গ্ৰন্থ আলোচনাঃ 'লাইধন খাঁ’ৰ পৃষ্ঠাত আমাৰ ডি.এন.এ :: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনাঃ 'লাইধন খাঁ’ৰ পৃষ্ঠাত আমাৰ ডি.এন.এ  :: সঞ্জীত কুমাৰ বৰদলৈ

গ্ৰন্থ আলোচনাঃ 'লাইধন খাঁ’ৰ পৃষ্ঠাত আমাৰ ডি.এন.এ :: সঞ্জীত কুমাৰ বৰদলৈ

Share This

 'লাইধন খাঁ’ৰ পৃষ্ঠাত আমাৰ ডি.এন.এ

সঞ্জীত কুমাৰ বৰদলৈ

লাইধন খাঁ, OOK,book review,BOOK-DISCUSSION,SANJIT-KR-BORDOLOI,সঞ্জীত কুমাৰ বৰদলৈ,কিতাপ,গ্ৰন্থ,গ্ৰন্থ আলোচনা,  'লাইধন খাঁ’ৰ পৃষ্ঠাত আমাৰ ডি.এন.এ, অসমীয়া,xukhdukh

ইতিহাসৰ সমলৰ আধাৰত ইতিমধ্যে অসমীয়া ভাষাত কেইবাখনো উপন্যাস ৰচিত হৈছে৷এইক্ষেত্ৰত শেহতীয়া সংযোজন হৈছে-পুলিন কলিতাৰ 'লাইধন খাঁ' নামৰ উপন্যাস খন৷ এই উপন্যাসখনে ইতিমধ্যে পঢ়ুৱৈক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷অতি কম সময়তে 'লাইধন খাঁ'ৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ হোৱাৰ পথত৷ জ্যেষ্ঠ সাংবাদিক-চিন্তাশীল লেখক পুলিন কলিতাৰ ইতিমধ্যে ভালে সংখ্যক গ্ৰন্থ প্ৰকাশ হৈছে৷ সেই সমূহৰ ভিতৰত 'অসমীয়াৰ সংজ্ঞা অসমীয়াৰ অস্তিত্ব', জ্যোতিপ্ৰসাদৰ জোনাকী বাট’,’অগ্নিযুগৰ ফিৰিঙতি’,’নামঘৰ:বুৰঞ্জী আৰু বিৱৰণ’ আদি অন্যতম৷  ঐতিহ্য চৰ্চাৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ আছে৷

লাইধন খাঁ, OOK,book review,BOOK-DISCUSSION,SANJIT-KR-BORDOLOI,সঞ্জীত কুমাৰ বৰদলৈ,কিতাপ,গ্ৰন্থ,গ্ৰন্থ আলোচনা,  'লাইধন খাঁ’ৰ পৃষ্ঠাত আমাৰ ডি.এন.এ, অসমীয়া,xukhdukh

'লাইধন খাঁ' লেখকৰ প্ৰথম উপন্যাস৷ সেই হিচাপে পুলিন কলিতাৰ এইয়া নতুন অৱতাৰ বুলি ক’ব পাৰি! কিন্তু উপন্যাসখন পঢ়িলে সেইখন লেখকৰ প্ৰথম উপন্যাস বুলি ধাৰণা কৰিব নোৱাৰি৷ অৰ্থাৎ প্ৰথমখন উপন্যাসেৰে পুলিন কলিতাই পঢ়ুৱৈ সকলক এক বিৰাট চাৰপ্ৰাইজ দিলে বুলিও ক’ব পাৰি৷ ৫৮২পৃষ্ঠাৰ বিশাল কলেবৰৰ এই উপন্যাসখন লেখকে লাচিত বৰফুকনৰ চাৰি শতবৰ্ষপূৰ্তি শ্ৰদ্ধাৰ্ঘ্য হিচাপে লিখি উলিয়াইছে৷পাচ বছৰ অধিক সময় ধৰি বিভিন্ন উৎসৰ পৰা সমল সংগ্ৰহ কৰি,কঠোৰ পৰিশ্ৰমৰ অন্তত ’লাইধন খাঁ’ আহি পঢ়ুৱৈৰ হাতত পৰিছেহি৷

পুলিন কলিতাই ’লাইধন খাঁ’চৰিত্ৰটো বুটলি আনিছে কলিয়াবৰৰ মৰিয়া সমাজত প্ৰচলিত এটি জনশ্ৰুতি বা মালিতাৰ পৰা৷’লাইধন খাঁ’ৰ হাতত ধৰি লেখকে আমাক লৈ গৈছে-১৫-১৬শতিকাৰ অসমৰ ঘটনাবহুল পটভূমিলৈ৷ শব্দচয়ন,বৰ্ণনা তথা আকৰ্ষণীয় দৃশ্যকল্পৰ মায়াজালেৰে লেখকে আমাক কলমৰ টাইমমেচিনৰ যোগেদি যেন বৰ্তমানৰ ডিজিটেল যুগৰ পৰা লৈ গৈছে-মধ্যযুগলৈ৷য’ত  আমি লগ পাম আহোম স্বৰ্গদেউ সকলক,অসমীয়া বীৰত্বৰ প্ৰতীক লাচিত বৰফুকন,আতন বুঢ়াগোহাঁই,বদন,বাদুলি ফুকন আদিৰ দৰে বুৰঞ্জীৰ চৰিত্ৰবোৰক৷আমি ভুমুকি মাৰিম বিভিন্ন গোষ্ঠীৰ সৰুবৰ ৰাজ্যবোৰত৷আমি মুখামুখি হ’ম- সেই সময়ৰ বহু ঐতিহাসিক ঘটনা-প্ৰবাহৰ স’তে,-স্বাধীনতাৰ বাবে লুইতৰ পানী ৰঙা হোৱা শৰাইঘাট মহাৰণৰ ক্লাইমেক্সত আমাৰ বুকু হম হম কৰিব..৷


উপন্যাস খনৰ প্ৰথম খণ্ডৰ প্ৰথম বাক্যটো বেচ মনকৰিবলগা-'কলঙৰ ঘাটত জলকুৱঁৰী ওলায়'৷ আৰম্ভণিতে লেখকে পঢ়ুৱৈক এখন আধিভৌতিক জগতলৈ লৈ গৈছে৷ সেই অদেখা জগতৰ পৰা সহজে উভতি অহা টান৷ কেইবাশ শতিকাৰ আগৰ দিনবোৰৰ অনিন্দ্য সুন্দৰ বৰ্ণনাৰে লেখকে আমনি নলগাকৈ পঢ়ুৱৈক ধৰি ৰাখিবলৈ সক্ষম হৈছে৷লেখকৰ বাবে ই কম কৃতিত্ব নহয়৷ জনশ্ৰুতি,সেই সময়ৰ মন্ত্ৰ, গীতমাত, ঘোষা আদিৰ সচেতন প্ৰয়োগেৰে লেখকে পুৰাতন পৰিমণ্ডল গঢ়ি তুলিছে৷ 


ভৌগোলিক বিশেষত্বৰ কিছু উদাহৰণ তুলি ধৰি লেখকে আমাক এক অনন্য স্বাদ প্ৰদান কৰিছে এইদৰে-“জয়ন্তীয়া পাহাৰৰ লোৰ মান আহোম ৰাজ্যৰ লোৰ মানতকৈ উত্তম৷ তাৰে গঢ়া দাৰ চোকো হেংদানতকৈ বেছি৷“আন এঠাইত উল্লেখ কৰিছে-“আবৰ পাহাৰৰ বেতবোৰৰ গাঁঠি পাতল,পাব দীঘল৷হেংদানৰ নাল আৰু হিলৈৰ হাতত মেৰুৱাবলৈ দৰকাৰ হোৱা দীঘল সুত এনে বেতৰ পৰাহে ওলায়৷’লেখকে এনে কিছুমান উপাদানৰ দ্বাৰা সেই ৰজাদিনীয়া সময়ক জীপাল কৰি তুলি পঢ়ুৱৈক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে৷তেওঁৰ গদ্য নিৰ্মেদ অথচ আকৰ্ষণীয়—“ধীৰেৰে বৈ আছে কলং৷ ইয়াত কলং প্ৰায় সোঁতহীন৷ পুখুৰীৰ পানীৰ দৰে৷স্থিৰ৷ এই স্থিৰতা তাৰ ভাল নালাগে৷ নদী হ’ব লাগে কপিলীৰ দৰে চঞ্চলা৷ গতিশীল, দ্ৰুতগামী৷ কোনো মুহূৰ্তত লেখকৰ গদ্য ৰচনাই নৈসৰ্গিক আৰু ৰোমান্টিক স্বাদ এটাৰে পলকতে মনত ডোলা দি যায়৷কোনো সময়ত আকৌ বিষণ্ণ কৰি তোলে এইদৰে-মৰণ আৰু জীৱন৷ এই হেংদানখনৰ দুটা পিঠি যেন৷ ধাৰত পৰিলে মৰণ,গাদিত পৰিলে জীৱন৷


লেখকে এক বুৰঞ্জীলব্ধ চৰিত্ৰক প্ৰটা’গনিষ্ট হিচাপে নলৈ জনশ্ৰুতিৰ চৰিত্ৰ এটিক কিয় বাচি ল’লে? ইয়াৰ কাৰন হিচাকে নিশ্চয় ক’ব পাৰি-কোনো বিশেষ চৰিত্ৰক মুখ্য কৰি তথা এটা বিশেষ চৰিত্ৰ কেন্দ্ৰিক উপন্যাস লিখাতো লেখকৰ উদ্দেশ্য নহয়৷ 'লাইধন খাঁ’ৰ যোগেদি লেখকে ইতিহাসৰ সেই সুৰ্দীৰ্ঘ সময়চোৱাক নিৰ্মোহ আৰু নিৰপেক্ষ ভাবে জুমি চোৱাৰ প্ৰয়াস কৰিছে৷ পুলিন কলিতাই পাতনিত লিখিছে-“এটা মালিতাই কোৱা কাহিনীৰ আলম লৈ আমি নিৰ্মাণ কৰাৰ যত্ন কৰিছোঁ প্ৰতাপ সিংহ স্বৰ্গদেউৰ পৰা উদয়াদিত্য স্বৰ্গদেউলৈ সামৰা জাতি নিৰ্মাণৰ ডেৰশ বছৰ জোৰা অক্লান্ত প্ৰক্ৰিয়াৰ শৰীৰটো, দেশ প্ৰেমৰ চূড়ান্ত পৰাকাষ্ঠা প্ৰদৰ্শনৰ সাত-আঠ বছৰীয়া শৰীৰটো৷ নিসন্দেহে লেখকৰ উদ্দেশ্য মহৎ আৰু তেওঁৰ প্ৰচেষ্টা সাৰ্থক হৈছে বুলি ক’ব পাৰি৷


বহু লেখকৰ এই বোধ বা চেতনা আৰু বিষয় বস্তুৰ প্ৰতি প্ৰয়োজনীয় অধ্যয়ন- আন্তৰিকতা নাথাকে বাবে তেওঁলোকৰ সৃষ্টিকৰ্ম ৰসোত্তীৰ্ণ হৈ নুঠেগৈ৷ 'লাইধন খাঁ’ৰ যোগেদি লেখকে আমাৰ বৃহত্তৰ জাতিগঠন প্ৰক্ৰিয়াটোৰ জকাটোক মুৰ্ত কৰি তুলিবলৈ সক্ষম হৈছে৷ ভালে বেয়াই যিবোৰ উপাদান আমাৰ ডি এন এত লুকাই আছে সেই উপাদানবোৰক  লেখকে ৫৮২পৃষ্ঠাৰ বিশাল কেনভাচত সুন্দৰকৈ তুলি ধৰিছে৷ সেইবাবেই ’লাইধন খাঁ’ অসমীয়া সাহিত্যৰ জগতত এক বলিষ্ঠ সংযোজন বুলি ক’ব পাৰি৷সেই সময়ৰ আকালৰ দিনৰ কথা উল্লেখ কৰি লেখকে কৈছে-“এইখন মুন-ড্যুন-চুন-খাম্৷ সোণালী ধাননিৰ দেশ৷ আকাল ইয়াত বেছিদিন নাথাকে৷ আই মাতৃয়ে তেওঁৰ ল’ৰাছোৱালীক বেছিদিন লঘোনত নাৰাখে৷“(পিচে,আজিৰ স্বাধীন দেশত ৩৫%অধিক অসমবাসীয়ে বিনামূলীয়া চাউল খাই থাকিব লগা হৈছে!) 


উপন্যাসখনৰ শেষৰ পিনে লেখকে কিছু খৰধৰ কৰা যেন লাগিল৷ কিছুমান মুহূৰ্ত খাপচাৰা হোৱা যেন লাগিছে৷ সেই সময়ৰ প্ৰচলিত ভাষাৰ ধাৰাটো নিৰন্তৰ ভাবে আগুৱাই নিবলৈ লেখকে যথেষ্ট চেষ্টা কৰিছে৷ ক’ৰবাত সামান্য বিচ্যুতি ঘটিছে যদিও লেখকে ছন্দ হেৰুৱা নাই৷ মনসংযোগ বিচ্ছিন্ন নোহোৱাকৈ-৫৮২পৃষ্ঠাৰ উপন্যাস খন পঢ়ুৱৈক পঢ়িবলৈ বাধ্য কৰিব পৰাতো বহু লেখকৰ বাবে ঈৰ্ষণীয় সফলতা বুলি ক’ব পাৰি৷


উপন্যাস খনৰ দুটা দিশে আমাক বিশেষভাবে আকৃষ্ট কৰিছে৷ এটা হৈছে-উপন্যাস খনত বৰ্ণিত ৰজাদিনীয়া যুদ্ধ প্ৰণালী৷ যুদ্ধৰ এনে বিৱৰণ অসমীয়া ভাষাত বিৰল বুলি ক’ব পাৰি৷ আনটো হৈছে-শদিয়াৰ পৰা কোচবিহাৰলৈকে উপন্যাসৰ চৰিত্ৰবোৰে ঘুৰি ফুৰা গতিপথৰ বিৱৰণ৷ লেখকে ৰজাদিনীয়া গুগল মেপ কেনেকৈ আহৰণ কৰিলে সেই কথা ভাবি আচৰিত হও! লাইধনৰ প্ৰেমিকা পাঁহিটি চৰিত্ৰটি বৰ সুন্দৰ হৈছে৷ জনশ্ৰুতিৰ লাইধন খাঁক লেখকে জীৱন্ত কৰি তুলিছে৷ বৰফুকন লাচিত আৰু আতন বূঢ়াগোহঁইক লেখকে প্ৰায় সমানে সমানে আগুৱাই নিছে যদিও শেষলৈ লাচিত বৰফুকনক তেওঁ যথাৰ্থতে সাহস, স্বদেশ প্ৰেম আৰু অসাধাৰণ বীৰত্বৰে মহীয়ান কৰিছে৷দৰাচলতে যুদ্ধ হৈছে-সামুহিক শক্তিৰ দ্বাৰা পৰিচালিত৷আমাৰ বৃহত্তৰ জাতি গঠনো এক সামূহিক প্ৰক্ৰিয়া৷ গতিকে স্বাভাবিকতে বিদ্বেষ বা বিৰোধ নহয়, ভাতৃত্ববোধ আৰু সমন্বয়হে আচল কথা৷আমি ভাল সহযোদ্ধা আৰু সহবাসী হ’বলৈ চেষ্টা কৰা উচিত৷পুলিন কলিতাৰ 'লাইধন খাঁ’ই এই কথাকে আমাক যেন পুনৰ স্মৰণ কৰাই দিলে৷ জন-জীৱনৰ এই জটিল সন্ধিক্ষনত ইয়ো কম সকাহ নহয়৷

লেখকৰ ফোন নম্বৰঃ ৯৮৫৪৬০৪৩৬৬; সুখ-দুখৰ পাতত প্ৰকাশিত লেখকৰ লেখা সমূহৰ একত্ৰ লিংকঃ 

No comments:

Post a Comment