শংকৰ সংঘই 'সংবিধান'ৰ যুগসাপেক্ষ সংশোধন কৰক
লক্ষ্যজ্যোতি নাথ
অসমৰ বিশালতম ধৰ্মীয় সংস্থা শ্ৰীমন্ত শংকৰ সংঘৰ কিছুমান কথা, ৰীতি-নীতি, স্থিতি আদিৰ বাবে শেহতীয়াকৈ সঘন বিতৰ্কলৈ আহি থকা পৰিলক্ষিত হৈছে। এই প্ৰেক্ষাপটতে কিছু 'মনৰ কথা' ব্যক্ত কৰিবলৈ বিচৰা হৈছে। সংস্থা একোটা যিহেতু নিৰ্দিষ্ট 'সংবিধান'ৰ জৰিয়তে সংজ্ঞাবদ্ধ নীতি-নিয়মৰ মাজেদি চলে, গতিকে এনে বিতৰ্কৰ জৰিয়তে আলোচনালৈ অহা কথাবোৰ বিবেচনালৈ আনি সময়ৰ সৈতে মুকলি চিন্তা কৰিলেহে সংস্থা একোটা মানুহৰ মাজত আস্থাৰ প্ৰতীক হৈ থাকিব পাৰে। সেই বাবেই এই আলোচনাৰ অৱতাৰণা।
স্বাৱলম্বীতাৰ বাবে হাঁহ-মুৰ্গী পুহিলে শংকৰ সংঘৰ ৰোষত পৰা, বৌদ্ধ বিহাৰ চাবলৈ যোৱাৰ বাবে সংঘৰ ৰোষত পৰা, কাৰোবাৰ বিয়া খাব গ'লেও ৰোষত পৰা! এই একবিংশ শতিকাত য'ত বিজ্ঞান-প্ৰযুক্তিয়ে পৃথিৱী এৰি বেলেগ গ্ৰহত কেনেকৈ থাকিব পাৰি তালৈকে চিন্তা কৰিছে, আগন্তুক এশ বছৰৰ পাছত পৃথিৱীৰ যি অৱস্থা হ'ব তাত আমি, আমাৰ ভৱিষ্যত প্রজন্ম কেনেকৈ জীয়াই থাকিম চিন্তা-গৱেষণা কৰিছে, বিশ্বায়নৰ যুগত পৃথিৱীৰ উন্নত দেশবোৰৰ লগত আমি কি কৰিলে ফেৰ মাৰিব পাৰিম চিন্তা আৰু গৱেষণা কৰিছে তেনে সময়ত অসম ঠাইৰ ডোখৰত ধৰ্মৰ নামত আজিও বৌদ্ধ বিহাৰ চাব যোৱা বেয়া কথা, কোনোবা বন্ধু-বান্ধৱৰ বিয়া খাবলৈ যোৱাটো ভুল আদি নিয়ম বনাই ধৰ্মীয় ভাবে যি গোড়ামী চলাই আছে সেইয়া আচৰিত নহয় নে!
এইয়া আচৰিত বুলি ক'লে তেঁওলোকৰ উত্তৰ "এইয়া আমাৰ সংবিধানত আছে। যদি কোনোবাই মানিব নোৱাৰে তেন্তে আঁতৰি যাব পাৰে। আমি কাকো জোৰ কৰা নাই।" ইয়াত কেইবাটাও কথা আছে। সময়ৰ লগে লগে যিকোনো সংবিধান সংশোধন হয় আৰু হ'ব পাৰে। সংবিধানখন বনাইছে কোনে! আৰু সকলোতকৈ ডাঙৰ কথা এনে লাগিছে এই সংবিধানত মানৱীয়তাবোধ, ভাতৃত্ব আদিৰ মূল্য নাই। এটাৰে মূল্য আছে ধৰ্ম। এই সংবিধানত মানৱীয়তাবোধ, ভাতৃত্ব আদিত ইমান Terms & Conditions লগাই থৈছে 'ভাত খা কিন্তু মুখত নলগাবি' জাতীয় হৈছে কথাবোৰ। যদি বিপদৰ সময়ত ইজনে সিজনক সহায় কৰিব নোৱাৰে, দুখ-আনন্দৰ সময়ত ইজনে সিজনৰ ওচৰলৈ যাবলৈ নোৱাৰে এই দুদিনীয়া জীৱনত ইমান গোড়ামী মাজত জীয়াই থাকি কি লাভ!
ইয়াত গোড়া শব্দটো কিয় লগাইছো সুধিব পাৰে। গোড়া বা গোড়ামী তাক কোৱা হয় য'ত উদাৰতাৰ কোনো স্থান নাই। আজি আফগানিস্তান, পাকিস্তান, ইৰাক আদি ইছলামিক দেশবোৰত এই ধৰ্মীয় গোড়ামীয়ে এই ৰূপ পাইছে যে তেওঁলোকৰ ধৰ্মৰ 'টেগ' লগাই কোৱা হয় যে ধৰ্মৰ বাবে যদি মৰে তেন্তে জন্নত পাব, নিজৰ ধৰ্মৰ বাদে বেলেগ ধৰ্মৰ মানুহক নিজৰ জীৱন দি হ'লেও মাৰিব লাগে যি কাম কাছৱহঁতে মুম্বাইত কৰিছিল। তেওঁলোকৰ তাত ধৰ্মৰ 'টেগ' লগাই কৰিবলগীয়া কামতকৈ নকৰিবলগীয়া কামৰ লিষ্ট বেছি দি থোৱা আছে। সেই দেশৰ ছোৱালীয়ে স্কাৰ্ট পিন্ধি টেনিছ খেলিব নোৱাৰিব, খেলা বোৰক মৃত্যুদণ্ড দিয়া হৈছে। ছোৱালীয়ে টিভি চাব নোৱাৰিব, মুখ ঢাকি ৰাখিব লাগিব আৰু অসংখ্য নিয়ম। মুঠতে তেওঁলোকৰ দেশবোৰত মানুহৰ ভুল হৈয়ে থাকে আৰু শাস্তি দিয়ে থাকে। তেওঁলোকক যদি সোধে কিয় শাস্তি দিছে! তেওঁলোকৰো সেই একেই উত্তৰ "এইয়া আমাৰ সংবিধানত আছে। যদি কোনোবাই মানিব নোৱাৰে তেন্তে আমাৰ দেশ এৰি আঁতৰি যাব পাৰে। আমি কাকো জোৰ কৰা নাই।"
মানে ধৰ্মৰ নামত একেই গোড়ামী মাত্ৰ প্ৰকাৰ বেলেগ বেলেগ!
আকৌ সেই একেই প্ৰশ্ন কোনে বনালে এই সংবিধান! ইমান যদি লেঠায়ে লেঠা ইয়াত সংবিধানখন সংশোধন নকৰা কিয়! মানুহ শান্তিৰে জীয়াই থাকিবলৈ সংবিধান নে চেপা খাই জীয়াই থাকিবলৈ সংবিধান!
ভালকৈ চালে দেখিব এই দেশবোৰ শিক্ষা-দীক্ষা, বিজ্ঞান-প্ৰযুক্তিত পৃথিৱীৰ আন দেশতকৈ বহুত পিছপৰা। এওঁলোক ধৰ্মীয় গোড়ামীত ব্যস্ত থাকোঁতে থাকোঁতে পৃথিৱী বহুত আগবাঢ়ি গ'ল। এওঁলোক আগবাঢ়িব ধৰিলেই তেওঁলোকক পিছফালৰ মাত দিয়ে "নাপাই নাপাই, এইয়া আমাৰ সংবিধানে নকয়।"
চহৰ অঞ্চলত যিসকল আছে বা কৰ্মসূত্ৰে অসমৰ বাহিৰত যিসকল আছে বা আছিলে তেওঁলোকে বুজে যে বাহিৰত মানুহ জীয়াই থকা কিমান কঠিন! কিছুমান ঠাইত পইচা থাকিকেও পানীকণ নাপাই। বাংগালোৰ-চেন্নাই, গুজৰাটত আমাৰ অসমীয়া ল'ৰাবোৰে কোম্পানী কাম কৰি থাকোতে কেনেকৈ থাকে যিয়ে দেখিছে তেওঁলোকে বুজে। বাহিৰত জীয়াই থকাটোৱে এটা সংগ্ৰাম। তাৰ পাছত এইটো পাই, এইটো নাপায়। তই অমুক মই অমুক কৰি ফুৰিবলৈ সময় নাই। আৰু জীৱনত আগবাঢ়ি যাবলৈ আমি বিশ্বমুখী হ'বয়ে লাগিব। কাইলৈ শংকৰ সংঘৰ মেধাবী ল'ৰা এজন যদি মহাকাশচাৰী হয় তেতিয়া শংকৰ সংঘ আৰু তেওঁৰ ঘৰৰ মানুহে ল'ৰাজনক বাৰু যাব নিদিব নেকি কাৰণ মহাকাশতো এইবোৰ নিয়ম পালন কৰিব নোৱাৰে! তাত খাই জীয়াই থকাটোৱে ডাঙৰ কথা। নে এইবোৰ নকৰি শংকৰ সংঘয়ে সেই মেধাবী ল'ৰাজনৰ ঘৰখনক এঘৰীয়া কৰি দিব কাৰণ তেওঁলোকে সংঘৰ সংবিধান মানিব নোৱাৰে!
উদাৰতা সকলোতে থাকিব লাগে। উদাৰতায়েহে ভাতৃত্ববোধ আনে। গোড়ামীয়ে ইজনে সিজনক আঁতৰাই লৈ যায়। যি ধৰ্মতেই নহওঁক কিয় উদাৰতা থাকিব লাগে। তই অমুকত গ'লি বাবে অশুদ্ধি হ'লি নাম-প্ৰসংগ কৰি, ফাইন দি শুদ্ধি হ'ব লাগিব! ইমান বিষাক্ত, লেতেৰা জেগা নে সেইবোৰ!
জানি থব আমি যিবোৰ সঁচাকৈয়ে লেতেৰা জেগা কওঁ যেনে নলা-নৰ্দমা, লেট্ৰিনৰ টেংকি সেইবোৰ চাফা কৰিও বহুত মানুহ জীয়াই আছে। আজিৰ দিনত তেওঁলোককো মানুহে অস্পৃশ্য বুলি জ্ঞান নকৰে। সেইটো তেওঁলোকৰ কৰ্ম বুলি জ্ঞান কৰে। এখন সমাজত সকলো কাম কৰা মানুহ লাগিব। এইসকলকো লাগিব। আমি শিক্ষা-দীক্ষা লৈ যদি এই সৰু সৰু কথাত লাগি থাকোঁ আমাৰ শিক্ষাৰ কিবা অৰ্থ থাকিল নে! আমি এই একবিংশ শতিকাত ব্যস্ত থাকিব লাগে ক'ত আৰু ব্যস্ত আছোঁ ক'ত নিজে এবাৰ বিবেচনা কৰিবচোন!
লেখকৰ সুখ-দুখৰ পাতত প্ৰকাশিত আনবোৰ লেখাৰ একত্ৰ লিংকঃ
No comments:
Post a Comment