সাময়িক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আম আদমীৰ বিজয় আৰু প্ৰত্যাহ্বান
অমল গোস্বামী
ভাৰতীয় সংসদীয় ৰাজনীতিত এক নতুন ধাৰা প্ৰৰ্ৱতনৰ প্ৰতিশ্ৰুতিৰে আজি দেশৰ ৰাজধানী নতুন দিল্লীত খোদিত হল এক নতুন ইতিহাস। ভাৰতীয় ৰাজনীতি এতিয়াও শিশু দল হৈ থকা আম আদমী পাৰ্টীৰ সপক্ষে বলা ছুনামীত নিঃশেষ হৈ গল বহু কেইটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। খন্তেকৰ ভিতৰতে ধূলিৰ লগত মিলি গল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দিল্লী বিজয়ৰ স্বপ্ন, দেশজোৰা চলি থকা অশ্বমেধ ঘোঁৰাৰ গতি!

কোনেও ভবা নাছিল এনে এক ফলাফল। বিভিন্ন সমীক্ষাত আম আদমী পাৰ্টীয়ে সংখা গৰিষ্ঠ আসন লাভ কৰিব বুলি প্ৰকাশ পাইছিল যদিও অভিলেখ সৃষ্টি কৰি দলটোৱে ইমান অধিক আসন লাভ কৰিব বুলি কোনেও এবাৰলৈকো ভৱা নাছিল। সিদিনা পুৱাৰ ভাগত যেতিয়া ভোট গণনা আৰম্ভ হৈছিল তেতিয়াও কোনেও ভবা নাছিল আম আদমী পাৰ্টীয়ে ৬৭ খন আসন লাভ কৰিব বুলি। কিন্ত সকলো জল্পনা কল্পনা অন্ত পেলই শেষত আম আদমী পাৰ্টীয়ে ৬৭ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ তিনিখন আসনহে লাভ কৰিবলৈ সক্ষম হল। একেবাৰে নিঃশেষ হৈ গল বিগত দিল্লী নিৰ্বাচনত ৮ খন আসন লাভ কৰা কংগ্ৰেছ দল। যোৱা দিল্লী নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ৩২ খন আসন কিন্ত এইবাৰ দলটোৰ শোচনীয় পৰাজয় হল। যোৱা লোকসভা নিৰ্বাচনত দিল্লীৰ সকলো কেইখন আসন লাভ কৰিবলৈ সক্ষম হোৱা বিজেপিৰ এই অৱস্থা কিয় হল। আম আদমী পাৰ্টীয়ে কি এনে শক্তি লাভ কৰিলে যে লোকসভা নিৰ্বাচনত দিল্লীত বেয়া ফল ফল দেখুওৱায়ো বিধানসভাত দলটোৱে চমক পদ ফল লাভ কৰিবলৈ সক্ষম হল। এতিয়া এয়া হৈছে সচেতন লোকৰ বাবে এক ডাঙৰ প্ৰশ্ন।
ভালদৰে চালে দেখা পোৱা যায় যে মোডী ঢৌৰ ফলত যোৱা লোকসভা নিৰ্বাচনত অভাবনীয় সফলতা লাভ কৰাৰ পাছত অজ্ঞাত কাৰণত বিজেপিয়ে দিল্লী নিৰ্বাচনৰ বাবে দীৰ্ঘ দিন ধৰি ৰৈ আছিল। সময় যোৱাৰ লগে লগে মোডী ঢৌ লাহে লাহে নোহোৱা হৈ গল আনহাতে আম আদমীয়ে দিল্লীৰ গাঁৱে গাঁৱে সোমাবলৈ সময় পালে। কিৰণ বেদীয়ে নিৰ্বাচনৰ বতৰত বিজেপিত যোগদান কৰাৰ দুদিনৰ পাছতেই তেওঁক মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে ঘোষণা কৰাটো আছিল দলটোৰ বাবে ডাঙৰ ভুল।কিৰণ বেদীক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছতেই স্থানীয় বিজেপিৰ নেতাসকল ক্ষুব্ধ হৈ পৰে। তেওঁলোকৰ বহু সংখকে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ নচলোৱাৰ ফলতো দলটোৰ বহু ক্ষতি হয়। স্থানীয় নেতাক লগত নলৈ দলটোৰ শীৰ্ষ নেতাসকলে প্ৰচাৰ আৰম্ভ কৰাৰ ফলত বহু ক্ষেত্ৰত হিতে বিপৰীত হোৱাহে দেখা গল।

সকলোতকৈ ডাঙৰ কথা যে আম আদমী পাৰ্টীয়ে ৪৯ দিনীয়া যিখন চৰকাৰ চলাইছিল তেতিয়া দলটোৱে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি কৰিব পৰা সকলো কেইটা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছিল। যিটো আছিল দলটোৰ বাবে সকলোতকৈ ডাঙৰ সফলতা। দিল্লীৰ জনগণে বিনামূলীয়াকৈ পানী,কম মূলত বিজুলী লাভ কৰিছিল। ইয়াৰ বিপৰীতে যোৱা ছমাহ কেন্দ্ৰত শাসন চলায়ো নৰেন্দ্ৰ মোডীৰ চৰকাৰে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি সমূহ জনগনৰ চকুত পৰাকৈ পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। ক'লা ধন ঘুৰাই অনাটো দুৰৰৈ কথা বিদেশত ধন ৰখা সকলৰ নামকে আজিলৈকে প্ৰকাশ কৰিব নোৱাৰিলে। মূলবৃদ্ধি্ও ৰোধ কৰাত সক্ষম নহল মোডী চৰকাৰ। ইয়াৰ বিপৰীতে পিছে মোডীয়ে বৈদেশীক সম্পৰ্কহে বহু পৰিমানে উন্নত কৰিবলৈ সক্ষম হৈছে। কিন্ত সাধাৰণ জনগণৰ বাবে বৈদেশীক সম্পৰ্কতকৈ বিজুলী, পানী ডাঙৰ কথা।

দিল্লীৰ সাধাৰণ, সজাগ জনগণে মোডী চৰকাৰৰ এই বিফল দিশ সমূহ ভালদৰে পৰ্যবেক্ষন কৰি আছিল। সেয়ে নিৰ্বাচনত মোডীক ভোট নিদিলে জনগণে। আনহাতে দিল্লীৰ সধাৰণ জনগণৰ মনত এটা কথা সোমাই পৰিছিল যে আম আদমী হৈছে ইমানদাৰ দল।এই দলটো সতত থকা দল। এবাৰ ক্ষমতা পোৱাৰ পাছতো কাম কৰিব নোৱাৰাৰ বাবে তেওঁলোকে ক্ষমতা এৰি গুচি গৈছে। আজিৰ দিনত জানো এনে দল ওলাব।সকলোৱে ক্ষমতাৰ বাবে দৌৰি থাকো, তেনেস্থলত আম আদমী পাৰ্টী হৈছে এনে এটা দল যি ক্ষমতা পায়ো এৰি দিছে। সততা থাকিলেহে এনেদৰে ক্ষমতা আজিৰ দিনত এৰিব পাৰে বুলি সাধৰণ লোকৰ মনত এটা ধাৰণা সোমোই গৈছিল। যাৰ ফলত অভাবনীয় সফলতা লাভ কৰিলে দলটোলে।

ইফালে নিৰ্বাচনৰ বতৰত আম আদমীৰ বিৰুদ্ধে মোডী চৰকাৰে ইমানেই নেতিবাচক প্ৰচাৰ চলাইছিল যে সেয়া মুঠেই ভাল পোৱা নাছিল জনগণে। বিজেপিৰ বহু প্ৰচাৰ যে মিছা আছিল সেয়া দেখ-দেখকৈ ওলাই পৰিছিল। এইবোৰ কথায়ো প্ৰভাৱ পেলইছিল নিৰ্বাচনত। আনহাতে ভোট বিভাজন চালে দেখা যায় যে এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছেৰ শোচনীয় পৰাজয়ৰ ফলত লাভবান হল আম আদমী । কিয়নো কংগ্ৰেছৰ সকলো ভোট লাভ কৰিলে আম আদমীয়ে। বিজেপিয়ে বহু সমষ্টিত পূৰ্বৰ দৰেই ভোট লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ভোটৰ সংখা কমি গৈছে আৰু আপৰ ভোটৰ সংখা দ্ৰুত গতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিৰ ফলটো বিজেপিৰ অৱস্থা শোচনীয় হৈ পৰে।

এটা কথা সঠিক যে দিল্লীৰ সাধাৰণ জনগণেহে নিৰ্দ্ধাৰণ কৰে চৰকাৰ কোন হব। উচ্চ শিক্ষিত আৰু ধনী শ্ৰেণীৰ লোক সকল যদিও বিজেপি কিন্ত এই সকল লোকে ভোট দিবলৈ নাযায়। উচ্চ মধবিত্ত সকলো কমকৈ হে ভোট দিবলৈ যায়। আনহাতে নিম্ম মধবিত্ত সকল হৈছে বিজেপিৰ হৈ ভোট দিয়া লোক। এই ভোট বেংকৰ হৰন ভগন হোৱা নাই। আনহাতে সাধৰণ লোক সকল আছিল এসময়ত কংগ্ৰেছৰ ভোটাৰ। কিন্ত এতিয়া এই ভোটাৰ সকল হৈ পৰিছে আম আদমীৰ ভোটাৰ। যাৰ ফলত এইবাৰৰ নিৰ্বাচনত বিজেপি, কংগ্ৰেছে মুখ থেকেছা খোৱাৰ বিপৰীতে আপে লাভ কৰিলে অভাবনীয় সফলতা। পিছে সময়েহে কব আম আদমী পাৰ্টীয়ে জনগনক দেখুওৱা স্বপ্ন কি দৰে বাস্তবায়িত কৰে । অপৰাধ, দুৰ্নীতি মুক্ত দিল্লী গঢি়ব পাৰে নে নোৱাৰে, নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ বাস্তৱত ৰূপায়িত কৰিব পাৰিব নে নোৱাৰে। এয়া আজি শপত লব লগা নতুন চৰকাৰখনৰ বাবে হব ডাঙৰ প্ৰত্যাহ্বান।
--------------------------------------------------
লেখক 'দৈনিক জনমভূমি' কাকতৰ দিল্লীস্থ সাংবাদিক

No comments:

Post a Comment