পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. যোৰহাটত আয়োজিত হোৱা অসম আন্তৰ্জাতিক বাণিজ্য আৰু উদ্যোগ মেলা কালি উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। আফগানিস্থান, পাকিস্তান, ম্যানমাৰ, লাউছ, থাইলেণ্ডকে ধৰি ১২খন ৰাষ্ট্ৰ ৰাজনৈতিক আৰু বাণিজ্যিক প্ৰতিনিধিয়ে স্থানীয় উদ্যোগী গোট সমূহৰ সৈতে অংশ লৈছে এই বাণিজ্য মেলাত। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে ৰাজ্যৰ নিবনুৱা সমস্যাৰ সমাধানত সহায় কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত মত প্ৰকাশ কৰে।

২. মাহজাতীয় শস্যৰ উপাদিকা শক্তি বৃদ্ধিৰ ক্ষেত্ৰত অসমে দেখুওৱা সফলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ২০১৩-১৪ বৰ্ষৰ সন্মানজনক কৃষি কৰ্ম বঁটা কালি প্ৰধানমন্ত্ৰীৰ হাতৰ পৰা গ্ৰহণ কৰে অসমৰ কৃষি মন্ত্ৰী ৰকিবুল হুছেইনে। ৰাজস্থানৰ চূড়াতগড়ৰ নগৰপালিকা ষ্টেডিয়ামত অনুষ্ঠিত বঁটা বিতৰণী সভাত প্ৰদান কৰা এই বঁটাত আছে এটা ট্ৰফী, এখন মানপত্ৰ আৰু দুই কোটি টকাও।

৩. ইংলেণ্ডৰ উচ্চ সদনৰ অধ্যক্ষ বাৰ্নছ ডিছুজাৰ নেতৃত্বত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে ৮জনীয়া সাংসদৰ দল। ভাৰত আৰু ব্ৰহ্মদেশৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা “ইণ্ডিয়া বাৰ্মা য়ং লীডাৰ্ছ ডায়লগ” শীৰ্ষক আলোচনাচক্ৰতো তেখেত সকলে অংশ লয়। শিলপুখুৰীত থকা দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰকো পৰিদৰ্শন কৰে। লগতে  অসম বিধান সভাত বিধায়ক তথা অসমৰ মন্ত্ৰী সকলৰ সৈতেও এক মত বিনিময়ত অংশ লোৱাৰ কথা। আনফালে ঈশানী নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত ফ্ৰান্সৰ “পাৰ্ছপেক্টিভ এছিয়ান”ৰ ১২ জনীয়া প্ৰতিনিধিৰ দলেও অসম বিধান সভা পৰিদৰ্শন কৰিবহি বুলি জানিব পৰা গৈছে।

৪. ৰেলৱেত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা নিবনুৱা যুৱকঃযুৱতী সকলৰ নিয়োগ নিশ্চিত কৰিবলৈ অচিৰেই কেন্দ্ৰীয় চৰকাৰে মাণ্ডলিক নিয়োগ বৰ্ড গঠন কৰি দিব বুলি সুখবৰ প্ৰকাশ পাইছে। সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সৈতে বৈঠকৰ অন্তত এই কথা ৰেল মন্ত্ৰী সুৰেশ প্ৰভূৱে প্ৰকাশ কৰা বুলিও জানিব পৰা গৈছে।

৫. উত্তৰ-পূৱৰ লোক সকলৰ যাতে দেশৰ কোনো ঠাইতে সুৰক্ষা বিঘ্নিত নহয় বা নিৰ্যাতন, আক্ৰমণৰ বলি হব লগা নহয়, সেই কথা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে একোটাকৈ হেল্প লাইন নাম্বাৰ খোলা আৰু বিশেষ উত্তৰ-পূৱ কোষ গঠন কৰাৰ বাবে নিৰ্দেশ জাৰি কৰাৰ সুখবৰ। তদুপৰি বেজবৰুৱা কমিটিৰ পৰামৰ্শৱলীকো ৰূপায়িত কৰাৰ বাবে পদক্ষেপ লোৱা হব বুলিও বাতৰি প্ৰকাশ পাইছে।

৬. অসমৰ বিশিষ্ট লোকশিল্পীদ্বয় কৈলাশ তালুকদাৰ আৰু বৈজয়ন্তী তালুকদাৰক ছায়াপ্ৰভা সংস্কৃতি বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। অহা ২৮ ফেব্ৰুৱাৰীত “আকাৰ”ৰ উদ্যোগত গুৱাহাটী সাংস্কৃতিক প্ৰকল্পত পশ্চিম গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী ছায়াৰাম কুমাৰৰ প্ৰতি সন্মান জনাই এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰিব লোক সংস্কৃতিবিদ ডঃ প্ৰবীণ চন্দ্ৰ দাসে। উক্ত অনুষ্ঠানতে এই বঁটাও প্ৰদান কৰা হব।

৭. পৰিবেশ সুৰক্ষা সমিতিয়ে পৰিবেশ সুৰক্ষা, সংৰক্ষণ আৰু সজাগতাৰ বাবে যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ আৰম্ভ কৰা পদযাত্ৰাৰ পৰিছে সফল সামৰণি। এই যাত্ৰাৰ সময়চোৱাত ৰাইজক বিভিন্ন বিষয় সম্পৰ্কে অৱগত কৰি অহা সাতজনীয়া দলটি অৱশেষত গুৱাহাটীত উপস্থিত হৈ গৌৰী সদনত এক সংবাদ মেলৰ আয়োজন কৰে।

৮. হাজোৰ নতুন সাহিত্য পৰিষদ বৰম্বৈ শাখা, ডিমু, হেপাচা, জাপিয়া শাখা আৰু বৰম্বৈ ছাত্ৰ ফেডাৰেশ্বনৰ যৌথ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ বৰম্বৈ কেন্দ্ৰীয় পুথিভঁৰাল চৌহদত এক গ্ৰন্থমেলা আয়োজিত হৈছে। এই উপলক্ষে স্বৰছিত কবিতা, গল্প, প্ৰৱন্ধ পাঠ প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰা বুলি জানিব পৰা গৈছে।

৯. অসমৰ লগতে দেশৰ ১১খন ৰাজ্যত যোৱা বুধবাৰৰ পৰা পেণ্টাভেলেণ্ট ভেকচিন শীৰ্ষক স্বাস্থ্য সম্পৰ্কীয় প্ৰতিষেধক আঁচনি ৰূপায়ণ কৰা হৈছে। শিশু সকলৰ বাবে ডিপথেৰিয়া, পাৰ্টুচিছ টিটেনাচ, হেপাটাইটিছ বি আৰু হিব ৰোগৰ বাবে এই প্ৰতিধেষক প্ৰদান অভিযানৰ আৰম্ভ কৰা হৈছে।

১০. জৱাহৰলাল নেহৰু নেশনেল ৰিনিউৱেল মিছনৰ অধীনত অসম চৰকাৰে কেন্দ্ৰীয় নগৰ উন্নয়ন দপ্তৰৰ পৰা অচিৰেই ৪০০খন নতুন বাছ লাভ কৰিব। তাৰে ভিতৰত ২০০খন বাতানুকূল বাছ হব আৰু প্ৰথম ১০০খন বাছ মাৰ্চ মাহতে আহি পাবহি। এই বাছ সমূহ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত গুৱাহাটীত চিটিবাছ সেৱাৰ উপৰিও গুৱাহাটীৰ দাঁতি-কাষৰীয়া অঞ্চল সমূহলৈ চলোৱা হব বুলিও পৰিবহণ মন্ত্ৰী অজিত সিঙে প্ৰকাশ কৰিছে।

No comments:

Post a Comment