মনৰ কথাঃ প্ৰসংগ লভিতা- ’আৱাহন’ৰ চমকপ্ৰদ প্ৰদৰ্শনঃ ধৃষ্টতা আৰু স্পৰ্দ্ধা :: লোকনাথ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ প্ৰসংগ লভিতা- ’আৱাহন’ৰ চমকপ্ৰদ প্ৰদৰ্শনঃ ধৃষ্টতা আৰু স্পৰ্দ্ধা :: লোকনাথ গোস্বামী

মনৰ কথাঃ প্ৰসংগ লভিতা- ’আৱাহন’ৰ চমকপ্ৰদ প্ৰদৰ্শনঃ ধৃষ্টতা আৰু স্পৰ্দ্ধা :: লোকনাথ গোস্বামী

Share This
প্ৰসংগ লভিতা- ’আৱাহন’ৰ চমকপ্ৰদ প্ৰদৰ্শনঃ ধৃষ্টতা আৰু স্পৰ্দ্ধা
লোকনাথ গোস্বামী
প্ৰসংগ লভিতা- ’আৱাহন’ৰ চমকপ্ৰদ প্ৰদৰ্শনঃ ধৃষ্টতা আৰু স্পৰ্দ্ধা লোকনাথ গোস্বামী
(১)
১৯৮০ চন মানৰ কথা আমি তেতিয়া নামৰূপত আছিলো৷ঠিক সেইখিনি সময়তে সম্ভৱ নামৰূপত নটৰাজ থিয়েটাৰৰ প্ৰদৰ্শন চলি আছিল৷ ভ্ৰাম্যমানৰ জনক তথা নটৰাজৰ প্ৰযোজক পৰম শ্ৰদ্ধাৰ অচ্যুত লহকৰো নামৰূপলৈ গৈছিল তেতিয়া৷তেখেত যোৱা বুলি জানি নতুনকৈ কিনা টে’প ৰেকৰ্ডাৰটো হাতত লৈ তেখেতৰ কাষ চাপিলোগৈ আৰু তাতে আচুতীয়াকৈ লগ ধৰি এটি সাক্ষাৎ গ্ৰহণ কৰিছিলো৷ আজিও কেছেটত বাণিবদ্ধ কৰা সেই সাক্ষাৎকাৰটো সযতনে সংৰক্ষণ কৰি ৰাখিছোঁ৷
প্ৰসংগ লভিতা- ’আৱাহন’ৰ চমকপ্ৰদ প্ৰদৰ্শনঃ ধৃষ্টতা আৰু স্পৰ্দ্ধা লোকনাথ গোস্বামী
দুচকুত কিমান মহৎ সপোন আৰু হেঁপাহ লৈ তেওঁ ’ভ্ৰাম্যমান থিয়াটাৰ’ ৰ পাতনি মেলিছিল, সেই কথাখিনি পুৰোধা ব্যক্তি গৰাকীৰ মুখেৰে শুনি তবধ মানিছিলো আৰু লগে লগে তেখেতৰ প্ৰতি অপৰিসীম শ্ৰদ্ধাত মূৰ দোঁ খাই গৈছিল৷বিষ্ণু ৰাভা, ফণী শৰ্মাৰ দৰে তেতিয়াৰ নাটক পাগল মানুহ বিলাকক দেখি বোলে ভাবিছিল, কি দৰে অতুলনীয় প্ৰতিভাৰে প্ৰতিভাধৰ এই সকল শি্ল্পীক পেটৰ চিন্তাৰ পৰা মুক্ত কৰি শিল্প-সংস্কৃতি চৰ্চ্চাত একান-পতীয়াকৈ মনোনিৱেশ কৰাব পাৰি৷ অৰ্থাৎ নিচা আৰু পেশাৰ মাজত এক যোগাত্মক সম্পৰ্ক গঢ়ি তোলাৰ কথা তেনেকৈয়ে মনলৈ আহিছিল প্ৰযোজক গৰাকীৰ৷বিষ্ণু ৰাভা আৰু ফণী শৰ্মাৰ দৰে অভিনেতাৰ খ্যাতি আৰু জনপ্ৰিয়তা কম নাছিল৷কিন্তু সেইসকলৰ সেই অভূতপূৰ্ৱ জনপ্ৰিয়তাক ব্যৱসায়িক স্বাৰ্থত খটুৱাৰ কথা অচ্যুৎ লহকৰৰ দৰে প্ৰযোজকে সপোনতো ভবা নাছিল৷সেই সকল শিল্পীৰ সৈতে ভ্ৰাম্যমানৰ অন্যান্য শিল্পী বা কলা-কুশলীৰ মাজত কোনো ধৰণৰ ব্যৱধান বা বৈষম্য কেতিয়াও ৰখাৰ কথা ভবা নাছিল আৰু সেই বৰেণ্য শিল্পী সকলে নিজেও তাৰ পৰা আতৰি আছিল৷

কিন্তু এতিয়াৰ ভ্ৰাম্যমান থিয়েটাৰৰ একাংশ প্ৰযোজকে যেতিয়া সংবাদ মাধ্যমৰ আগত অতি দম্ভেৰে কয় যে তেৰাসকলে এশ-দুশ শিল্পী-কলাকুশলীৰ পেটৰ ভাত মুঠিৰ কাৰণে ভ্ৰাম্যমান নাটক প্ৰযোজনা কৰে, আৰু তাৰ কাৰণেই কোটি টকীয়া ’গ্লেমাৰ-সৰ্বস্ব’ অভিনেতা আৰু অভিনেত্ৰীক তাত সুমুৱাই ধন ঘটিব লগীয়া লগীয়া হয়, তাৰ পিছত এনে প্ৰযোজকৰ দ্বাৰা প্ৰযোজিত ভ্ৰাম্যমান থিয়েটাৰক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজনেই বোধ নকৰা হ’লো৷সেয়ে একেবাৰে শেহতীয়াকৈ আৱাহন থিয়েটাৰ’ ৰ দ্বাৰা প্ৰযোজিত ’লভিতা’ নাটকৰ বিতৰ্কত ভাগ লোৱাৰ পৰা প্ৰথম অৱস্থাত বিৰত আছিলোঁ৷ কিয়নো এই সকল নাট্যকাৰ আৰু প্ৰযোজকৰ প্ৰতি আমি কেতিয়াবাই আস্থা আৰু বিশ্বাস হেৰুৱাই পেলাইছিলো৷
(২)
কিন্তু ’আৱাহন থিয়েটাৰ’ ৰ নাট্যকাৰজনৰ লগতে প্ৰযোজক তথা অভিনেত্ৰী গৰাকীয়ে মূল নাটক ’লভিতা’ বিকৃত ৰূপত প্ৰযোজনা কৰি যি ধৃষ্টতা কিম্বা স্পৰ্দ্ধা প্ৰদৰ্শন কৰিছে, তাৰ পিছত আৰু মনে মনে থকাৰ কথা কেনেকৈ ভাবো?ইতিমধ্যে ৰাজ্যখনৰ সচেতন, সংস্কৃতিমান ব্যক্তি তথা সংগঠনে এইসকল নাট্যকাৰ, প্ৰযোজকৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ তেওঁবিলাকৰ এই ধৰণৰ আচৰণে ভ্ৰাম্যমানৰ প্ৰতি অনুৰাগী মানুখিনকো স্তম্ভিত কৰা পৰলক্ষিত হৈছে৷ এওঁলোকক জ্যোতিপ্ৰসাদৰ নাটকৰ ওপৰত এনে ধৰণৰ ল’ৰা-ধেমালী কৰাৰ অধিকাৰ কোনে দিলে, সাহস কেনেকৈ পালে, তাকেই ভাবি বিচূৰ্তি খাইছোঁ৷ কেৱল জ্যোতিপ্ৰসাদ বা তেওঁৰ অমৰ সৃষ্টি লভিতাই নহয়, ভ্ৰাম্যমানৰ দৰে এক বলিষ্ঠ সাংস্কৃতিক মাধ্যমৰ জনক অচ্যুৎ লহকৰৰ লগতে গোটেই মাধ্যমটোক উপলুঙা কৰিছে৷
(৩)
জ্যোতি প্ৰসাদক অসমীয়া আধুনিক সংস্কৃতিৰ খনিকৰ বোলা হয়৷কাৰণ জ্যোতিপ্ৰসাদেই আমি জনাত অসমীয়া আধুনিক গান, নাটক, বোলছৱিকে ধৰি গোটেই সাংস্কৃতিক ধাৰাটোক যথাৰ্থ আধুনিক সাঁচত গঢ়ি তুলিবৰ কাৰণে আটাইতকৈ বেচি সম্পৰীক্ষা চলাইছিল৷আধুনিক গান, নাট, নৃত্য-কলাৰ প্ৰধান বৈশিষ্ট্যই হৈছে ই সদায় সচেতনস্ৰষ্টাসকলৰ নিত্য-নতুন সৃষ্টি আৰু সম্পৰীক্ষাৰ মাজেদিয়েই নিজকে যুগোপযোগীকৈ বোৱাই লৈ গৈ থাকে৷ জ্যোতিপ্ৰসাদে এই বৈশিষ্ট্য সুন্দৰকৈ বুজি উঠিছিল৷ কিন্তু তেওঁ সেই সম্পৰীক্ষা কেতিয়াও আনৰ সৃষ্টিক লৈ কৰা নাছিল৷ নিজৰ ন ন সৃষ্টিৰাজীৰ মাজতে সেই সম্পৰীক্ষা তেওঁ অব্যাহত ৰাখিছিল৷জ্যোতিপ্ৰসাদৰ সময়ত ভ্ৰাম্যমানৰ অবস্থিতি নাছিল যদিও তেতিয়াৰ পৰাই অসমীয়া আধুনিক তথা মৌলিক নাটকে নিজস্ব এটা স্থিতি লবলৈ সক্ষম হৈছিল৷মঞ্চ-নাটকৰ সফল মঞ্চায়নৰ বাবে ৰাজ্যখনৰ সৰু-বৰ ন-পুৰণি চহৰ বিলাকত ঘূৰণ-মঞ্চকে ধৰি বহু সংখ্যক আধুনিক মঞ্চ গঢ়ি উঠিছিল৷ শিল্পী-সৈনিক ব্ৰজ শৰ্মাৰ দৰে সহসী নাট্য-শিল্পীয়ে সমাজত চলি থকা পুৰণি কলীয়া আচাৰ-নীতি, বান্ধোন ছিঙি সহ-অভিনয়ৰ পাতনি মেলি অসমীয়া নাট্যজগতলৈ এক বৈপ্লবিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল৷কিন্তু এইসকলৰ কোনও পেটৰ ভাতমুঠি মোকলোৱাৰ নামত কলা-সংস্কৃতিক পণ্য কৰাৰ কথা সপোনতো ভবা নাছিল৷

জ্যোতিপ্ৰসাদে সমসাময়ি প্ৰবাহমান নাট্য-ধাৰাটোৰ মাজত দেখা পোৱা নাটনিখিনি চিহ্নিত কৰি তাক আৰু অধিক সমৃদ্ধ কৰাৰ কথা ভাবিছিল৷সেই সময়ত বেচিভাগ অসমীয়া নাটকেই সামাজিক, বৌৰঞ্জীক তথা আখ্যান মূলক আছিল৷নীলাম্বৰ, নৰকাসুৰ, মেঘনাদ বধ, শকুনিৰ প্ৰতিশোধ, দুঃশাসনৰ ৰক্তপান, আদি নাটকবিলাক মৌলিক আছিল যদিও সিবিলাকৰ ভাৱ-ভষা, আনুসংগিক সংগীত, উপস্থাপন, অভিনয় আদি জ্যোতিপ্ৰসাদৰ দৃষ্টিত যথাৰ্থ আধুনিক স্তৰলৈ উন্নীত হবলৈ বহুখিনি বাকী আছিল৷এই নাটনি বা একঘেয়ামি আঁতৰাবৰ বাবেই নতুন সৃজনশীল মৰ্ম আৰু আঙ্গিকৰ নাটক যেনে, ৰূপালীম, কাৰেঙৰ লগৰী, লভিতা, কনকলতা আদিৰ ৰচনা কৰি মঞ্চস্থৰ ব্যৱস্থা কৰি নাটকৰ লগতে দৰ্শকৰ ৰুচি আৰু মান বঢ়োৱাৰ মহৎ চিন্তা কৰিছিল৷
(৪)
শোণিত কুঁৱৰীৰ পৰা লভিতালৈ জ্যোতিপ্ৰসাদৰ নাট্যচিন্তাৰ এক নিজস্ব ক্ৰম আছে৷ দেশে-বিদেশে ঘূৰি ফুৰি আহৰণ কৰা আধুনিক শিল্প-কলাৰ নিত্য-নতুন চিন্তা-চেতনা, স্বাধীনতা আন্দোলনৰ বাস্তৱ অভিজ্ঞতা, দ্বিতীয় মহাযুদ্ধই বিশ্বজুৰি সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতি আদি গোটেইবিলাক ঘটনা-প্ৰবাহৰ জীয়া সাক্ষী আছিল জ্যোতিপ্ৰসাদ৷সেয়ে তেওঁৰ অমৰ সৃষ্টি ’লভিতা’ ক বুজিবলৈ হ’লে জ্যোতিপ্ৰসাদৰ সৃষ্টিশীল জীৱনৰ এই প্ৰেক্ষাপটটোৰ সম্যক ধাৰণা আয়ত্ব কৰিব লাগিব৷ মূলতঃ ’লভিতা’ যে এখন সাধাৰণ নাটক যে নহয়, সেইটো প্ৰথমে জানিব লাগিব৷এই সমস্ত বিষয় নস্যাৎ কৰি “লভিতা এখন নাটকহে, শিলৰ ৰেখা নহয়, সলনি কৰিব পৰা যায়’’ বুলি জ্যোতিপ্ৰসাদৰ দৰে এজন অসমীয়া জাতীয় জীৱনৰ সালস্তম্ভ স্বৰূপ ৰূপকাৰৰ গোটেই নাট্যচিন্তাকে উপলুঙা কৰাৰ ইমান স্পৰ্দ্ধা এগৰাকী শিক্ষিত সমাজৰ, শিক্ষিত পৰিয়ালৰ অভিনেত্ৰীয়ে সাহস পালে কেনেকৈ?নিশ্চয় ইয়াৰ পিছত ’শক্তিশালী’ ৰাজ-পোষকতা থাকিব লাগিব৷কথাটো তেনেই সাধাৰণ বুলিব নোৱাৰি৷’অল্পবিদ্যা ভয়ংকৰি’ কথাষাৰ ইয়াতেই খাটে৷ ড° হীৰেন গোহাঁই ছাৰে ইতিমধ্যেনাটকৰ বিকৃতিখিনি ফঁহিয়াই দেখুৱাইছে বাবে আমি তাৰ পুনৰাবৃত্তি নকৰিলো৷
(৫)
আৱাহন থিয়েটাৰৰ এইগৰাকী চতুৰ নাট্যকাৰৰ ’নতুন লভিতা’ হয়তো চলিব, প্ৰযোজকলৈ প্ৰচুৰ অৰ্থও আহিব৷ ভ্ৰাম্যমান থিয়েটাৰৰ এচাম প্ৰযোজকে সস্তীয়া কাৰবাৰৰ জৰিয়তে ইতিমধ্যেই বিগত কেইবাদশকজুৰি এচাম ৰুচিহীন দৰ্শক গাঁৱে-ভূঞে গোটাই পেলাইছে৷শংকৰদেৱ,লক্ষ্মীনাথ, জ্যোতিপ্ৰসাদক অসমীয়া জাতীয় জীৱনৰ পৰা নিৰ্বাসন দিয়া বা ’হাইজেক’ কৰাৰ চল-চাতুৰি চলোৱাই চলায়েই আছে অহৰহ৷গতিকে নাট্যদলটোৱে সচেতন ৰাইজৰ প্ৰতিবাদলৈ কৰ্ণপাত নকৰিব, প্ৰতিবাদকাৰীক ওলোতাই ঠাট্টা-মস্কৰা কৰিব, ৰজাঘৰীয়া দৰ্শকে হয়তো মুখ টিপি হাঁহিব, কিন্তু মনত ৰখা দৰ্কাৰ যে চাপৰিলে মেঘ নাঁতৰে৷ প্ৰতিবাদৰ জীয়া প্ৰতীক, খাটি অসমীয়া গাভৰু লভিতাই কাহানিও ওভতগোৰে নচা এই সকল নাট্যকৰ্মী কিম্বা প্ৰযোজকক ক্ষমা নকৰিব৷

No comments:

Post a Comment