গ্ৰন্থঃ ৰৌদ্ৰোজ্বল প্ৰভাতঃ কবি ৰয়েল পেগুৰ কাব্যপুথি :: ৰুদ্ৰ সিংহ মটক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থঃ ৰৌদ্ৰোজ্বল প্ৰভাতঃ কবি ৰয়েল পেগুৰ কাব্যপুথি :: ৰুদ্ৰ সিংহ মটক

গ্ৰন্থঃ ৰৌদ্ৰোজ্বল প্ৰভাতঃ কবি ৰয়েল পেগুৰ কাব্যপুথি :: ৰুদ্ৰ সিংহ মটক

Share This
ৰৌদ্ৰোজ্বল প্ৰভাতঃ কবি ৰয়েল পেগুৰ কাব্যপুথি
ৰুদ্ৰ সিংহ মটক
RECENT,BOOK,book review,BOOK-DISCUSSION,RUDRA SINGHA MATAK,ৰুদ্ৰ সিংহ মটক,কিতাপ,গ্ৰন্থ,গ্ৰন্থ আলোচনা,
সাম্প্ৰতিক সময়ছোৱাত গৰিষ্ঠসংখ্যক তৰুণে ডেৰকুৰিমান কবিতা লিখিয়েই ততাতৈয়াকৈ পুথি উলিওৱাৰ সিদ্ধান্ত লয়। তাৰ বিপৰীতে জোনাই মহকুমাৰ স্থিতধী কবি তথা সাংবাদিক ৰয়েলে পেগুয়ে আগবয়সতে কবিতা লিখিবলৈ লৈছিল যদিও বহু পলমকৈহে কাব্যপুথি প্ৰকাশৰ সিদ্ধান্ত লয়। 

RECENT,BOOK,book review,BOOK-DISCUSSION,RUDRA SINGHA MATAK,ৰুদ্ৰ সিংহ মটক,কিতাপ,গ্ৰন্থ,গ্ৰন্থ আলোচনা,
কবিতাপ্ৰেমী বন্ধুমহলৰ আন্তৰিক অনুৰোধৰ তাগিদতে তেওঁ প্ৰথমখন কাব্যগ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা গ্ৰহণ কৰে। সবাতোকৈ ডাঙৰ কথাটো হ'ল মাতৃভাষা মিছিং যদিও এই কবি-সাহিত্যিক গৰাকীৰ ভাষা-সাহিত্য, কবিতা চৰ্চাৰ মাধ্যম মিচিং বা আন কোনো ভাষা নহয়, অসমীয়া ভাষাহে। অসমীয়া জাতীয় সাহিত্য-সংস্কৃতিৰ চিৰপ্ৰবহ- মান ভৰাসুঁতিটোৰ সৈতে থকা গভীৰ আত্মীয়তাৰ বাবেই হয়তো এয়া সম্ভৱ হৈছে। আৰু এয়া আমাৰ বাবে নিতান্তই আনন্দৰ কথা।

ৰয়েল পেগুৰ "ৰৌদ্ৰোজ্বল প্ৰভাত"(প্ৰথম প্ৰকাশ, অক্টোবৰ,২০২২) শীৰ্ষক কাব্যগ্ৰন্থত চল্লিশটা অসমীয়া আৰু দহটা মিছিং ভাষাৰ কবিতা সন্নিবিষ্ট হৈছে। আটকধুনীয়া পুথিখনৰ প্ৰচ্ছদ শিল্পী হ'ল প্ৰদীপ নাথ। দেশ-কাল, সমাজ-সংস্কৃতি, শিক্ষা-ৰাজনীতিৰ স'তে ওত:প্ৰোতভাৱে সাঙুৰখাই থকা বিষয়বস্তুৰ আধাৰতে ৰচিত ৰয়েল পেগুৰ চিত্তাকৰ্ষক কবিতাবোৰ। জনম- ভূমিক লৈ লিখা তেওঁৰ "আই" কবিতাৰ সাৱলীল শব্দচয়ন মন কৰিব লগীয়া।--

নাকান্দিবি মোৰ আই,
তোৰ চকুলো অসহ্য মোৰ ;
তোৰ চকুলোৱে ধুৱাই নিয়ে
মানুহৰ ক্ৰোধ, হিংসা, ক্ষুধা
নতুন পুৰুষ সৌ সূৰ্যোদয়ত,
নাই ক্ৰোধ, হিংসা, ক্ষুধা ;
চোৱা সৌ মধুৰীজোপালৈ---উলাহত নাচিছে,
সূৰ্যোদয়ৰ ফালে চাই ঘনে ঘনে।

পাঠকচিত্ত আন্দোলিত কৰিব পৰাকৈ ৰয়েল পেগুয়ে‌ কবিতাৰ কেনভাছত আবেদনক্ষম শিল্পীত ভাষাত খোদিত কৰিছে সমাজ চেতনা, মানবীয় মূল্যবোধ আৰু বৈপ্লবিক আদৰ্শ। ৰঙা সূৰ্যৰ পিনে চাই, আমি নতুন পুৰুষ, কঠিন শিলত কটা, মানবতাৰ অপমৃত্যু --এইবোৰ কবিতাৰ প্ৰতিটো স্তৱকেই সুন্দৰ, হৃদয়পৰশা। শ্ৰেণী চেতনা, ইতিহাসবীক্ষা প্ৰখৰ বাবেই ৰয়েলৰ কাপত উদগীৰিত হৈছে শব্দৰ জুইফুল--"বিষ্ণু ৰাভা জীয়াই আছে"। ---

বিষ্ণু ৰাভা
কোনে ক'লে তুমি আজি আৰু নাই
সাম্ৰাজ্যবাদ, পুজিবাদৰ বিৰুদ্ধে
দুৰ্নীতি-অন্যায়-অবিচাৰৰ বিৰুদ্ধে
হালোৱা-বনুৱাৰ
মুক্তি সংগ্ৰামৰ ৰণক্ষেত্ৰত
বিষ্ণু ৰাভা জীয়াই আছে
ৰঙা সূৰ্যৰ পিনে চাই।

"আধুনিক অসমীয়া কবিতাত নতুন জীৱনবোধ, নতুন ধ্যান-ধাৰণা, নৱ্য চিন্তা-চেতনাৰ উন্মেষ ঘটিছে। আধুনিক অসমীয়া কবিতাত যুগোত্তীৰ্ণ হৈ প্ৰকাশ পাইছে বাস্তৱ তথা গভীৰ জীৱনবোধৰ অভিব্যঞ্জনা।" অসমীয়া সাম্প্ৰতিক কবিতাৰ বিষয়ে এনেদৰে নিজৰ অনুভৱ প্ৰকাশ কৰা কবি ৰয়েল পেগু ৰঘুনাথ কাগয়ুঙ, জীৱন নৰহ, যোগেন টাইডৰ দৰে অগ্ৰজ কবিসকলৰ বাটেৰেই আগবাঢ়িছে। অৱশ্যে ৰয়েলৰ শব্দচয়ন আৰু বাকৰীতি সুকীয়া। দীৰ্ঘদিনীয়া সাধনা-অনুশীলনেৰে ৰয়েলে মিছিঙৰ দৰেই অসমীয়া ভাষাৰ কালিকাকো যেন আপোন হৃদস্পন্দন কৰি লৈছে। হ'লেও কওঁ, --অসমীয়া লোককথাৰ চহকী ঐতিহ্যৰ সমল বুটলিব পাৰিলে তেওঁ কবিতাক আগত দিনত অধিক সজীৱ, উৰ্বৰ আৰু স্পন্দনশীল কৰিবলৈ সক্ষম হ'ব। আশা কৰোঁ কাব্য- প্ৰেমীসকলে ৰয়েলৰ কাপৰ "ৰৌদ্ৰোজ্বল প্ৰভাত" হাতত লৈ উপকৃত ও আনন্দিত হ'ব।
গ্ৰন্থৰ সবিশেষঃ # প্ৰথম প্ৰকাশ, অক্টোবৰ,২০২২। # প্ৰকাশক, আখৰ প্ৰকাশ, গুৱাহাটী। # প্ৰচ্ছদ : প্ৰদীপ নাথ।

No comments:

Post a Comment