গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মার্ক্সবাদৰ আদিপাঠঃ এখনি গ্রন্থ তালিকা
ময়ূৰ চেতিয়া

এই তালিকাখন কলেজ শিক্ষা আৰম্ভ কৰা ছাত্র-ছাত্রীৰ স্ব-অধ্যয়নৰ বাবে উপযোগী হোৱাকৈ গঠন কৰা হৈছে। এইখিনি পাঠ অধ্যয়ন কৰাৰ পাছত ব্যক্তিজনে নিজেই কাৰো সহায় নোলোৱাকৈ মার্ক্সবাদৰ চর্চা আগুৱাই নিব পাৰিব। পাঠসমূহৰ চমু পৰিচয় তলত আগবঢ়োৱা হৈছে।

1. Communist Manifesto

2. What is Marxism - Emile Burns (booklet)

3. Dialectical and Historical Materialism - Stalin (article)

4. Revolutionary Ideas of Karl Marx - Alex Callinicos (book)

5. History of Russian Revolution -Trotsky (book)

6. State and Revolution - Lenin (book)

7. Post Revolutionary Society - Paul Sweezy (book)

8. Bukharin’s Last Years: Roy Medvedev(article) New Left Review

9. Red Star Over China – Edgar Snow (book)

10. Planters Raj to Swaraj – Amalendu Guha (book)

11. Time, Work-Discipline and Industrial Capitalism – E P Thompson (article)

12. Kaliyuga, Chakri and Bhakti: Sumit Sarkar (article)

13. Reading Marx’s Capital – David Harvey (book)

14. Marxism and Literary Criticism – Terry Eagleton (booklet)

15. The Origins of Family, Private Property and State - Engels

Communist Manifesto বা সাম্যবাদী ইস্তাহাৰখনক মার্ক্সবাদৰ বাইবেল বুলি কব পাৰি। ইতিহাসবিদ এৰিক হবছবমৰ মতে মেনিফেষ্টোৰ দৰে সঠিক ভবিষ্যতবাণী কৰা গ্রন্থ খুউব কমেই আছে। সৌ তাহানিতে মার্ক্স-এংগেলছে ঘোষণা কৰিছিল যে পুঁজিবাদ এক বিশ্ব ব্যৱস্থাৰূপে চিহ্নিত হ’ব; পুঁজিৰ সমুখলৈ অহা সকলো চীনৰ দেৱাল উফৰাই পেলোৱা হ’ব। সেই চীন আজি বিশ্ব পুঁজি ব্যৱস্থাৰ মূল কাৰখানালৈ পৰিণত হৈছে। অৱশ্যে একে সময়তে মেনিফেষ্টোৱে আশা কৰাৰ দৰে আমূল বিপ্লৱ এতিয়াও সফল হোৱা নাই। তাৰ কাৰণ বিচাৰিবলৈ হলে অৱশ্যে অধিক পঢ়া শুনা কৰিব লাগিব। যি কি নহওঁক, পুঁজিবাদী-ব্যৱস্থাৰ গুৰিতে লুকাই থকা বিপ্লৱী সম্ভাৱনা তথা কমিউনিষ্টৰ লক্ষ্য বিষয়ক এইখনতকৈ চমৎকাৰ গ্রন্থ দ্বিতীয়খনি নাই। অৱশ্যে পাঠকে মন কৰা ভাল যে এইখন এখনি ঘোষণা পত্রহে। কাজেই মার্ক্সবাদী তত্ত্ব সম্পর্কে ভালকৈ জানিবলৈ হলে অন্যান্য গ্রন্থাদি পঢ়িব লাগিব।

What is Marxism, Dialectical and Historical Materialism - এই দুখন গ্রন্থত লেখকদ্বয়ে মার্ক্সবাদৰ সৰলীকৰণ কৰিবলৈ গৈ প্রায়েই বিভ্রান্তিমূলক তথা ভুল বিশ্লেষণ আগবঢ়াইছে। অৱশ্যে মার্ক্সবাদ সম্পর্কে একেবাৰেই জ্ঞান নথকা ব্যক্তিয়ে এই দুয়োখন কিতাপ পঢ়ি মতাদর্শটো সম্পর্কে কিছু ধাৰণা কৰিব পাৰিব। পোনেই জটিল কিতাপ পঢ়ি মার্ক্সবাদ শিকাত সাধাৰণতেই অসুবিধাৰ সৃষ্টি হয়। সেয়েহে এই দুয়োখনক তালিকাত স্থান দিয়া হৈছে। একেবাৰে সৰল আৰু সৰু সৰু কিতাপ। স্কুলীয়া ছাত্রয়ো বুজিব পাৰিব।

Revolutionary Ideas of Karl Marx – এইখন গ্রন্থ মার্ক্সৰ চমু জীৱনী হোৱাৰ লগতে বিভিন্ন মার্ক্সীয় ধাৰণাসমূহৰো সুন্দৰ ভাণ্ডাৰ বুলি কব পাৰি। প্রথম তিনিখন কিতাপ পঢ়াৰ পাছত এইখন পঢ়ক। (সদ্যহতে মই এই গ্রন্থখনৰ অসমীয়া অনুবাদ কৰি আছোঁ।)

History of Russian Revolution – ইতিহাসবিদ এৰিক হবছবমৰ মতে এতিয়ালৈকে ৰুছ বিপ্লৱ সম্পর্কে প্রত্যক্ষ অংশগ্রহণকাৰীসকলে নিজে লিখা কিতাপসমূহৰ ভিতৰত এইখনেই হৈছে শ্রেষ্ঠ গ্রন্থ। এখন অতি সুন্দৰ কিতাপ।

[স্তালিনৰ তত্ত্বাৱধানতো History of the CPSU –Short Course (Bolshevik) বোলা কিতাপ এখন লিখা হৈছিল। দুয়োখন কিতাপকে আগ্রহী পাঠকে তুলনা কৰি পঢ়ি চাব পাৰে। আন কাৰোবাৰ পৰা স্তালিন-ট্রটস্কী বিতর্ক সম্পর্কে বুজ লোৱাতকৈ এই দুখন কিতাপ নিজে পঢ়িলেই বিষয়টো সম্পর্কে কিছু স্পষ্টতা লাভ কৰিব পৰা যাব। ]

State and Revolution গ্রন্থখনিত লেনিনে বিপ্লৱৰ পাছৰ কালত ৰাষ্ট্রই কেনেধৰণৰ ৰূপ লব – এই সম্পর্কে কিছু কথা আলোচনা কৰিছে। ঠিক তেনেকৈয়ে পল চুইজীয়ে Post Revolutionary Society গ্রন্থখনিত সমাজবাদৰ কিছু সমস্যা সম্পর্কে আলোচনা কৰিছে। দুয়োখন সহজ কিতাপ। পাঠকে সমাজবাদৰ আর্হি, চোভিয়েট মডেল বনাম চীনৰ মডেল, গণতন্ত্রৰ সমস্যা আদি নানান বিষয়ক প্রশ্ন আৰু বিতর্কৰো কিছু ভু লব পাৰিব।

Bukharin’s Last Years এখন হৃদয়স্পর্শী ৰছনা। স্তালিনৰ আমোলাতান্ত্রিক সন্ত্রাসৰ সময়ছোৱাত এইজনা মহান ৰুছ বিপ্লৱীৰ শেহৰ দিন কেইটা সম্পর্কে এখনি জীৱন্ত ছবি অংকণ কৰা হৈছে। পাঠকে ইয়াত সেই সময়ৰ চোভিয়েট ইউনিয়নৰ এখন সঁচা ছবি বিচাৰি পাব।

Red Star Over China গ্রন্থখন এখন এডভেঞ্চাৰপূর্ণ উপন্যাসৰ দৰে। কিতাপখনত চীন বিপ্লৱৰ পৰিক্রমাৰ এক প্রত্যক্ষ বর্ণনা আগবঢ়োৱা হৈছে। পঢ়ি বেয়া পোৱাৰ প্রশ্নই নুঠে।

মার্ক্সবাদী তত্ত্বক ইতিহাস লেখনৰ ক্ষেত্রত কেনেদৰে সৃষ্টিশীলভাৱে প্রয়োগ কৰিব পাৰি –তাৰ জীৱন্ত উদাহৰণ হৈছে ই পি থমচন তথা সুমিত চৰকাৰৰ প্রবন্ধকেইটা; এবাৰ পঢ়িলে জীৱনলৈ পাহৰিব নোৱাৰি। ‘এলাহ’ৰ বিষয়েও যে মার্ক্সবাদী ব্যাখ্যা থাকিব পাৰে – তাৰ অবিশ্বাস্য উদাহৰণ পাব!

আনহাতে Planters Raj to Swaraj হৈছে অসমৰ ইতিহাস বিষয়ক একমাত্র উচ্চ মানৰ মার্ক্সবাদী গ্রন্থ। পাছলৈ বহুতেই মার্ক্সবাদী পদ্ধতিৰে অসমৰ ইতিহাস সম্পর্কে লিখিবলৈ চেষ্টা কৰিছে যদিও সফল হব পৰা নাই (শেহতীয়াভাৱে অসমৰ ইতিহাস সম্পর্কে দ্বিতীয়খন উচ্চ মানৰ কিতাপ ওলাইছেঃ Empires Garden: লেখিকা জয়িতা শর্মা। আগ্রহী পাঠকে পঢ়ি চাব পাৰে)।

মার্ক্সৰ ডাছ কেপিটেল গ্রন্থখন বুজা সহজ নহয়; সেয়েহে পাঠকে ডেভিদ হার্ভেৰ Reading Marx’s Capital কিতাপখনৰ পৰা আৰম্ভ কৰক। সৰল তথা অতি ভাল কিতাপ। যোৱা চল্লিছ বছৰ ধৰি হার্ভেয়ে ছাত্র-ছাত্রীক ডাছ কেপিটেল পঢ়ুৱাই আহিছে।

সাহিত্যচর্চা আৰু মার্ক্সবাদ সম্পর্কে টেৰী ইগলটনৰ সৰু কিতাপখন পঢ়ক। পৰিয়াল, ৰাষ্ট্র, পিতৃতন্ত্র, ব্যক্তিগত সম্পত্তি আদি কেনেদৰে উদয় হল – এই বিষয়ে এংগেলছৰ 
কিতাপখন পঢ়ক। দুয়োখনেই অতি গুৰুত্বপূর্ণ কিতাপ। সদ্যহতে ইমানেই। আপোনাৰ প্রশ্ন, পৰামর্শ আশা কৰিলোঁ।

No comments:

Post a Comment