পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বিশিষ্ট কাৰ্টুনিষ্ট উৎপল তালুকদাৰলৈ আগবঢ়োৱা হৈছে ২০১৫ বৰ্ষৰ পৰাগ দাস সোঁৱৰণী বঁটা। “জনসাধাৰণ” কাকত গোষ্ঠীয়ে ২০১১ চনৰ পৰা প্ৰতিবছৰেই ৰাজ্যৰ বিশিষ্ট সংবাদকৰ্মীলৈ এই বঁটা প্ৰদান কৰি আহিছে। পঁশিচ হাজাৰ টকাৰ চেক, প্ৰশস্তি-পত্ৰ সহ এই স্মাৰক বঁটাটি অহা ২৪ ফেব্ৰুৱাৰীত প্ৰদান কৰা হব বুলি কালি এক সংবাদমেলত প্ৰকাশ কৰে জনসাধাৰণ কাকতৰ সম্পাদক ডঃ শিৱনাথ বৰ্মনে।

২. অসমৰ শিক্ষা-সংস্কৃতি-সাহিত্য তথা ছবিজগতৰ অন্যতম কাণ্ডাৰী ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৮৩ সংখ্যাক জন্মদিন কালি সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীতো উদযাপন কৰা হয়। তেখেতৰ সপোনৰ প্ৰকল্প “আৰোহণ”ত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হয়। 

৩. শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত অসমীয়া জাতিৰ অন্যতম প্ৰাতঃ স্মৰণীয় ব্যক্তি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নামত আসন প্ৰতিষ্ঠা কৰা হব। ৰসৰাজৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি কালি বিশ্বভাৰতীত অনুষ্ঠিত অনুষ্ঠানত এই সুখবৰ ঘোষণা কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ সুশান্ত দত্তগুপ্তই। 

৪. অৰুণাচল প্ৰদেশৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কালি হাৰমতী-নাহৰলগুণ ব্ৰডগজ ৰেলপথৰ উন্মোচন কৰে দেশৰ প্ৰধানম্ত্ৰীয়ে। মেক ইণ্ডিয়া আঁচনিৰ অধীনত উত্তৰ-পূৱলৈ ৫৩হাজাৰ কোটি টকাৰ আঁচনি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বুলিও তেখেতে প্ৰকাশ কৰে। নাহৰলগুণ-নতুন দিল্লীৰ মাজত বাতানুকূল এক্সপ্ৰেছৰ লগতে গুৱাহাটীলৈ ইণ্টাৰচিটি এক্সপ্ৰেছৰো যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। তেখেতে লগতে ১৩২ কিলোভল্ট ট্ৰেন্সমিছন লাইনৰো আধাৰশিলা স্থাপন কৰাৰ সুখবৰ। 

৫. দেশৰ পেট্ৰলিয়াম মন্ত্ৰালয়ত চৰকাৰী নথি-পত্ৰৰ চুৰি চক্ৰৰ উদঘাটন। প্ৰাক্তন সাংবাদিক শান্তনু শইকীয়া সহ বাৰজনক আটক, বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়াও গ্ৰেপ্তাৰ। এনে ঘটনাত জড়িত সকলক কোনো ধৰণৰ ৰেহাই দিয়া নহব বুলিও আজি ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে। 
৬. দৰং জিলাৰ ঐতিহ্যমণ্ডিত ব্যাসপাৰা প্ৰাথমিক বিদ্যালয়ে ভৰি দিলে ১৭৫ বছৰত। ১৫ ফেব্ৰুৱাৰীত বিদ্যালয় প্ৰাংগণত প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু ৰাইজৰ উপস্থিতিত ১৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতা, সমবেত সংগীত পৰিবেশন, কবিতা পাঠ, যাদু প্ৰদৰ্শন, ছোৱালী ওজাপালি প্ৰদৰ্শনৰ আয়োজন কৰা হয়। লগতে স্থানীয় বিধায়ক বিনন্দ শইকীয়াই বিদ্যালয় চৌহদৰ পকী দেৱালৰ আধাৰশিলা স্থাপন কৰে। 

৭. অসমীয়া উপন্যাস সাহিত্য তথা লোক-সংস্কৃতিৰ অধ্যয়ন ক্ষেত্ৰখনক সমৃদ্ধি প্ৰদান কৰি যোৱা ডঃ বিৰিঞ্চ কুমাৰ বৰুৱাৰ ৰচনাৱলীৰ তিনিটা খণ্ড কাইলৈ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হব গুৱাহাটীৰ ছয়মাইলৰ হোটেল লিলিত। হোমেন বৰগোহাঞি, প্ৰাক্তন ন্যায়াধীশ ডঃ মুকুন্দকাম শৰ্মা আৰু ডঃ লক্ষ্মীনন্দন বৰা ডাঙৰীয়াই, ডঃ নগেন শইকীয়াই সম্পাদনা কৰা তিনিওটা খণ্ড উন্মোচন কৰিব। প্ৰথম খণ্ডত সৃষ্টিশীল ৰচনা, দ্বিতীয় খণ্ডত সাহিত্য-সংস্কৃতি সম্পৰ্কীয় ৰচনা সম্ভাৰ আৰু তৃতীয় খণ্ডত ইংৰাজী গ্ৰন্থ আৰু ৰচনা সম্ভাৰ সংকলিত কৰা হৈছে। সাহিত্যিক বৰুৱাদেৱৰ জ্যেষ্ঠপুত্ৰ বৈজয়ন্ত বৰুৱাৰ “মাই দে’জ এট ছেইণ্ট এডমাণ্ডছ” নামৰ গ্ৰন্থখনিও লগতে উন্মোচন কৰা হব। 

৮. অহা ২০২০চনৰ ভিতৰতে প্ৰযুক্তি সংস্থা এপ’লে বজাৰলৈ আনিব প্ৰদূষণমুক্ত আই-কাৰ! ইয়াৰ বাবে গৱেষণা জোৰদাৰ কৰি তোলা সংস্থাটোৱে উন্নতৰ বেটেৰী বিকাশ কৰাৰ বাবে বিশ্বৰ আগশাৰীৰ বিশেষজ্ঞ সকলক লৈ গৱেষকৰ দল গঢ়ি তোলাৰ বাবে উদ্যোগ হাতত লোৱাৰ সুখবৰো প্ৰকাশ পাইছে। 

৯. ভাৰতত সকলো ধৰ্মৰে লোকসকলক নিজৰ নিজ বিশ্বাস অনুসৰি সুৰক্ষিত ৰূপত ধৰ্ম চৰ্চা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিশ্চিতি প্ৰদান কৰিব তথা সংখ্যালঘু অথবা সংখ্যাগুৰু কোনো সম্প্ৰদায়কে ধৰ্মৰ ভিত্তি ঘৃণা বিয়পাবলৈ দিয়া নহব বুলি প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে দিল্লীত দিয়া ভাষণক আদৰণি জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক ওবামাই বিজ্ঞপ্তি জাৰি কৰিছে। উল্লেখযোগ্য যে সাম্প্ৰতিকভাৱে ভাৰতত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধিৰ বিষয়ত মন্তব্য কৰি বৰাক ওবামাই সংবাদ শিৰোনাম দখল কৰিছিল। 

১০. উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলন আৰু পংকজ দত্ত সোঁৱৰণী মঞ্চই প্ৰতিবছৰে প্ৰদান কৰি অহা কবি পংকজ দত্ত সোঁৱৰণী বঁটা কালি যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত বিশিষ্ট কবি চৈয়দ পাৰভিজ হুছেইনক প্ৰদান কৰা হয়। সদৌ অসম কবি সন্মিলনৰ সভাপতি ডঃ মানিক শইকীয়াই পৌৰাহিত্য কৰা সভাখনত পাঁচ হাজাৰ টকা, গামোচা, পিতলৰ জাপি আৰু গ্ৰন্থৰ টোপোলা সহ এই বঁটা প্ৰদান কৰা হয়।

No comments:

Post a Comment