মহীৰূহৰ লেখাঃ গেৰুৱা বৌদ্ধিক জালিয়াতিঃ শেহতীয়া স্বৰূপ :: ড° হীৰেন গোহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহীৰূহৰ লেখাঃ গেৰুৱা বৌদ্ধিক জালিয়াতিঃ শেহতীয়া স্বৰূপ   :: ড° হীৰেন গোহাঁই

মহীৰূহৰ লেখাঃ গেৰুৱা বৌদ্ধিক জালিয়াতিঃ শেহতীয়া স্বৰূপ :: ড° হীৰেন গোহাঁই

Share This

গেৰুৱা বৌদ্ধিক জালিয়াতিঃ শেহতীয়া স্বৰূপ 

ড° হীৰেন গোহাঁই

গেৰুৱা বৌদ্ধিক জালিয়াতি   ড° হীৰেন গোহাঁই, RSS, BJP, JINNA

হিন্দুত্ববাদী শিবিৰে এশ বছৰ ধৰি অসীম ধৈৰ্য, চতুৰালি আৰু কপটতাৰে সমাজৰ অভ্যন্তৰত কাম কৰি, নিজৰ স্বৰূপ আৰু উদ্দেশ্য লুকুৱাই বেলেগ বেলেগ ভাও দি অৱশেষত ঈপ্সিত ফল হাতেৰে ধৰিব পৰা পৰ্যায় পাইছে। আৰু ধৈৰ্য ধৰাই টান হৈছে। সেয়ে 'কেল্লা ফটে' কৰিবলৈ শিলাবৃষ্টিৰ দৰে বিয়াগোম ফাকি আৰু  ধুমুহাৰ দৰে মিছা কথাৰ খুন্দাৰে ৰাইজক বিমূঢ় কৰিব খুজিছে।

গেৰুৱা বৌদ্ধিক জালিয়াতি   ড° হীৰেন গোহাঁই, RSS, BJP, JINNA

মস্কিল যে এনে সময়তে মৰিব নজনা কেতবোৰ মানুহে সিহঁতৰ শক্তিত দমি নগৈ এফালৰ পৰা সেই ফাকিবোৰৰ বেলুন ৰাজহুৱাকৈ ফুটাবলৈ ধৰিছে। তাৰ প্ৰতিকাৰ স্বৰূপে সিহঁতে আৰু বিকট আৰু বিয়াগোম ফাকিৰ বোমা মাৰি ৰাইজক হতভম্ব কৰিবলৈ লৈছে, যাতে ৰাইজৰ চেতনা অসাৰ কৰি ফলটো অৱশেষত ছিঙি মোনাত ভৰাব পাৰে। এই ফাকিবোৰ আগৰ চিনাকি ফাকিৰে লোমহৰ্ষক দৈত্যকায় ৰূপ।


আমি এখন সম্পূৰ্ণ সুস্থ, সভ্য আৰু মানৱীয় মমতাত চহকী সমাজ দেখা নাই।কিন্তু গান্ধীজীৰ সপোন আৰু নেহৰুৰ বাস্তৱ প্ৰচেষ্টাৰ মাজত তাৰ ছয়াময়া আভাস দেখিছিলোঁ। ভাৰতবাসীয়ে তাকে বুকুত বান্ধি অনিশ্চিত ভৱিষ্যতৰ বাটত কিছু ভৰসাৰে খোজ দি আছোঁ। সেয়ে গেৰুৱা বাহিনীৰ প্ৰাণপণ চেষ্টা এই দুই নেতাক অভাৱনীয় কুৎসা আৰু নিন্দাৰ ক'লা ধলেৰে জনমানসৰ পৰা উটুৱাই ডুবাই দিয়া।


অধৈৰ্য আৰু ক্ৰুদ্ধ অপপ্ৰচাৰৰ উৎসাহত মাত্ৰা হেৰুৱাই সিহঁতে আকৌ নিজেই নিজক খালত পেলাইছে। তাৰ এক নিকৃষ্ট উদাহৰণ দেখা গ'ল আজিৰ 'দৈনিক জনমভূমি'ত (২০ অক্টোবৰ, ২০২২) জয়কান্ত শৰ্মাৰ প্ৰবন্ধত। তাত গান্ধীজীৰ গৰিমা নস্যাৎ কৰিবলৈ তেওঁৰ 'জাতিৰ পিতা' পৰিচয়ক ইতিকিং কৰা হৈছে।সুধিছে জিন্নাই কিয় তেওঁক 'মহান হিন্দু' বুলিহে কৈছিল। অৰ্থাৎ জিন্নাৰ ধাৰণাকে আমিও মানি ল'ব লাগিব নেকি? বহু মুছলমানেও যে তেওঁক জাতিৰ পিতা বুলি মানি পাকিস্তানলৈ গুছি নগ'ল, সেইটো দৃষ্টিভ্ৰম নেকি? সেয়ে আজি এইসকল দেশভক্তৰ মতে গান্ধীজীৰ হত্যাকাৰী নাথুৰামহে দেশৰ ত্ৰাণকৰ্তা। 

কিন্তু গান্ধীজীক 'জাতিৰ পিতা' আখ্যা দিছিল গেৰুৱা বাহিনীয়ে আজি পূজা কৰা নেতাজী সুভাষ বসুৱে। আৰু দিছিল দেশমুক্তিৰ শেষ সংগ্ৰামৰ আগ মুহূৰ্তত।


কাৰণ তেওঁ জানিছিল গান্ধীজীৰ আজীৱন অভিযান আৰু অটল সংকল্প  অবিহনে সমগ্ৰ দেশক স্বাধীনতাৰ মৰণপণ সংগ্ৰামত উৎসৰ্গিত কৰিব পৰা নগ'লহেতেন। তেওঁৰ বাবেই আজিৰ ভাৰতবাসীয়ে নিজকে সঁচাকৈ নিজকে এটা জাতি বুলি উপলব্ধি কৰি চৰম ত্যাগৰ বাবে সাজু হৈছিল।


একে কাৰণতে দেশমুক্তিৰ হকে পয়ষষ্ঠি বছৰীয়া জীৱনৰ এঘাৰটা বছৰ জে'ল খটা নেহেৰুৰ নামটোকে সহিব নোৱাৰে ইহঁতে। ইহঁতে বিচৰা দৰে ভাৰতীয় মুছলমানক কাটি মাৰি নৈত উটাই নিদিয়া বাবে নেহৰু পৰিয়ালক হিন্দু বেশধাৰী  মুছলমান বুলি ভুৱা তথ্যৰ ধল নমাইছিল।অথচ জৱাহৰলালৰ পিতৃ মতিলাল নেহৰু আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰথম পৰ্যায়ৰ অন্যতম অগ্ৰণী নেতা। এই অপপ্ৰচাৰ ইমান ব্যাপক যে তাৰ বেলুন সশব্দে ফাটি গ'লেও বহু অজলা মানুহে আজিও বিশ্বাস কৰে যে এই গুজবটো সঁচা!


সেই বাটেৰে ধাকুৰি মেলি অহা জয়কান্ত শৰ্মাই লিখিছে যে ৰাহুলৰ ককাক আৰু ৰাজীৱ গান্ধীৰ পিতৃ ফিৰোজ গান্ধী আচলতে ফিৰোজ খানহে আছিল, ঠগবাজি কৰি হোনো মুছলমান পৰিচয় লুকুৱাই গান্ধী হৈছিল!


নিভাঁজ তথ্য কি? 'উইকিপীডিয়া'ত পৰীক্ষিত তথ্য (উৎস আৰু প্ৰমাণ সহ) কি আছে? আছে যে ফিৰোজ গান্ধীৰ জন্ম ১৯১২ চনত মুম্বাইৰ পাৰ্ছি জাতি অধ্যুষিত এটা এলেকাত আৰু নিভাঁজ পাৰ্ছি পৰিয়ালত। টাটা, হমি ভাভাৰ সৈতে একে জাতিৰ মানুহ তেওঁ। দেউতাকৰ নাম জাহাঙ্গীৰ ফাৰেডুন ঘাণ্ডী। দুজন ভায়েকৰ নাম ডোৰাব আৰু ফাৰেডুন।এলাহাবাদলৈ উঠি যোৱা বাবে তেওঁৰ মৃত্যুৰ পিছত তেওঁক তাৰে পাৰ্ছি সমাধিস্থলীত পাৰ্ছি নিয়ম অনুযায়ী সৎকাৰ কৰা হয়। তেওঁ গান্ধী হ'ল কেনেকৈ? গান্ধীজীৰ নেতৃত্বত চলা স্বাধীনতা সংগ্ৰামৰ প্ৰতি আকৰ্ষিত হৈ ধনবান পৰিয়ালৰ হোৱা সত্ত্বেও পঢ়াশুনা বাদ দি তেওঁ সেই সংগ্ৰামত জঁপিয়াই পৰে। তেনেকৈ নেহেৰু পৰিয়ালৰ ঘনিষ্ঠ হৈ পৰে আৰু ইন্দিৰাক বিয়া কৰায়। গান্ধীজীৰ প্ৰতি ভক্তিত তেওঁ 'ঘাণ্ডী' উপাধি 'গান্ধী'লৈ পৰিবৰ্তন কৰিছিল।


স্বাধীনতাৰ পিছত কংগ্ৰেছ চৰকাৰৰ কিছুমান নেতাৰ সহায়ত ধনী ব্যৱসায়ী কিছুমানে ঘোৰ দুৰ্নীতি কৰা দেখি তেওঁ তাৰ বিৰুদ্ধে যুঁজ দিয়ে। কংগ্ৰেছ এৰি সমাজবাদী দলত যোগ দিয়ে আৰু নেহেৰু চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে। কোটিপতি ডালমিয়া, হৰিদাস মুন্ধ্ৰা আদিৰ কেলেংকাৰী উন্মোচন কৰি দেশ জুৰি চাঞ্চল্য সৃষ্টি কৰে। ইন্দিৰা গান্ধীৰ লগত বিচ্ছেদ ঘটে।অপপ্ৰচাৰৰ স্বাৰ্থত এইজন সৎ নিঃস্বাৰ্থ দেশপ্ৰেমিক নেতাক ভণ্ড ঠগ বনোৱা কেনে নীচ কাম ভাবি চাওক। 


আৰু মোহন ভাগৱৎ জীৰ মুছলমান জনসংখ্যা বৃদ্ধিৰ শংকা ? এইটো পৰিসংখ্যাই সমৰ্থন নকৰা অপতথ্য। ই মানুহক মিছা ভয়ত উত্তেজিত কৰিব পৰা প্ৰচাৰ মাত্ৰ। এয়ে গেৰুৱা বাহিনীৰ আধ্যাত্মিক অন্তৰ্দৃষ্টিৰ নিদৰ্শন। 

লেখকৰ পূৰ্বে প্ৰকাশিত লেখাবোৰৰ একত্ৰ  লিংকঃ https://www.xukhdukh.com/search/label/DR-HIREN-GOHAIN

No comments:

Post a Comment