হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কমঃ ভেলেণ্টাইন ডে বিশেষ

১. আজি হিন্দু মহা-গাৰ্জেন মহাসভাই কিমানক "পাৰ্কতে আকস্মিক বিয়া আঁচনিত" বিয়া পাতি দিলে সেয়া ৰাজহুৱা কৰিবলৈ দাবী জনাইছে সদৌ অসম বিৰহ-বেদনাত ক্লান্ত যুৱক সংঘই। এই সকলক শাস্তিমূলক ভাৱে কমেও আঠোটা সন্তানৰ জন্ম দিয়াটো বাধ্যতামূলক কৰি দিব লাগে বুলি হিন্দু জনসংখ্যা-বংশবৃদ্ধি সংঘই দাবী জনাইছে।

২. ৰহাশ্বৰ হাজৰিকাক আজি প্ৰেইমী বৰুৱাই টিভিৰ পৰ্দাত অতি "সহজ সৰল, শান্ত-শিষ্ট" বুলি অভিহিত কৰিছে। প্ৰেমৰ দিনৰ প্ৰগামত প্ৰেমিক হাজৰিকাক দিয়া বৰ্ণনাৰ সৈতে সদৌ অসম যুধিস্থিৰ ফেন ক্নাৱে "মহাদুষ্ট" বিশেষণতও লগাই এক প্ৰেছ বিজ্ঞপ্তি আমালৈ প্ৰেৰণ কৰিছে। তেওঁলোকৰ মতে অতি কম দিনৰ ভিতৰতে বেকাৰৰ পৰা কেইবা কোটিপতি হোৱাৰ গোপন টেকনিক জনা ৰহাশ্বৰ হাজৰিকাক আচলতে "মহা-ধুৰন্ধৰ" উপাধিহে প্ৰদান কৰিব লাগে! অহা বহাগতে তেওঁক ফেন ক্লাৱে এই উপাধি আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰো যো-জা চলোৱা বুলিও জানিব পৰা গৈছে।

৩. আজি ৰাষ্ট্ৰীয় কৰাপচন পাৰ্টিৰ নেতা সাৰোপ পাৱাৰৰ সতে একেখন মঞ্চত বহি সকাহ লাভ কৰিলে ভাৰতীয় জুমলা পাৰ্টিৰ নেতা নগেন্দ্ৰভাইয়ে। সংবাদ মাধ্যমে কৰা সমালোচনালৈ লক্ষ্য কৰি এই বিশেষ ঘটনাকো লিটিকাই অমৃত বাদশ্বাহে ভেলেণ্টাইন ডেৰ জুমলাহে আছিল বুলি স্পষ্ট কৰি দিছে।

৪. অসমত খেতি-বাতিত তিনিশ কোটিৰ কেলেংকাৰী কৰা বুলি অভিযোগৰ আঙুলি উঠাৰ পাছত কৃষিমণি ডেকাই পাতি পইচাৰো কেলেংকাৰী হোৱা নাই বুলি টিভিত স্পষ্ট কৰি দিছে। এই কথা প্ৰমাণ হলে তেওঁ ৰাজপাট খাবলৈ এৰি গোটেই জীৱন বিখ্যাত আঢ়ৈ টকীয়া ভাত খায়েই জীৱন কটাব বুলি প্ৰত্যাহ্বান জনোৱা বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমীয়া বুজি নাপায় বাবেই খেতিমণিয়ে অসমীয়াতে চেলেঞ্জ কৰা বুলি চকুচৰহা মহলে আঙুলিয়াই দিছে।

৫. হাবি-বনফুল হুছেইনে কৃতানু কোমল ভূঞাক লৈ এটা টিভি চেনেল খুলিবলৈ যো-জা চলাইছে। তাকে দেখি "টি আৰ পি কে লিয়ে কুছ ভি কৰেগা" বুলি শপত খোৱা ভূঞা ককাইক লৈ এতিয়া অসমীয়া মদাহী যুৱতী মহানাগৰিক সকল সাৱধান হবৰ হ'ল বুলিও সচেতন বীৰঙ্গনা সন্থাই মত প্ৰকাশ কৰিছে। তেওঁ মেকিং কৰিও ব্ৰেকিং কৰাৰ বাবে লোৱা ৰাজহুৱা শপতলৈ আঙুলিয়াই দিয়ে সন্থাই এই সাৱধানবাণী জাৰি কৰিছে।

৬. আজি দিল্লীত নৰবৃন্দই ৰাজগাদী আৰোহণ কৰিছে। তেখেতৰ জ্বৰ-কাঁহ হোৱাৰ বাবে বাকী সকলো কাম কৰাৰ বিপৰীতে কেৱল গান্ধীজীক ৰাজঘাটত স্মৃতি তৰ্পণ কৰিবলৈ সময় নহ'ল বুলি খবৰ আহিছে। গান্ধীৰ ইমোচন চেলৰ প্ৰয়োজন নোহোৱাৰ বাবেহে আগতে সদায় কৰা এই কাৰ্যসূচী বাদ পৰিল বুলি চকু-চৰহা ভক্ত সংঘই আঙুলিয়াই দিছে।

৭. নৰবৃন্দৰ বিখ্যাত মাফলাৰখনো এইবাৰ নিলাম কৰি দিয়া হব বুলি জানিব পৰা গৈছে। নগেন্দ্ৰভাইৰ ১০লাখ টকীয়া ছুটযোৰ নিলাম কৰিবলৈ লোৱা সিদ্ধান্তৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে। এই মাফলাৰ বিক্ৰীৰ পইচাৰে অহা পাঁচবছৰৰ বাবে কফ-চিৰাপ পুঁজি গঠন কৰা হব বুলিও গোপন সূ্ত্ৰই প্ৰকাশ কৰিছে।

৮. ভাৰতীয় জুমলা পাৰ্টিত এইবাৰ ৱাৰ্ড মেম্বাৰ জিকা সকলে আজি ভেলেণ্টাইন ডেত অসমত আটাইতকৈ সুখী মানুহ বুলি জানিব পৰা গৈছে। তাৰে ভিতৰত অসমীয়া বগাহাতী পাৰ্টিৰ পৰা দল-বাগৰা সকলে সঠিক সময়ত লুটি-বাগৰ মৰাৰ নিজৰ সঠিক সিদ্ধান্তৰ বাবে বিশেষ পাৰ্টিৰ আয়োজন কৰাৰ খবৰো আমালৈ আহি আছে।

৯. অসমৰ পুখুৰীত হাজাৰ কোটি টকীয়া টোপ দিও মাছ ধৰাত সফল নোহোৱাৰ পাছত এতিয়া স্মাৰ্ট দত্ত আৰু ৰসাল গগৈয়ে নতুন আকৰ্ষণীয় টোপক লৈ বিশেষ এবছৰীয়া গৱেষণাত মনোনিবেশ কৰিব বুলি জানিব পৰা গৈছে। এই টোপ নিৰ্ধাৰণত মাছ বিশেষজ্ঞ কনমইনা গগৈয়েও দিল্লীৰ পৰা বিশেষ পৰামৰ্শ ইংৰাজীতে আগবঢ়াব বুলিও জানিব পৰা গৈছে।

১০. জালুকগুটি শৰ্মাই উত্তৰ পাৰত বিজয় সাব্যস্ত কৰি বিশেষ আশা জগাই তুলিছে। এই বিষয়ত এখন ইংৰাজী তথ্যচিত্ৰ বাইদেউ লাইভৰ সাংবাদিকে নিৰ্মাণ কৰি অচিৰেই দিল্লীলৈ পঠাই বৰঘৰৰ আশীষ লাভ কৰিবলৈ চেষ্টা কৰিব বুলিও জানিব পৰা গৈছে। এই বিষয়ে শুভ ক্ষণৰ সন্ধান কৰিবৰ বাবে শৰ্মাদাই জ্যোতিষৰ গ্ৰন্থ মেলি ঘৰত ব্যস্ত হৈ পৰা বুলিও ঘৰৰ বনকৰা ল'ৰাৰ সূত্ৰত প্ৰকাশ!

No comments:

Post a Comment