পাঁচ ৰাজ্যৰ নিৰ্বাচনঃ
অক্ষুন্ন আছেনে মোদী মেজিক?
ইঞ্জিনিয়াৰ জাকিৰ হুছেইন
ইঞ্জিনিয়াৰ জাকিৰ হুছেইন
২০১৪ চনত বিশ্বৰ বৃহত্তম গণতন্ত্র ভাৰতৰ ১৬তম লোকসভা নির্বাচনত বিজেপিৰ মিত্ৰজোঁটে অভূতপূৰ্ব সফলতাৰে ৩৩৬খন আসনত জয়লাভ কৰি সমগ্ৰ বিশ্ববাসীকে সচকিত কৰিছিল। বিজেপিয়ে অকলশৰে জয়লাভ কৰে ২৮২খন আসনত। বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে ভাৰতীয় ৰাজনীতিত পোন প্ৰথমবাৰৰ বাবে অভিলেখ সংখ্যক আসনেৰে অকংগ্ৰেছী চৰকাৰ গঠন কৰে। বিজেপিৰ এই বিশাল জয়ৰ অন্তৰালত আছিল দলটিৰ অবিসম্বাদী নেতা নৰেন্দ্ৰ দামোদৰদাস মোদীৰ অসাধাৰণ ব্যক্তিত্ব আৰু তেওঁৰ নেতৃত্বত বিজেপিৰ দুৰ্দান্ত, দুৰদৰ্শী, অপ্ৰতিৰোধ্য প্ৰচাৰ। মূলত মোদীৰ অভূতপূৰ্ব প্রচাৰ আৰু যাদুৰ ফলত দীৰ্ঘদিনীয়া কংগ্রেছ শাসনৰ অৱসান ঘটে। অৱশ্যে আন্নাৰ দুৰ্নীবিৰোধী আন্দোলন তথা বাবা ৰামদেৱৰ ক'লাধন বিৰোধী আন্দোলনে বিজেপিৰ বাবে ক্ষেত্ৰ প্ৰস্তুত কৰিছিল। ফলত মোদী মেজিক তথা গুজৰাট মডেল ২০১৪ চনৰ বিশ্বযুৰি অন্যতম আলোচনাৰ বিষয় হিচাবে পৰিগণিতহয়।
বিজেপিৰ এই অভুতপূৰ্ব সফলতাৰ পাছত ভাৰতীয় ৰাজনীতিলৈ আমূল পৰিবৰ্তন আহে আৰু বিশেষজ্ঞসকলে ভাৱিবলৈ বাধ্য হয় যে বিজেপিয়ে সমগ্ৰ ভাৰতত অতি কমেও দুই দশকজুৰি অপ্ৰতিদ্বন্দী ৰূপত ৰাজত্ব কৰিব। লোকসভা নিৰ্বাচনৰ পাছত হ’বলগীয়া বিধানসভা নিৰ্বাচনসমুহত বিজেপি দলে অনাসায়ে জয়লাভ কৰি সমগ্ৰ দেশতে শাসনভাৰ হাতত তুলি ল’ব বুলিও ধাৰণা কৰা হয়। বিজেপিয়েও কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ সংকল্প লয়। কিন্তু সকলো ৰাজ্যতে সেই বিজয়োল্লাস দেখিবলৈ পোৱা নগ’ল। লোকসভা নিৰ্বাচনৰ পাছতে বহুকেইখন ৰাজ্যৰ নিৰ্বাচন অনুস্থিত হ’ল। কংগ্ৰেছমুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিবলৈ ধৰিলে। বহুকেইখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, হাৰিয়ানাৰ লগতে অসমৰ দৰে ৰাজ্যটো তেওঁলোকে কংগ্ৰেছক উৎখাত কৰিব সক্ষম হ’ল। কিন্তু প্ৰধানমন্ত্ৰী মোদী তথা বিজেপিৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰা দিল্লী তথা বিহাৰত তেওঁলোকে অপ্ৰত্যাশিত পৰাজয়ৰ সম্মূখীন হ’বলগা হয়। এই দুই ৰাজ্যৰ নিৰ্বাচনত মোদীজী তথা বিজেপিয়ে ব্যাপক প্ৰচাৰ তথা প্ৰতিশ্ৰুতিৰ দ্বাৰাও জনসাধাৰণক আকৃষ্ট কৰিব নোৱাৰিলে। মুলতঃ বিজেপিৰ ‘এম’ ফেক্টৰ মোডী মেজিক নচলিল। দেশৰ ৰাজধানী দিল্লীত আম আদমি পাৰ্টিৰ দৰে নতুনকৈ গঠন হোৱা দল এটাই ৭০ খন আসনৰ ভিতৰত ৬৭ আসনত জয়লাভ কৰি দেশৰ ৰাজনীতিত নতুন অভিলেখ সৃষ্টি কৰে। প্ৰায় ৯৬ শতাংশ আসনত পোনপ্ৰথম বাৰৰ বাবে কোনো এটা দলে এইদৰে অভিলেখ আসনত জয়লাভ কৰে। বিহাৰত বহু চেষ্টা কৰিও মহাজোঁটৰ উত্থান স্তব্ধ কৰিব নোৱাৰিলে।
যিসময়ত সমগ্ৰ ভাৰততে মোদী লহৰ চলিছিল সেই সময়ত দেশৰ ৰাজধানী দিল্লীত আঞ্চলিক দল আম আদমি পাৰ্টিয়ে বিধানসভা নিৰ্বাচনত বিজেপি তথা কংগ্ৰেছক প্ৰায় নিশ্চিহ্ন কৰি দিয়ে। আশ্চৰ্যজনক এইকাৰণেই যে মাত্ৰ এবছৰ আগেয়ে হৈ যোৱা লোকসভা নিৰ্বাচনত যিটো দলে দিল্লীৰ এখনো আসনত জয়লাভ কৰিব নোৱাৰিলে সেই আপে কিদৰে এনে অভুতপূৰ্ব ফলাফল দেখুওৱালে? মোডীজীৰ তীব্ৰ প্ৰচাৰৰ পাছতো দিল্লী তথা বিহাৰত পৰাজয় বৰণ কৰিবলগা হৈছিল। ফলত বহুতে সন্দিহান হৈ প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে যে বিজেপিৰ 'এম ফেক্টৰ' মোদী মেজিক ম্লান হৈছে নেকি? মোদীজীৰ ক্ষেত্ৰত এটা কথা ন দি কব পাৰি যে তেওঁ পুৰ্বৰ প্ৰধানমন্ত্ৰীসকলতকৈ বহু ক্ষেত্ৰত ব্যতিক্ৰম। তেওঁ বিধানসভা নিৰ্বাচনসমূহটো দলৰ হৈ বহুল প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰে আৰু ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে। ফলত তেওঁ দলটোৰ সফলতাৰ বাবে অপৰিহাৰ্য হৈ পৰে। প্ৰধানমন্ত্ৰী হিচাবে তেওঁ পদমৰ্যাদাৰ বাহিৰতো বহু কথা ক’ব লগা হয়। দৰাচলতে বিজেপি দলটোত মোডীৰ দৰে ষ্টাৰ প্ৰচাৰক নাই অথবা দলটো মোদীৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল। সেয়ে বিধানসভা নিৰ্বাচনসমূহৰ সৈতে তেওঁৰ সন্মান জড়িত হৈ পৰে। ঠিক তাৰ পাছতে ২০১৬ চনৰ প্ৰথমভাগত হোৱা বিধানসভা নিৰ্বাচনত অসমৰ বাহিৰে পশ্চিমবঙ্গ, তামিলনাডু, কেৰালাৰ দৰে ৰাজ্যত বিজেপি দলে কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে।
বৰ্তমান পাঁচ ৰাজ্যত বিধানসভা নিৰ্বাচন চলিছে আৰু ৰাষ্ট্ৰীয় দলসমূহ এই নিৰ্বাচনত সম্পূৰ্ণৰূপে সৰ্বশক্তিৰে নামি পৰিছে। পাঁচ ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, পঞ্জাব, উত্তৰাখণ্ড, গোৱা আৰু মনিপুৰত বিধানসভা নিৰ্বাচন বহুকেইটা স্তৰত অনুষ্ঠিত হৈছে। ইতিমধ্যে যোৱা ৪ ফেব্ৰুৱাৰীত গোৱা আৰু পঞ্জাবত ভোটগ্ৰহণ সমাপন হৈ গ'ল। উত্তৰখণ্ডটো নিৰ্বাচন অনুস্থিত হৈ গ’ল। কেন্দ্ৰীয় চৰকাৰৰ বাবে এই পাঁচ ৰাজ্যৰ নিৰ্বাচন অতিকৈ গুৰুত্বপুৰ্ণ। যোৱা বছৰ ৮ নভেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীজীয়ে নতুন 'মুদ্ৰানীতি' (এম ফেক্টৰ) মৰ্মে ৫০০ তথা ১০০০ নোট বাতিল কৰে। বহুল প্ৰচাৰিত তথা বিতৰ্কিত বিমুদ্ৰাকৰণৰ পাছত পাঁচ ৰাজ্যৰ এই নিৰ্বাচন মোদী চৰকাৰৰ বাবে এক এচিড টেষ্ট, একপ্ৰকাৰ ৰেফাৰেণ্ডাম। বিভিন্ন বিশ্লেষক তথা এক্সিট প’লবোৰৰ মতে ভোটগ্ৰহণ হৈ যোৱা এখন গুৰুত্বপুৰ্ণ ৰাজ্য পঞ্জাবত বিজেপি-আকালি মিত্ৰজোঁটৰ বৰ্তমানৰ দহবচৰীয়া চৰকাৰখনে শোচনীয়ভাৱে পৰাজয়বৰণ কৰিব। মিত্ৰজোঁটে পঞ্জাবত প্ৰচণ্ড প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সম্মুখীন হৈছে। পঞ্জাব ৰাজ্যৰ নিৰ্বাচনত আটাইতকৈ বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰা বিষয়সমূহ হ'ল নিচামুক্তি, নিৱনুৱা সমস্যা আৰু দুৰ্নীতি। মুল যুজখন কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ মাজতে হ’ব বুলি ধাৰণা কৰা হৈছে। আম আদমি পাৰ্টিৰ বাবেও পঞ্জাবৰ নিৰ্বাচন অতিকৈ গুৰুত্বপূৰ্ণ। অৰৱিন্দ কেজৰিৱালৰ ভৱিষ্যত ৰাজনীতি এই নিৰ্বাচনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিছে। তেওঁক বহু বিশেষজ্ঞই ভাৰতীয় ৰাজনীতিত বিকল্প হিচাবেও প্ৰজেক্ট কৰিছে। সেয়ে আপে চৰকাৰ গঠন কৰিব নোৱাৰিলেও যদি বুজন সংখ্যক আসন লাভ কৰি দ্বিতীয় স্থান পায় তেন্তে দলটোৰ স্থিতি সবল হ’ব। ইফালে গোৱাত বিজেপিয়ে প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনাই অধিক। তাতো দুই এখন আসনত আপে জয়লাভ কৰিলে তেওঁলোকে ৰাষ্ট্ৰীয় দল হিচাবে স্বীকৃতি লাভ কৰিব। উত্তৰাখণ্ডত কংগ্ৰেছ তীব্ৰ প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সম্মুখীন হৈছে আৰু বিজেপি দলে জয়লাভ কৰিলেও আচৰিত হোৱাৰ কোনো কাৰণ নাই।
এই পাঁচ ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা ভাৰতীয় ৰাজনীতিৰ মেৰুদণ্ড স্বৰূপ ৰাজ্যখন হ’ল উত্তৰ প্ৰদেশ। দেশৰ ভিতৰত আটাইতকৈ অধিক লোকসভা তথা বিধানসভা আসনযুক্ত 'মিনি ভাৰত' হিচাবে বিবেচিত উত্তৰ প্ৰদেশ। আমাৰ ৰাজ্যৰ তুলনাত ছয় গুনতকৈ অধিক লোকসভা আসন আছে এই উত্তৰ প্ৰদেশত। এতিয়ালৈকে শাসনভাৰ চলোৱা ভাৰতবৰ্ষৰ ১৫ প্ৰধানমন্ত্ৰীৰ ১২ গৰাকীয়ে এই ৰাজ্যৰ। বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোডীজী গুজৰাটৰ যদিও উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰাহে তেওঁ সাংসদ। সেয়ে ভাৰতবৰ্ষৰ ৰাজনীতিত এইখন ৰাজ্যৰ গুৰুত্ব কিমান সি সহজে অনুমেয়। দেশৰ ভাল-মণ্ড ৰাজনীতিৰ চতুৰালি এই ৰাজ্যৰ পৰাই আৰম্ভ হয়। যোৱা লোকসভা নিৰ্বাচনত বিজেপি দলে উত্তৰ প্ৰদেশৰ নব্বৈ আসনৰ ভিতৰত ৭৮ খন আসনত জয়লাভ কৰি সকলো দলকে প্ৰায় নিশ্চিহ্ন কৰি পেলাই। সেই দৃষ্টিভংগীৰে লক্ষ্য কৰিলে বিজেপি দল প্ৰায় অপ্ৰতিৰোধ্য। কিন্তু লোকসভা নিৰ্বাচন হোৱাৰ পাছৰ এই তিনি বছৰত ৰাজনৈতিক সমীকৰণ দ্ৰুতগতিত সলনি হৈছে। সেয়ে বিজেপিৰ পথ মসৃন নহয়। এই ৰাজ্যত অন্যতম এম ফেক্টৰ সমাজবাদী দলৰ ‘মুলায়েম’ আৰু বহুজন সমাজ পাৰ্টৰ ‘মায়াৱতী’। যোৱা প্ৰায় তিনি দশক যুৰি এই দুই শক্তিয়ে চেগা-চোৰোকাকৈ উত্তৰ প্ৰদেশত ৰাজত্ব কৰি আহিছে। এই ৰাজ্যত চলা জাতি-সম্প্ৰদায় ভিত্তিক ৰাজনীতিৰ বাবে এই শক্তিয়ে বিভিন্ন সময়ত নিজ নিজ কাৰ্ড প্ৰয়োগ কৰি ক্ষমতাৰ সোৱাদ লৈ আহিছে। সপাই মূলত: মুছলিম-যাদৱক লৈ আৰু বসপাই দলিত-মুছলীম শ্ৰেণীক লৈ ৰাজনীতি কেন্দ্ৰিভুত কৰি ৰাখিছে। কিন্তু দুয়োজনেই এতিয়া বৰ্ষীয়ান নেতা আৰু তেওঁলোকৰ সেই জাত-পাতৰ ৰাজনীতিৰ দিন উকলিছে। সমাজবাদীৰ মুলায়েম সিং যাদৱক মুখ্যমন্ত্ৰী পুত্ৰ অখিলেশ যাদৱে প্ৰায় গুৰুত্বহীন কৰি পেলাইছে। পিতা-পুত্ৰৰ মতানৈক্যই চৰম পৰ্যায় পালেও অৱশেষত পুত্ৰই শেষ হাঁহি মাৰে। অৱশ্যে এই কাজিয়া ঘৰুৱা নহৈ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবেই কৰা বুলি ধাৰণা কৰিব পাৰি। অখিলেশক দুৰ্বল মুখ্যমন্ত্ৰী হিচাবে বিৰোধীয়ে কটাক্ষ কৰি আহিছে। ইফালে পাঁচ বছৰীয়া অপশাসনে প্ৰতিস্থানবিৰোধী ঢৌৰ সৃষ্টি কৰাও পৰিলক্ষিত হৈছিল। এই দুই কাৰণতে পিতা-পুত্ৰই মতানৈক্যৰ নাটকখন উপস্থাপন কৰিলে বুলি অভিযোগ কৰা দেখা গৈছে। তেওঁলোক বহুলাংশে সফলো হৈছে। অখিলেশে নিজকে শক্তিশালী নেতা হিচাবে তথা বিকাশপুৰুষ হিচাবে প্ৰজেক্ট কৰিবলৈ সক্ষম হৈছে। তেওঁ কংগ্ৰেছৰ সৈতে বহুচৰ্চিত মিত্ৰতা স্থাপন কৰিছে। বিহাৰৰ মহাজোঁট বন্ধনৰ আৰ্হিৰে পুনৰাবৃত্তি কৰাৰ পৰিকল্পনা কৰিলেও এই জোটবন্ধন অসম্পূৰ্ণ। কাৰণ বিজেপি বিৰোধী শক্তি ক্ৰমে মায়াৱতীৰ বসপা আৰু ৰাষ্ট্রীয় লোকদল এই জোঁটবন্ধনৰ বাহিৰত আছে আৰু ই নিৰ্বাচনী যুজখন ত্ৰিকোনীয় কৰি তুলিছে।
উত্তৰ প্ৰদেশৰ ৰাজনীতি মুলত: এম ফেক্টৰ ‘মুছলিম’ সম্প্ৰদায়ক কেন্দ্ৰ কৰি ইয়াৰ পৰিসীমাৰ চাৰিওফালে ঘুৰ্ণীয়মান। এটা পক্ষই যদি তেওঁলোকৰ তুষ্টিকৰণ কৰে আনটো পক্ষই তীব্ৰ বিতুষ্টকৰণৰ জৰিয়তে ধ্ৰুবীকৰণ কৰে। মুছলীমৰ জনসংখ্যা ১৯-২১% যদিও নিৰ্বাচনৰ ফলাফল তেওঁলোকেই নিৰ্ণয় কৰে বুলি ধাৰণা কৰা হয়। অন্তত: মিডিয়া হাউচসমূহে ইয়াকে মূলত: নিৰ্বাচনী বিষয় হিচাবে প্ৰচাৰ চলায়। মিডিয়াৰ মতে সমাজবাদী পাৰ্টিয়ে মুছলিম ভোটৰ বিভাজন ৰোধ কৰিবৰ বাবেই কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে। ইফালে মায়াৱতীয়ে দলিত ভোটাৰৰ লগতে মুছলিম ভোটাৰকো টাৰ্গেট কৰিছে আৰু বুজন সংখ্যক মুছলিম প্ৰাৰ্থীক টিকট দিছে। কিন্তু বিজেপিয়ে মুছলীম বিৰোধী ভোটৰ ধ্ৰুবীকৰণ হোৱাটো বিচাৰিছে। তেওঁলোকে ৪০৩ জন প্ৰাৰ্থীৰ এজনকো মুছলীম সম্প্ৰদায়ৰ পৰা দিয়া নাই। সেইবাবেই নিৰ্বাচনী ইস্তাহাৰত ৰাম মন্দিৰৰ নিৰ্মাণৰ আহুকলীয়া প্ৰতিশ্ৰুতি দোহাৰিছে। নিৰ্বাচনৰ সময়ত তিনি তালাকৰ বিষয়টো উত্থাপন কৰি মুছলীম বিৰোধ স্পষ্ট কৰিছে। স্মৰ্তব্য যে তিনি তালাক বিষয়টো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, কিন্তু ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাকে ইয়াক ব্যৱহাৰ কৰাটো এটা দৃষ্টিকটু হৈ পৰে। প্ৰশ্ন হয় মুছলীম ফেক্টৰৰ ইমান গুৰুত্ব দিলেও তেওঁলোকে নিৰ্বাচনৰ ফলাফল নিৰ্ণয় কৰে জানো?
মাত্ৰ ২১% লোকে ৭৯% ভোটাৰৰ বিপৰীতে কেনেকৈ ফলাফল নিৰ্ণয় কৰিব পাৰে? ৩৪% ভোটাৰেও অসমৰ দৰে ৰাজ্যত কোনো নিৰ্ণায়ক ভূমিকা পালন কৰিব নোৱাৰিলে, ২১ শতাংশই কেনেকৈ পাৰিব? এই নিমিলা অংকটিয়ে ভাৰতীয় ৰাজনীতিত এইদৰে টিঘিলঘিলাই থাকে কিয় নাজনো। মুছলীম ভোটাৰে ব্লক হিচাবে ভোটদান কৰি এটা পক্ষত অৱস্থান কৰাৰ অৱধাৰণা সম্পূৰ্ণ অনৰ্থক। আনকি প্ৰাক স্বাধীনকালৰ ১৯৩৭ চনৰ নিৰ্বাচনটো মুছলীম লীগে উত্তৰ প্ৰদেশত পৰাজয়বৰণ কৰিছিল যিসময়ত মুছলীম লীগৰ প্ৰতি মুছলমানৰ সম্পূৰ্ণ আস্থা আছিল। উত্তৰ প্ৰদেশৰ মুছলমানৰ মাজতো হিন্দুসকলৰ দৰে জাত-পাতৰ ভেদাভেদ বিদ্যমান। উদাহৰণ স্বৰূপে চৈয়দ সম্প্ৰদায়ৰ সৈতে মেটৰ সম্প্ৰদায়ৰ সন্তান-সন্ততিৰ বিয়া বাৰু সম্ভৱ নহয়। ইয়াৰোপৰি ‘আনচাৰি’, ‘ধোবি’, ‘চিয়া’, বৈৰেইলি, দেওবন্দী আদিকে ধৰি নানানটা ভাগত তেওঁলোক বিভক্ত। এচামে যদি কংগ্ৰেছ-সপা জোটক দিয়ে আন এচামে হয়তো বসপাক ভোটদান কৰিব। ইমামৰ আহ্বান বা ফটোৱাকো ভোটাৰে গুৰুত্ব নিদিয়ে যিসকলে মুক্তভাৱে মায়াৱতীক সমৰ্থন দিছে। আনকি বিজেপি দলেও চিয়া সম্প্ৰদায়ৰ লগতে বৈৰলৱী তথা চুফীসকলৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে।
উত্তৰ প্ৰদেশত আন আন এম ফেক্টৰ ক্ৰমে মুদ্ৰাস্ফিতি বা মুল্যবৃদ্ধিয়ে কিমান প্ৰভাৱ পেলাই ধৰা টান। কিন্তু আইন শৃংখলা পৰিস্থিতি এটা ডাঙৰ নিৰ্বাচনী বিষয়। ৰাজ্যখনৰ অনিয়ন্ত্ৰিত, অৱনমিত আইন শৃংখলা পৰিস্থিতিকলৈ বিজেপি তথা বসপাই অখিলেশ চৰকাৰৰ বিৰুদ্ধে যুদ্ধংদেহী প্ৰচাৰ চলাইছে। সঁচাকৈ অতিকৈ সোঁচনীয় ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি। হত্যা, লুণ্ঠণ, গণধৰ্ষণ, অপহৰণ, গেংৱাৰ আদিৰে নিতৌ মোকাবিলা কৰিছে উত্তৰ প্ৰদেশৰ জনগনে। সেয়ে ইও হ’ব মূল বিষয়সমূহৰ অন্যতম। সকলো দলতে কম বেছি পৰিমানে বাহুবলী নেতাৰ পয়োভৰ ঘটিছে। ইফালে অখিলেশৰ ভাৱমূৰ্তি এজন কৰ্মক্ষম, উন্নয়ণৰ কাণ্ডাৰীৰ। তেওঁক বিকাশ-পুৰুষ হিচাবে নিজকে প্ৰতিফলিত কৰিব বিচাৰিছে। ইয়াৰ সত্যতা ৰাইজে নিৰূপণ কৰিব যদিও বিশেষজ্ঞসকলেও এই কথা স্বীকাৰ কৰিছে যে তেওঁ ৰাজ্যৰ উন্নয়নৰ কাম বহুত কৰিছে। ২০১৪ চনৰ লোকসভাৰ মোডী মেজিক এই নিৰ্বাচনত কিমান কাৰ্যকৰী হয় তাৰ ওপৰতে নিৰ্ভৰ বিজেপিৰ সফলতা। স্মৰ্তব্য সেই সময়ত মোডীজীৰ শাসনৰ সোৱাদ দেশৰ জনসাধাৰণে পোৱা নাছিল, এক কথাত তেওঁ টেষ্টেড নাছিল। তেওঁৰ ওপৰত আছিল ৰাইজৰ অগাধ আস্থা আৰু অপৰিসীম আশা-আকাংশা। জনসাধাৰণ এই তিনিবছৰত কিমান সন্তুষ্ট হৈছে সেয়া লক্ষনীয় হ’ব। ‘আচ্ছে দিন’ৰ প্ৰতিশ্ৰুতি বাস্তবায়িত হ’ল নে নাই তাৰ অবলোকনো ৰাইজে কৰিব। তেওঁলোকে শাসনভাৰ হাতত ললে ৰাজ্যসভাটো দলৰ স্থিতি সবল হ’ব। কিন্তু বিমুদ্ৰাকৰণে বিৰূপ প্ৰভাৱ পেলাব পাৰে। অৱশ্যে এটা কথা ঠিক যে মুল যুঁজখন বিজেপি আৰু সমাজবাদী-কংগ্ৰেছ জোটবন্ধনৰ মাজতে হ’ব বুলি ধাৰণা কৰা হৈছে। কিন্তু মায়াৱতীয়ে কেনে প্ৰদৰ্শন কৰিব তাৰ ওপৰতে জয়-পৰাজয়ৰ গণিত নিৰ্ভৰ কৰিছে। আশা কৰা হৈছে জনসাধাৰণে জাত-পাত, ধৰ্মীয় উৰ্ধত থাকি জনমত প্ৰদান কৰিব।

নিখুত বিশ্লেষন ৷
ReplyDeleteনিখুত বিশ্লেষন ৷
ReplyDeleteউত্তৰ প্ৰদেশত ৯০ খন আসন নাই । ৮০ খনে হে আছে, তাৰে bjp ৰ ৭৩,সমাজবাদী ৫ আৰু কংগ্ৰেছ ২ খন।
ReplyDelete