মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

দিল্লীত 'আপ'ৰ জোৱাৰ, 
অসমতো নতুন সম্ভাৱনা
ভবেন সন্দিকৈ

দেশৰ ৰাজধানী দিল্লীৰ বিধান সভাৰ নিৰ্বাচনত পুনৰ আম আদমী পার্টিৰ সবল উত্থানে ৰাজনীতিত বহু নতুন দিশৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে। অন্তত কালি টিভিৰ পৰ্দাত জিলিকি উঠা নিৰ্বাচনোত্তৰ সমীক্ষা বিলাকত প্ৰকাশ পোৱা ইংগিতে ইয়াকেই প্ৰতীয়মান কৰিছে। দিল্লীৰ সফলতাই, দেশৰ বিভিন্ন প্ৰান্তলৈকো ইতিবাচক প্ৰভাৱ নিশ্চয়কৈ বিস্তাৰ কৰিব। 

এইবিলাকৰ ভিতৰত বিজেপিৰ ক'পৰেট-কমিউনেল এজেণ্ডা প্ৰত্যাখান,চাইৱালা অভিনয়ৰে আত্মপ্ৰকাশ কৰা মোডীৰ দহ লাখ টকীয়া বিদেশী কোট প্ৰীতিক দিল্লীবাসী জনতাই বুজি যোগ্য প্ৰত্যুত্তৰ দিয়া বুলি অনুভৱ কৰিছো।একেদৰে ই সর্বভাৰতীয় পর্যায়ত ধ্বংসস্তুপত পৰিণত হোৱা কংগ্ৰেছৰ বিপৰীতে বিজেপিৰ বিকল্প এক নতুন ৰাজনৈতিক ধাৰাৰ উত্থানত ৰাইজৰ সেউজ সংকেতকেই বহন কৰা নাইনে?

অসমৰ প্ৰেক্ষাপটতো কংগ্ৰেছৰ দীর্ঘদিনীয়া অপশাসন, আই চি ইউৰ ভেণ্টিলেটৰত থকা অগপ আৰু বিজেপি-এ.আই.ইউ.ডি.এফৰ সাম্পদায়িক ৰাজনীতিক প্ৰত্যাহ্বান জনাব পৰাকৈ এক বিকল্পৰ অভাৱ এই কথা প্ৰতিজন ৰাজনৈতিকভাবে সচেতন ব্যক্তিয়ে অকপটে স্বীকাৰ কৰিব। এনে প্ৰেক্ষাপটত নিশ্চিতভাবে 'আপে' অসমত এক বিকল্প ৰাজনীতিৰ সূচনা কৰাৰ সম্ভাৱনাৰ দুৱাৰ খোলা আছে। কেৱল ইয়াৰ বাবে এদল নিষ্ঠাবান কর্মী আৰু দলটোক ৰাজ্যিক পর্যায়ত নেতৃত্ব দিব পৰা অসমৰ মাটি-পানী সাহিত্য-সংস্কৃতি-ইতিহাস আৰু জটিল ভৌগলিক,জাতি-জনগোষ্ঠীৰ বিন্যাস অনুধাৱন কৰিব পৰা সংবেদন মনৰ সামূহিক নেতৃত্বৰ প্ৰয়োজন। 

বিগত দিল্লীৰ নির্বাচনত আপৰ চমকপ্ৰদ উত্থানে অসমত সামগ্ৰিকভাবে এক বিকল্প ৰাজনৈতিক ধাৰা জন্মৰ প্ৰয়োজনীয় অনুঘটকসমূহৰ কিছু অভাৱ পূৰণ কৰিছিল। কিন্তু সেই সুযোগ আমি লোকসভাৰ নিৰ্বাচনত ল'ব নোৱাৰিলো এই কথা অকপটে স্বীকাৰ কৰো। ইয়াৰ কাৰকসমূহ নিশ্চিতভাবে এদিন প্ৰত্যয়জনকভাবে উদঘাটন হব।

এতিয়া আহো, কালি নিবাৰ্চনোত্তৰ সমীক্ষা বা এক্সিট পোলে সৃষ্টি কৰা সম্ভাৱনা আৰু দুৰ্ভাৱনাবোৰলৈ। প্ৰথম কথা হ'ল এই নির্বাচনী ৰিজাল্টে বিগত নির্বাচনৰ ফলাফলতকৈ বেচি সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব নতুন ৰাজনৈতিক বিন্যাসত। বিগত সময়ছোৱাত দিল্লীত আপৰ উত্থানে অসমৰ জনমানসত কিছু প্ৰভাব বিস্তাৰ কৰিলেও মোদীৰ আত্মপ্ৰকাশ, অসমত দলটোৰ নতুন গজালি, আগ্ৰাসন আদিয়ে কিছুলোকক দ্বিধাগ্ৰস্ত কৰি ৰাখিছিল।কিন্তু আজিৰ তাৰিখত, বিগত লোকসভাত বিজেপিক আস্হাত লোৱা অসমৰ প্ৰতিটো জাতীয় সমস্যাৰ ক্ষেত্ৰত বিজেপিৰ দুমুখীয়া স্হিতিৰ বাবে জনতাৰ মোহভংগ ঘটিছে। উত্তৰ-পূৱৰ লোকক স্বদেশতে বিদেশী কৰাৰ 'মানসিকতা' দিল্লীৰ বিজেপিৰ ভিজন ডকুমেণ্টত জিলিকি উঠাক লৈও সৰ্বত্ৰ প্ৰতিবাদৰ ঢৌ উঠিছে।

বিশেষকৈ জাতীয়তাবাদী-আঞ্চলিক দর্শনৰ লোক দলটোলৈ গৈ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছেগৈ।এইসকলৰ লগতে মোদীৰ দুর্নীতি-ভ্ৰষ্টচাৰবিৰোধী তথাকথিত ভাষণবাজি, অথচ বিগত আঠমাহত দুৰ্নীতিক লৈ কোনো বাস্তৱ পদক্ষেপ লোৱা স্থিতিক লৈও মোহভংগ ঘটিছে মোদীৰ ঢৌত উটি ভাঁহি যোৱা বহু তৰুণ প্ৰজন্মৰ। অসমতো যে আজি বিজেপি, অগপ, কংগ্ৰেছ, আজমল ব্ৰেণ্ডৰ পুৰণি আৰু ৰাইজৰ কামত নহা দলসমূহৰ বিশ্বাসযোগ্য বিকল্পৰ সন্ধান কৰিবলৈ যে অসমীয়া মানুহে আৰম্ভ কৰিছে সেয়াও কোনেও আজি অস্বীকাৰ কৰিব নোৱাৰে।

সেয়ে এই সকলো সচেতন লোকৰ যৌথ প্ৰচেষ্টাত "আম আদমী পাৰ্টি"য়ে অসমত জনগণৰ বহু আকাংক্ষিত এক বিকল্প হিচাপে সৱল ৰূপত গঢ় লৈ উঠাৰ বাবে এক সুবর্ণ সুযোগ লাভ কৰিছে। জনতাৰ এই আশা আৰু আস্হাক সাংগঠনিক প্ৰক্ৰিয়াৰ মাজেৰে ভোটলৈ ৰুপান্তৰিক কৰা এই যুঁজখনৰ নিষ্ঠাবান-ত্যাগী-সত্‍ আৰু দুৰদর্শী কর্মীৰ ওপৰতে অসমৰ বিকল্প ৰাজনীতিত আপৰ ভবিষ্যত নির্ভৰ কৰিব। এক দুৰ্নীতিমুক্ত, সাম্প্ৰদায়িকতা মুক্ত নিকা অসমীয়া সমাজৰ স্বপ্নৰ দিশত আশাকৰো সকলো সচেতন লোকেই হাত-উজান দিবলৈ আগুৱাই আহিব।

(লেখক আম আদমী পাৰ্টি অসমত আৰম্ভ কৰা এগৰাকী প্ৰতিষ্ঠাপক সমন্বয়ৰক্ষক) 

No comments:

Post a Comment