পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
 আজিৰ ভাল খবৰবোৰ
১. বাহাৰুল ইছলাম পৰিচালিত আৰু অলটাৰনেটিভ চিনেমেটিকছৰ বেনাৰত ইক্ৰামুল মজিদৰ প্ৰযোজনাৰে নিৰ্মিত “ৰ’দৰ চিঠি” নামৰ অসমীয়া চলচ্চিত্ৰখনে কানাডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোসৱত শ্ৰেষ্ঠ বিদেশী ছবিৰ “এৱাৰ্ড অৱ এক্সেলেঞ্চ” সন্মান লাভ কৰাৰ সুখবৰ প্ৰকাশিত হৈছে।

২. পণ্ডিত, বিশিষ্ট ঔপন্যাসিক, লোক-সংস্কৃতিৰ গৱেষক ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাৰ তিনিটা খণ্ডত প্ৰকাশিত ৰচনাৱলী কালি গুৱাহাটীত উন্মোচন কৰিলে হোমেন বৰগোহাঞি, ডঃ মুকুন্দকাম শৰ্মা আৰু ডঃ লক্ষ্মীনন্দন বৰাই। বীণা বৰুৱা আৰু ৰাস্না বৰুৱা ছদ্মনামেৰে প্ৰসিদ্ধি লভা লেখক গৰাকীৰ এই ৰচনাৱলী সম্পাদনা কৰি উলিয়াইছে মিতভাষৰ স্ৰষ্ঠা ডঃ নগেন শইকীয়াই। বিৰিঞ্চি বৰুৱা ন্যাসে এই অনুষ্ঠানৰ আয়োজন কৰিছিল। 

৩. মণিপুৰৰ শিল্পী কুলচন্দ্ৰ ম’থেমক প্ৰণৱ বৰুৱা শিল্পী বঁটাৰে কালি সন্মানিত কৰা হয়। গুৱাহাটীত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক ডঃ বীৰেন্দ্ৰ নাথ দত্তই। নগাঁৱতো শিল্পী প্ৰণৱ বৰুৱা দেৱৰ ৮১ সংখ্যক জন্মদিনত বিশেষ অনু্ষ্ঠানৰো আয়োজন কৰাৰ সুখৰ খবৰ।

৪. আজিৰে পৰা সংসদৰ বাজেট অধিবেশন আৰম্ভ হৈছে। বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে মোদী চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। মধ্যবিত্ত শ্ৰেণীৰ বাবে আয়কৰ ৰেহাইৰ সীমা বৃদ্ধিৰ সম্ভাৱনা থকাৰ লগতে কেইবাখনো বিধেয়কো উত্থাপিত হব বুলিও জানিব পৰা গৈছে। ৰে’ল বাজেটত পিছে এইবাৰ বেছি নতুন ৰেলৰ প্ৰস্তাৱ নাই তথা ভাড়া বৃদ্ধিৰো প্ৰস্তাৱ নাই বুলিও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

৫. প্ৰয়াত ন্যায়াধীশ ভোলানাথ শৰ্মাৰ জন্ম-শতবৰ্ষৰ সৈতে সংগতি ৰাখি দাতব্য সংস্থা কৰুণাধাৰা ন্যাসলৈ ন্যায়াধীশগৰাকীৰ পৰিয়ালে ১লাখ টকা দান কৰিছে আৰু জন্ম-শতবৰ্ষ উদযাপনৰ বাবে বিশেষ অনুষ্ঠানৰো আয়োজন কৰিছে। 

৬. সংসদৰ বাজেট অধিবেশনৰ পূৰ্ব সন্ধ্যা সহযোগিতা কামনা কৰি সৰ্বদলীয় সভাত অংশ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ পাছতে তেখেতে ৰেডিঅ’ত “মন-কী বাত” অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰীক্ষা, প্ৰতিযোগিতা, মানসিক অৱসাদ আদি বিষয়ত দেশৰ নৱ-প্ৰজন্মক উদ্দেশ্যি নিজৰ মনৰ কথা ব্যক্ত কৰে। প্ৰতিদিনে নিজৰ সতে প্ৰতিযোগিতা কৰি আগুৱাই গৈ দেশৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিবলৈকো তেখেতে সবিনয়ে আহ্বান জনায়।

৭. মধ্য প্ৰদেশৰ ইন্দোৰৰ দেৱী অহল্যা বিশ্ববিদ্যালয়ত যোৱা ১২-১৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আন্তঃবিশ্ববিদ্যালয় যুৱ মহোসৱত অংশগ্ৰহণ কৰি লোকনৃত্য শিতানত বিহু প্ৰদৰ্শন যোগে দ্বিতীয় স্থান অৰ্জন কৰিছে। ৭৮খন বিশ্ববিদ্যালয়ে এই মহোসৱত অংশ গ্ৰহণ কৰিছিল। এই বিহুদলটোৱে অহা ৭ মাৰ্চৰ পৰা ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হব লগা আন্তঃৰাষ্ট্ৰীয় যুৱ মহোসৱটো অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিবলৈ সক্ষম হোৱাৰ সুখবৰ। 

৮. দক্ষিণ বঙাইগাঁৱৰ ৪৫নম বঙাইগাঁও কেন্দ্ৰীয় নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অৰবিন্দ দত্ত ৰায়ৰ দুখনকৈ গ্ৰন্থ কালি উন্মোচিত হয়। গ্ৰন্থ দুখনিৰ নাম “স্মৃতিক নাযাওঁ পাহৰি” আৰু “মন পৰশি যায়” বুলিও জানিব পৰা গৈছে। চাকৰি জীৱনৰ স্মৰণীয় দিনবোৰৰ কথাই দুয়োখনি গ্ৰন্থক উজ্জীৱিত কৰি তুলিছে বুলিও লেখকে মত প্ৰকাশ কৰিছে।

৯. ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ কলকতাৰ উদ্যোগত আৰু গোৱালপাৰা জিলাৰ ৰামপুৰস্থিত বাদুংডুপ্পা কলা কেন্দ্ৰৰ সহযোগত আজি এদিনীয়াকৈ অনুষ্ঠিত হৈছে ভাৰত লোক কলাপৰ্বৰ অংশ স্বৰূপে যাত্ৰা নামৰ এটি লোকনৃত্যৰ অনুষ্ঠান।

১০. ঐতিহাসিক ১৩৫ সংখ্যক যোৰহাট ৰে’চৰ কালি সফল সামৰণি পৰিছে। এই ৰে’চৰ সন্মানীয় মেকলয়ড ৰাছেল গভৰ্ণছ কাপ অৰ্জন কৰিলে “ৰামপ্ৰসাদ” নামৰ ঘোঁৰাটোৱে, জকী লক্ষ্মীকান্ত কুটুমৰ সৈতে। কালি ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ মাজে মাজে মিচিং লোকনৃত্য প্ৰদৰ্শনৰো আয়োজন কৰা হৈছিল।

No comments:

Post a Comment