আজিৰ ভাল খৱৰবোৰ 
১) ‘প্ৰজেক্ট অভাৰচাইট কমিটি’ নামৰ কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া আঠজনীয়া বিশেষজ্ঞ সমিতিখনে নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধৰ কাম-কাজ পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিবৰ বাবে কালি গেৰুকামুখৰ প্ৰকল্পস্থলীত উপস্থিত হয়হি । তেওঁলোকে ইতিমধ্যে প্ৰকল্পটোৰ নক্সা ইত্যাদি পৰ্যবেক্ষণ কৰিছে আৰু আজি এন.এইচ. পি.চিৰ কৰ্মকৰ্তাৰ সতে মূল আলোচনাত বহিছে ।
২) কালি নিশা আমেৰিকাৰ লছ এঞ্জেলছৰ 'ডলবি থিয়েটাৰ'ত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় চলচ্চিত্ৰ জগতৰ সবাতোকৈ সন্মানীয় ‘অস্কাৰ’ বঁটা। চাৰিটা বঁটা লাভ কৰি সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ খ্যাতি লাভ কৰে ‘বাৰ্ডমেন’ চলচ্চিত্ৰখনে । অন্যহাতে ‘ড্য গ্ৰেণ্ড বুডাপেষ্ট হোটেল’ নামৰ ছৱিখনেও অন্য চাৰিটা বঁটা লাভ কৰি সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ।
৩) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন মূৰব্বী আৰু পদ্মবিভূষণ বঁটাৰে সন্মানিত ড০ জি মাধৱন নায়াৰে দাবী কৰিছে যে নিউটনৰ জন্মৰ ১৫০০ বছৰ পূৰ্বেই ভাৰতীয় পণ্ডিত আৰ্যভট্টই উল্লেখ কৰিছিল পৃথিৱীৰ মধ্যাকৰ্ষণিক শক্তিৰ কথা। ২১ ফেব্ৰৱাৰীত দিল্লীত অনুষ্ঠিত হোৱা এখন বেদ মহাসভাত তেওঁ কয় যে বেদ আৰু প্ৰাচীন ভাৰতৰ বহু পণ্ডিতে সংখ্যা , গণিত ইত্যাদি শাস্ত্ৰত যিখিনি নতুনত্বৰ আৱিষ্কাৰ কৰিছিল, সেয়া পশ্চিমীয়া দেশবোৰে বহু হাজাৰ বছৰৰ পাছতহে অনুধাৱন কৰিব পাৰিছে ।
৪) বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰ, গুৱাহাটীৰ সৌজন্যত জি.এল.পি. চ’চিয়েল চাৰ্কল আৰু ব্যতিক্ৰম মাছডোৰ সহযোগত অহা ২০ মাৰ্চৰ পৰা দহদিনীয়াকৈ বিহু নাচ আৰু দেউৰী নৃত্যৰ প্ৰশিক্ষণ কৰ্মাশালাৰ আয়োজন কৰা হৈছে খানাপাড়াৰ ইন্দোৰ ষ্টেডিয়ামত । এই প্ৰশিক্ষণ প্ৰদান কৰিব গুৰু জীনা ৰাজকুমাৰী, ইন্ডিয়ান দেউৰী আৰু ভৰত হাজৰিকাই ।
৫) অসম চৰকাৰৰ জনকল্যাণ বিভাগৰ উদ্যোগত বৰমাত অৱস্থিত জনজাতীয় মহিলাৰ কাৰিকৰী ও সংস্থাপনমূলক প্ৰশিক্ষণ কেন্দ্ৰত বোৱা-কটা, ছপাশাল, ফুলগঁঠা আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিবৰ বাবে জনজাতীয় মহিলাৰ পৰা আৱেদন-পত্ৰ বিচৰা হৈছে । প্ৰাৰ্থীসকলৰ মাহিলী জলপানী আৰু সংস্থাপনৰ বাবে অনুদান দিয়াৰ ব্যৱস্থা কৰা হৈছে।
৬)’ অসমীয়া জাতীয় অভিধান’ৰ প্ৰকাশক অসম জাতীয় প্ৰকাশে বহু অহোপুৰুষাৰ্থৰ বলেৰে এইবেলি হাতত লৈছে ১১৬৫পৃষ্ঠা সম্বলিত বিজ্ঞান-প্ৰযুক্তিৰ জাতীয় অভিধান । অসমৰ কেইবাজনো স্বনামধন্য বিজ্ঞানী, গৱেষক, অধ্যাপক জড়িত থকা এই মহৎ প্ৰকল্পটোৰ ফচলস্বৰূপ অভিধানখনি অহা ২৬ ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত উদ্বোধন কৰা হ’ব।
৭) ছট্টিশগঢ়ৰ ৰায়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কেনয়িং –কায়াকিঙৰ ২৫ তম ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমে মুঠ চাৰিটা পদক লাভ কৰিবলৈ সক্ষম হৈছে । অসমৰ হৈ ২০০ মিটাৰৰ খেলত জ্ঞানেশ্বৰ সিঙে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য, এই খেলা হৈছে একপ্ৰকাৰৰ নাওঁ বোৱা প্ৰতিযোগিতা য’ত এক বিশেষ ধৰণত দুখন বঠা ব্যৱহৃত কৰা হয় ।
৮) নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনত কাৱৈমাৰী পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক নকল যোগান ধৰাৰ অপৰাধত তিনিজন শিক্ষকক নিলম্বিত কৰা হৈছে ।
৯) ভাৰত আৰু নেপালৰ মাজত পোনপটীয়া বাছ সেৱা আৰম্ভ কৰাৰ পাছত ভাৰত চৰকাৰে অহা ২ মে’ৰ পৰা নিয়মীয়া বাছ চলাচল কৰাবলৈ যো-জা চলাইছে বাংলাদেশ আৰু ভাৰতৰ মাজত । এই বাছ সেৱা উপলব্ধ হ’ব গুৱাহাটী -শ্বিলং-ডাউকী, তামাবিল-ছিলেট আৰু ঢাকাক সংলগ্ন কৰি ।
১০) আজি জনসাধাৰণ কাকতৰ সৌজন্যত শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাস সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছে কাৰ্টুনিষ্ট তথা চিত্ৰ-শিল্পী উতপল তালুকদাৰলৈ। গুৱাহাটী প্ৰেছ ক্লাৱত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
১০) আজি জনসাধাৰণ কাকতৰ সৌজন্যত শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাস সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছে কাৰ্টুনিষ্ট তথা চিত্ৰ-শিল্পী উতপল তালুকদাৰলৈ। গুৱাহাটী প্ৰেছ ক্লাৱত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
-যুগুতালে অৰুণজ্যোতি দাসে
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 



 
 
No comments:
Post a Comment