এখন ঈশ্বৰ বিহীন পৃথিৱীৰ সন্ধানত
দীপাংকৰ মল্ল বৰুৱা
মানুহে দেখা নোপোৱা কোনোবা এঠাইত, আকাশৰ পৰা বহুত ওপৰত হেনো এজন সৰ্ব শক্তিমান ঈশ্বৰ আছে। সেইজন ঈশ্বৰে হেনো মানুহকে ধৰি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে। এই বিশ্ব ব্ৰহ্মাণ্ড, জীৱ জন্তু, গছ গছনি কেনেদৰে সৃষ্টি হ’ল এতিয়ালৈ তাৰে সঠিক আঁতি গুৰি উলিয়াব নোৱাৰা মানৱজাতিৰ বাবে সৃষ্টিকৰ্তা ঈশ্বৰ এজনৰ কল্পনাই হ’ল নিজকে প্ৰবোধ দিয়াৰ আটাইতকৈ সহজ উপায়। যিবোৰ কথাৰ সন্তোষজনক বৈজ্ঞানিক ব্যাখ্যা নাই, সেইবোৰৰ আঁৰত ঈশ্বৰ আছে বুলি ভাবি মানুহে সন্তুষ্টি লাভ কৰে। ঈশ্বৰৰ ধাৰণাটো মানুহ সভ্য হৈ অহাৰ লগে লগে বিশ্বৰ বিভিন্ন ঠাইত বেলেগ বেলেগ ধৰণে আৰম্ভ হৈছিল। স্বাভাৱিকতে নেদেখা ঈশ্বৰ জনাৰ বিষয়ে মানুহে বিভিন্ন জল্পনা কল্পনা কৰিছিল। কথাতে কয় বোলে ভক্ত যেনে, ভগৱানো তেনে।
বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লোক সকল ভিন ভিন সময়ত তেওঁলোকৰ ভিন ভিন লোক বিশ্বাস, ৰীতি-নীতি আৰু সংস্কাৰ অনুসৰি বিভিন্ন ধৰণে ঈশ্বৰৰ কল্পনা কৰি ল’লে। সেই সময়ৰ নেতৃস্থানীয় মানুহবোৰে দেখিলে যে ঈশ্বৰৰ ধাৰণাটোৰ জৰিয়তে মানুহৰ মাজত কিছুমান সামাজিক নীতি নিয়ম আৰু শৃংখলাবদ্ধতা আৰোপ কৰাটো সহজ। সেয়েহে ঈশ্বৰৰ ধাৰণাটো অতি সোনকালে বিভিন্ন বিশ্বৰ বিভিন্ন স্থানত জনপ্ৰিয় হৈ উঠিল। সময়ৰ লগে লগে বিশ্বৰ বিভিন্ন অঞ্চলত কিছুমান ঈশ্বৰৰ দূত বা অৱতাৰী পুৰুষৰ আৱিৰ্ভাৱ হ’ল। এই সকল লোকে নিজৰ জ্ঞান আৰু বুদ্ধিৰে ঈশ্বৰৰ ধাৰণাটোৰ এক ষ্পষ্ট ৰূপ দিবলৈ প্ৰয়াস কৰিলে। নানান অলৌকিক কাহিনীৰ অৱতাৰণা হ’ল। দৈৱবাণী সম্বলিত বিভিন্ন বাণী প্ৰচাৰিত হ’ল, ধৰ্ম গ্ৰন্থৰ ৰচনা হ’ল। অৱতাৰী পুৰুষ সকলৰ ঈশ্বৰৰ লগত সম্পৰ্কৰ বিষয়েও নানান অলৌকিক কাহিনীও প্ৰচাৰিত হ’ল।
এইদৰেই বিভিন্ন সময়ত বিশ্বৰ বিভিন্ন ঠাইত নানান ধৰ্ম আৰু নানান ঈশ্বৰে ভূমুকি মাৰিলে। কোনো দিনে হাতী নেদেখা চাৰিজন মানুহক যদি হাতী এটাৰ বৰ্ণনা দি ছবি আঁকিবলৈ দিয়া হয়, স্বাভাৱিকতে চাৰিওজনে নিজৰ নিজৰ কল্পনা অনুসৰি চাৰিটা বিভিন্ন জন্তু আঁকিব, কিন্তু সাইলাখ হাতীটো কোনেও আঁকিব নোৱাৰিব। সেইদৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ মানুহে নিজৰ নিজৰ কল্পনা তথা জ্ঞান, দক্ষতা অনুসৰি কোনোদিনে নেদেখা ঈশ্বৰ জনৰ ভিন ভিন আৰ্হি আৰু নমুনা সৃষ্টি কৰি ল’লে। কোনোবাজনে শ্ৰীকৃষ্ণ, কোনোবাজনে আল্লাহ, কোনোবাজনে যীশু, কোনোবাজনে যেহোৱা আদি নানান জন ঈশ্বৰ মানুহে সৃষ্টি কৰি ল’লে।
কিন্তু আমোদজনক কথা হ’ল সকলোকে সৃষ্টি কৰা এজন সৰ্বশক্তিমান ঈশ্বৰৰ কথা পাহৰি মানুহ মত্ত হ’ল নিজে সৃষ্টি কৰা বিভিন্নজন ঈশ্বৰক সন্তুষ্ট কৰা কামত। মন কৰিবলগীয়া কথা এয়ে যে মানুহক সামাজিক ভাৱে একত্ৰিত কৰিবলৈ বিশ্বৰ বিভিন্ন ঠাইত গাইগুটিয়াকৈ সৃষ্টি হোৱা ঈশ্বৰৰ কল্পনাই পিছলৈ মানুহৰ মাজত বিভাজনৰ কাৰণ হৈ পৰিল। আদিতে বিচ্ছিন্ন হৈ থকা মানুহবোৰ পৰৱৰ্তী সময়ত সংমিশ্ৰিত সমাজত বাস কৰিবলৈ ল’লে। বিশ্বৰ সকলো ঠাইতে মানুহবোৰ নিজৰ নিজৰ ঈশ্বৰ অনুসৰি বিভক্ত হ’ল বেলেগ বেলেগ শিবিৰত। প্ৰতিটো শিবিৰৰ মানুহে দাবী কৰিবলৈ ল’লে যে তেওঁলোকে কল্পনা কৰা ঈশ্বৰ জন আনবোৰ শিবিৰৰ কল্পিত ঈশ্বৰতকৈ বেছি শক্তিশালী বা প্ৰভাৱশালী।
আমোদজনক কথা এয়ে যে এসময়ত এই সমষ্ট বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি কল্পনা কৰা এজন সৰ্ব শক্তিমান ঈশ্বৰৰ কৰ্তৃত্বক ভেঙুচালি কৰি প্ৰতিটো শিবিৰৰ মানুহে ঈশ্বৰক নিজৰ নিজৰ শিবিৰৰ মাজত আৱদ্ধ কৰিবলৈ ল’লে। আনকি প্ৰতিটো শিবিৰৰ মানুহ নিজৰ নিজৰ ঈশ্বৰৰ ৰক্ষক আৰু ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হ’ল। নিজৰ নিজৰ ঈশ্বৰৰ শ্ৰেষ্ঠত্ব ৰক্ষা কৰিবলৈ বিভিন্ন শিবিৰৰ মানুহৰ মাজত যুদ্ধ বিগ্ৰহ আৰম্ভ হ’ল। এটা তথ্য অনুসৰি এতিয়ালৈ পৃথিৱীত সাধাৰণ যুদ্ধত যিমান মানুহৰ মৃত্যু হৈছে, তাতকৈ বহুত বেছি মানুহৰ মৃত্যু হৈছে ঈশ্বৰৰ কাৰণে হোৱা যুদ্ধ বা সংঘৰ্ষত। মানুহৰ মাজত শান্তি আৰু শৃংখলাবোধ জগাই তোলাৰ বাবে যি ঈশ্বৰৰ কল্পনা কৰা হৈছিল, সেই ঈশ্বৰেই হৈ পৰিল মানুহৰ মাজত বিভাজন আৰু শত্ৰুতাৰ কাৰণ। একোজন কল্পনা প্ৰসূত ঈশ্বৰৰ নামত মানুহ হৈ পৰিল হিংসুক, হত্যাকাৰী।
কেৱল নিজৰ নিজৰ ঈশ্বৰৰ প্ৰতি নিজৰ আনুগত্য দেখুৱাবলৈ গৈ পাহৰি গ’ল মানুহৰ আটাইতকৈ ডাঙৰ ধৰ্ম – মানৱ ধৰ্ম বা মানবীয়তা। এই কথাও সেই সকলৰ আয়ত্বৰ বাহিৰলৈ ওলাই গ’ল যে ধৰ্ম মানে কেৱল নিজৰ ঈশ্বৰ বা সেই ঈশ্বৰ বিশ্বাসী সকলৰ প্ৰতি অন্ধ সমৰ্পন নহয়, বৰং ধৰ্ম হ’ল ঈশ্বৰ সৃষ্ট প্ৰতিজন মানুহৰ প্ৰতি থকা সহমৰ্মিতা, আবেগ, অনুভূতি যিবোৰ হ’ল মানুহৰ স্বাভাৱিক ধৰ্ম। প্ৰতিজন মানুহে পৃথিৱীত একোজন দেৱশিশু হৈ ওপজে। শিশু এটাৰ মাজত মানৱীয় গুণ সমূহ ভৰপূৰ হৈ থাকে। সেয়েহে বিশ্বৰ যিকোনো দেশৰ, যিকোনো ভাষাৰ, যি কোনো সংস্কৃতিৰ দুটা শিশুৱে এটাই আনটোৰ ভাষা নুবুজিলেও একেলগে খেলিব পাৰে, ফূৰ্তিত মচগুল হ’ব পাৰে। এটা শিশুৰ মাজত দেখিবলৈ পোৱা মানৱীয় গুণ সমূহ যি সকল বয়ষ্ক লোকৰ মাজত থাকে সেই সকল হে প্ৰকৃততে ধাৰ্মিক লোক। ৰাতিপুৱা গধুলি পূজা কৰি, দিনটোত পাঁচবাৰ নামাজ পঢ়ি যদি সকলো মানুহকে শিশু সুলভ মানসিকতাৰে সহজ ভাৱে সমভাৱে গ্ৰহণ কৰিব পৰা নাযায়, তেনেহ’লে তেনে ধৰ্ম আচৰণ নিৰৰ্থক।
আচলতে ধৰ্ম বা ঈশ্বৰৰ নামত আন মানুহক ঘৃণা কৰাটো সৰ্ব শক্তিমান সৃষ্টিকৰ্তা ঈশ্বৰৰ প্ৰতি কৰা চূড়ান্ত অপমান। ধৰ্মীয় বিশ্বাস মতেই যিজন ঈশ্বৰ সকলো মানুহৰে পিতৃ স্বৰূপ, সেইজন ঈশ্বৰে নিজৰ এজন সন্তানে আন এজন সন্তানক ঘৃণা কৰাটো, হত্যা কৰাটো কেতিয়াও সমৰ্থন কৰিব নোৱাৰে। ধৰ্ম বিষয়টো অতি কম পৰিসৰৰ গণ্ডীৰ মাজত আৱদ্ধ কৰি ৰখাৰ আঁৰত তথাকথিত ধৰ্মগুৰু বা ঈশ্বৰৰ এজেণ্ট সকলৰ যথেষ্ট অৰিহণা আছে। ধৰ্মই মানুহক উদাৰ আৰু সহনশীল কৰাৰ বিপৰীতে হিংসুক আৰু সন্দেহবাদী কৰি তোলাৰ মূল কাৰণ হ’ল তথাকথিত ঈশ্বৰৰ এজেণ্ট সমূহৰ ভুল শিকনি আৰু নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কৰা ধৰ্মৰ অপব্যৱহাৰ। ঈশ্বৰৰ নামত মানুহৰ মাজত বিভাজন সিঁচি দি এইসকল লোকে ধৰ্মৰ ব্যৱসায় কৰি নিজৰ জীৱিকা উলিয়াই আছে। মানুহ ধৰ্মৰ বিষয়ত যথেষ্ট ষ্পৰ্শকাতৰ আৰু সংবেদনশীল। কিন্তু একে সময়তে মানুহ এই বিষয়ত অজ্ঞ আৰু অন্ধ বিশ্বাসী। ধৰ্মৰ নামত মানুহে বৈজ্ঞানিক বিশ্লেষণ নকৰাকৈয়ে কিছুমান তথাকথিত দৈৱ বাণী বা ধৰ্মগুৰুৰ বাণী অলংঘণীয় সত্য বুলি বিশ্বাস কৰে। আনকি ধৰ্ম আৰু ঈশ্বৰক ৰক্ষা কৰিবলৈ প্ৰাণ পৰ্যন্ত বিসৰ্জন দিবলৈ এচাম মানুহে কুণ্ঠাবোধ নকৰে। ইয়াৰে সুবিধা গ্ৰহণ কৰি বিভিন্ন দেশৰ চোৰাংচোৱা আৰু ৰাজনৈতিক শক্তিবোৰেও ধৰ্মৰ ব্যৱসায়ী সকলক প্ৰশ্ৰয় দি আহিছে, ঈশ্বৰ আৰু ধৰ্মৰ নামত মানুহক যুদ্ধত প্ৰবৃত্ত কৰাইছে।
মানুহক আবেগিক আৰু উত্তেজিত কৰাৰ বাবে ঈশ্বৰ আৰু ধৰ্মই হ’ল আটাইতকৈ সহজ উপায়। উল্লেখ্য যে ৰাজকুমাৰ হিৰাণী পৰিচালিত আৰু আমিৰ খান অভিনীত ছবি ‘পিকে’ত এনেবোৰ বিষয়ৰ অৱতাৰনা কৰি হাস্য ব্যংগৰ মাজেৰে সমাজক এটা প্ৰয়োজনীয় বাৰ্তা দিবলৈ প্ৰয়াস কৰা হৈছে। অন্য গ্ৰহৰ পৰা অহা এজন মানুহ পিকেৰ ৰূপত আমিৰ খানে দুৰ্দান্ত অভিনয় কৰা ছবিখনে নি:সন্দেহে ধৰ্ম, ধৰ্মবিশ্বাস আৰু ভগৱানৰ বিষয়ে মানুহক নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে। ধৰ্ম আৰু ভগৱানৰ প্ৰভাৱৰ বিষয়ে সমগ্ৰ বিশ্বজুৰি তোলপাৰ লাগি থকা সময়ত এই ছবিখন নি:সন্দেহে এখন ভাবোদ্দীপক, বাৰ্তাবাহক ছবিৰূপে পৰিণত হৈছে। ধৰ্মই যদি আমাৰ সমাজখন ভাঙি থান বান কৰিবলৈ ওলাইছে, বেলেগ বেলেগ ঈশ্বৰৰ উপস্থিতিৰ কাৰণেই যদি বিশ্বত ইমানবোৰ মৰা মৰি, হত্যা, সন্ত্ৰাসবাদ হ’ব লগীয়া হৈছে সেই সময়ত আমি ধৰ্ম আৰু ঈশ্বৰৰ কথা হয়তো নতুন ভাৱে চিন্তা কৰাৰ সময় আহি পৰিছে। ধৰ্মৰ নামত ঈশ্বৰৰ মাজত ভেদভাৱ নকৰি আন ধৰ্মৰ ঈশ্বৰৰ মাজতো নিজে বিশ্বাস কৰা ঈশ্বৰক বিচৰাটোহে প্ৰকৃত ধৰ্ম।
বিভিন্ন ধৰ্মৰ মানুহে ভেদ ভাৱ আঁতৰাই ধৰ্ম আৰু ঈশ্বৰৰ বিষয়ে মুকলি মনেৰে আলোচনা কৰিলে এই কথা সহজেই ওলাই পৰিব যে সকলো ধৰ্মৰ মূল কথাবোৰ আচলতে একেই। সকলো ধৰ্মই মানুহক ঈশ্বৰৰ ওপৰত আস্থা ৰাখি শান্তিপূৰ্ণ ভাৱে জীৱন অতিবাহিত কৰিবলৈ শিকনি দিয়ে। সকলো ধৰ্মৰ মানুহে যদি শান্তি সম্প্ৰীতিৰে বাস কৰা অসম্ভৱ হৈ পৰিছে, তেনে স্থলত এখন ধৰ্ম বা ঈশ্বৰহীন পৃথিৱীৰ কল্পনা কৰিব পৰা যায়নে? সেইখন পৃথিৱীত নিজৰ কামত নিস্থাৰে প্ৰবৃত্ত হৈ থকাই হ’ব ধৰ্ম আৰু প্ৰতিজন মানুহেই হ’ব ঈশ্বৰ। উল্লেখ্য যে বৰ্তমানো কোনো ধৰ্মৰ প্ৰতি আনুগত্য প্ৰদৰ্শন নকৰা নাস্তিক লোক বিশ্বত যথেষ্ট পৰিমাণে আছে। সেই সকল লোকে হয়তো ধৰ্মীয় উন্মাদনাৰ পৰা বহুদূৰ আঁতৰত অৱস্থান কৰে। প্ৰতিজন মানুহে যদি আন প্ৰতিজন মানুহক ঈশ্বৰ হিচাপে জ্ঞান কৰিবলৈ লয়, মানুহে দেখা নোপোৱা কোনোবা এঠাইত, আকাশৰ পৰা বহুত ওপৰত থকা সৰগ খন এই পৃথিৱীলৈ নামি নাহিব জানো?

No comments:
Post a Comment