পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
 আজিৰ ভাল খবৰবোৰ
১. অসমক কেন্দ্ৰ কৰি অচিৰেই আত্ম-প্ৰকাশ কৰিব আন এটা ছেটেলাইট নিউজ চেনেলে। ৰকলেণ্ড মিডিয়া এণ্ড কমিউনিকেচন প্ৰাইভেট লিমিটেডে আৰম্ভ কৰিব লগা এই নিউজ চেনেলটোৰ বিভিন্ন বিভাগৰ চাকৰিৰ বাবে প্ৰথম পৰ্যায়ৰ পৰীক্ষা কালি গুৱাহাটীৰ গোপাল বড়ো উঃ মাঃ বিদ্যালয়ত অনুষ্ঠিত হয়। দুই শতাধিকে অংশ লোৱা এই পৰীক্ষাৰ তদাৰক কৰাৰ বাবে উপস্থিত আছিল অতনু ভূঞা, জনসাধাৰণ কাকতৰ কাৰ্যবাহী সম্পাদক বেদব্ৰত বৰা, ৰিতুস্মিন শৰ্মাকে ধৰি কেইবাজনো জনপ্ৰিয় সাংবাদিক।

২. অসম তথা অসমৰ বাহিৰত বসবাস কৰা অসমীয়া সকলৰ মাজত অভিজ্ঞতা, ভাৱ-অনুভূতি সমূহৰ ভাগ-বটোৱাৰা কৰাৰ মঞ্চৰূপে আত্মপ্ৰকাশ কৰিছে “আছাম আড্ডা” নামৰ দ্বি-ভাষিক ছ’চিয়েল নেটৱৰ্কিং চাইটটোৱে। শিক্ষা, চাকৰি, মনোৰঞ্জন, সমাজ জীৱনৰ বিভিন্ন বিষয়ক লৈ www.assamadda.com ত অসমীয়া বা ৰোমান লিপি ব্যৱহাৰ কৰি ৰাইজে মত বিনিময় কৰিব পাৰিব বুলিও জানিব পৰা গৈছে।

৩. পৰীক্ষাৰ বতৰত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “মন কী বাত” অনুষ্ঠান যোগে দেশৰ শিক্ষাৰ্থী সকলক শিক্ষা গ্ৰহণ, পৰীক্ষা তথা প্ৰতিযোগিতামূলক পৰীক্ষা বিষয়ত প্ৰেৰণা যোগাবলৈ চেষ্টা কৰিব। এই বিষয়ত শিক্ষাৰ্থী, অভিভাৱক তথা শিক্ষকৰ পৰা নৱ-প্ৰজন্মক প্ৰেৰণা যোগাব পৰা বিভিন্ন অভিজ্ঞতা তেখেতৰ সৈতে শ্বেয়াৰ কৰিবলৈকো টুইটাৰ যোগে আহ্বান জনাইছে।

৪. তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলী ভ্ৰমণলৈ অহা কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী উমা ভাৰতীয়ে মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিয়াৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলাব বুলি প্ৰকাশ কৰিছে। ইয়াৰ ভৌগোলিক সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে মাজুলীক দ্বিতীয় দ্বাৰকাৰ ৰূপত গঢ়ি তোলা হব বুলিও প্ৰকাশ কৰে। তেখেতৰ সৈতে খেল মন্ত্ৰী সৰ্বানন্দ সোনোৱালো উপস্থিত আছিল।

৫. কেন্দ্ৰীয় চৰকাৰে নতুনকৈ গ্ৰহণ কৰা স্বচ্ছ ভাৰত, জন-ধন যোজনা, শৌচাগাৰ আন্দোলন, গাঁও লালন-পালন আদি আঁচনি অসমত সফল ৰূপায়ণৰ বাবে বিশেষ সমিতি অসমৰ ৰাজ্যপালে নিজাকৈ গঠন কৰিব বুলি জানিব পৰা গৈছে। অসম সাহিত্য সভা, বিশ্ববিদ্যালয় সমূহৰ বিষয়া, বেংক, বিএছএনএল, ডাক, বিবেকানন্দ কেন্দ্ৰ আদিৰ বিষয়-ববীয়া সকলৰ সৈতে এই উদ্দেশ্যে এক বৈঠকো ৰাজভৱনত অনুষ্ঠিত কৰে বুলি খবৰ প্ৰকাশ পাইছে। ৰাজ্যপালে মাতৃভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিশ্ববিদ্যালয়সমূহ প্ৰতিটো জনগোষ্ঠীৰ ভাষাৰ ওপৰতে একোটা বিভাগ মুকলি কৰা উচিত বুলিও মত প্ৰকাশ কৰে।

৬. কালি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ‘দৈনিক অসম’ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক আন্তঃ শিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতাত ৯৮টা দলে অংশ লয় আৰু শ্ৰেষ্ঠ দল ৰূপে বিবেচিত হয় শ্ৰীমন্ত শংকৰ একাডেমীৰ সুদৰ্শন গোস্বামী আৰু মহৰ্ষি বিদ্যা মন্দিৰ বৰসজাইৰ অক্ষয় শীলৰ দল। প্ৰতিযোগিতাৰ বঁটা সমূহ বিতৰণ কৰে সন্মানীয় অতিথি ৰূপে অংশ লোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কে শ্ৰীধৰ ৰাৱে। লগতে দৈনিক অসমৰ জোনাকী বাটে আয়োজন কৰা লিখিত কুইজ প্ৰতিযোগিতাৰো বঁটা বিতৰণ কৰা হয়।

৭. বাৰখনকৈ বিদেশী ৰাষ্ট্ৰৰ অংশগ্ৰহণেৰে অহা ১০ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হব দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য প্ৰদৰ্শনী। এই প্ৰদৰ্শনী অহা ১৪ ফেব্ৰুৱাৰীলৈকে চলিব।

৮. চোৰাং চিকাৰীৰ সম্ভেদ দিয়া সকললৈ এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিলে অসমৰ নতুন বনমন্ত্ৰী এটোৱা মুণ্ডাই। কাজিৰঙাৰ সুৰক্ষাৰ বাবে বন কৰ্মী, আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ যুটীয়া অভিযান চলোৱাৰ বাবে অনুমতি প্ৰদান কৰি সংবাদ শিৰোনামা লাভ কৰা মন্ত্ৰী গৰাকীয়ে কালি কাজিৰঙাৰ দাঁতি-কাষৰীয়া গাঁও সমূহ ভ্ৰমণ কৰি ৰাইজক চোৰাং চিকাৰী ৰোধৰ বাবে সহযোগিতা কৰাৰ বাবে তথা সজাগ হোৱাৰ বাবেও আহ্বান জনোৱা বুলি জানিব পৰা গৈছে। ইফালে কাজিৰঙাৰ এনিমেল কৰিডৰত থকা দোকান-পোহাৰ-ৰেষ্টুৰা আদি নিষিদ্ধ ঘোষণা কৰি বন্ধ কৰিবলৈ দিল্লীৰ পৰা নিৰ্দেশ জাৰি কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে । কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত সঘন পথ দুৰ্ঘটনাত বন্য-প্ৰাণী নিহত হোৱাৰ ঘটনা ৰোধ কৰিবলৈ চৰকাৰে কি ব্যৱস্থা লৈছে সেই বিষয়ত শুনানিত অহা ১২ মাৰ্চত উপস্থিত হবলৈকো ৰাজ্য চৰকাৰক নিৰ্দেশ জাৰি কৰাৰ সুখবৰ প্ৰকাশ পাইছে।

৯. ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয় আৰু গুৱাহাটী দূৰদৰ্শনৰ সহযোগত কালি “আমাৰ পথাৰ, আমাৰ কথা” শীৰ্ষক এক অনুষ্ঠান বিশ্বনাথ চাৰিআলিত ফাৰ্ম মেচিনাৰী প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানত অনুষ্ঠিত হৈ যায়। গুৱাহাটী দূৰদৰ্শনৰ উপ-সঞ্চালক দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে উদ্বোধন কৰা অনুষ্ঠানটোতে ৰাজ্য চৰকাৰৰ শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰা তিনিগৰাকীকৈ কৃষকক সম্বৰ্ধনাও জনোৱা হয়। কৃষক সকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বাখ্যা আগবঢ়ায় কৃষি বিজ্ঞানী ডঃ মনোজ কলিতা, কৃষি বিষয়া হেমেন্দ্ৰ কুমাৰ বড়ি আদি সমল ব্যক্তি সকলে।

১০. সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া (মুছলমান) সন্থাৰ চতুৰ্দশ ত্ৰিবাৰ্ষিক ৰাজ্যিক অধিবেশনখন শিৱসাগৰৰ ডিমৌত অহা ১৪-১৬ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হব। মুখ্যমন্ত্ৰী, কৃষিমন্ত্ৰীকে ধৰি বিভিন্ন ৰাজনৈতিক নেতাই ইয়াত অংশগ্ৰহণ কৰিব। সদ্য সমাপ্ত এবছুৰ অধিবেশনত প্ৰমোদ বড়ো পুনৰ পৰবৰ্তী কাৰ্যকালৰ বাবেও সভাপতি ৰূপে নিৰ্বাচিত হোৱাৰ খবৰ। ইফালে ঢকুৱাখনাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰো পৰিছে সফল সামৰণি, পৰবৰ্তী অধিবেশন শিৱসাগৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত প্ৰকাশ।

No comments:

Post a Comment