নতুন পাঠ্যক্ৰম নতুন কেৰিয়াৰ
ড° বুলজিৎ বুঢ়াগোহাঁই
বৰ্তমান নতুন নতুন বিষয়ত পাঠ্যক্রম আৰম্ভ হৈছে আৰু এই নতুন পাঠ্যক্রমবোৰত শিক্ষা গ্রহণ কৰিলে নিয়োগৰ সুবিধা বেছি তথা প্রতিযোগিতা কম হয় । এতিয়া কথা হ’ল- এই নতুন পাঠ্যক্রমবোৰৰ বেছি ভাগে আমাৰ ৰাজ্যখনৰ শিক্ষানুষ্ঠানবোৰত নাই । গতিকে, কিছুসংখ্যক ছাত্র-ছাত্রীয়ে প্রত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত এই নতুন পাঠ্যক্রমবোৰত শিক্ষা লাভ কৰিব বাবে যায় আৰু বহুতে এই পাঠ্যক্রমবোৰত শিক্ষা গ্রহণ কৰি নিয়োগৰ সুবিধা লাভ কৰিছে।
কিন্তু আমাৰ ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রী তথা অভিভাৱকে এই নতুন পাঠ্যক্রমবোৰৰ বিষয়ে তথা এই পাঠ্যক্রমবোৰত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে নাজানে । আমি ভাবোঁ যিসকল ছাত্র-ছাত্রীয়ে এই নতুন পাঠ্যক্রমবোৰত শিক্ষা গ্রহণ কৰি আছে তথা যিসকলে ইতিমধ্যে এই নতুন পাঠ্যক্রমবোৰত শিক্ষা গ্রহণ কৰি নিয়োগৰ সুবিধা লাভ কৰিছে , সেই সকলে বাতৰি কাকত তথা আলোচনীবোৰত এই নতুন পাঠ্যক্রমবোৰৰ বিষয়ে সবিশেষ লিখিলে ভাল হয়। তেতিয়া অসমৰ বহুতো ছাত্র-ছাত্রী তথা অভিভাৱকসকল উপকৃত হ’ব। লগতে এটা কথা ক’ব বিছাৰিছোঁ যে অসমৰ টি ভি চেনেলবোৰেও এই নতুন পাঠ্যক্রমবোৰৰ বিষয়ে অনুষ্ঠান প্রচাৰ কৰিলে ভাল হয় ।

No comments:
Post a Comment