মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নিৰ্বাচন নিৰ্বাচনেইঃ লৌহ মানৱীলৈ শুভেচ্ছাৰে 
দেৱব্ৰত গগৈ
Add caption
"ঝাৰখণ্ড , চত্তিগড় আৰু বিহাৰত মাওবাদীয়ে একেলগে আশীজন বা পঞ্চাশজন নিৰাপত্তাৰক্ষীক হত্যা কৰে , কিন্ত তাততো সেনাই অপাৰেচন নকৰে আৰু আমি কেতিয়াও শুনা নাই যে নৰ্থ-ইষ্টত কোনোবা আণ্ডাৰগ্ৰাউণ্ড পাৰ্টীয়ে একেলগে ইমান খিনি আৰ্মী মাৰিছে বুলি । আচলতে দেশৰ ভিতৰত আৰ্মীক অপাৰেচন কৰিবলৈ দিব নালাগে। আৰ্মীৰ কাম হৈছে শত্ৰুৰ লগত যুঁজাহে , দেশৰ মানুহৰ লগত নহয়, সেইবাবেই আৰ্মীক মাওবাদীৰ লগত যুঁজিবলৈ দিয়া নাই, কিন্ত এই নৰ্থ-ইষ্টখনতো ইণ্ডিয়াৰ ভিতৰত তেনেহলে ইয়াত আৰ্মীৰ অপাৰেচন কিয় চলোৱা হৈছে বাৰু? কামাল হে ইয়াৰ। দিচ ইজ নট ফেয়াৰ।" দুবছৰমানৰ আগতে অসমলৈ অহা কোম্পানী এটাৰ প্ৰতিনিধিজনক উত্তৰ-পূৱৰ উগ্ৰপন্থী সমস্যা, সেনা-বাহিনীৰ বিশেষ আইন ইত্যাদিবোৰৰ কথা যেতিয়া কৈছিলো, তেখেতে এইখিনি কথাই কৈছিল। তেখেতক মই শৰ্মিলাৰ কথাও কৈছিলো। মানুহজনে শৰ্মিলাৰ কথা শুনিছে কিন্ত "আফচাৰ" কথা শুনা নাই। মোক সুধিলে --" ইমানদিন কেনেকৈ নোখোৱাকৈ আছে তেওঁ?" আইনৰ আচিলা লৈ ইৰমক নাকেৰে খাদ্য খোৱাৰ কথা ক'লো আৰু ক'লো ইৰম এতিয়া এটা জীৱন্ত মৃতদেহ।

নিজৰ ৰাজ্যখনৰ মংগলৰ বাবেই যিগৰাকী মানুহে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনি একো নকৰাকৈ, একো নোখোৱাকৈ কটাই দিলে , খাদ্যৰ অভাৱত পুষ্টহীনতাত ভুগি নাৰীৰ বহুমুলীয়া সম্পদ ৰজস্বলা হোৱাৰ ক্ষমতাও যাৰ অকালতে লুপ্ত হৈ গ’ল, সেই গৰাকী মানুহকেই আজি জাতিটোৰ মানুহে গণতান্ত্ৰিকভাবে নাকচ কৰিলে। এগৰাকী প্ৰতিবাদী আৰু জাতিপ্ৰেমী মানুহৰ বাবে এইয়া নিশ্চয় দুখৰ দিন।
সৌসিদিনালৈকে ইৰম মণিপুৰী জাতিটোৰ বাবে আছিল এক স্বভিমান, এক গৌৰৱ। মণিপুৰীসকলে ভাবিছিল যে ইৰমৰ অনশনে ৰাজ্যখনলৈ লৈ আহিব এক শুভবাৰ্তা , সেনাৰ বিশেষ আইন ইৰমে নাইকীয়া কৰিব। কিন্ত তেনে একো নহ’ল। ইৰমে হঠাতে অনশন সমাপ্ত কৰিলে। কোনো এক ফল নোলোৱাকৈয়ে ইৰমে কৰা এই সমাপ্তিত স্বভিমানী মণিপুৰীসকল হতাশ আৰু ক্ষোভিত হ’ল। আৰু এই ক্ষোভৰেই প্ৰতিদান ইৰমৰ শোচনীয় নিৰ্বাচনী পৰাজয়।
ভাৰত ৰাষ্ট্ৰৰ দ্বাৰা প্ৰতাৰিত আৰু অৱহেলিত বুলি ভাবি থকা মণিপুৰীসকলৰ মাজতো ভাৰতৰ জটিল নিৰ্বাচনী ব্যৱ্স্থাই ভালকৈয়ে খুপনি পুতিছে। বিশেষকৈ জাতীয়তাবাদ আৰু আঞ্চলিকবাদৰ ভৰপুৰ পৰিৱেশৰ মাজতো দুটাকৈ ৰাষ্ট্ৰীয় দলৰ তীব্ৰ নিৰ্বাচনী প্ৰতিদ্বন্বিতাই তাকেই প্ৰমাণ কৰিছে। আৰু তেনে এক পৰিৱেশত ইৰমৰ নিৰ্বাচনী পৰাজয় অৱশ্ব্যাম্ভী আছিল।

তথাপিও ইৰম ইৰমেই। নিৰ্বাচনী যুঁজত পৰাজয় হলেও মণিপুৰীসকলৰ মাজত ইৰমে সদায়েই এক বিশেষ স্থান লাভ কৰি থাকিব। কেৱল মণিপুৰতেই নহয় পৃথিৱীৰ প্ৰতিজন অহিংস প্ৰতিবাদীসকলৰ বাবে ইৰম চিৰকাল এক আদৰ্শ আৰু অনুপ্ৰেৰণা হৈ থাকিব।

কেৱল ইৰমেই নহয় , অন্যায়ৰ প্ৰতি অহিংসভাবে প্ৰতিবাদ কৰা ভাৰতৰ বহু ব্যক্তিও নিৰ্বাচনী যুঁজত হাৰ মানিছে। অহিংস আন্দোলনক ভাৰত তথা বিশ্ববাসীৰ আগত সফলভাবে ডাঙি ধৰা মহাত্মা গান্ধীও কেতিয়াও নিৰ্বাচনী যুঁজত অৱৰ্তীণ হোৱা নাছিল। কিন্ত আজিৰ তাৰিখতো গান্ধীৰ অবিহনে ভাৰতীয় ৰাজনীতি আধৰুৱা।

ইৰমৰ নিৰ্বাচনী অভিজ্ঞতাৰ পৰা আন বহুতে শিক্ষা লোৱাটো প্ৰয়োজন যে প্ৰতিবাদী ৰাজনীতি আৰু নিৰ্বাচনী ৰাজনীতিৰ মাজত সদায়েই এক বৃহত পাৰ্থক্য আছে। অসমৰ যিসকল প্ৰতিবাদী ৰাজনিতীকে আগন্তক দিনত নিৰ্বাচনী ৰাজনীতিলৈ আহিবলৈ প্ৰস্তত্ত হৈছে , সেইসকলৰ বাবে ইৰমৰ নিৰ্বাচনী ফলাফল এক উল্লেখযোগ্য ৰেফাৰেন্স বুক হিচাবে পৰিগণিত হব বুলি ভাবো।

বাকী ৰাজ্যবোৰৰ আজিৰ নিৰ্বাচনী ফলাফল বিষয়ে কবলৈ একো নাই। পিছে পঞ্জাৱৰ ভৱিষ্যতৰ সামাজিক পৰিৱেশটোৰ কথাই অলপ ভবাই তুলিছে। ৰাজ্যখনৰ এক বুজন সংখ্যক লোকক ড্ৰাগছে গ্ৰাস কৰিছে। এই পৰিস্থিতিৰ পৰা যে তেওঁলোক অহা পাঁচ বছৰত মুক্ত হব পাৰিব সেয়া অকল্পনীয়।

উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ফলাফল ওলোটা হলেহে আচৰিত হলোহেঁতেন। যিখন ৰাজ্যৰ প্ৰায় সংখ্যক সাংসদেই যিটো দলৰ, সেই দলটোৱে নিৰ্বাচন নিজিকিলে আৰু কোন জিকিব? পিছে সেই ১৯৯২ৰ ৬ ডিচেম্বৰৰ পাছৰ ধৰ্মীয় উন্মাদনাৰ পৰিৱেশ ঘূৰি আহিবনেকি ? প্ৰশ্নটোৱেহে আমনি কৰিবলৈ আৰম্ভ কৰিছে।

No comments:

Post a Comment