সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শিক্ষানুষ্ঠান বিষয়ক মঞ্চৰ ৰূপত 
এক ৱেবচাইটৰ প্ৰয়োজনীয়তা 
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাবোৰত কৃতকাৰ্য হোৱা সকলোবোৰ ছাত্র-ছাত্রীয়ে নিজৰ পছন্দৰ পাঠ্যক্রম লৈ উচ্চশিক্ষা লাভ কৰিবৰ বাবে পৰ্যাপ্ত সংখ্যক শিক্ষানুষ্ঠান আমাৰ ৰাজ্যখনত নাই । তদুপৰি ,নতুন নতুন পাঠ্যক্রমৰ সকলোবোৰ বিষয় অসমৰ শিক্ষানুষ্ঠানসমূহত নাই । গতিকে, অসমৰ কিছুসংখ্যক ছাত্র-ছাত্রী প্রত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত উচ্চশিক্ষা লাভ কৰাৰ উদ্দেশ্যৰে যাবৰ বাবে বাধ্য হয় । কিন্তু, ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রী তথা অভিভাৱকসকলে নাজানে যে অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম পঢ়িব বাবে সুবিধা আছে । লগতে যোগ্যতা থাকিলেও বিভিন্ন কাৰণত কিছুমান ছাত্র-ছাত্রীয়ে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত উচ্চশিক্ষা লাভ কৰিবলৈ যাবৰ বাবে সক্ষম নহয়।

আমাৰ ৰাজ্যখনৰ কিছুমান শিক্ষানুষ্ঠানত কিছুমান পাঠ্যক্রমৰ আসন খালী থাকে কিন্তু এই বিষয়ে বহুতো ছাত্র-ছাত্রীয়ে গম নাপায় বা জনাৰ কোনো উপায় নাথাকে । এই সমস্যাৰ সমাধানৰ কাৰণে এটা ৱেবচাইট তৈয়াৰ কৰিলে ভাল হয় য’ত নেকি আমাৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত থকা শিক্ষানুষ্ঠানবোৰৰ যিবোৰত বিভিন্ন পাঠ্যক্রমৰ আসন খালী থাকে সেই কথা যাতে ৱেবচাইটত উপলব্ধ হয়। ইয়াৰ ফলত ছাত্র-ছাত্রী তথা অভিভাৱকসকল বিশেষ ভাবে উপকৃত হ’ব। 

No comments:

Post a Comment