পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
প্ৰকাশৰ বাবে প্ৰায় সাজু কাৰ্বি -অসমীয়া- ইংৰাজীত ত্ৰিভাষিক শব্দকোষ-'কাৰবি লামটাচাম'  কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ শিল্পী-সাহিত্যিক-শিক্ষক শ্ৰী খয়াছিং হাঞ্চেৰ ২৫ বছৰৰ নিৰলস সাধনাৰ ফচল এই কাৰ্বি ভাষা বিৰল শব্দকোষখন অহা জুলাই মাহত আনন্দ ৰাম বৰুৱা ইনষ্টিটিউট অব আৰ্ট এণ্ড কালচাৰে প্ৰকাশ কৰি উলিয়াব ১১৩৪ পৃষ্ঠাৰ এই ত্ৰিভাষিক অভিধানখন 

) বিভিন্ন সমস্যাত ক্ৰমশঃ সংকটৰ কৰাল গ্ৰাসত পৰা পাট-মুগা  বস্ত্ৰক বি চি এম নামৰ এৱিধ তাঁতশালৰ জৰিয়তে পুনৰুজ্জীৱিত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা ব্যৱস্থাই বস্ত্ৰ নগৰী শুৱালকুছিবাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে শুৱালকুছিৰ এম ভি ৰোড নিবাসী শিক্ষক ভগৱান মহন্তই একক প্ৰচেষ্টাৰে তিনি বছৰৰ পূৰ্বৰপৰা নিজস্ব চিন্তা-চৰ্চাৰে লোৰে সাজি উলিয়াই পাট-মুগা কাপোৰ উৎপাদন কৰিব পৰা এই আধুনিক বিদ্যুৎচালিত তাঁতশাল। ইয়াৰ লগতে মহন্তই সাজি উলিয়ালে ববিন বতা মেচিন, তীব্ৰ বেগত মহুৰা ফুৰাব পৰা যঁতৰ
  
) সীমান্ত তামুলীৰ দ্বাৰা ৰচিত আৰু আঁক-বাকৰ দ্বাৰা প্ৰকাশিত 'ঢোলত চাপৰ মাৰি' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ঢোলৰ ওজা হিতেশ্বৰ হাজৰিকাই আনহাতে সীমান্ত তামুলীৰ ১০১টি খঁৰা ছেও সন্নিৱিষ্ট শ্ৰব্য সংকলন 'খঁৰা ছেও' উন্মোচন কৰে ধনেশ্বৰ শইকীয়া ওজাই

) সৰুপেটাৰ অন্যতম অপেছাদাৰী নাট্য সংগঠন 'মঞ্চ সৰুপেটা' উদ্যোগত সৰুপেটাৰ মিলন মন্দিৰ ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ 'ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট্য সন্ধিয়া' আয়োজন কৰিছে উক্ত নাট্য সন্ধিয়াত অসমৰ এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিষ্ঠিত নাট্যকাৰ মানবেন্দ্ৰ ৰনহাং চৌধুৰীৰ ৰচিত আৰু পৰিচালিত পূৰ্ণাংগ নাট 'প্ৰফেছাৰ কেলফাছ ফেক্টৰী' দুয়ো নিশা মঞ্চস্থ কৰিব প্ৰথমখন ভাৰতীয় কথাছবি 'ৰজা হৰিশচন্দ্ৰ' জন্মদাতা দাদা চাহেব ফাল্কেৰ জীৱন আৰু ৰজা হৰিশচন্দ্ৰ নিৰ্মাণৰ সময়ত হোৱা ঘটনাৰাজিক বিষয়বস্তু কৰি এই ব্যতিক্ৰমী নাটখন ৰচিত হৈছে

) আজিৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে মৰাণ চাওলুং চ্যুকাফা ক্ষেত্ৰত আৰম্ভ হৈছে ৩৪ সংখ্যক পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ অধিৱেশন অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে আহি মৰাণ নগৰত উপস্থিত হৈছেহি থাইলেণ্ড, ম্যানমাৰ আৰু চীনদেশৰ বিশিষ্ট অতিথিগণ

কাইলৈৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চল ধনশিৰিআটি পথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা ' 'কাজিৰঙা পক্ষী মহোৎসৱ' মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৰ্থিক সাহায্যত অগৰাতলি কনজাৰভেচন এণ্ড ইক'ট্যুৰিজম 'চাইটিৰ উদ্যোগত এই মহোৎসৱ অহা ১৩,১৪ আৰু ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত '

) অন্ত পৰিল গুৱাহাটী মহাবিদ্যালয়ৰ সোনালী জয়ন্তী সামৰণি অনুষ্ঠান সোনালী জয়ন্তীৰ লগত সংগতি ৰাখি যোৱাকালি আয়োজন কৰা  'অসমৰ উচ্চ শিক্ষাৰ দৃশ্যপট শীৰ্ষক আলোচনা চক্ৰ উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ মৃদুল হাজৰিকা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ অলক কুমাৰ বুঢ়াগোঁহাই সন্ধিয়া সাংস্কৃতিক সন্ধিয়া অনুস্থিত হয়

) গুৱাহাটীৰ উজানবজাৰৰ বিখ্যাত মাণিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ সামৰণী অনুষ্ঠান ১৪ফেব্ৰুৱাৰীত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত ' উল্লেখযোগ্য যে শতবৰ্ষৰ লগত সংগতি ৰাখি উদ্বোধনী অনুষ্ঠানত ভাৰত চৰকাৰৰ ডাক বিভাগে ইতিমধ্যে বিদ্যালয়খনৰ ছবি সংযোজিত ডাক এনভেল' মুকলি কৰিছে

) অসমীয়া মঞ্চ আৰু চলচিত্ৰ জগতৰ এগৰাকী সুঅভিনেতা তথা ভালেমান ৰসোত্তীৰ্ণ চৰিত্ৰৰ অভিনয়েৰে সকলোকে আনন্দ প্ৰদান কৰিব পৰা খ্যাতিসম্পন্ন শিল্পী ক্ষীৰোদ শৰ্মাৰ যোৱা ১ফেব্ৰুৱাৰীত অকাল বিয়োগ হয় যোৱাকালি তেখেতৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি নগাঁওৰ খুঁটিকটীয়া স্থিত শিল্পীগৰাকীৰ বাসভৱনত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় উক্ত সভাতে তেখেতক 'কৌতুকপ্ৰাণ' উপাধি প্ৰদান কৰা হয়

১০) ' এন জি চিৰ ' চি-চি-এম ' চি চি বিষয়া-কৰ্মচাৰী কল্যাণ সন্থাৰ সৰ্বভাৰতীয় সভাপতিৰূপে নিৰ্বাচিত হৈছে তৈল প্ৰতিষ্ঠানটওৰে অসম সম্পদৰ মুখ্য অভিযন্তা জয়ন্ত পাতৰ এই পদত অধিষ্ঠিত হোবা পাতৰ প্ৰথম গৰাকী অসমৰ সন্তান

১১) পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি, কলা-কৃষ্টি, খেল-ধেমালি আদি সংৰক্ষণ-সংবৰ্ধন আৰু সুৰক্ষা প্ৰদানৰ বাবে অৰুণাচল প্ৰদেশৰ চাংলাং আৰু লোহিত জিলাৰ জয়দাম পাহাৰত বসবাস কৰা দেউৰীসকলক কেন্দ্ৰকৰি আৰম্ভ হোৱা জয়দাম মহোৎসৱ সম্প্ৰতি ভৈয়ামৰ নাৰায়ণপুৰতো আৰম্ভ হৈছে প্ৰথমবাৰলৈ নামনিত অনুষ্ঠিত জয়াদাম মহোৎসৱ অসম-অৰুণাচল প্ৰদেশে যুটীয়াভাৱে আয়োজন কৰিছে

১২) বিহালী প্ৰেছ ক্লাবৰ জন্মদাতা সাহিত্যিক-সমালোচক দিলিপ কুমাৰ বৰুৱাক তেখেতৰ শিশুগ্ৰন্থ 'নৰেন্দ্ৰ মোদী' বাবে প্ৰধানমন্ত্ৰীজনে চিঠিৰে অভিনন্দন প্ৰকাশ কৰিছে বৰুৱাৰ এখন গ্ৰন্থ মহাৰাষ্ট্ৰ চৰকাৰে হিন্দীলৈ অনুবাদ কৰি অষ্টম শ্ৰেণীৰ দ্ৰুতপাঠ হিচাপে প্ৰচলন কৰি আহিছে

No comments:

Post a Comment