'আপ'ৰ বিজয়, গণতন্ত্ৰ আৰু
জাতীয় আশা-আকাংক্ষা ইত্যাদি
ৰক্তিম শৰ্মা
সৌ সিদিনালৈ প্ৰচাৰ মাধ্যমত লগতে নাগৰিক সমাজত মাজতো অপ্ৰাসংগিক , ঠাট্টা-বিদ্ৰুপ, কৌতুকৰ বিষয়বস্তু কেজৰিৱালে দিল্লীত ভাজপা-কংগ্ৰেছক ধুলিসাত কৰি বিজয় সাব্যস্ত কৰিলে । এই বিজয়ে সমগ্ৰ ভাৰতবৰ্ষতে একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিলে । এয়া প্ৰকৃত গণতন্ত্ৰৰ বিজয় বুলি সকলোৱে একেমুখে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে । সেই একেই জোকাৰণি তুলি সৌ সিদিনা মোডী জয়ী হৈছিল । কিন্তু ভোটাৰ ৰাইজৰ মাজত মিছা কথাৰ চমক সৃষ্টিৰে ভোট লোৱা ভাজপাৰ প্ৰতি দিল্লীবাসীৰ মোহভংগই নহয় সমগ্ৰ দেশতে সচেতন জনগনৰ মোহভংগ হোৱাৰ উপক্ৰম হৈছে । দিল্লীত আম আদমিৰ প্ৰতি প্ৰৱল জনসমৰ্থনৰ আৰত ভাজপাৰ প্ৰতি মোহভংগৰ অন্যতম কাৰণ । কংগ্ৰেছৰ ক্ষেত্ৰত এয়া আগতেই হৈছে । এটা কথা এতিয়া ৰাজনীতিক সকলে বুজিবৰ হল যে, প্ৰলোভন, মিছা চমক সৃষ্টি কৰি, ধৰ্ম-সম্প্ৰদায়ৰ নামত বিভাজনৰ ৰাজনীতি কৰি জনগনৰ সমৰ্থন লোৱাৰ দিন গল । এতিয়া ভোটাৰ সচেতন । এতিয়া জনগনৰ প্ৰকৃত সমস্যা সমাধানৰ বাবে এজেণ্ডা ভিত্তিক ৰাজনীতিৰ দিন । কেজৰিৱালে প্ৰতিশ্ৰুতি পালন কৰিব পাৰিব বুলি এইকাৰণেই ভোটাৰ সকল পতিয়ন গৈছে যে, কেজৰিৱালে এক ব্যতিক্ৰমি ৰাজনীতিৰ কথা কৈছে । কেৱল ব্যতিক্ৰমী ৰাজনীতিয়েই নহয়, এক প্ৰকৃত গণতন্ত্ৰিক ব্যৱস্থা অনিব পাৰিব বুলি গভীৰ আস্থাও ৰাখিছে ।
আচলতে এয়া গণতন্ত্ৰৰ প্ৰতি দিল্লীবাসী জনগণৰ ৰায়দান ।গতিকে কেজৰিৱাল এই গণতান্ত্ৰিক ধাৰা আৰু তাৰ সৈতে তালমিল ৰাখি প্ৰতিশ্ৰুতিবোৰ পালন কৰাত কিমান সফল হয়, সেয়া চাবলগীয়া হব । চাবলগীয়া এয়াও হব যে , কেজৰিৱালৰ ব্যতিক্ৰমী ৰাজনীতিয়ে দিল্লীত বাস কৰা উত্তৰ পূৱৰ লোকসকলৰ প্ৰতি পলিচী ও দৃষ্টিভংগী কেনে হব। কেজৰিৱালৰ ৰাজনৈতিক দৃষ্টিভংগী, মতাদৰ্শ সৰ্বভাৰতীয় পৰ্যায়ত কেনে হব সেয়া এতিয়াও ষ্পষ্ট নহয় ।মুলসুঁতিৰ দৃষ্টিকোনেৰে চাবলৈ গলে এক নৈৰাজ্যবাদী চৰিত্ৰও কেজৰিৱালৰ মাজত দেখিবলৈ পোৱা যায় । সংসদীয় ৰাজনীতিত এই নৈৰাদ্যবাদী প্ৰৱণতা যিমানেই বাঢ়িব, সিমানেই তাত টিকি থকাও মস্কিল হব।
কেজৰিৱালৰ এজেণ্ডাবোৰৰ প্ৰতি দিল্লীৰ সাধাৰণ জনগনৰ স্বাৰ্থ জড়িত বাবে বিকল্প হিচাপে লৈছে , নৈৰাজ্যবাদী চৰিত্ৰক সমৰ্থন কৰি নহয় । ভীষণ কিবা এটা পৰিৱৰ্তন জনগনে স্বাভাৱিকতেই ভয় কৰে যেতিয়ালৈকে স্থিতিৱস্থাৰ সৈতে চুচৰি বাগৰি হলেওঁ চলি থাকিব পাৰে। কেজৰিৱালৰ যি ব্যতিক্ৰমী ৰাজনৈতিক ধাৰা সেয়াও মুলসুঁতিৰ লোকৰ বাবে এক নৈৰাজ্যবাদ। জন-লোকপালৰ দাবীত পুনৰ এই নৈৰাজ্যবাদে উকমুকনি তুলিব পাৰে । তেতিয়া স্বাভাৱিকতে সংঘাত হব সংসদীয় ৰাজনীতিত টিকি থকা আৰু নিজৰ মতাদৰ্শ বা উদ্দেশ্যত লাগি থকাৰ সৈতে। সমাগত দিনবোৰত কেজৰিৱালে কেনেদৰে এইবোৰ দিশ তালমিল খুৱাব পাৰে সেয়াও চাৱলগীয়া হব।
তাৰোপৰি আপৰ মাজত সোমাই থকা সুবিধাবাদীসকলে ছল পালেই পাভলুটি মাৰিব পাৰে । তেনেবোৰে বদনাম কৰাৰ আশংকাও আছে । মন্ত্ৰীসভা গঠনৰ পিছত সেইবোৰে কি ৰূপ পায় তাৰো ওপৰত আম আদমিৰ ভৱিষ্যত নিৰ্ভৰ কৰিব । সৰ্বভাৰতীয় পৰ্যায়ত আম আদমিয়ে গণসংগঠনবোৰ কেনেদৰে বিকাশ কৰে , সেইবোৰৰ পলিচী কি হব সেইবোৰ এতিয়াও ধুসৰ ।
অসমতো এক বিকল্প ৰাজনৈতিক সমীকৰণ প্ৰস্তুত কৰাৰ এয়াই উপযুক্ত সময়। কৃষক মুক্তি সংগ্ৰাম সমিতি লগতে আঞ্চলিক-বাওঁ গণতান্ত্ৰিক শক্তিবোৰক ঐক্যবদ্ধ কৰি নুন্যতম উমৈহতীয়া কৰ্মসূচীৰে এখন মঞ্চ গঠন কৰাৰ সময় সমাগত । উৎসৰ্গিত মনোভাৱ থাকিলে যুক্ত মৰ্চাৰ মাজেৰে গণতান্ত্ৰিক প্ৰামূল্য বজাই ৰখাৰ এক হাতিয়াৰ হব নিশ্চয় পাৰে ।
গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতি সমৰ্থন কৰা প্ৰতিজন গণতান্ত্ৰিক ব্যক্তিৰে দায়িত্ব । আপে দিল্লীত চৰকাৰ গঠন কৰিব , কাইলৈ হয়তো কেন্দ্ৰতো হব । সেইবুলি ধৰি লব নালাগে যে ভাৰতৰ এককেন্দ্ৰিক ব্যৱস্থাৰ সলনি হব , অসমে স্বনিৰ্ধাৰণৰ অধিকাৰ পাব , সম্পদৰ ওপৰত অধিকাৰ প্ৰাপ্ত হব , হিন্দী সম্প্ৰসাৰণবাদ আৰু আগ্ৰাসন নাইকীয়া হব বা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা উত্তৰ পূৱৰ পৰা আঁতৰি যাব । সকলো সংগ্ৰামৰে সীমাবদ্ধতা থাকে , সেই সীমাবদ্ধতাক স্বীকাৰ কৰিব পাৰিব লাগে । তথাপি গণতন্ত্ৰৰ জয় মানে বাকী জাতি- সমস্যাবোৰো সমাধান হোৱাৰ আশা বাঢ়ি যায় । কিন্তু দিল্লীত আপ আহিল মানেই উল্লেখিত জাতীয় আশা আকাংক্ষাবোৰ জলাঞ্জলি দি ভাৰতৰ মূলভূমিৰ মহান ভাৰতীয়ৰ দৰে কেন্দ্ৰীভূত ব্যৱস্থাৰ গুণানুকীৰ্তন কৰিম সেয়াও হব নোৱাৰে । জয় আই অসম ।
No comments:
Post a Comment