হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. উত্তৰ-পূৱৰ ৰাইজক অনুপ্ৰৱেশকাৰী বা বিদেশী বুলি ভিজন ডকুমেণ্টত লিখাৰ বাবে আটাইতকৈ স্ফুৰ্তি পোৱা ব্যক্তিজন ফৰেষ্ট বৰুৱা বুলি জানিব পৰা গৈছে। তেখেতে ইমান দিনে কৈ থকা কথা এটাকে ভাৰতীয় উপনিবেশে.কমে চাৰ্টিফাই কৰি দিয়াত আন্তৰিক ধন্যবাদ প্ৰকাশ কৰাৰ লগতে পদুম পাৰ্টিলৈ মিঠাইৰ টোপোলা কুৰিয়াৰ কৰি পঠাব বিচৰা বুলিও গোপন সূত্ৰই প্ৰকাশ কৰিছে।

২. অইলত চাকৰি বিক্ৰীৰ অভিযোগৰ তদন্ত কৰাৰ বাবে তদন্তকাৰী সংস্থা গৈ উপস্থিত হোৱা থলুৱা খিলঞ্জীয়া দালাল সংস্থাই উদ্বেগ প্ৰকাশ কৰিছে। এতিয়া বহিৰাগত বিষয়াক মেনেজ কৰিবলৈকে দালালিৰ সকলো পইচা দি দিব লগা অৱস্থা সৃষ্টি হব বুলি আশংকা কৰি এতিয়া এয়া খিলঞ্জীয়াৰ স্বাৰ্থৰ পৰিপন্থী বুলি সংস্থাই ঘোষণা কৰিছে। ইয়াৰ প্ৰতিবাদত ভাল দিন বাৰ এটি চাই অসম বন্ধ এটিকে আহ্বান কৰা হব পাৰে বুলিও গোপন খবৰ পোৱা গৈছে।

৩. দিল্লীত ৰাইজে অনুপ্ৰেৱশকাৰী আখ্যা পোৱাৰ পাছত ৰাইজক ক্ষমা বিচাৰিলে প্ৰব্ৰজনকাৰী সোনোৱালে। দিল্লী কা লাড্ডু খাবলৈ পালে অসমৰ পৰা অহা অসমীয়া বুলি নকৈ অসমৰ পৰা অহা প্ৰব্ৰজনকাৰী বুলি কলেও তেখেতৰ কোনো আপত্তি নাই বুলি কৰিলে প্ৰকাশ। লাড্ডুৰ সোৱাদ এবাৰ পোৱাৰ পাছত এতিয়া তাৰ মায়া এৰাটো কঠিন বুলিও সোনোৱালদাই নিকট মহলক স্পষ্ট কৰি দিয়া বুলিও জানিব পৰা গৈছে।

৪. গীতিকাৰ পৰমাৰ কথা আৰু সুৰত সুৰ মিলাই চাহিত্য চভাত গীত পৰিবেশন কৰি যাব বুলি স্পষ্ট কৰি দিলে উদীয়মান গায়ক ধ্ৰুৱতৰা বৰাই। পৰমাক বিৰোধিতা কৰি চভাৰ বাকৰিত চাফা হৈ যোৱাতকৈ সুৰত সুৰ মিলাই চাহিত্য চভাৰ পৰমানন্দ লাভ কৰাই উত্তম পন্থা বুলি তেখেতে অনুভৱ কৰা বুলিও বৰাদেৱে আত্মীয়-স্বজনৰ আগত প্ৰকাশ কৰাৰ গোপন খবৰ।

৫. অসমৰ ৰাজপথত এইবাৰ ৰাজ্যপ্ৰেমী প্ৰতিবাদী প্ৰতিযোগিতাৰ জোৱাৰ উঠা বুলি জানিব পৰা গৈছে। ৰাস্তাত বাগৰি বাগৰি কৰা প্ৰতিবাদ, অৰ্ধ উলংগ প্ৰতিবাদ, মাৰ-পিট সমৃদ্ধ প্ৰতিবাদ আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ প্ৰতিবাদৰ মাজৰ পৰা শ্ৰেষ্ঠ ৰাজ্যপ্ৰেমীজনক বিচাৰি উলিওৱাৰ দ্বায়িত্ব এতিয়া অসমীয়া ৰাইজেই কান্ধ পাতি লব লাগিব বুলি প্ৰতিবাদী সমন্বয় সংঘই প্ৰকাশ কৰিছে।

৬. গঁড় হত্যা ৰোধৰ বাবে উপায় উদ্ভাৱন কৰাৰ দ্বায়িত্ব অসমীয়া সাহিত্যিক সকলক প্ৰদান কৰিলে ৰসাল গগৈয়ে। অসমীয়া সাহিত্যিকে এই বিষয়ত সৃষ্টি কৰা 'সাহিত্য' পঢ়িহে বনকৰ্মী সকল এই ক্ষেত্ৰত আগবাঢ়ি যাব বুলিও তেখেতে প্ৰকাশ কৰিছে। তাকে দেখি বন বিভাগটো সাহিত্য সভাৰ সভাপতিকে গতাই দিবলৈ সদৌ অসম সচেতন নাগৰিক সন্থাই গগৈ চাৰলৈ আহ্বান জনাইছে।

৭. কালি বিৰল বেদীয়ে দিল্লীৰ ৰাজপথত চকুপানী টোকা বুলি বাতৰি প্ৰকাশ পাইছে। এই বিৰল দৃশ্য সৃষ্টি হোৱাৰ পাছত এতিয়া সেয়া আনন্দৰ চকুলো আছিল নে অনাগত বিপৰ্যয়ৰ কথা গম পাই চকুলো টোকাৰ আগতীয়া নেট প্ৰেকটিছ আছিল তাকে লৈ এতিয়া প্ৰশ্ন উঠিছে। এতিয়া সংগৃহীত চকুলো ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰি কথাষাৰ খাটাং কৰিবলৈ সদৌ দিল্লী সন্দেহী নাগৰিক সন্থাই উদ্যোগ লোৱা বুলিও গোপন সূত্ৰত প্ৰকাশ।

৮. বিভাগ কটা যোৱাৰ পাছতো খেতিমণি ডেকাক সাহিত্য সভাই নৃত্য-নাটিকা উদ্বোধন কৰিবলৈ সুযোগ দিয়াৰ বাবে ডেকাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। এতিয়া কাম নাইকীয়া হোৱা ডেকাদাই সাহিত্যৰ পথাৰতে খেতি-বাতি কৰি টাইম পাছ কৰিব বুলিও ৰাইজক জানিবলৈ দিছে। তেখেতে এইবাৰ 'কমিছনৰ পথাৰৰ পৰা' নামৰ এখন আত্মগাঁথাৰ কাম হাতত লোৱা বুলিও জানিব পৰা গৈছে।

৯. বিহাৰত অনাহক চেলবেলাই থকাৰ বাবেই মাঝিৰ গাদী যোৱাৰ খবৰ পোৱাৰ পাছত অসমতো তেনেধৰণৰ সা-সলনি হোৱাটো ভাল বুলি জালুকগুটি শৰ্মাই মত প্ৰকাশ কৰিছে। ৰসাল গগৈৰ চেলবেলনিৰ ওপৰত সবিশেষ ক্লিপিং, প্ৰতিবেদন, বিশ্লেষণ আদি গোটাই শৰ্মাদা আকৌ এবাৰ দিল্লীৰ মেডামৰ চৰণত শৰণ লবলৈ যাব বুলিও লোকেল গুজৱে জানিব পাৰিছে।

১০. দিল্লী নিৰ্বাচনৰ প্ৰচাৰৰ পৰা সংগৃহতী শব্দৰে "প্ৰিয় নেতাৰ মুখৰ মাত" নামৰ এখনি সংকলনৰ কাম হাতত লোৱা হৈছে বুলি জানিব পৰা গৈছে। ইয়ালৈ বিভিন্ন নিম্নমানৰ গালি-গালাজেৰে কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি বিভিন্নজনে নিজৰ বহুমূলীয়া অৱদান আগবঢ়াইছে বুলি সংকলনৰ সম্পাদকে আমাক জনাইছে। ৰাজনৈতিক গালি-গালাজৰ এইখনেই প্ৰথম সংকলন হব আৰু ৰাইজে প্ৰিয় নেতাৰ অশ্ৰাব্য শব্দাৱলীক আদৰি লব বুলিও সংকলকে আশা প্ৰকাশ কৰিছে।

No comments:

Post a Comment