পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিষ্পত্তি নোহোৱা অপৰাধমূলক গোচৰ লুকুৱাই ৰখাৰ কথা পোহৰলৈ অহাৰ লগে লগেই নিৰ্বাচিত জনপ্ৰতিনিধিয়ে নিজৰ পদ হেৰুৱাব লাগিব বুলি স্পষ্ট কৰি দিছে। ভুল তথ্য সন্নিবিষ্ট কৰি নিৰ্বাচনত অংশ লোৱা আৰু পাছত শপতনামাৰ সৈতে বাস্তৱৰ মিল নথকাৰ ঘটনাবোৰলৈ লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে দিয়া এই কঠোৰ নিৰ্দেশে দেশৰ ৰাজনীতিক নিকা কৰাৰ দিশে লৈ যোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

২. টিভিৰ পৰ্দাত পোন প্ৰথমবাৰৰ বাবে, আজ-টক আৰু হেডলাইনচ টুডে চেনেলত অনাগত ক্ৰিকেট বিশ্বকাপৰ সময়ত বিশেষজ্ঞ ৰূপে অংশ লব শচীন টেণ্ডুলকাৰে। এই কাৰ্যসূচীতে তেখেতে ছবাৰকৈ অংশ লোৱা বিশ্বকাপৰ খেলৰ বিভিন্ন অভিজ্ঞতা তথা ৰসাল কাহিনীও প্ৰথমবাৰৰ বাবে দৰ্শক সকলৰ সমুখত দাঙি ধৰিব বুলি সুখবৰ প্ৰকাশ পাইছে।

৩. অসমৰ পৰা প্ৰকাশিত হিন্দী দৈনিক ‘পূৰ্বাঞ্চল প্ৰহৰী’ৰ অচিৰেই দিল্লীৰ পৰাও এটা সংস্কৰণ প্ৰকাশিত হব। উত্তৰ-পূৱৰ বিভিন্ন খবৰ, গতি-বিধি-নীতি আদিক দিল্লীৰ বৰঘৰৰ নেতা, আমোলা, বিষয়া আদিক অৱগত কৰাৰ বাবে আৰু উত্তৰ-পূৱক দিল্লীৰ কাষ চপাই অনাৰ লক্ষ্যৰেই এই প্ৰচেষ্টা হাতত লোৱা হৈছে বুলিও প্ৰকাশক গোষ্ঠী জি এল পাব্লিকেচনে প্ৰকাশ কৰিছে।

৪. প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড অ’চেন চাইন্স কংগ্ৰেছ অনুষ্ঠিত হৈছে কেৰেলাৰ কোচি চহৰত। সামুদ্ৰিক জীৱমণ্ডললৈ ভাবুকি তথা সমুদ্ৰক বাণিজ্যৰ বাবে ব্যৱহাৰৰ বিশাল ক্ষেত্ৰখনক সামৰি অনুষ্ঠিত এই সামুদ্ৰিক বিজ্ঞান মহাসভাৰ উদ্বোধন কৰে কেৰেলাৰ বৰ্তমানৰ ৰাজ্যপাল পি. সথাশিৱমে।

৫. কেৰেলাত চলি থকা ৩৫ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ল’ন বলৰ ৱ’মেন ট্ৰিপল ইভেণ্টত স্বৰ্ণপদক জয় কৰিলে অসম দলৰ নয়নমণি শইকীয়া, তানিয়া চৌধুৰী আৰু পৰিস্মিতা গগৈয়ে। বৰ্তমানলৈকে পদক তালিকাত অসমে দ্বাদশ স্থান লাভ কৰিছে।

৬. অসমৰ লোককৃষ্টি-সংস্কৃতিলৈ আগবঢ়োৱা অনৱদ্য বৰঙণিৰ বাবে তেজপুৰ নিবাসী তথা কলা-কৃষ্টিৰ একান্ত সাধক সচ্ছিদানন্দ বৰালৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যাণ ন্যাসে স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা আগবঢ়াইছে। শিল্পী গৰাকীলৈ এই সন্মান আগবঢ়োৱাৰ বাতৰিয়ে তেজপুৰত উছাহৰ ঢল বোৱাইছে বুলি সংবাদ পত্ৰই প্ৰকাশ কৰিছে।

৭. ঢকুৱাখানাৰ নৰহৰি আতা ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰ সংঘৰ ৮৪ তম বাৰ্ষিক অধিবেশনলৈ ৰাজ্যৰ লগতে প্ৰতিবেশী ৰাজ্যৰ পৰাও ভক্ত সকল লক্ষাধিক হাৰত উপস্থিত হৈছেগৈ। প্ৰখ্যাত শিল্পী দধি পাঠকে নিৰ্মাণ কৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কাঠৰ মূৰ্তিয়ে প্ৰদৰ্শনীস্থলীত সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলিও জানিব পৰা গৈছে।

৮. আঠ দিনীয়া কাৰ্যসূচীৰে অসম তথা উত্তৰ-পূৱত উপস্থিত হৈছে জলসম্পদ মন্ত্ৰী উমা ভাৰতী। তেখেতে কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে গুৱাহাটীত অনুষ্ঠিত হোৱা জল অভিবৰ্তনত অংশ গ্ৰহণ কৰি নগাঁও, তেজপুৰ ভ্ৰমণ কৰিব। তাৰ পাছত তেখেতে ঢকুৱাখানা হৈ মাজুলীত উপস্থিত হব। মাজুলীক বানৰ পৰা বচোৱাৰ বাবে তেখেতে বিশেষ ব্যৱস্থা এই ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ পাছতে গ্ৰহণ কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে। ইফালে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী গিৰিৰাজ সিঙেও অসমলৈ চাৰিদিনৰ বাবে আজি উপস্থিত হৈছেহি।

৯. অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিবেশনখনি অহা ১৪-১৫ ফেব্ৰুৱাৰীত বৰপেটা সাহিত্য সভা ভৱনত আয়োজন কৰা হৈছে। এই অধিবেশনতে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মা, প্ৰাক্তন বিধায়ক হেমেন দাস, প্ৰাক্তন অধ্যক্ষ সত্যনাথ দাস আৰু লেখক সন্তোষ কুমাৰ কৰ্মকাৰক সম্বৰ্ধনা জনোৱা হব। স্মৃতিগ্ৰন্থ প্ৰকাশ আৰু সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা বুলিও জানিব পৰা গৈছে।

১০. কালিৰে পৰা তিনিদিনীয়াকৈ জোনাইত আৰম্ভ হৈছে পবা বৰ্ষাৰণ্য মহোতসৱ। মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আৰু ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই আয়োজনত গ্ৰন্থমেলাৰ লগতে প্ৰকৃতি বিষয়ক আলোকচিত্ৰ প্ৰদৰ্শনী, শিল্প মেলা, খাদ্য মেলা, কবি সন্মিলন, পবা বিষয়ক হাতপুথি উন্মোচনী, প্ৰকৃতি সংৰক্ষণ বিষয়ক আলোচনা চক্ৰ আদিৰো দিহা কৰা হৈছে।

No comments:

Post a Comment