মনৰ কথাঃ ফটকাৰ শব্দৰ পৰা আপোনাৰ কুকুৰটোক কেনেকৈ ৰক্ষা কৰিব ? :: ডা° মৃন্ময় চুতীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ফটকাৰ শব্দৰ পৰা আপোনাৰ কুকুৰটোক কেনেকৈ ৰক্ষা কৰিব ?  :: ডা° মৃন্ময় চুতীয়া

মনৰ কথাঃ ফটকাৰ শব্দৰ পৰা আপোনাৰ কুকুৰটোক কেনেকৈ ৰক্ষা কৰিব ? :: ডা° মৃন্ময় চুতীয়া

Share This

ফটকাৰ শব্দৰ পৰা আপোনাৰ কুকুৰটোক কেনেকৈ ৰক্ষা কৰিব ?

ডা° মৃন্ময় চুতীয়া

how to save your dogs in diwali, ফটকাৰ শব্দৰ পৰা আপোনাৰ কুকুৰটোক কেনেকৈ ৰক্ষা কৰিব ?

দেৱালী সমাগত।  যদিও ই পোহৰৰ উৎসৱ তথাপি লগতে ফটকা , বোমা ফুটোৱাৰ প্ৰৱণতা প্ৰতি বছৰে মানুহৰ বৃদ্ধি হৈ আহিছে । বৰ্তমান ফটকা বোমা বোৰৰ শব্দৰ প্ৰাবল্য ইমান বাঢ়িছে যে আমি মানুহবোৰৰ ক্ষেত্ৰতে ই ভয়াবহ হৈ পৰিছে । সাধাৰণতে কুকুৰৰ শ্ৰৱণ ক্ষমতা মানুহৰ তুলনাত প্ৰায় দুগুণ ,মানে আমি শুনা ফটকাৰ শব্দবোৰ ইহঁতৰ কামত দুগুণ হৈ বাজে। আনহাতে ইহঁতে আমাৰ তুলনাত চাৰিগুণ দূৰত্বৰ শব্দ শুনা পায়, মানে আমি যদি ১০০ মিটাৰ দূৰত ফুটা ফটকাৰ শব্দৰ শুনো ইহঁতে ৪০০ মিটাৰ দূৰৰ শব্দটো ও ইমান পৰিষ্কাৰকৈ শুনিব । থূলমূল হিচাপত ফটকাৰ যিবোৰ ভয়ানক শব্দত আমিয়েই কপি উঠো সেইবোৰ শব্দ আঠৰ পৰা দহগুণ বেছি কৈ কুকুৰৰ কাণত বাজে । ভাবকচোন কি অৱস্থা হয় সিহঁতৰ ।

how to save your dogs in diwali, ফটকাৰ শব্দৰ পৰা আপোনাৰ কুকুৰটোক কেনেকৈ ৰক্ষা কৰিব ?

সাধাৰণতে প্ৰায় নিৰান্নবৈ শতাংশ কুকুৰেই ফটকাৰ শব্দক ভয় কৰে । কিছুমানে অতি বেছি ভয় কৰে আৰু আন কিছুমানে অলপ কম । ৰাস্তাৰ কুকুৰবোৰ এই সময়ত সাধাৰণতে মানুহৰ পৰা বহু দূৰলৈকে পলাই যায় য'ত নেকি এইবোৰ শব্দ কমকৈ থাকে । কিন্তু অসুবিধা হয় ঘৰুৱা বোৰৰ । ইহঁত এই সময়ত ছোফা, বিছনা, গাড়ী এইবোৰৰ তলত সোমাব খোজে, হাৰ্ট বিট অস্বাভাৱিক ভাৱে বৃদ্ধি হয়, কিছু মানে খুউব ফোপাই, খোৱাৰ প্ৰতি অৰুচি দেখুৱাই আৰু কপিবলৈ আৰম্ভ কৰে। কিছু ক্ষেত্ৰত Nervous breakdown, হাৰ্ট এটেক আৰু বিৰলভাৱে গৰ্ভৱতী কুকুৰৰ আকস্মিক গৰ্ভপাত ও হ'ব পাৰে। ঘৰুৱা কুকুৰ বহু সময়ত উপায়বিহীন হৈ ঘৰৰ পৰা পলাই যোৱাৰ ঘটনাও এই সময়ত সংঘটিত হয়। লগে লগে বাৰুদত ধোৱাৰ পৰা শ্বাস প্ৰশ্বাসজাতীয় সমস্যাবোৰ আছেই।


এতিয়া কথাটো হ'ল যে এইবোৰ কথা আপুনি বুজাব কাক! কোনোবাই শুনিলেও আপোনাৰ কথাত গুৰুত্ব যে দিব সেইয়া সন্দেহ জনক। গতিকে আপুনি আৰম্ভ কৰক নিজৰ পৰা। আপোনাৰ যদি ফটকা ফুটুৱাৰ অভ্যাস আছে তেন্তে নিজৰ কুকুৰ টোৰ কথা চিন্তা কৰি এইবাৰ তাৰপৰা বিৰত থাকক । লগতে আপোনাৰ  ওচৰ চুবুৰীয়া তথা চিনাকি কুকুৰৰ যিমানখিনি গৰাকী আছে সকলোকে ইয়াৰ বিষয়ে জনাওক আৰু তেখেতসকলকো ফটকা ফুটোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰক । ইয়াক এক জনজাগৰণ হিচাপে গঢ়ি তোলাত আগভাগ লওক। 


তথাপিও যদি ফটকাৰ শব্দ চৌপাশে হৈয়েই থাকে তেন্তে নিম্নলিখিত উপায়বোৰ অৱলম্বন কৰি কিছুপৰিমানে হ'লেও আপোনাৰ মৰমৰ কুকুৰ টোক সকাহ দিব পাৰে ।


* আপোনাৰ কুকুৰ টোক ঘৰৰ সেইটো কোঠাত ৰাখক য'ত শব্দ আটাইতকৈ কমকৈ শুনা পায় । কোঠাৰ দুৱাৰ খিৰিকী আৰু পৰ্দাবোৰ ভালকৈ লগাই দিয়ক যাতে শব্দ কমকৈ আহে আৰু আতচবাজীৰ  পোহৰবোৰ  কমকৈ দেখা পায়। যদি সম্ভৱ হয় Ear plug ব্যৱহাৰ কৰক । ঘৰৰ ভিতৰত গান বা টিভি চলাই ৰাখক যাতে তাৰ মাতত বাহিৰৰ শব্দবোৰ অলপ হ'লেও তল পৰি ৰয়।


*পৰাপক্ষত আপুনি কুকুৰ টোৰ লগত থাকক আৰু তাক অভয় সূচক কথা কৈ থাকক । কিন্তু তাক অযথা বেছি গুৰুত্ব দি নেদেখুৱাব আৰু তাৰ কিবা হ'ব বুলি এখন  চিন্তিত মুখ তাক নেদেখুৱাব । ইহতে যিহেতু খুব সহজে আপোনাৰ মুখৰ অভিব্যক্তি পঢ়িব পাৰে সেয়েহে আপোনাৰ চিন্তিত মুখ খনে ওলোটাই তাৰ ভয় বঢ়াই তোলে । এনেকুৱা এটা পৰিবেশ তাক দেখুওৱাক যেন একোৱেই হোৱা নাই আৰু এই শব্দবোৰ একেবাৰে সাধাৰণ কথা । তেতিয়া লাহে লাহে পৰিবেশটোৰ লগত সি অভ্যস্ত হৈ উঠিব ।


* সেই বিশেষ দিনকেইটাত তাক দিনত খুওব খেলাওক বা দৌৰা ধপৰা কৰাওক যাতে গধূলি লৈ সি ভাগৰি পৰে আৰু সোনকালেই ক্লান্ত হৈ শুই পৰে ।


* তাৰ কিছুমান ভাল লগা বস্তু যেনে পুতলা, চোবাব পৰা হাড়, কামুৰিব পৰা খেলনা, বল আদি তাক সেই সময়ত দিয়ক । তাক ব্যস্ত ৰাখক যাতে শব্দবোৰ সি আওকাণ কৰে ।


* তাক দিনত ভালকৈ সুষম  খাদ্য খাবলৈ দিয়ক আৰু গধূলি চোৱাত‌ তাৰ আটাইতকৈ প্ৰিয় খাদ্য খাবলৈ দিয়ক যেনে মাংস, পানীৰ, গাখীৰ বা যিবোৰ বস্তু লৈ সি লোভ কৰে । পৰাপক্ষত সেইয়া তাক কম কমকৈ কেইবাবাৰো গধূলি টোৰ ভিতৰত দিয়ক। তেনেকৈ ও তাক ব্যস্ত ৰাখি অলপ হ'লেও তাক আস্বস্ত কৰি ৰাখিব পাৰিব ।


* কোঠাটোত পৰ্যাপ্ত পৰিমাণে চাফা খোৱা পানী ৰাখক যাতে ভয়ত পিয়াহ লাগিলে সি বিচৰা ধৰণে পানী খাব পাৰে ।


* আপোনাৰ কুকুৰটো যদি অত্যন্ত ভয় খোৱাৰ সম্ভাৱনা বা ইতিহাস আছে তেন্তে দেৱালীৰ তিনি দিন মান আগৰ পৰা Anxocare নামৰ ঔষধ টো দৈনিক দুটাকৈ খুওৱা আৰম্ভ কৰক আৰু দেৱালীৰ কিছুদিন পাছলৈকে এইয়া খুৱাই থাকক । মই মোৰ চিকিৎসাজীৱনত ইয়াৰ বৰ ভাল ফলাফল পাইছো ।


* ঘৰৰ কুকুৰ টোৰ ওপৰিও ৰাস্তাৰ কুকুৰবোৰৰ বাবে ও এইকেইদিন অলপ গুৰুত্ব দিয়ক । পাৰিলে আপোনাৰ চৌহদৰ মাজত নিজকে লুকুৱাই ৰাখিবলৈ সিহঁতক অলপ জেগা দিয়ক আৰু সিহঁতৰ বাবে অলপ খাদ্য আৰু পানীৰ ব্যৱস্থা কৰক । মনত ৰাখিব অতি আতুৰত পৰিহে সিহঁতে আশ্ৰয় বিচাৰে ।


* এইখিনি কৰিলেও বহু সময়ত কুকুৰ বোৰ ভয়তে ঘৰৰ পৰা পলাই যোৱাৰ ঘটনা ঘটে । বাহিৰলৈ ওলাই সিহঁতে ভয়ত দিক বিদিক হেৰুৱাই পেলায় আৰু বহু দূৰলৈ গৈ উভটি অহাৰ বাট বিচাৰি নোপোৱা হয় । গতিকে তাৰ বেল্টত আনে দেখাকৈ আপোনাৰ নাম, ঠিকনা, ফোন নং সম্বলিত এখন টৈগ লগাওক যাতে হেৰুৱায় পাছত তাক বিচাৰি উলিওৱা সহজ হয় ।


উৎসৱ আমি উৎযাপন কৰিব ই লাগিব । মাথো আমাৰ আনন্দৰ কাৰণে যাতে অবোধ জীৱবোৰে যাতনা ভোগ কৰিব লগীয়া নহয় তাৰ বাবে দায়িত্বশীল হও আহক।

লেখক যোৰহাটত এগৰাকী পশুৰোগ চিকিৎসক ৰূপে সেৱাৰত। যোগাযোগৰ নম্বৰঃ 9101728534

No comments:

Post a Comment