দিল্লীৰ নিৰ্বাচনঃ অনাগত সময়ৰ টাৰ্ণিং পইণ্ট
বিশাল দেৱ ৰয়
বিশাল দেৱ ৰয়
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgRwBCPKJ7MeTPiev1a4RI2QlnwLlIg2QJhSTcP93Q7-pyHKzVROxkrIst-7sl_KKby4GxU5C8QJiq7wPMZib_emhG_b7XbGqcMOIftlqbsXQeNpu5h1FZY_9axGRve3wl6Cd9MWe0uhIo/s1600/aam-aadmi-party-BJPL.jpg)
এতিয়া দেশৰ সাধাৰণ জনতা সজাগ হ'ল। কংগ্ৰেছৰ ৬০ বছৰীয়া শাসনৰ অৱসান ঘটাই যোৱাটো লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিকল্প হিচাপে বিজেপিক কেন্দ্ৰত বহুৱালে। এক কথাত, মোদীৰ সৱল নেতৃত্বত দেশৰ চুকে কোনে কেৱল বিজেপিৰ ঢৌ… মোদীৰ বন্দনা ! দেশৰ কেউদিশে সচেতন জনতাৰ আঙুলিৰ চাপত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে। কংগ্ৰেছৰ ইমান দিনৰ অভিলেখ একপ্ৰকাৰ ধূলিসাৎ কৰি পেলালে বিজেপিয়ে !
কিন্তু বিজেপিৰ এই অভূতপূৰ্ব উত্থানৰ পিছতো আজি দিল্লীৰ বিধান সভা নিৰ্বাচনত তিনিবাৰৰ শাসক দল কংগ্ৰেছ নিঃশেষ হোৱাৰ লগতে বিজেপিয়ে কিয় শোচনীয় পৰাজয় বৰণ কৰিলে ? যি সময়ত দেশৰ প্ৰান্তে প্ৰান্তে বিজেপিৰ ঢৌ, মোদীৰ গুণানুকীৰ্তন ! তেনে সময়তে আম আদমী পাৰ্টীৰ দৰে নৱাগত ৰাজনৈতিক দল এটাই বিজেপিৰ অগ্ৰগতিত একেবাৰে ফুল ষ্টপ লগাব পৰাটো অকল আচৰিতে নহয়, চিন্তাৰ বিষয় ।
ক'ত ভুল হ'ল বিজেপিৰ? দেশৰ ৰাজধানীতে বিজেপিয়ে কিয় নিজৰ অস্তিত্ব বজাই ৰাখিব নোৱাৰিলে? হৰ্ষবৰ্ধনৰ দৰে প্ৰতাপী নেতাক আঁতৰাই একে নিশাই কিৰণ বেদীক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্ব প্ৰদান কৰি ভুল কৰিলে নেকি বিজেপিয়ে? দেশৰ প্ৰায়বোৰ সংবাদ মাধ্যমৰ লগতে চ'ছিয়েল মিডিয়াতো অত্যাধিক প্ৰচাৰৰ প্ৰত্যুত্তৰ দিলে নেকি দিল্লীৰ সচেতন জনতাই? কেন্দ্ৰত শাসনৰ বাঘজৰী লোৱাৰ পিছতেই ইউ টাৰ্ণ লোৱাৰ ফল লাভ কৰিলে নেকি বিজেপিয়ে? নে কেজৰিৱালৰ দক্ষ নেতৃত্বত দিল্লীৰ সুশিক্ষিত যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে আম আদমী পাৰ্টীৰ এই অভিলেখ সংখ্যক সফলতা?
মুঠতে দিল্লীৰ এই বিধান সভা নিৰ্বাচন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ তথা অনাগত সময়ৰ টাৰ্ণিং পইণ্ট হৈ ৰ'ৱ । কেজৰিৱালৰ নেতৃত্বত আম আদমী পাৰ্টীয়ে শিকাই থৈ গ'ল ধৰ্মীয় ৰাজনীতি, বিপৰীত দলৰ নেতাক ব্যক্তিগত আক্ৰমণ, সাংসদ/নেতাৰ অসত্য, অশোভনীয়, বিতৰ্কিত মন্তব্য আদিৰে সচেতন জনতাৰ মন জয় কৰিব নোৱাৰি । কেজৰিৱালে অকল দিল্লীয়েই নহয়, দিল্লীবাসীৰ মনবোৰো জয় কৰিব পাৰিছে । বিজেপিৰ অভাৰ কনফিদেঞ্চ আৰু প্ৰতিশ্ৰুতিৰ বিপৰীতে বাগৰ সলোৱাৰ বাবেই অনাগত সময়ত দলটোলৈ বিপৰ্যয় কঢ়িয়াই অনাৰ বিপৰীতে আম আদমী পাৰ্টীয়ে ইতিহাস সলনি কৰাৰ আশা নুই কৰিব নোৱাৰি । চ'ছিয়েল মিডিয়াতো বিজেপি সমৰ্থকৰ অসংযত মন্তব্যই বিজেপিৰ প্ৰচুৰ ক্ষতিসাধন কৰিছে বুলি অনুভৱ কৰিছো।
No comments:
Post a Comment