কাঠফুলাৰ বীজ উৎপাদনৰ পৰীক্ষাগাৰ স্থাপনেৰে আদৰ্শ দেখুওৱা ড° অৰ্পণাজ্যোতি ৰাভা
মণিকংকনা দাস
অৰ্থনৈতিকভাবে পিছপৰা এখন সমাজত জন্ম আৰু ডাঙৰ-দীঘল হোৱা এজনী ছোৱালী হিচাপে তেওঁৰ জীৱনৰ প্ৰতি দৃষ্টিভংগী কিছু বেলেগ। নিজৰ শিক্ষাখিনি মানুহৰ বাবে, সমাজৰ কামত অহাকৈ খটুৱাবলৈ সৰুৰে পৰাই এটি ইচ্ছা পুহি ৰাখিছিল। আনুষ্ঠানিক শিক্ষা শেষ কৰাৰ পাছতো নিজৰ অঞ্চলটোৰ সাধাৰণ কৃষিজীৱী ৰাইজৰ কি উন্নয়ণ সাধন কৰিব পাৰি সেই সপোনেই কঢ়িয়াই ফুৰিছে। তেনে এক সপোনৰ বাস্তবৰূপ হিচাপে তেওঁ স্থাপন কৰিছে মাশ্বৰুম বা কাঠফুলাৰ বীজ উৎপাদন কৰা এটা অত্যাধুনিক পৰীক্ষাগাৰ। মাশ্বৰুম তথা কাঠফুলাৰ খেতি এতিয়া বহুতেই কৰে, কিন্তু ইয়াৰে বীজ উৎপাদন কৰা পৰীক্ষাগাৰ এটা স্থাপন কৰা কামটো ইমান সহজ নহয়। পাঠকক আজি পৰিচয় কৰাই দিব বিচাৰিছোঁ তেনে এটা কঠিন আৰু প্ৰত্যাহ্বানমূলক কাম আৰম্ভ কৰা এগৰাকী উচ্চশিক্ষিত উদ্যোগী মহিলাক।
ড° অৰ্পণাজ্যোতি ৰাভা। তেওঁ স্থাপন কৰা Mushroom spawn unit টোৰ নাম Rabha Agrotech. কামৰূপ জিলাৰ বকোৰ পূব আগচিয়াত চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা উৎপাদন আৰম্ভ হৈছে এই লেবৰেটৰীটোত। ইয়াৰ পৰা এতিয়া অসমৰ প্ৰায় প্ৰতিখন জিলাৰ লগতে বহিঃৰাজ্য অৰুণাচললৈ যোগান ধৰা হৈছে মাশ্বৰুমৰ বীজ। কামৰূপ জিলাৰ ৰাভা হাছং পৰিষদৰ অন্তৰ্গত বৰদুৱাৰৰ লোহাৰঘাটত জন্ম হোৱা অৰ্পণাজ্যোতি ৰাভা বৈবাহিক সূত্ৰে এতিয়া বকোৰ বাসিন্দা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বায়টেকনল’জীত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত তেজপুৰৰ ডিফেন্স ৰিচাৰ্ছ লেবত তেওঁ গৱেষণা কৰে। আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ পৰা মলিকুলাৰ বায়’লজী এণ্ড মাইক্ৰ বায়’লজীত পি এইচ ডি গ্ৰহণ কৰে।
তেওঁ অধ্যয়ন সমাপ্ত কৰা ক্ষেত্ৰখনত বৰ্তমানে অসমত কেৰিয়াৰ আগবঢ়াই নিয়াৰ সম্ভাৱনা খুব সীমিত; তদুপৰি পচন্দৰ চাকৰি নোপোৱাৰ বাবে কিছু বেলেগকৈ চিন্তা কৰিবলৈ লয় ৰাভাই। নিজাকৈ কিবা ব্যৱসায় আৰম্ভ কৰিব পাৰি নেকি সেই চিন্তাই মনলৈ আহে। ইপিনে সৰুৰে পৰা মনত পুহি ৰখা ভাবধাৰাখিনি দৃঢ় হৈ আছিলেই। কি ব্যৱসায়ৰে নিজৰ লগতে সমাজৰ আৰ্থিক দিশটো উন্নত কৰিব পাৰি ভবা-চিন্তা কৰোঁতে প্ৰথমেই মনলৈ আহে বীজ উৎপাদনৰ ধাৰণাটোৱে। যিহেতু তেওঁ ভেঁকুৰৰ ওপৰতে গবেষণা কৰিছিল সেয়ে মাশ্বৰুমৰ বীজ উৎপাদন কৰা লেব স্থাপনৰ সিদ্ধান্তত উপণীত হ’ল। ইপিনে, অসমত মাশ্বৰুমৰ বজাৰখনো যথেষ্ট আশাব্যঞ্জক। কৃষকে কম বিনিয়োগ কৰিও অনায়াসে লাভবান হ’ব পাৰে। তেজপুৰত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সময়ত বিভিন্ন খেতি কৰা কৃষকসকলক তেওঁ কাষৰ পৰা পাইছিল আৰু এটা কথা উপলব্ধি কৰিব পাৰিছিল যে আমাৰ ৰাজ্যত বীজৰ মূল্য যথেষ্ট বেছি, প্ৰয়োজন অনুপাতে খুব কম খেতিয়কেহে বীজ পায়, সময়ত বীজ নাপায় বাবে খেতি কৰাত অসুবিধা ইত্যাদি। অসমৰ সৰহভাগ বীজেই বাহিৰৰ পৰা আহে। গতিকে বীজ উৎপাদনৰ ধাৰণাটোৱে পোনতে মনলৈ আহিছিল অৰ্পণাজ্যোতিৰ। কৃষকক গুণগত মানৰ বীজ সময়ত দিব পাৰিলে তেওঁলোকো উপকৃত হ’ব আৰু নিজৰ শিক্ষাখিনিও কামত আহিব। লগতে নিজেও স্বাবলম্বীতাৰ পথ এটা পাব।
এই পৰিকল্পনাক বাস্তবৰূপ দিবলৈ আগবঢ়াৰ ইচ্ছা কৰে যদিও তেনেতে দেখা দিয়ে আন এক সমস্যাই। আৰ্থিক সমস্যা। বীজ উৎপাদনৰ এনে এটা অত্যাধুনিক পৰীক্ষাগাৰ স্থাপন কৰিবলৈ লাগে মোটা অংকৰ মূলধন। শিক্ষিত নিবনুৱা এজনৰ বাবে কমেও ১০-১৫ লাখ টকা বিনিয়োগেৰে পৰীক্ষাগাৰ এটা স্থাপন কৰা মুখৰ কথা নহয়। অৱশ্যে এইক্ষেত্ৰত ড° ৰাভাই সম্পূৰ্ণ সহায়-সহযোগিতা পায় অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ পৰা। উদ্যান শস্য বিভাগৰ HMNEH আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰাতহে লেবৰটৰীটো স্থাপনৰ বাট সহজ হৈ পৰে। আৰু তেনেকৈয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত ৰাভা এগ্ৰোটেক আনুষ্ঠানিকভাবে মুকলি কৰা হয়। গুৱাহাটীৰ খানাপাৰাস্থিত উদ্যান শস্য আৰু খাদ্য সংশাধন বিভাগৰ নিৰ্দেশক টি বি বৰাই নিজে গৈ এই লেবটো শুভ উদ্বোধন কৰে। ড° ৰাভাৰ মতে, তেওঁ অৰ্থনৈতিকভাবে স্বাবলম্বী হোৱাৰ ক্ষেত্ৰত কৃষি আৰু উদ্যান শস্য বিভাগৰ পৰা পোৱা আৰ্থিক সাহায্যই যথেষ্ট সহায় কৰে। এই সহায়ে ভিতৰুৱা ঠাই এখনত লেবৰটৰীটো স্থাপন কৰাৰ সাহস যোগায়।
অটোক্লেভ, ইনকুবেটৰ, ৰেফ্ৰিজেৰেটৰ, লেমিনাৰ এয়াৰ ফ্ল আদি প্ৰয়োজনীয় মেছিনাৰীৰে অৰ্পণা ৰাভাৰ লেবত উৎপাদন কৰা হয় মূলতঃ Oyester mushroom। আমাৰ অসমৰ দৰে ঠাইত অয়েষ্টাৰ মাশ্বৰুমৰ খেতি কৰা বৰ সহজ আৰু কম মূলধনেৰে খেতি কৰিব পাৰি বাবে বেছিভাগ কৃষকে এইবিধ খেতিয়ে কৰিবলৈ আগ্ৰহী। সেয়ে লেবটোত অয়েষ্টাৰ মাশ্বৰুমৰ বীজ উৎপাদনতে বৰ্তমান বেছি গুৰুত্ব দি থকা হৈছে। অনাগত সময়ত Milky butter আৰু Button mushroom ৰ বীজ উৎপাদনৰ কথাও ভবা হৈছে। মাশ্বৰুমৰ বীজবোৰ ২৫০ গ্ৰাম, ৫০০ গ্ৰাম, ১ কেজি পেকেট হিচাপত বজাৰলৈ উলিয়াই দিয়া হৈছে। অৰ্পনা ৰাভাই জনোৱা মতে, অত্যাধুনিক সুবিধাসম্পন্ন লেবটোত এদিনত ৩০ ৰ পৰা ৪০ কেজিলৈ অয়েষ্টাৰ মাশ্বৰুমৰ বীজ উৎপাদন কৰিব পাৰি।
![]() |
advertisement |
বৰ্তমানে লেবত এজন শিক্ষিত যুৱক আৰু এগৰাকী মহিলাক সংস্থাপন দি আছে অৰ্পনা ৰাভাই। লেবৰটৰীটো আৰম্ভ কৰাৰ সময়ত কৃষকৰ মাজত বিনামূলীয়াকৈ বীজ বিতৰণ কৰাৰ উপৰি নিজৰ জন্ম গাঁৱত বিনামূলীয়াকৈ মাশ্বৰুম খেতিৰ প্ৰশিক্ষণ আদি দিয়াৰ উদ্যোগো লৈছিল তেওঁলোকে। ৰাভাৰ এই যাত্ৰাত তেওঁক সম্পূৰ্ণ সহযোগ কৰা মানুহজন হ’ল তেওঁৰ স্বামী ড° বিপুল ৰাভা আৰু শাহু-শহুৰ। স্বামী আৰু পৰিয়ালে দিয়া উৎসাহৰ বাবেই কামত আগবঢ়াৰ দুগুণ সাহ পায় উদ্যমী মহিলাগৰাকীয়ে। প্ৰতিটো কামতে প্ৰত্যাহ্বান থাকে আৰু সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আগবাঢ়ি যোৱাতেই জীৱনৰ আচল আনন্দ লুকাই আছে বুলি কয় ৰাভাই। মাত্ৰ নিজকে প্ৰতিটো পৰিস্থিতিৰ বাবে সাজু কৰি ৰাখিব পাৰিব লাগিব। হেঁপাহৰ লেবৰটৰীটোক লৈ আৰু বহু সপোন আছে উচ্চ শিক্ষিত মানুহগৰাকীৰ। আজিৰ সময়ত অৰ্পনা ৰাভা আটাইতকৈ সুখী এইবাবেই যে এগ্ৰোটেকে তেওঁক স্বাবলম্বী কৰিছে আৰু দ্বিতীয়তে তেওঁৰ শিক্ষাক সমাজৰ কামত লগাব পাৰিছে। অৰ্পনা ৰাভা এগ্ৰোটেকৰ সৈতে যোগাযোগ কৰিবলৈ ৮৬৩৮৮৪৬৩৪৪ নম্বৰত ফোন কৰিব পাৰে। ই-মেইল ঠিকনা- rabha.agrotech@gmail.com.
No comments:
Post a Comment