মনৰ কথাঃ দুৰ্গম অঞ্চলত মেডিকেল ইমাৰ্জেঞ্চিঃ কৰণীয় কি? :: ডা° বিপ্লৱ বৰঠাকুৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ দুৰ্গম অঞ্চলত মেডিকেল ইমাৰ্জেঞ্চিঃ কৰণীয় কি? :: ডা° বিপ্লৱ বৰঠাকুৰ

মনৰ কথাঃ দুৰ্গম অঞ্চলত মেডিকেল ইমাৰ্জেঞ্চিঃ কৰণীয় কি? :: ডা° বিপ্লৱ বৰঠাকুৰ

Share This
দুৰ্গম অঞ্চলত মেডিকেল ইমাৰ্জেঞ্চিঃ কৰণীয় কি?
ডা° বিপ্লৱ বৰঠাকুৰ
MEDICAL EMERGENCY, তেজস্বিতা, মাজুলী, দুৰ্গম অঞ্চলত মেডিকেল ইমাৰ্জেঞ্চিঃ কৰণীয় কি? ডা° বিপ্লৱ বৰঠাকুৰ, অসমীয়া, সুখদুখ, XUKHDUKH
শেহতীয়াকৈ মাজুলীত এগৰাকী কম-বয়সীয়া প্ৰতিভাবান কিশোৰীৰ মৃত্যুক লৈ চলি থকা সামাজিক মাধ্যমৰ আলোচনাৰ আঁত ধৰিয়েই মনৰ কথাখিনি ব্যক্ত কৰিবলৈ খুজিছো। ইয়াত মাজুলী আজিৰ তাৰিখত সঁচাকৈয়ে দুৰ্গম ঠাই নেকি, মেডিকেল কলেজ থকা লখিমপুৰ জিলাৰে সুন্দৰ ৰাস্তাৰে সংযোজিত তথা ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰতিদিনে কমলাবাৰীৰ পৰা বাচ চলাচল কৰাৰ সুবিধা থকা অৱস্থাত, সেই সংজ্ঞা দিবলৈ ইয়াত বিচৰা হোৱা নাই। তাৰ পৰিবৰ্তে, সাধাৰণ অৰ্থত দুৰ্গম অঞ্চল একোটাত যেতিয়া ৰোগীৰ বাবে 'সময়' অতি গুৰুত্বপূৰ্ণ হৈ পৰে জীৱন বচোৱাৰ বাবে, সেই সামগ্ৰিক পৰিৱেশত কৰণীয়খিনি সন্দৰ্ভতহে কথাখিনি কবলৈ বিচৰা হৈছে। 
MEDICAL EMERGENCY, তেজস্বিতা, মাজুলী, দুৰ্গম অঞ্চলত মেডিকেল ইমাৰ্জেঞ্চিঃ কৰণীয় কি? ডা° বিপ্লৱ বৰঠাকুৰ, অসমীয়া, সুখদুখ, XUKHDUKH
ধৰা হওক, স্বাস্থ্য মন্ত্ৰীয়ে নিজে হেলিকপ্টাৰেৰে যাব লগা ঠাই এখনৰ পৰা হঠাৎ স্বাস্থ্যৰ অৱনতি হোৱা ৰোগী এজনক উন্নত চিকিৎসাৰ বাবে কেনেকৈ ক্ষিপ্ৰতাৰে স্থানান্তৰ কৰিব পৰা যাব? স্থানান্তৰ কৰি উচিত চিকিৎসাৰ (definitive treatment) ব্যৱস্থা নোহোৱা পৰ্যন্ত ABC অৰ্থাৎ বয়ুনলী খোলা ৰখা, শ্বাস প্ৰশ্বাস চলাই ৰখা আৰু ৰক্ত সঞ্চালন অক্ষুন্ন ৰাখি ৰোগীক জীবিত অৱস্থাত ৰাখি ডেমেজ কন্ট্ৰোল বা স্বাস্থ্যৰ আৰু অধিক অৱনতি নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰি, তাৰহে উপযুক্ত ব্যৱস্থা হব লাগে৷ সেই ব্যৱস্থাবোৰ নোহোৱা পৰ্যন্ত একেবোৰ শোকাবহ ঘটনাৰ পুনৰাবৃত্তিৰ সম্ভাৱনা সদায় চলিয়ে থাকিব৷

মাজুলীৰ দৰে নদীদীপলৈ প্ৰস্তাৱিত দলঙ নিৰ্মাণ বহুত দিঘলীয়া সময় লগা প্ৰক্ৰিয়া, আৰু সকলো ৰোগৰ সকলো ধৰণৰ চিকিৎসা কৰিব পৰা এখন চিকিৎসালয় সকলো ঠাইতে কোনো চৰকাৰে বা কোনো দেশে নিৰ্মাণ কৰিব নোৱাৰে, আজিলৈকে পৰা নাই৷ সেয়ে, At risk বা গুৰুতৰ স্বাস্থ্য সমস্যা থকা ৰোগীক আগতিয়াকৈ উন্নত চিকিৎসাৰ ব্যৱস্থা থকা ঠাইলৈ স্থানান্তৰ, আৰু আপদকালীন সময়ৰ চিকিৎসাৰ প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা protocolized বা SOP সন্মত আৰু তাৎক্ষণিক কৰিব পাৰিলে বহু ৰোগীৰ জীৱন ৰক্ষা পৰিব৷

উদাহৰণ স্বৰূপে ধৰা হল কোনো এজন ৰোগীৰ শৰীৰৰ মূল ৰক্তবাহী ধমনীৰ পৰা ৰক্তক্ষৰণ হৈ মৃত্যুমুখত পৰিছে৷ এনেকুৱা এজন ৰোগীৰ অস্ত্ৰোপচাৰ বা এঞ্জিওপ্লাষ্টি ( ধমনীত ধাতবিয় নলিকা স্থাপন) কৰিবলৈ এদল ৰেডিওলজী, শল্য চিকিৎসক, হৃদৰোগ, শিৰা ধমনীৰ বিশেষজ্ঞ, সংঞ্জাহৰণ, গহন চিকিৎসা আদিৰ অতি বিশেষজ্ঞ চিকিৎসক, বিশেষ ভাবে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মী আৰু লগতে বহুতো আধুনিক যন্ত্ৰ পাতিৰ প্ৰয়োজন হব৷ এনে সুবিধা অসমৰ নিচিনা ৰাজ্য এখনত দুই এখন চিকিৎসালয়তহে কৰাতো সম্ভব৷ কিন্তু এনেকুৱা স্বাস্থ্য সমস্যা যি কোনো মানুহৰে যতে ততে হৈ যাব পাৰে৷ তেনেকুৱা হলে সেই ৰোগীজনক অতি শীঘ্ৰে তেনে উন্নত চিকিৎসাৰ ব্যৱস্থা থকা ঠাইলৈ স্থানান্তৰ কৰিলে জীৱন ৰক্ষা পৰাৰ সম্ভাৱনা বৃদ্ধি পাব, অন্যথা মৃত্যু প্ৰায় আৱশ্যসম্ভাবী৷

আকৌ ধৰা হল প্ৰসূতি এগৰাকীৰ বহুতো জটিল সমস্যা আছে, দূৰ্গম ঠাই এখনত সন্তান জন্ম দিয়াতো বিপদজনক হব পাৰে, ছিজাৰিয়ান পদ্ধতিৰে কৰিলেও সংঞ্জাহৰণ আৰু অস্ত্ৰোপচাৰ দুয়োটাতে জটিলতা আহিব পাৰে, উন্নত চিকিৎসা সৰঞ্জামৰ প্ৰয়োজন হব পাৰে৷ তেনে ৰোগীক আগতেই স্থানান্তৰ কৰিলেহে চিকিৎসা সুচল হব৷

বাৰিষা বানপানীয়ে ডুবাই পেলোৱা, একক ইঞ্জিনৰ নাৱৰ দুৰ্ঘটনা হৈ যাত্ৰীৰ মৃত্যু হোৱা, ৰাতি ৰোগী পাৰ কৰিব নোৱাৰা ঠাই এখনক একদৃষ্টিৰে দুৰ্গম বুলিয়ে কব লাগিব৷ এনে দুৰ্গম ঠাইলৈ বিপদসংকুল যাত্ৰা কৰিও সেৱা আগবঢ়াবলৈ যোৱা চিকিৎসক, শিক্ষক আৰু আন কাৰিকৰী লোকো আছে, কিন্তু এক লাখৰ অধিক জনসংখ্যাৰ এনে ঠাই এখন দুগৰ্ম হৈ থকাতোও একো ভাল কথা নহয়, এনে বিপদসংকুল যাত্ৰাৰ শোকাবহ পৰিণতিও হৈছে, আৰু সেইকাৰণেই দলঙ, চিকিৎসালয় নিশ্চয় লাগিব৷ দলঙ, AIIMS আদিবোৰ দীৰ্ঘ্যম্যাদী, সময় লব৷ তেতিয়ালৈকেতো মানুহৰ বেমাৰ আজাৰ আদি হৈয়ে থাকিব৷ সেইকাৰনেই কিছুমান হ্ৰস্বম্যাদী ব্যৱস্হা কৰিবই লাগিব৷ সমস্যাবোৰৰ এটা দীৰ্ঘ্যম্যাদী আৰু এটা হ্ৰস্বম্যাদী উপায় থাকে৷

ভাৰতীয় সৈন্যবাহিনীৰ কিছুমান বহুতো দুৰ্গম অঞ্চলত সৈন্য শিবিৰ আছে৷ প্ৰাকৃতিক কাৰণত বা যুদ্ধ সদৃশ পৰিস্হিতিত সৈন্য হতাহত হলে সুৰক্ষিত ভাব জীৱন ৰক্ষা কাৰি প্ৰাথমিক চিকিৎসা সেৱা আৰু স্হানান্তৰৰ কিছুমান SOP আছে৷ প্ৰয়োজন সাপেক্ষে হেলিকপ্টাৰ যোগেও খৰতকীয়াকৈ ৰেফাৰেল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ অসামৰিক ক্ষেত্ৰতো বিশ্বৰ উন্নত দেশবোৰত এনেকুৱা ৰেপিড ট্ৰেন্চফাৰ বা খৰতকীয়া প্ৰেৰণৰ সুব্যৱস্থা আছে৷ আমাৰ পানীৰে আৱৰা দূৰ্গম কিন্তু জনাকীৰ্ণ ঠাইবোৰতো হ্ৰস্বম্যাদীভাবে এনেবোৰ ব্যৱস্থা ললে নিশ্চয় কিছু জীবন ৰক্ষা কৰিব পৰা যাব৷ তাৰ বাবে প্ৰয়োজনত সামৰিক বাহিনী, ডিজাষ্টাৰ মেনেজমেন্ট, নৌ আৰু বায়ু সেনা, আৰু দেশৰ অগ্ৰণী চিকিৎসা সংস্থা সমূহৰ দিহা পৰামৰ্শ লৈ এখন SOP যুগত কৰি এনেকুৱা পৰিস্থিতিৰ বাবে প্ৰশিক্ষিত এদল স্বাস্থ্যকৰ্মী, যাতায়ত আৰু আপদকালীন চিকিৎসা উপকৰণেৰে সমৃদ্ধ এটা ব্যৱস্থাৰ অত্যন্ত প্ৰয়োজন আছে৷ ভাৰতত এতিয়া এয়াৰ এম্বুলেঞ্চ তথা মেডিভাক হেলিকপ্তাৰৰ সেৱা আৰম্ভ হৈছে যদিও ই অতি খৰচী আৰু হঠাত কেইবালাখ টকা জমা কৰি সুবিধা লব পৰাকৈ সাধাৰণ মানুহে ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই। কিন্তু ৰাষ্ট্ৰই এনে সেৱা সুলভ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰতো কৰণীয় বহুখিনি আছে বুলি অনুভৱ কৰিব পাৰি।

চিকিৎসা আৰু যাতায়তৰ সুব্যৱস্থা নথকা ঠাই এখনত কোনোবাই গাৱলীয়া চিকিৎসা কৰি থকাৰ কাৰণে পোনচাতেই দোষাৰোপ কৰিব নোৱাৰি, কিন্তু বহু সময়ত সামৰ্থবান মানুহেও আধুনিক চিকিৎসা আৰু চিকিৎসকৰ বিষয়ে নেতিবাচক আৰু নিৰাশাবোধক যিবোৰ বাতৰি সহজতে প্ৰকাশ হৈ থাকে সেইবোৰৰ কাৰণেও দীঘলীয়াকৈ কৰিব লগিয়া চিকিৎসাৰ ক্ষেত্ৰত বহুতো ভুল ধাৰণাৰ বশবৰ্তী হৈ আৰু আস্থা হেৰুৱাই alternative medicine ৰ শৰণাপন্ন হয়৷ সেইবোৰৰ কাৰণেও বহু সময়ত বহুতো মানুহে দুৰ্ভোগ ভুগিব লগিয়া হয়৷ বিশেষজ্ঞ আৰু অতি বিশেষজ্ঞ চিকিৎসক সকলো ঠাইতে মোতায়ন কৰিব নোৱাৰি, ব্যৱহাৰিক দিশৰ পৰা উপযোগীও নহয় আৰু অসম্ভৱও, আৰু প্ৰাথমিক জীৱন ৰক্ষাকাৰী সেৱা প্ৰদানৰ কাৰণে বিশেষজ্ঞতো নেলাগেই চিকিৎসা বিজ্ঞানৰ স্নাতক উপাধিধাৰী MBBS চিকিৎসকৰো কোনো কোনো ক্ষেত্ৰত প্ৰয়োজন নাই, উচ্ছ প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসা সহকাৰীও সেইখিনি কাম protocol অনুযায়ি কৰিব পাৰে৷

সমস্যাবোৰৰ বাস্তবিক সমাধান সূত্ৰ নিবিচাৰি বা তাৰ বাবে দাবী নকৰি কোনোবা বিষয়াৰ বদলিকৰণৰ দাবী আৰু অমুক বিশেষজ্ঞই কিয় চালে আৰু অমুক কিয় নাছিল আদি আলোচনাই মূল সমস্যাৰ পৰা দৃষ্টি আতৰাইহে নিয়ে, সেৱা প্ৰদানকাৰী আৰু গ্ৰহণকাৰী দুয়োৰে নিৰাশা বৃদ্ধি পায় আৰু প্ৰয়োগীক ভাবে অনাস্থাই ঠাই পাই, এনে বাতাবৰণে কৰুণ পৰিনামবোৰ ৰোধ কৰিব নোৱাৰে৷ সেয়ে সমাজৰ অংশীদাৰ সকলে দায়িত্ববোধৰ পৰিচয় দি, ব্যৱস্থাগত পৰিবৰ্তনৰ বাবে বাস্তৱিক ভাৱে কৰণীয়খিনিৰ বাবে চেষ্টা কৰাহে যে উচিত, সেই কথাও কিন্তু নিশ্চিত।
লেখক দিল্লীত ক্ৰিটিকেল কেয়াৰ বিষয়ত সেৱাৰত এগৰাকী বিশিষ্ট চিকিসক।

No comments:

Post a Comment