চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যুক্তিহীন আৱেগ-সৰ্বস্ব বিৰোধিতা
প্ৰতিম প্ৰতাপ বৰুৱা

“মই তোমাৰ কথাখিনিৰ/মতটোৰ সৈতে সহমত নহ’ব পাৰো, কিন্তু তোমাৰ মত প্ৰকাশৰ অধিকাৰক প্ৰাণ দি হ’লেও ৰক্ষা কৰিম।“ - ভল্টেয়াৰে কোৱা এইখিনি কথা এবাৰ পঢ়ি উঠি তাৰ অৰ্থটো বুজি নোপোৱা মানুহ আছে বুলি আমাৰ বিশ্বাস নহয়।

চিন্তা কৰাৰ স্বাধীনতা/অধিকাৰ সকলোৰে আছে। কিন্তু চিন্তা কৰাৰ এই স্বাধীনতা/অধিকাৰ অৰ্থহীন হৈ পৰিব যদিহে সেই চিন্তাৰ মুক্ত প্ৰকাশৰ স্বাধীনতা/অধিকাৰ নাথাকে। এই কথাটো ইতিমধ্যে মানি লোৱা হৈছে যে চিন্তা কৰাৰ স্বাধীনতাক (freedom of thoughts) আৰু সেই চিন্তাৰ মুক্ত প্ৰকাশৰ স্বাধীনতাক (freedom of expressions) কোনেও বাধা দিব নোৱাৰে। বাধা দিবলৈ চেষ্টা কৰা উচিতো নহয়। উচ্চমস্তিস্কৰ উচ্চচিন্তাৰ উচ্চপ্ৰকাশে আনকি এটা জাতিকো গঢ় দিব পাৰে/গঢ় দিয়ে। উপযুক্তজনে নিজৰ চিন্তাখিনি প্ৰকাশ কৰোতে তাৰ সমৰ্থনত উপযুক্ত তথ্য আৰু যুক্তিও দিয়ে। কাৰণ তথ্য আৰু যুক্তি অবিহনে, কেৱল আবেগসৰ্বস্ব চিন্তাৰ প্ৰকাশ অৰ্থহীন। চিন্তাৰ তেনে আৱেগসৰ্বস্ব, তথ্য-যুক্তিহীন প্ৰকাশে আনক চিন্তা কৰিবলৈ বাধ্য/আহ্বান কৰিব নোৱাৰে, আনক দিকদৰ্শন দিব নোৱাৰে। কিন্তু এজন মানুহে, লাগিলে তেওঁ এজন অতি উচ্চপৰ্য্যায়ৰ চিন্তাবিদেই হওঁক, লাগিলে তেওঁ যিমানেই তথ্য-যুক্তি সহকাৰে নিজৰ চিন্তাখিনি প্ৰকাশ নকৰক কিয়, সেই চিন্তাখিনি বা সেই মতামতখিনি সকলোৱে সকলো সময়তে মানি ল’বই বা সেইখিনি সকলো ঠাইতে, সকলো সময়তে, সকলো পৰিস্থিতিতে সৰ্বজনগ্ৰাহ্য হ’বই বুলি কোনো কথা নাই।

প্ৰায় প্ৰতিটো চিন্তাৰ বা প্ৰতিটো মতামতৰ বিপৰীতে প্ৰতি-চিন্তা বা প্ৰতি-মতামত থাকিব পাৰে, বিৰোধিতা হ’ব পাৰে। হোৱা উচিতো। কাৰণ এটা চিন্তাৰ বা এটা মতামতৰ উপযুক্ত বিৰোধিতাই মানুহৰ চিন্তাৰ পৰিধি বঢ়োৱাৰ লগতে শেষত এটা শুদ্ধ মতামত প্ৰতিস্থা হোৱাত সহায়হে কৰে। কিন্তু সেই বিৰোধিতা কেনে হোৱা উচিত? বা কেনে বিৰোধিতাই আমাক/সমাজক উপকৃত কৰে? আমি বিশ্বাস কৰো যে এটা তথ্যপূৰ্ণ আৰু যুক্তিৰে সমৰ্থিত চিন্তাৰ বিৰোধিতাও সমান যুক্তিৰে সমৰ্থিত, তথ্যপূৰ্ণ তথা ভদ্ৰজনোচিত হোৱা উচিত। একেসময়তে যিকোনো এটা চিন্তাৰ/মতামতৰ বিৰোধিতাৰ বাবে সংশ্লিষ্ট বিষয়টোৰ ওপৰত প্ৰয়োজনীয় জ্ঞানখিনিও থাকিবই লাগিব, অথবা সেই জ্ঞানখিনি উপযুক্তভাৱে আহৰণ কৰি ল’ব লাগিব। তাকে নকৰি, তথ্য-যুক্তি বিসৰ্জন দি মাত্ৰ আবেগসৰ্বস্ব, কুৰুচিপূৰ্ণ মন্তব্যৰে ব্যক্তিগত পৰ্য্যায়ত কুৎসা ৰটনা কৰি বিৰোধিতাৰ নামত বিৰোধিতা কৰিলে সেয়া চিন্তাৰ বা মতামতৰ বিৰোধিতা বুলি মানি ল’বলৈ আমি অপাৰগ। উপযুক্ত তথ্য আৰু যুক্তিৰে এটা চিন্তাৰ/মতামতৰ বিৰোধিতা নকৰি, চিন্তাবিদজনৰ/লেখকজনৰ প্ৰতিকৃতি এটাকে সাজি লৈ শোভাযাত্ৰা উলিয়াই শ্ল’গান দি দাহ কৰাটো অথবা বহুসময়ত চিন্তাবিদজনক/ লেখকজনক শাৰীৰিকভাৱে অপদস্থ কৰাটো আবেগসৰ্বস্ব বিৰোধিতাৰ চূড়ান্ত নিদৰ্শন বুলি আমি বিশ্বাস কৰো। এনে বিৰোধিতাই অস্বস্তিকৰ অৱস্থা এটা সৃষ্টি কৰাৰ বাদে সমাজৰ আন একো উপকাৰ সাধিব নোৱাৰে। 

কিন্তু দূৰ্ভাগ্যজনকভাৱে আমি অসমত মাজে-সময়ে তেনে আবেগসৰ্বস্ব বিৰোধিতা দেখিবলৈ পাওঁ। আমি মানি লোৱা উচিত যে অসমত ইটোৰ পিছত সিটোকৈ কিছুমান অতি স্পৰ্শকাতৰ বিষয়ত কিছুমান স্পৰ্শকাতৰ পৰিৱেশৰ সৃষ্টি হৈছে (সৃষ্টি হ’বলৈ দিয়া হৈছে)। এনে সময়ত এই স্পৰ্শকাতৰ বিষয়বোৰৰ ওপৰত তথ্য-যুক্তিহীন, আবেগসৰ্বস্ব বিৰোধিতাই/বাক-বিতণ্ডাই পৰিৱেশটো আৰুহে বিনষ্ট কৰিব। আমি আশা কৰিম, তথ্য আৰু যুক্তিৰে সমৰ্থিত চিন্তাৰ/মতামতৰ প্ৰত্যুত্তৰ (অথবা বিৰোধিতা) তথ্য আৰু যুক্তিৰে, আবেগবৰ্জিতভাৱে দিয়া হওক (কৰা হওক), বৌদ্ধিক চিন্তাৰ মুক্ত প্ৰকাশ হওক, সেই চিন্তাৰ বিৰোধিতাও বৌদ্ধিক হওক, উপযুক্ত মঞ্চত ভদ্ৰজনোচিতভাৱে সেই বিৰোধিতা কৰা হওক, এটা মতৰ বিৰোধিতা কৰা হওক শুদ্ধ মতটোৰ প্ৰতিস্থা কৰাৰ বাবেহে আৰু কোনো পৰিস্থিতেই শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব পৰা পৰিৱেশ সৃষ্টি নহওক। 

পুনশ্চঃ এটা বিষয় লৈ প্ৰতিবাদ বা বিৰোধিতা সাব্যস্ত কৰোতে সেই প্ৰতিবাদৰ/বিৰোধিতাৰ নামত কেতিয়াবা কোনোবা মানুহৰ (সেই মানুহজন কোনোবা ৰাজনৈতিক নেতা, কোনোবা মন্ত্ৰী-বিধায়ক বা কোনোবা চিন্তাবিদ আদি যিকোনো হ’ব পাৰে) বা কোনোবা সংস্থাৰ/প্ৰতিস্থানৰ নামত মূৰ্ত্তি এটা সাজি সেই মূৰ্ত্তিটো চিতাত তুলি লৈ শোভাযাত্ৰা উলিয়াই, শ্ল’গান আদিৰে সৈতে শ্মশান যাত্ৰা কৰি পিছত সেই পুত্তলিকাটো ৰাজহুৱাকৈ দাহ কিয় কৰা হয় সেইটো বুজি পাবলৈ আমি অসুবিধা পাওঁ। যিজনৰ (বা যিটো সংস্থাৰ/প্ৰতিস্থানৰ) পুত্তলিকা দাহ কৰা হ’ল বুলি দাবী কৰা হয় সেইজনক প্ৰতিবাদকাৰীসকলে প্ৰতীকি অৰ্থত হলেও মৃত বুলি ঘোষণা কৰিলে। এতিয়া এবাৰ মৃত বুলি নিজেই ঘোষনা কৰি পিছত সেই একেজন মানুহৰ ওচৰলৈকে আলোচনাৰ বাবেই হওক বা অন্য কিবা কাৰণেই হওক, প্ৰতিবাদকাৰীসকল কেনেকৈ যাব পাৰে? কাৰণ প্ৰতিবাদকাৰীসকলৰ চকুত তেওঁ যিহেতু ইতিমধ্যেই মৃত, গতিকে মৃত মানুহজনৰ লগত আলোচনা কৰাটো বা মৃত মানুহ এজনৰ পৰা কিবা দাবী কৰাটো কেনেকৈ সম্ভৱ?

No comments:

Post a Comment