আজিৰ ভাল খবৰবোৰ
১) অসম সাহিত্য সভাৰ ৭৩ সংখ্যক অধিৱেশনৰ আজি চতুৰ্থ দিন । এই উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত বিশেষ উদুলি-মুদুলি পৰিৱেশ আৰু জনসমাৱেশ পৰিলক্ষিত হৈছে। তদুপলক্ষে চিৰা-পিঠা-লাডু আৰু নানান থলুৱা খাদ্য ব্যঞ্জনৰ ওপৰিও আলোকচিত্ৰ তথা কলা-সংস্কৃতি প্ৰদৰ্শনী, গ্ৰন্থমেলা আদি আনুসংগিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সাহিত্য বিষয়ক বিভিন্ন আলোচনাই স্থান পাইছে ।
এই অধিৱেশনত ২ দিনত ১.৬ কোটি টকাৰ কিতাপ বিক্ৰী হোৱাৰ খবৰে লেখক-লেখিকা তথা প্ৰকাশকসকলক উৎসাহিত কৰা দেখা গৈছে। নতুন লেখক-লেখিকাৰ সমাগমে সাহিত্য সভাক অধিক বলিষ্ঠ কৰি তুলিব বুলি আশা কৰা হৈছে । অহা বছৰ সভাৰ অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা সকলে সদৰি কৰিছে ।
২) এছিয়াৰ ভিতৰতে পঞ্চম স্থানত থকা আৰু ভাৰতৰ শক্তি ক্ষেত্ৰৰ ধ্বজবাহক ৰাজহুৱা কোম্পানী অ’.এন.জি.ছি.ৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক হিচাপে দায়িত্বগ্ৰহণ কৰিছে ইণ্ডিয়ান স্কুল অৱ মাইনচৰ পৰা পেট্ৰলিয়াম ইঞ্জিনীয়াৰিঙৰ স্নাতক তথা কানাডাৰ পৰা উচ্ছ শিক্ষা লাভ কৰা এজন অসমীয়া অভিযন্তা বুধীন দেউৰীয়ে । ‘মহাৰত্ন’ খিতাপেৰে জিলিকি ৰোৱা এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোত দেউৰীয়ে যোগদান কৰিছিল ১৯৮২ চনতে ।
৩) খাৰুৱা তেলৰ মূল্য বিশ্ব বজাৰত হ্ৰাস হোৱাৰ লগে লগে হ্ৰাস পাইছে ৰাজসাহৰ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। পূৰ্বে এই মূল্য আছিল ৭০৮.৫০ টকা আৰু বৰ্তমানে ইয়াৰ নতুন নিৰিখ হৈছে প্ৰতি চিলিণ্ডাৰত ৬০৫ টকা ।ইয়াৰ লগে লগে জেট ইঞ্জিন আৰু চেনীৰ মূল্যও কিছু পৰিমাণে নিম্নগামী হোৱা দেখা গৈছে ।
৪) কেৰালাত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ হৈ প্ৰথমটো সোণৰ পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ধেমাজিৰ প্ৰতিভাৱান ভাৰোত্তোলক পাপুল চাংমায়ে । অন্যহাতে যোৱা ২২-২৬ জানুৱাৰীত গোৱাত অনুষ্ঠিত হোৱা ডি ৱৰ্ল্ড ছটোকান কাৰাটে ড’ ফেডাৰেছন, ইণ্ডিয়াৰ ১৫তম ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসম দলে ৬টা সোণ, ৪টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাজ্যখনৰ সুনাম কঢ়িয়াই আনিছে ।
ৰাষ্ট্ৰীয় ক্ৰীড়াত পাপুল চাংমাইৰ সোণৰ পদক অৰ্জন |
৫) অহা ১০ ফেব্ৰুৱাৰীৰৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে অসম চৰকাৰৰ কৃষি বিভাগ, অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম হৰ্টিকালছাৰেল চছাইটিৰ যুটীয়া উদ্যোগত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে দ্বিতীয় অসম আন্ত:ৰাষ্ট্ৰীয় কৃষি তথা ফল-ফুলৰ প্ৰদৰ্শনী । এই উপলক্ষে উদ্যোক্তাসকলে বিভিন্ন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰিছে ।
৬) যোৱা ২৭ জানুৱাৰী তাৰিখে ৱিল গাড নামৰ কানাডিয়ান বৰফ বগোৱা ব্যক্তিজনে নায়েগ্ৰা জলপ্ৰপাতটোৰ বৰফাবৃত অংশটো তলৰপৰা ওপৰলৈ বগাই অভিলেখ স্থাপন কৰিছে । ইয়াৰ পূৰ্বেও বহুজনে এই দু:সাহসিক ক্ৰীড়াৰ বাবে প্ৰচেষ্টা চলাইছিল যদিও সফল হোৱা নাছিল।
৭) কেলিফৰ্ণিয়াত অধ্যয়নৰত ভাৰতীয় মূলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ শুভম বেনাৰ্জীয়ে সাজি উলিয়াইছে অতি কম খৰছতে হ’ব পৰা এটি ব্ৰেইলি প্ৰিন্টাৰ । এই প্ৰিন্টাৰৰ মূল্য মাত্ৰ কেইহাজাৰমান আমেৰিকান ডলাৰৰ । এই প্ৰিন্টাৰৰ সহায়ত অন্ধসকলৰ বাবে কিতাপ পত্ৰ প্ৰিন্ট কৰিব পৰা যাব । তেওঁ ইতিমধ্যে Braigo Labs Inc নামৰ এটি কোম্পেনী খুলি এই বিষয়ত অধিক গৱেষণা কৰি আছে ।
৮) আগন্তুক ৰেল বাজেটত ভাৰতৰ কেইবাখনো ৰেলত অত্যাধুনিক ভেকুৱাম টইলেট ব্যৱস্থাৰ প্ৰচলনৰ বাবে চৰকাৰে বিবেচনা কৰিব । এনে শৌচাগাৰৰ সুবিধাই কম পানীৰ ব্যৱহাৰ কৰি বায়ুৰ সংকোচন –প্ৰসাৰণ ব্যৱস্থাৰ দ্বাৰা ৰেলসমূহৰ চাফ-চিকুণতাৰ ক্ষেত্ৰত আৰু এখোজ আগবঢ়াই নিব পাৰিব বুলি সুধীসমাজে আশা কৰিছে ।
৯) ২০১৫ বৰ্ষৰ উত্তৰ-পূৱ যুৱ মহোৎসৱ অহা এপ্ৰিল মাহত মাজুলীত অনুষ্ঠিত হ’ব । কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই সিদ্ধান্ত গ্ৰহণ কৰি সদৰী কৰিছে ।
১০) শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ পুঠিমাৰী গাৱঁৰ কেইবাজনো যুৱক লগ হৈ কৃষিকৰ্মত সফলতা অৰ্জনৰ হকে ঘৰুৱাভাৱে প্ৰস্তুত কৰিবলৈ লৈছে কেঁচুসাৰৰ । কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ এনে কেঁচুসাৰৰ প্ৰয়োগেৰে উন্নত আৰু খাদ্য-মূল্য থকা শাক-পাছলিৰ উৎপাদন কৰিবৰ বাবে তেওঁলোক প্ৰচেষ্টা হাতত লৈছে। এই অঞ্চলৰ বিজয় ছেত্ৰী নামৰ কৃষকজনে ইতিমধ্যে ১৭০ বিঘা মাটিত কেৱল কেঁচুসাৰ প্ৰয়োগ কৰি আইজং, ৰঞ্জিৎ আদি ধানৰ পৰ্যাপ্ত পৰিমাণৰ ফচল চপাবলৈ সক্ষম হৈছে ।
১৩ বছৰীয়া ছাত্ৰ শুভম বেনাৰ্জীৰ আৱিষ্কাৰ:: অন্ধসকলৰ বাবে প্ৰিন্টাৰ |
১০) শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ পুঠিমাৰী গাৱঁৰ কেইবাজনো যুৱক লগ হৈ কৃষিকৰ্মত সফলতা অৰ্জনৰ হকে ঘৰুৱাভাৱে প্ৰস্তুত কৰিবলৈ লৈছে কেঁচুসাৰৰ । কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ এনে কেঁচুসাৰৰ প্ৰয়োগেৰে উন্নত আৰু খাদ্য-মূল্য থকা শাক-পাছলিৰ উৎপাদন কৰিবৰ বাবে তেওঁলোক প্ৰচেষ্টা হাতত লৈছে। এই অঞ্চলৰ বিজয় ছেত্ৰী নামৰ কৃষকজনে ইতিমধ্যে ১৭০ বিঘা মাটিত কেৱল কেঁচুসাৰ প্ৰয়োগ কৰি আইজং, ৰঞ্জিৎ আদি ধানৰ পৰ্যাপ্ত পৰিমাণৰ ফচল চপাবলৈ সক্ষম হৈছে ।
No comments:
Post a Comment