সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাহিত্য সভাঃ সমালোচনা নে সহযোগিতা শ্ৰেয়
ড° বুলজিৎ বুঢ়াগোহাঁই


অসম সাহিত্য সভাক কিছুমানে মাজে মাজে সমালোচনা কৰা চকুত পৰে।এই সমালোচনাবোৰৰ কিছুমান গঠনমূলক আৰু কিছুমান গঠনমূলক নহয়।এতিয়া কথা হ'ল-বাতৰি কাকত,আলোচনী তথা টিভিৰ চেনেলত অসম সাহিত্য সভাক সমালোচনা কৰি থকা সকলে সভাৰ সদস্য পদ গ্ৰহণ কৰি হাতে-কামে লাগি গলে ভাল হয়। কোনো এটা কাম কৰিবলৈ উপদেশ দিয়া যিমান সহজ কিন্তু কামটো বাস্তৱ ক্ষেত্রত এশ শতাংশ প্ৰয়োগ কৰা সিমান সহজ নহয়।

লগতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে অসম সাহিত্য সভাই কৰি থকা কামবোৰৰ বিষয়ে বহুতে নাজানে।অসম সাহিত্য সভাই ছ'চিয়েল নেটৱৰ্কিং ছাইটবোৰ ব্যৱহাৰ কৰিলে অসমৰ বাহিৰত থকা সকলৰ লগতে অনাঅসমীয়া মানুহেও সভাৰ বিষয়ে কিছু কথা জানিব পাৰিব। গতিকে, অসম সাহিত্য সভাই সভাৰ কামবোৰৰ বিষয়ে ৰাইজক জনোৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

No comments:

Post a Comment