জীৱন যৌৱন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভেলেন্টাইন দিৱস- অলপ বেলেগ ধৰণে! 
ৰূপাংকৰ চৌধুৰী
চেইন্ট ভেলেন্টাইনে কেনেকৈ কি যাদু কৰিছিল আৰু ১৪ ফেব্ৰুৱাৰীৰ দিনতো কিয় তেখেতৰ নামত সমগ্ৰ বিশ্বৰ প্ৰেমিক-প্ৰেমিকা সকলে উদযাপন কৰে সেয়া এক বেলেগ অধ্যায়। সেই বিষয়ত বেছি মগজুৰ কোষৰ ধ্বংস লীলা নকৰো আজি অন্ততঃ! পোনচাতেই আগবঢ়াবলৈ ওলাইছোঁ কেইটামান বিশেষ কিটিপ প্ৰেমৰ নামত উচৰ্গিত দিনটোক অলপ বেলেগ ধৰণে উদযাপিত কৰিবলৈ! খন্তেকৰ বাবে চকু ফুৰোৱাওকচোন- 

১) কাৰ্ড দিয়াটো একঘেমীয়া কথা হৈছে আজিৰ দিনত। এটা কাম কৰকচোন! অলপ কষ্ট হ'ব! কিন্তু ভাল লাগিব! প্ৰিয়জনৰ লগত থকা সময় খিনিত নিজৰ ফোন আৰু এই লেপটপটো বন্ধ কৰি থওঁক। মানুহজনৰ/ মানুহজনীৰ বাবে দুপৰীয়াৰ খানা নিজে সাজু কৰক। আগতীয়াকৈ তেখেতে ভাল পোৱা- মুৰ্গীৰ মাংস, পঠাৰ মাংস, চিতল মাছ, সৰু মাছ, ৰৌ বা ভকুৱা কিবা এটা আনি থওঁক। সৰু-সুৰা কামবোৰ যেনে- নহৰুৰ বাকলি গুচোৱা, মচলা খুন্দা এইবোৰ কামত প্ৰিয়জনকো যাচক। একান্ত ব্যক্তিগত এই সময় খিনি কিমান যে মধুময় হ'ব! আপুনি চাই থাকক, আগন্তুক ভেলেন্টাইন দিৱস সমূহত এয়াই আপোনালোক দুয়োৰে বাবে প্ৰিয়তম কাম হ'ব। 

২) একেখন গেলাৰীৰ পৰা উপহাৰ কিনিব আৰু এজনে আনজনক উপহাৰ আদান-প্ৰদান কৰিব! কিবা যান্ত্ৰিক যেন নালাগে নে গোটেই প্ৰক্ৰিয়াতো? এটা কাম কৰক। নৱ-বিবাহিত দম্পতীবোৰে কি কৰে? ধেই! তেওঁলোকে এজনে আনজনক বুজিবলৈ আৰু সময় দিবলৈ মধুচন্দ্ৰিকা আদি পালন কৰে। নহয়নে? আপুনি বেলেগ কিবা নাভাবিব! আপুনিও কৰক! আৰে! দুয়ো মিলি ওচৰতেই কৰবাত পৰ্বতাৰোহণ কৰক। নাইবা কাষতে থকা জলাশয়ৰ পাৰে পাৰে ভ্ৰমণ কৰক দীঘলীয়া। আপোনাৰ ঘৰ যদি গাওঁৰ আশে-পাশে হয় তেন্তে প্ৰিয়জনক লৈ যাওঁক খেতিপথাৰ ভ্ৰমণ কৰিবলৈ বেছি সময় হাতত লৈ। নাইবা কাষতে থকা বুৰঞ্জীমূলক ঠাই ফুৰি আহক এপাক! মুঠতে দিনটো এজনে আনজনৰ লগত সক্ৰিয়ভাবে পালন কৰিব পৰাকে কিবা এটা কৰক সচঁৰাচৰ নকৰা কিবা এক কাম। 

৩) চকলেট আদান-প্ৰদান - ভেলেন্টাইন দিৱসৰ দিনা এক পুৰণি আৰু সকলোৱে অভ্যস্ত হোৱা এক মিঠা মিঠা প্ৰথা। কিন্তু তাতকৈও মিঠা আৱেগপ্ৰৱণ প্ৰথা এটা নিজে সৃষ্টি নকৰে কিয়?? আপোনাৰ প্ৰিয়জন/প্ৰিয়তমা কিবাকৈ চাকৰিয়াল নেকি? হয় যদি বঢ়িয়া! তেখেত নিশ্চয় দিনৰ আহাৰ নিজে সাজু কৰি লৈ যাই নাইবা একঘেমীয়া কেন্টিনত খায়? আপোনাৰ অলপ কষ্ট হ'ব কিন্তু অনুভুতি চকলেটতকৈ বহুগুণে মিঠা হ'ব!! আপোনাৰ প্ৰিয়জনৰ বাবে এসপ্তাহমান কষ্ট কৰক! আপুনি তেখেতৰ বাবে দুপৰীয়াৰ আহাৰ সাজু কৰি টিফিনত তেখেতৰ কৰ্ম-স্থানলৈ পঠোৱাৰ ব্যৱস্থা কৰক! দাবী কৰি কওঁ যে তেখেতে চকলেটৰ মিঠা সোৱাদতকৈ বহুত-বহুত বেছি আন্তৰিকতাৰে বহুত দিনলৈ এই কথা মনত ৰাখিব! কৰি চাওঁকচোন অলপ কষ্ট! বছৰেকত এসপ্তাহমানহে! 

৪) বাহিৰত খাবলৈ যাম বুলি ভাবিছে নেকি? ৰেষ্টুৰেণ্টত টেবুল বুক কৰিলেই নেকি?? বাদ দিয়ক। বুক কৰিছে যদি বাতিল কৰক। আজিৰ দিনটোত সকলোৱে কৰা কামবোৰ কিয়নো কৰিব লাগে আপোনালোকে! দু্য়ো এঠাইত লগ হওঁক। দুয়ো হাতে-হাতে কলম আৰু কাগজ লৈ লওক। আৰে! ভয় নাখাব! এতিয়া দুয়ো স্পষ্টকৈ নিজাকৈ তালিকা এখন-এখন তৈয়াৰ কৰক- 'কৰিবলৈ ইচ্ছা থকা কামবোৰ'! অলপ সময় লাগিব। লাগিব দিয়ক। ইমানখিনি সময় এজনে আনজনক দিয়া প্ৰয়োজন! এই কষ্ট কৰি বনোৱা তালিকাখনৰ প্ৰয়োজন তেতিয়া অনুভৱ কৰিব, যেতিয়া বছৰটোৰ জটিল সময়ত কিবা মন ভাল লগা চিন্তা কৰিবলৈ আহৰি নাপাব। সেই সময়ত যদি আপোনাৰ প্ৰিয়জন/প্ৰিয়তমাই আপোনাৰ 'কৰিবলৈ ইচ্ছা থকা কামবোৰ'ৰ- অন্ততঃ এটা কাম বাস্তৱায়িত কৰে!! 

৫) টেডি বিয়াৰ বা তেনেকুৱা জাতীয় কিবা এবিধ প্ৰিয়জনক দিবলৈ খুব মন যায় নে! বাদ দিয়ক। সকলোৱে দিয়ে দেখোন সেইবোৰ! নালাগে দিয়ক সেইবোৰ দিবলৈ। সেয়া আপোনাৰ সন্তানক দিবলৈ সাঁচি ৰাখক। ভাল পাব সিহঁতে খেলি সেয়া! আপুনি এটা কাম নকৰে কিয়? ভেলেন্টাইন দিৱসৰ অন্যতম বিশেষত্ব নিজৰ বাবে এক বিশেষ আবদাৰ! নহয় জানোঁ! কাষৰে 'ইউনিচেক্স চেলুন' খনলৈ যাওঁক। তাতে আজিৰ দিনটোত এক বিশেষ 'স্পা' সেৱা লওঁক দুয়োজনে! নিজকে সতেজ অনুভৱ কৰক। নিজৰ শৰীৰটোৰ যতন লওক! এক মিঠা অনুভুতি। 'স্পা'ৰ সুবিধা নাথাকিলে কাষতে থকা 'বিউটী পাৰ্লাৰ' নাইবা 'জেন্টচ চেলুন'ত এজনে আনজনৰ খৰচ ব্যয় কৰক 'বডী-মাচাজ'ৰ বাবে! 

ওপৰত উল্লেখ কৰা সমূহ কেইটামান কিটিপহে। মুল-কথা হ'ল- দিনটো দুয়োজনে নিজৰ সুবিধা আৰু ইচ্ছাক প্ৰাধান্য আগস্থান দি পালন কৰা। আপোনাৰ ভেলেন্টাইন দিৱস শুভ হওক তাৰেই কামনাৰে।

No comments:

Post a Comment