আজিৰ ভাল খবৰবোৰ
১. ডিজিটেল ইণ্ডিয়া আঁছনিৰ অধীনত অসম ৰাজ্যত প্ৰথমবাৰৰ বাবে তেজপুৰৰ দুই পঞ্চায়তত ৱাইফাই সেৱা মুকলি কৰাৰ সুখবৰ। বালিপুখুৰী আৰু ডেকাৰগাঁও পঞ্চায়তত এই উন্মোচনীত ভাগ লয় বিধায়ক বৃন্দাবন গোস্বামী আৰু উপায়ুক্তই।
২. নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট শিক্ষাবিদ ডঃ মৃণাল মিৰিয়ে উন্মোচন কৰে সাংবাদিক মৃণাল তালুকাদৰৰ "আছাম আফটাৰ ইণ্ডিপেণ্ডেনছ" শীৰ্ষক গ্ৰন্থ। স্বাধীনতাৰ দিনৰ পৰা আলফাৰ পতনলৈকে সকলো ঘটনাৱলীক প্ৰণালীবদ্ধভাৱে এই গ্ৰন্থত লিপিবদ্ধ হোৱা বুলিও জানিব পৰা গৈছে।
৩. অসম চৰকাৰে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱন সুচল কৰিবলৈ "সুগম অসম" নামৰ এক অভিযান চলাবলৈ বাজেটত পুঁজি নিৰ্ধাৰণ কৰিছে। কালি গুৱাহাটী মেডিকেল কলেজ প্ৰেক্ষাগৃহত "সঁহাৰি" নামৰ কাৰ্যসূচীৰে কৃত্ৰিম ভৰি আৰু অন্যান্য সাহাৰ্য প্ৰদান কৰা অনুষ্ঠানত অংশল লৈ মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে।
৪. উত্তৰ-পূৱত শৈক্ষিক উন্নয়নৰ লক্ষ্যৰে গুৱাহাটী ডাউন টাউন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয় উপাচাৰ্য সমাৰোহ। আদৰণি ভাষণ প্ৰদান কৰে ডাউন টাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য ডাঃ এন এন দত্তই।
৫. কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল সকললৈ আহিছে সুখবৰ। এই মাহৰ শেষতে ২-৪শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ ঘোষণা হব বুলিও সূত্ৰত প্ৰকাশ। ইয়াৰ দ্বাৰা দেশৰ ৫০লাখ কৰ্মচাৰী আৰু ৫০লাখ পেঞ্চনাৰ উপকৃত হব।
৬. অসমৰ চিনেমা হল সমূহক পুনৰুজ্জীৱিত কৰাত অসম চৰকাৰে সহায়ৰ হাত আগবঢ়াব। চিত্ৰগৃহ পুমৰ মুকলিৰ বাবে ৫০লাখকৈ আৰু মেৰামতিৰ বাবে ২৫লাখকৈ টকাৰ সাহাৰ্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে চলচ্চিত্ৰমে আয়োজন কৰা গুৱাহাটী ফিল্ম ফেষ্টিভেলত কালি ঘোষণা কৰে।
৭. অসম সাহিত্য সভাই অসমৰ প্ৰকতৃত সাহিত্য আৰু সাহিত্যিকৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ সময়তে গুৱাহাটীত অনুষ্ঠিত হয় সাহিত্যৰ সংকট সম্বন্ধীয় এখন মনোজ্ঞ আলোচনা। সভাৰ অন্তত সাহিত্য মঞ্চ, অসম নামৰ এটি সংগঠনৰ জন্ম দিয়ে। গল্পকাৰ অপূৰ্ব শৰ্মাক সভাপতি, সৌমিত্ৰ যোগী আৰু কমল কুমাৰ মেধিক যুটীয়া সাধাৰণ সম্পাদক হিচাবে লৈ তদৰ্থ সমিতিও গঠন কৰা হয়।
৮. গোৱালপাৰাৰ জলসম্পদ বিভাগৰ মুখ্য সহায়ক কমলকৃষ্ণ দাসে লিখি থোৱা কবিতাৰ পাণ্ডুলিপিক "হৃদয়ৰ নিজৰা" নামেৰে সংকলন প্ৰকাশ কৰি উপহাৰ দি ব্যতিক্ৰমী ধৰণে অৱসৰ গ্ৰহণৰ দিনা বিদায় সম্ভাষণ জনায়।
৯. মাহমৰাৰ প্ৰাক্তন বিধায়কৰ গুদামত উদ্ধাৰ হয় চৰকাৰী আঁচনিৰ ২৩টাকৈ চিলাই মেচিন। সাংবাদিকৰ দলে এই উদ্ধাৰ কাৰ্য সম্পন্ন কৰাৰো বাতৰি প্ৰকাশ পাইছে।
১০. মেডিকেল কলেজৰ অধ্যাপক/ৰেজিষ্টাৰ আদি পদৰ বাবে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষা তথা ইণ্টাৰভিউ শেষ হৈছিল ৩ মাৰ্চত। ইতিহাসত প্ৰথমবাৰৰ বাবে চাগৈ এদিনৰ পাছতে সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰি 'নতুন নজিৰ' সৃষ্টি কৰিলে ব্ৰী. ৰঞ্জিত বৰঠাকুৰ নেতৃত্বাধীন অসম লোকসেৱা আয়োগে।
Very Informative. Keep Updating.
ReplyDeleteMoiu eta blog bonaislu. sabo sun. All Govt. Jobs In Assam and North-East of 2017