পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজিৰে পৰা অসমত আৰম্ভ হৈছে হাইস্কুল আৰু হাই-মাদ্ৰাছা সমূহৰ শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ৯৪০ কেন্দ্ৰত অনুষ্ঠিত হব লগা এই পৰীক্ষাত সৰ্বমুঠ ৪লাখ ৩ হাজাৰ ২৮৮ গৰাকী পৰীক্ষাৰ্থী অৱত্তীৰ্ণ হৈছে।

২. সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নামত বিশ্ববিদ্যালয়ক আসন প্ৰতিষ্ঠা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। অসমীয়া ভাষা-সংস্কৃতিৰ পুৰোধা আৰু ভাৰতীয় নৱজাগৰণৰ অন্যতম সেনানী সাহিত্যৰথীৰ প্ৰতি সন্মান জনাই এই আসনখন দিল্লী বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰিব লাগে বুলি সুখবৰটো পোৱাৰ পাছত মত প্ৰকাশ কৰিছে বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন সাংসদ ডঃ নগেন শইকীয়াদেৱে।

৩. বিশিষ্ট সাহিত্যিক, সমালোচক শশী শৰ্মাৰ অনবদ্য সৃষ্টিৰ সপোন নলবাৰীৰ পূৰ্বভাৰতীলৈ অসম চৰকাৰে ২কোটি ৭০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ সুখবৰ।১৯৭২ চনত নলবাৰী সাহিত্য সমাজৰ বাৰ্ষিক অধিবেশনতে বিশ্বভাৰতীৰ আৰ্হিত সাংস্কৃতিক সংগ্ৰাহলয় গঢ়াৰ বাবে প্ৰস্তাৱ লোৱা হৈছিল আৰু ৰাইজৰ সহযোগৰ পূৰ্বভাৰতীত প্ৰাক্-প্ৰাথমিকৰ পৰা স্নাতক পৰ্যায়লৈ শিক্ষা গ্ৰহণৰ বাবে উদ্যোগ লোৱা হৈছিল। অৱশেষত বৰ্তমানৰ নলবাৰী জিলাৰ উপায়ুক্ত ডাঃ ওম প্ৰকাশৰ উদ্যোগত ৰাজ্য চৰকাৰে প্ৰতিষ্ঠানটোক সৱল ৰূপত গঢ়ি তুলিবলৈ অনুদান দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত বৌদ্ধিক মহলে সন্তোষ প্ৰকাশ কৰিছে।

৪. প্ৰধানমন্ত্ৰী জন-ধন যোজনা আঁচনি ৰূপায়নৰ বাবে ৰাজ্যিক মিছন সঞ্চালক ৰূপে অসম চৰকাৰে বিত্ত বিভাগৰ প্ৰধান সচিব সমিৰ খেৰক নিযুক্তি দিছে। বিভিন্ন বেংক সমূহক সদস্য হিচাবে লৈ আৰু জিলা সমূহৰ উপায়ুক্ত সকলৰ অধ্যক্ষতাত প্ৰতিখন জিলাতে আঁচনি ৰূপায়ণ সমিতি অসম চৰকাৰে কালি গঠন কৰি দিয়া বুলিও সুখবৰ প্ৰকাশ পাইছে।

৫. আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে অহা ২২ ফেব্ৰুৱাৰী, দেওবাৰে নিশা চাৰে ন বজাৰ এঘণ্টা সময়ৰ বাবে প্ৰচাৰ হ’ব লগা “ফোন-ইন-অন্তৰংগ” অনুষ্ঠানত অংশ লব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন বিজ্ঞানী কুমুদ চন্দ্ৰ ভট্টাচাৰ্যই। ভাৰতীয় মহাকাশ অভিযান সম্পৰ্কে পোনে পোনে কথা পাতিবলৈ ৯৪৩৫৪-০৫২২২ আৰু ৯৪৩৫৪-০৫৫২৩ নম্বৰত ৰাইজে ফোন কৰিব পাৰিব।

৬. গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত কালি অনুষ্ঠিত হয় “মাইণ্ড ইণ্ডিয়া” আৰু “পাঠান হাজৰিকা চেৰিটেবল ট্ৰাষ্টে” অনুষ্ঠিত কৰা “প্ৰ’গ্ৰাম ডিজাইন আৰু মেনেজমেণ্ট” শীৰ্ষক কৰ্মশালা। নিৰ্দিষ্ট আৰ্হি প্ৰস্তুতকৰণৰ জৰিয়তেহে স্বেচ্ছাসেৱী সংস্থাসমূহ সফল হব পাৰিব বুলি কৰ্মশালাখনত ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ কেইথ জৰ্জ ডাইমে মত প্ৰকাশ কৰে।

৭. ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যাসয়ত অহা ২৮জানুৱাৰীত বিজ্ঞান দিৱস উদযাপনৰ আয়োজন কৰাৰ সুখবৰ। উক্ত দিনটোতে অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত ৰাজ্যিক ভিত্তিত বিজ্ঞান আৰ্হি, বিজ্ঞান পৰীক্ষা আৰু বিজ্ঞান প্ৰকল্প এই তিনিটা শিতানত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। সবিশেষ জানিবৰ বাবে www.assamjatiyabidyalay.com চাবলৈ বা ৯৯৫৪৭-০৭৪৮৭ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকে আহ্বান জনাইছে।

৮. মাজুলীৰ সাহিত্য গোষ্ঠী “সাঁচিপাত”ৰ উদ্যোগত সাঁচিপাত গল্প প্ৰতিযোগিতা-২০১৫ৰ বাবে চল্লিশ বছৰ বা তাৰ তলৰ প্ৰতিযোগীৰ পৰা অহা ১৫ মাৰ্চৰ ভিতৰত মৌলিক আৰু অপ্ৰকাশিত গল্প আহ্বান কৰিছে। শ্ৰেষ্ঠ প্ৰতিযোগীৰ বাবে দহ হাজাৰ টকাৰ নগদ পুৰস্কাৰো ঘোষণা কৰিছে। সবিশেষ জানিবৰ বাবে ৰজনীকান্ত বৰদলৈৰ সৈতে ৮২৫৪০-১৯৪৩৫ নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু পিডিএফ ফাইল sanchipatmajuli@gmail.com ত পঠাবৰ বাবেও আয়োজকে আহ্বান জনাইছে।

৯. অসম ইণ্টাৰনেচনেল ট্ৰেড আৰু ইণ্ড্ৰাষ্টিয়েল ফেয়াৰ ২০১৫ অহা ১৯-২৫ ফেব্ৰুৱাৰীলৈ যোৰহাটত অনুষ্ঠিত হব। অসম-ম্যানমাৰ-থাইলেণ্ড বাণিজ্য সত্ৰ, অসম-মেঘালয় বাণিজ্য সত্ৰ আদিৰ লগতে উদ্যোগী সকলৰ বাবও বিশেষ আলোচনাসত্ৰৰ আয়োজন হোৱা বুলি জানিব পৰা গৈছে। ট্ৰয় ট্ৰেইনো প্ৰদৰ্শিত হব বুলি প্ৰকাশ কৰাৰ লগতে কল্পনা পাটোৱাৰীৰ সাংস্কৃতিক অনুষ্ঠানো এই ফেয়াৰৰ অন্যতম আকৰ্ষণ হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

১০. নগাঁও চহৰৰ পৰা দক্ষিণ পূৱ দিশত থকা ইতিহাস-প্ৰসিদ্ধ কন্দলি বাদুলী খোৰাঙত আজিৰে পৰা আৰম্ভ হৈছে তিনিদিনীয়া ঐতিহাসিক বাদুলী মেলা। এই মেলাৰ কেইদিনহে খোৰোঙ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়, চাফ-চিকুণ কৰি চাকি-বন্তি জ্বলাই ৰাইজে প্ৰাৰ্থনা কৰাৰ লগতে এই তিনিদিনত দেশী-বিদেশী পৰ্যটকৰো সমাগম হয়। বাদুলী খোৰোঙৰ উন্নয়নৰ নামত অহা চৰকাৰী ধনৰ লুণ্ঠনৰাজ চলাৰো বাতৰি সংবাদ পত্ৰই পোহৰলৈ আনিছে।

No comments:

Post a Comment