তথ্য-প্ৰযুক্তিৰ প্ৰয়োগ হওক অসম সাহিত্য সভাত
প্ৰতিম প্ৰতাপ বৰুৱা
জাতিৰ প্ৰতি দায়বদ্ধ, জাতীয় প্ৰয়োজনৰ সময়ত দিক-নিৰ্দেশনা দিব পৰাকৈ বৌদ্ধিকভাৱে সক্ষম এটা জাতীয় অনুষ্ঠানৰ প্ৰতি জাতিটোৰ প্ৰায় প্ৰতিজনৰে এটা বুজাব নোৱাৰা টান থাকে। সেই অনুষ্ঠানটোকলৈ সমগ্ৰ জাতিটোৱে গৌৰৱ কৰে, অভিমান কৰে। সেই সংগঠনটো যদি অসম সাহিত্য সভা হয়, তেন্তে সেই গৌৰৱ, অভিমানে সীমা চুব খোজে। ব্যক্তিগতভাৱে আমি জীৱনৰ বেছিভাগ ক্ষেত্ৰতে আৱেগিক নহয় যদিও অসম সাহিত্য সভাৰ প্ৰতি আমি সকলো সময়তে এক আৱেগিক টান অনুভৱ কৰো। প্ৰায় সকলো অসমীয়াই সাহিত্য সভাৰ প্ৰতি এই আৱেগিক টানটো অনুভৱ কৰে বুলি আমাৰ বিশ্বাস।
আমি এটা কথাত অতি গৌৰৱবোধ কৰো যে অসম সাহিত্য সভাৰ দৰে জাতিটোৰ প্ৰতিজনে গৌৰৱ আৰু অভিমান কৰিব পৰা অনুষ্ঠান অসমীয়াৰ বাদে আন কোনো জাতিৰ মাজত নাই। চিৰ চেনেহী মোৰ ভাষা জননীৰ সন্মান অক্ষুন্ন ৰখাৰ প্ৰশ্ন আহিলেই অথবা আমাৰ মাতৃভাষাৰ শুদ্ধতাৰ প্ৰতি সংকট অহা দেখিলেই আমি আশাৰে চাওঁ অসম সাহিত্য সভালৈ। অসমীয়া ভাষাটো বৰ্তমান শুদ্ধতাৰ সংকটত ভূগিছে, অসমীয়া ভাষাৰ ভবিষ্যত সংকটজনক, এইদৰে থাকিলে এদিন আমাৰ ভাষাটো বিলুপ্ত হৈ যাব পাৰে আদি মন্তব্যবোৰ শুনিলে আমি দৃঢ়তাৰে বিশ্বাস কৰিবৰ মন যায় যে অসমীয়া ভাষাটো হয়তো সাময়িকভাৱে কিছু (শুদ্ধতাৰ) সংকটত ভূগিছে, কিন্তু আমাৰ মাতৃভাষাটো ভবিষ্যতে কেতিয়াবা বিলুপ্ত হোৱাটো সুদূৰেই, আনকি আমাৰ মাতৃভাষাটোৰ ভবিষ্যত সংকটজনকো নহয় – কাৰণ অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান অসমীয়াৰ বাদে আন জাতিৰ মাজত নাই।
এনে এটা অনুষ্ঠানে শতবৰ্ষ অতিক্ৰম কৰিবলৈ গৈ আছে – এয়া আমাৰ জাতীয় গৌৰৱ। ভাৰতৰ, আনকি পৃথিৱীৰ যিকোনো ঠাইৰ যিকোনো মানুহেই আমাৰ অসম সাহিত্য সভাৰ প্ৰায় ১০০ বছৰীয়া ইতিহাস জানিবলৈ পালে আচৰ্য্যবোধ কৰিব আৰু সেই আচৰ্য্যবোধক আমি অসমীয়াই নিজৰ গৌৰৱ হিচাপে লৈ এই অনুষ্ঠানটিক সুৰক্ষা দিয়াৰ লগতে ইয়াৰ পৱিত্ৰতা, দায়বদ্ধতা আৰু উদ্দেশ্যক ৰক্ষা কৰাটো এক অৱশ্যে পালনীয় দায়িত্ব হিচাপে লোৱা উচিত। অৱশ্যে লগতে এইটোও অনস্বীকাৰ্য্য যে এই দায়িত্ব আমাৰ দৰে সাধাৰণজনতকৈ সাহিত্য সভাৰ যিকোনো বিষয়বাবৰ দায়িত্বত থকাসকলৰ অলপ হলেও বেছি।
সাহিত্য সভাই শতবৰ্ষ অতিক্ৰম কৰিবলগীয়া এই সন্ধিক্ষণত আমি এজন চিকিৎসক-সাহিত্যিক-প্ৰশাসকক সভাপতি হিচাপে পাইছো। “দ্বিতীয় মহাসমৰ” নামৰ কিতাপখনৰ জৰিয়তে কম বয়সতে আমি ডা: ধ্ৰুৱজ্যোতি বৰাৰ সৈতে পৰিচিত হৈ পৰিছিলো। সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ তেখেতে বিভিন্ন মাধ্যমৰ জৰিয়তে নিজৰ যিখিনি পৰিকল্পনাৰ কথা কৈছে সেইখিনিক লৈ আমি যথেষ্ট উৎসাহিত অনুভৱ কৰিছো। নৱ-প্ৰজন্মক সাহিত্য সভাৰ কাষ চপাই অনা, সভাৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াটোলৈ স্বচ্ছতা অনা, কাৰ্য্যনিৰ্বাহকৰ সভাত সংবাদ-মাধ্যমৰ উপস্থিতিৰ অনুমতি দিয়া, ১০০ খন শ্ৰেষ্ঠ ইংৰাজী কিতাপৰ অসমীয়ালৈ অনুবাদৰ কাম হাতত লোৱা, ই-কিতাপৰ প্ৰকাশ ইত্যাদি পৰিকল্পনাবোৰ কাৰ্য্যকৰী হ’লে সেইবিলাকে যে অসম সাহিত্য সভাৰ লগতে অসমীয়া ভাষা-সাহিত্যলৈকো বৰ্তমান সময়ত অতি প্ৰয়োজনীয় হৈ পৰা পৰিবৰ্তনখিনি আনিব তাত কোনো সন্দেহ নাই। কিন্তু ইয়াৰ লগতে আৰু কেইটামান কামৰ পৰিকল্পনা কৰাৰ আৰু তাক কাৰ্য্যকৰী কৰাৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰো।
বৰ্তমানৰ যুগটো হ’ল তথ্য-প্ৰযুক্তিৰ যুগ। তথ্য-প্ৰযুক্তিৰ অবিহনে আজি আমাৰ জীৱন কল্পনাই কৰিব নোৱাৰি। যিকোনো প্ৰশাসনিক কামলৈ স্বচ্ছতা অনাত তথ্য-প্ৰযুক্তিৰ অৱদানেই সকলোতকৈ বেছি – এইটো আজিৰ যুগত সকলোৱে মানি লোৱা সত্য। আমি আহ্বান জনাও অসম সাহিত্য সভাৰ সকলো কামতে, বিশেষকৈ সকলো আৰ্থিক লেনদেন, নিবিদা আহ্বান আদি কামবোৰত, তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হওক। লগতে অসম সাহিত্য সভাৰ নিজাকৈ এটা পূৰ্ণাংগ ৱেবচাইট থকাটো আৰু সেই ৱেবচাইটটো সকলো সময়তে সাহিত্য সভা সম্পৰ্কীয় সকলোবোৰ শেহতীয়া তথ্যৰে আপডেট হৈ থকাটো আজি সময়ৰ আহ্বান। এটা পূৰ্ণাংগ ৱেবচাইট অবিহনে আজিৰ যুগত অসম সাহিত্য সভাই পৃথিৱীৰ সৰ্বত্ৰ বিয়পি থকা অসমীয়া সকলৰ সৰহ সংখ্যকৰে কাষ চাপিব নোৱাৰিব।
নৱনিৰ্বাচিত সভাপতিয়ে ১০০ খন শ্ৰেষ্ঠ ইংৰাজী ভাষাৰ কিতাপ অসমীয়ালৈ অনুবাদ কৰোৱাৰ পৰিকল্পনা লৈছে। এয়া এক অতি প্ৰয়োজনীয় আৰু প্ৰশংসনীয় পৰিকল্পনা। কিন্তু একে সময়তে আমি আহ্বান জনাও যে ১০০ খন শ্ৰেষ্ঠ অসমীয়া ভাষাৰ কিতাপো ইংৰাজী আৰু হিন্দী ভাষালৈ অনুবাদ কৰোৱাৰ পৰিকল্পনা কৰা হওক। অসমীয়া সাহিত্য আৰু অসমীয়া সাহিত্যিকসকলক আন ভাষাৰ পাঠকসকলৰ লগত পৰিচয় কৰাই দিয়াটোও সমানে প্ৰয়োজনীয় কাম বুলি আমি অনুভৱ কৰো। অসমীয়া ভাষাত ই-কিতাপ প্ৰকাশ কৰিব খোজা পৰিকল্পনাটো সময়োপযোগী। একেসময়তে কপিৰাইটৰ আইন মানি পুৰনি মূল্যবান অসমীয়া কিতাপবোৰ ইউনিক’ডলৈ ৰূপান্তৰ কৰি সেই কিতাপবোৰ ইলেকট্ৰনিকভাৱে চিৰদিনলৈ সংৰক্ষণ কৰিব পৰাকৈ আৰু সকলোৱে পঢ়িব পৰাকৈ এটা অসমীয়া সাহিত্যৰ ডিজিটেল লাইব্ৰেৰীৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিবলৈকো আমি নবনিৰ্বাচিত সভাপতিক আহ্বান জনালো। এখন সময়-সীমা বান্ধি দিয়া উপয্ক্ত আঁচনি ল’লে এই ক্ষেত্ৰত অসম সাহিত্য সভাক সহায় কৰিবলৈ দেশে-বিদেশে বিয়পি থকা আৰু কম্পিউটাৰৰ আৰু ইউনিক’ডৰ জ্ঞান থকা ইচ্ছুক অসমীয়া লোকৰ অভাৱ নহ’ব। সাহিত্য সভাই উদ্যোগ ল’লে এই কামটো সিমান টান কাম নহব বুলি আমি বিশ্বাস কৰো।
সাহিত্য সভাক মহাবিদ্যালয়, বিদ্যালয় পৰ্য্যায়লৈ লৈ যোৱাৰ যি পৰিকল্পনা কৰা হৈছে তাত আমাৰ পূৰ্ণ সমৰ্থন আছে। অসমীয়া ভাষা-সাহিত্যৰ বাবে এয়া এক অতি প্ৰয়োজনীয় বা বহুতদিনৰ পৰা বাট চাই থকা পদক্ষেপ। একে সময়তে আমি আহ্বান জনাও যে প্ৰৱাসী অসমীয়াসকলৰ কাষলৈও সাহিত্য সভাক লৈ যোৱা হওক। ভাৰতৰ বিভিন্ন চহৰৰ লগতে বিদেশলৈকো অসম সাহিত্য সভাৰ শাখা বিস্তাৰ কৰা হওক। আজিৰ তথ্য-প্ৰযুক্তিৰ দিনত এই কাম অকনো কঠিন নহয়। অসমৰ বাহিৰত, ভাৰতৰ বা আন যিকোনো দেশত বসবাস কৰা প্ৰৱাসী অসমীয়াসকলৰ দ্বিতীয় বা তৃতীয় প্ৰজন্মৰ মাজত ব্যৱহাৰিক কাৰণতেই অসমীয়া ভাষাৰ ব্যৱহাৰ কমি অহাটো আমি লক্ষ্য কৰিছো। এয়া হ’বলৈ দিব নোৱাৰি। কাৰণ তেনে হ’লে (নিজৰ মাতৃভাষাৰ ব্যৱহাৰ নাজানিলে) প্ৰৱাসী অসমীয়াসকলে এটা সময়ত নিজৰ জাতিগত পৰিচয় হেৰুৱাই পেলাব পাৰে। প্ৰৱাসী অসমীয়াসকলৰ প্ৰতিটো প্ৰজন্মৰ মাজত অসমীয়া ভাষা-সংস্কৃতিক জীয়াই ৰাখিবলৈ অসম সাহিত্য সভাৰ উপস্থিতি অতি প্ৰয়োজনীয় বুলি আমি অনুভৱ কৰো।
লেখকৰ ঠিকনাঃ চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্চ্,ওৱান এ, বেটেৰী লেন্, ৰাজপুৰ ৰোড, দিল্লী-৫৪, ম’বাইল : +৯১৯৮৭১০১৮৮৭৪, ই-মেইল – ppbaruah.delhi@gmail.com
No comments:
Post a Comment