হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. বিগত ১৭ বছৰীয়া কালচোৱাত ৩৩জন বিদেশী বহিস্কাৰ কৰি অভিলেখ গঢ়িলে ধুবুৰী বিদেশী ন্যায়াধিকৰণে। এই অভিলেখে অন্তত লিমকা নহলেও পেপচি-কোলা বুকত ৰেকৰ্ড গঢ়াৰ পাছত এতিয়া সচেতন নাগৰিক সমাজে ইয়াক ‘ন্যায়-ধিক’কৰণ নামাকৰণৰ কৰিবৰ বাবেহে দাবী তোলা বুলিও জানিব পৰা গৈছে।

২. হাইকৰ্টৰ পদূলিত মহিলা সাংবাদিক চোঁচৰাই বীৰত্ব দেখুওৱা লালটুপি বিষয়ালৈ বৰমতা বঁটা আগবঢ়াব বুলি ঘোষণা কৰিলে সদৌ অসম বীৰংগণা নাৰী সংঘই। বৰমতা বঁটা প্ৰদান কৰাৰ আগতে লালটুপি বিষয়াক হেতা-বেলনা মাৰি আদিৰে পিঠি মালিচ কৰাৰ কাৰ্যসূচী ৰখাৰ বাবেও নাৰী সংঘই যো-জা কৰা বুলি গোপন খবৰ প্ৰকাশ পাইছে। 

৩. কলিয়াবৰত পৰমান্দ সাহিত্য মেলাত ভাগ লবলৈ যোৱা সাহিত্য প্ৰেমী সকলৰ ভিৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সকলো ধাবা উপকৃত হোৱা বুলি জানিব পৰা গৈছে। সাহিত্যৰ পৰমানন্দ লবৰ বাবে এই প্ৰৱল শীতত তেখেত কিছু সংখ্যকে সুৰাপন্ন হবলগীয়া হোৱা বুলিও খবৰ আহিছে। সঠিক পৰিসংখ্যাৰে বিক্ৰীৰ অভিলেখ গঢ়াৰ বিতং বাতৰি আমালৈ অচিৰেই সদৌ কলিয়াবৰ সাতঘাটৰ চেঙেলী ধাবা মালিক সন্থাই যুগুতাই পঠাব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 

৪. বিসম্বাদী ভগা মন্ত্ৰী সংঘই নতুনকৈ পাখি কটা মন্ত্ৰী সংঘৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে। ভগামন্ত্ৰী সংঘৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত ‘আমি একেখন ডুৱন্ত নাৱৰে যাত্ৰী’ শীৰ্ষক গীতৰ কলিটি উদ্ধৃত কৰি এই সহানুভূতি প্ৰকাশ কৰাৰ কথাও পোহৰলৈ আহিছে।

৫. অনাগত শিক্ষাবৰ্ষৰ পৰা মেট্ৰিকৰ পাছত দিয়া লেপটপত জেহাদীৰ ব্যৱহাৰৰ বাবে নহয় বুলি এটা ষ্টিকাৰ লগাই দিয়াতো বাধ্যতামূলক হব বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ এনে চৰকাৰ প্ৰদত্ত মেচিন জেহাদীয়ে ব্যৱহাৰ কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে এনে বিধিসন্মত সতৰ্কীকৰণ জাৰি কৰাৰ কথা চিন্তা কৰা গৈছে। জেহাদীয়ে ব্যৱহাৰ কৰিলে বঁটা প্ৰদান কৰা বিভাগ দায়ী নহয় বুলিও এতিয়াৰ পৰা বিজ্ঞাপনতে দায়লুপ্তি প্ৰকাশ কৰিবলৈকো বিভাগটোৱে শপত লোৱা বুলি খবৰ ওলাইছে। 

৬. অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ এখন অত্যাধুনিক নাটক লিখি উলিয়াইছে অবিজিত ভট্টাচাৰ্যই। “হাঁহিৰামৰ সন্যাস” শীৰ্ষক ৰাজনৈতিক নাটকখন ৰাইজে আদৰি লবই বুলি দৃঢ়তা প্ৰকাশ কৰি নাট্যকাৰজনে মূল নাটৰ আগে আগে মঞ্চত তুলি ধৰিব পৰাকৈ “বিসম্বাদী নৃত্য” নামৰ গীতি-নৃত্যনাটিকাখনো ৰূপদান কৰি উলিয়াইছে বুলি জানিব পৰা গৈছে।

৭. লিচু খোৱাৰ ফলত মগজুৰ বিকাৰ হব পাৰে বুলি আমেৰিকাৰ এটি গৱেষণা সংস্থাই ঘোষণা কৰাত সদৌ অসম লোকেল খেতিয়ক সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শিয়ালৰ বাবে আঙুৰ টেঙা ফৰ্মূলাতে মাথা বেয়া হৈ আমেৰিকাই এনে ঘোষণা কৰা বুলি সন্থাই সন্দেহ প্ৰকাশ কৰিছে। আমেৰিকান কৃত্ৰিম কোকাকোলা উপকাৰী, অসমীয়া প্ৰাকৃতিক লিচু অপকাৰী বিষয়টোক লৈ সন্থাই ৰহস্যৰ গোন্ধ পাইছে আৰু সেয়ে চুপ্ৰিম কৰ্টৰ কাষ চাপিব বুলিও ভাবুকি প্ৰদান কৰিছে। অসম বন্ধ দিয়াৰ কথাও চিন্তা চৰ্চা চলি থকা বুলি গোপন সূত্ৰত প্ৰকাশ পাইছে।

৮. “অফুৰন্ত সময়” নামৰ এখন আজৰি পৰৰ চিন্তা-মূলক গ্ৰন্থ মুকলি কৰিছে জালুকগুটি শৰ্মাই। বিসম্বাদী পকনীয়াত পৰি পাৱাৰ হেৰুৱাৰ পাছত এতিয়া ঘৰতে পৰি পৰি কল্পনা কৰি থকা শৰ্মাদাই “পৰিকল্পনা”ৰ ৰূপত কিতাপখনত ভাল ভাল কথা লিখিছে বুলিও জানিব পৰা গৈছে। অফুৰন্ত সময় গ্ৰন্থখনি পঢ়ি আপুনিও হীৰাৰ অসম গঢ়াৰ বাবে পৰি পৰি কল্পনা কৰি থাকিব পৰাকৈ সমল পাবই বুলি শৰ্মা ফেন ক্লাৱে দাবী কৰিছে।

৯. প্ৰফুল্লবদন মহন্তৰ আত্মগাঁথামূলক নাট “আহিবনে এনে দিন, বাজিব ভগাবীণ” অহা নাট্যবৰ্ষত ৰাজগাদী থিয়েটাৰত মঞ্চস্থ হব বুলি জানিব পৰা গৈছে। মূল নাটৰ আগে আগে “আকৌ সভাপতি” নামৰ নৃত্য-নাটিকা এখনিও মঞ্চস্থ হব বুলিও খবৰ পোৱা গৈছে।

১০. সাৰদা বাইদেউৰ ধনেৰে কুৱেৰ হৈ তুংগত থকা মাতাৰংগ সিঙক এইবাৰ চিবিআইয়ে আলহী কৰি নিয়াৰ সুখবৰ প্ৰকাশ পাইছে। এতিয়া তেখেতৰ কুণ্ডলীক লৈ বিভিন্ন ধৰণৰ ভৱিষ্যতবাণী সদৌ অসম জ্যোতিষ সন্থাই ফু-বাবাৰ তত্ত্বাৱধানতে প্ৰকাশ কৰিব বুলিও খবৰ ওলাইছে।

No comments:

Post a Comment