৈ কভাৰ ফটোত ক্লিক কৰক।

(লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে)

লেখকৰ পূৰ্বে প্ৰকাশিত লেখা সমূহৰ একত্ৰ লিংকঃ 

https://www.xukhdukh.com/search/label/DR-AKHIL-RANJAN-DUTTA


No comments:

Post a Comment