পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ময়ূৰপংখী বাহনত উঠি ৰাইজৰ অভিবাদন গ্ৰহণ কৰিলে অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই। নতুন প্ৰজন্মক সাহিত্য সভাৰ মজিয়ালৈ আহিবলৈ আহ্বান জনোৱাৰ লগতে অসমীয়া ভাষাক কেন্দ্ৰ কৰিহে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি হব বুলি মত প্ৰকাশ কৰে, কালি কলিয়াবৰ অধিবেশনত। সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহক সফল ভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত সাহিত্য সভাক বিশেষ ভূমিকা গ্ৰহণ কৰাৰ বাবেও আহ্বান জনায়।

২. অসমৰ মহাবিদ্যালয় সমূহৰ অমঞ্জুৰিকৃত শিক্ষকৰ সমস্যাৰ সমাধানৰ পথ অচিৰেই বিচাৰি উলিয়াব বুলি ঘোষণা কৰিছে অসমৰ নতুন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীয়ে। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি বিষয়টো সমাধান কৰিব বুলিও তেখেতে প্ৰকাশ কৰিছে। 

৩. শিশু আলোচনী সঁফুৰাৰ টেলেণ্ট ডিছক’ভাৰি এণ্ড স্কলাৰশ্বিপ বৃত্তি পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থ সকলক লৈ অহা ৮ফেব্ৰুৱাৰীত কটন মহাবিদ্যালয়ৰ বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰাৰ কথা প্ৰকাশ পাইছে। মুখ্য অতিথিৰূপে ইয়াত অংশ লব বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই।

৪. অসম সাহিত্য সভাৰ চলিত অধিবেশনত লক্ষ্যধৰ চৌধুৰীদেৱৰ জন্ম- শতবাৰ্ষিকী উপলক্ষে কালি অনুষ্ঠিত হয় “ইউনিক’ড আৰু অসমীয়া ভাষাঃ সংশয় আৰু সম্ভাৱনা” শীৰ্ষক আলোচনা-সত্ৰ। উদ্বোধক ৰূপে অংশগ্ৰহণ কৰি ডঃ অমৰজ্যোতি চৌধুৰীয়ে নৱ-প্ৰজন্মক অসমীয়া লিপিৰে সাহিত্য চৰ্চা কৰি ইণ্টাৰনেট উপচাই দিবৰ বাবেও আহ্বান জনায়।

৫. দেশৰ লগতে অসমতো গোচৰ নিষ্পত্তিৰ প্ৰক্ৰিয়া খৰতকীয়া কৰা তথা তথ্য মজুতকৰণৰ বাবে অচিৰেই ই-কৰ্টৰ ব্যৱস্থা কৰা হব বুলি কালি গুৱাহাটীত ঘোষণা কৰে কেন্দ্ৰীয় আইন মন্ত্ৰী সদানন্দ গৌড়াই। দেশৰ মুঠ ২৮৭খন আদালতত ই-কৰ্টৰ ব্যৱস্থা হাতত লোৱা হৈছে আৰু ইয়াৰে ২৮৩খনৰ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ হৈছে। ইয়াৰ বাবে বছৰি চাৰি হাজাৰ কোটি টকা ব্যয় কৰিব বুলিও সুখবৰ প্ৰকাশ কৰিছে। 

৬. শেহতীয়াকৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস হোৱালৈ চাই ঘৰুৱা বিপণন কোম্পানীসমূহে যোৱা মাজৰাতিৰ পৰা পেট্ৰ’লত ২.৪২টকা আৰু ডিজেলত ২.২৫ টকাকৈ মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। বিমানৰ ইন্ধনৰ মূল্যও হ্ৰাস কৰাৰ ঘোষণাৰো খবৰ পোৱা গৈছে। 

৭. কাইলৈৰ পৰা ঢকুৱাখনাৰ নৰহৰি আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৪তম বাৰ্ষিক অধিবেশন। ২০ লক্ষাধিক ভক্তক আদিৰবলৈ প্ৰায় দুই কোটি টকাৰ বাজেটেৰে ৫৬খন উপ-সমিতিয়ে প্ৰচুৰ প্ৰচেষ্টা হাতত লোৱা বুলিও জানিব পৰা গৈছে। 

৮. বিশ্বৰ লগতে অসমতো আজি পালিত হৈছে বিশ্ব কৰ্কট ৰোগ দিৱস। এইবৰ্ষত ‘কৰ্কট ৰোগৰ প্ৰতিৰোধ, চিকিতসা আৰু আৰোগ্য সম্ভৱ’ বিষয়ক মূল বিষয়ৰূপে লৈ বাচি লোৱা হৈছে। এই উপলক্ষত গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত দিনজোৰা কাৰ্যসূচী আয়োজিত হৈছে। বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, জি এল আগৰৱালা, প্ৰফেছাৰ আই কে শৰ্মা, অভিনেতা কপিল বৰা আদিয়ে অংশ লব লগা অনুষ্ঠানত ৰাজ্যৰ কেইবাটাও স্বেচ্ছাসেৱী অনুষ্ঠানে সহযোগিতা কৰিছে। ধঁপাত সেৱনৰ অপকাৰিতাক লৈও প্ৰায় দুশ ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতামূলক কাৰ্যসূচীৰ আযোজন কৰা হৈছে। 

৯. গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত কালি ৫০৭ সংখ্যক মহাৰাজ নৰনাৰায়ণ আৰু ৫০৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস পালন কৰা হয়। বিজনীত আক্ৰাছু(বি)য়ে কেন্দ্ৰীয়ভাৱে পালন কৰে চিলাৰায় দিৱসৰ।

১০. ৰাজ্য চৰকাৰৰ মমতাময় আঁচনিৰ অধীনত হৃদপিণ্ডৰ জন্মগতি বিসংগতি থকা শিশু সকলৰ প্ৰথমটো দল কালি কলকাতা নাৰায়ণা হৃদয়ালয় অভিমুখে ৰাওনা হৈছে। এই বৰ্ষত ২৯১টা শিশুক প্ৰথম ভাগতে অস্ত্ৰোপচাৰৰ সুবিধা প্ৰদান কৰা হব। কলকাতালৈ দহজনীয়া দল কালি ৰাওনা হোৱাৰ বিপৰীতে অহা কাইলৈ বেংগেলুৰুলৈকো পোন্ধৰজনীয়া দল পঠিওৱা হব বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে।

No comments:

Post a Comment