আজিৰ ভাল খবৰবোৰ
১. পঞ্চম অসম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখনি অহা ৭মাৰ্চৰ পৰা যোৰহাটত অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত অনুষ্ঠিত হব। চাৰিদিনীয়াকৈ হব লগা এই মহোৎসৱ উদ্বোধন কৰিব ছবি সমালোচক মনোজ বৰপূজাৰীয়ে। এই অনুষ্ঠানতে অসম চলচ্চিত্ৰ সমাজে প্ৰৱৰ্তন কৰা নীলিমা দাস সোঁৱৰণী চলচ্চিত্ৰ বঁটা জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱাক প্ৰদান কৰিবলৈ ওলোৱাৰ সুখবৰ।
২.অসমৰ চৰকাৰী উদ্যোগসমূহত তলা ওলমাৰ প্ৰতিনিয়ত বাতৰিৰ মাজতে পোৱা গৈছে এক সুখবৰ। অসম গেছ কোম্পানীয়ে অসম চৰকাৰক আদায় দিলে ২০১২-১৩বৰ্ষৰ লভ্যাংশৰ ধনৰ ৰূপত ১কোটি ৬৯লাখ টকা। কোম্পানীটোৰ অধ্যক্ষা অমিয়া গগৈয়ে উদ্যোগ মন্ত্ৰীৰ উপস্থিতিত এই চেক মুখ্যমন্ত্ৰীক প্ৰদান কৰে।
![]() |
শিৱৰ বিদেশী ভক্ত, শিৱদলত পৰ্যটকৰ ৰূপত |
২.অসমৰ চৰকাৰী উদ্যোগসমূহত তলা ওলমাৰ প্ৰতিনিয়ত বাতৰিৰ মাজতে পোৱা গৈছে এক সুখবৰ। অসম গেছ কোম্পানীয়ে অসম চৰকাৰক আদায় দিলে ২০১২-১৩বৰ্ষৰ লভ্যাংশৰ ধনৰ ৰূপত ১কোটি ৬৯লাখ টকা। কোম্পানীটোৰ অধ্যক্ষা অমিয়া গগৈয়ে উদ্যোগ মন্ত্ৰীৰ উপস্থিতিত এই চেক মুখ্যমন্ত্ৰীক প্ৰদান কৰে।
৩. বড়োলেণ্ড ৰাজ্য সম্ভৱ নে অসম্ভৱ বিচাৰ কৰিবৰ বাবে এজনীয়া কমিটি গঠন কৰি দিলে কেন্দ্ৰীয় চৰকাৰে। পূৰ্বৰ কেন্দ্ৰীয় গৃহ সচিব জি কে পিল্লাইক এই দ্বায়িত্ব অৰ্পণ কৰা হৈছে। তেখেতে অহা ৯মাহৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন।
৪. ফেচবুক-টুইটাৰকে ধৰি চ'চিয়েল মেডিয়াত চলোৱা প্ৰচাৰ অভিযানৰ ধনৰ ব্যয়ৰ হিচাবো নিৰ্বাচনী ব্যয়ৰ হিচাপত অন্তৰ্ভুক্ত কৰিব লাগিব বুলি নিৰ্দেশ জাৰি কৰিলে নিৰ্বাচনী আয়োগে। চ'চিয়েল মেডিয়াৰ বৰ্ধমান প্ৰসাৰতা, জনপ্ৰিয়তা আৰু ইয়াত বিজ্ঞাপন তথা প্ৰচাৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বহু কোটি টকাৰ ব্যয় কৰাৰ কথাও ৰাজহুৱা মাধ্যমত প্ৰচাৰ পোৱাৰ পাছত আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা।
৫. বিনিয়োগকাৰীক বিনিয়োগৰ ধন উভতাই দিবলৈ দিয়া নিৰ্দেশ পালন নকৰাৰ অভিযোগ গোচৰত অৱশেষত আৰক্ষীৰ ওচৰত আত্ম-সমৰ্পন কৰিবলৈ বাধ্য হ'ল চাহাৰা গ্ৰুপৰ চেয়াৰমেন সুব্ৰত ৰয় চাহাৰাই। উচ্চতম ন্যায়ালয়ে জামিন বিহনী গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পাছত কালি ঘৰত আৰক্ষীয়ে বিচাৰি নোপোৱা ৰয়ে আজি পুৱা লক্ষ্ণৌত আত্মসমৰ্পণ কৰে।
৬. আজি আৰু কাইলৈ বিশদ কাৰ্যসূচীৰে কটন কলেজৰ চৌহদত অনুষ্ঠিত হৈছে বিজ্ঞান মেলা ২০১৪। বিজ্ঞান প্ৰদৰ্শনী, জনপ্ৰিয় বক্তৃতা, চলচ্চিত্ৰ প্ৰদৰ্শনৰো হৈছে ব্যৱস্থা। চি ভি ৰমন দেৱৰ "ৰমন এফেক্ট" আৱিস্কাৰক স্মৰণ কৰিবলৈ আজিৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাবে পালন কৰা হৈছে। তাৰ প্ৰতি সংগতি ৰাখি এই বিজ্ঞান মেলাখনি আয়োজিত হৈছে।
৭. প্ৰখ্যাত লেখিকা মহাশ্বেতা দেৱীলৈ অসম সাহিত্য সভাই আগবঢ়াইছে "মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সংহতি বঁটা " । অহা ২মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হব এই বঁটা প্ৰদান অনুষ্ঠান। নুমলীগড় ৰিফাইনেৰীৰ অৰ্থ সাহাৰ্যত প্ৰৱৰ্তিত হৈছে এই বঁটাটি।
৮. আজিৰে পৰা বাইহাটা চাৰিআলিৰ পশ্চিম সাজেইৰ শ্ৰীশ্ৰী ক'লাঠাকুৰ সত্ৰত অনুষ্ঠিত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰীয়া মহাপুৰুষীয়া সমাজ, অসমৰ ষষ্ঠদশ মুকলি অধিবেশনখনি। একশৰণ নামধৰ্ম তথা শংকৰী কলা-সংস্কৃতিৰ সম্যক অনুশীলন কৰা এই সমাজৰ অধিবেশনত আয়োজিত হৈছে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰো।
৯. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগহত অনুষ্ঠিত হৈ গ'ল প্ৰফেছৰ ভুৱনমোহন দাস স্মাৰক বক্তৃতানুষ্ঠানলানিৰ ষষ্ঠটো অনুষ্ঠান। বিভিন্ন প্ৰদেশৰ পৰা অহা দুশৰো অধিক গৱেষক, নৃ-বিজ্ঞানীয়ে অংশ লোৱা এই অনুষ্ঠান উদ্বোধন কৰে আমেৰিকাৰ চিনচিনাটি বিশ্ববিদ্যালয়ৰ কলেজ অৱ মেডিচিনৰ পৰিবেশ-স্বাস্থ্য বিভাগৰ সঞ্চালক ডঃ ৰঞ্জন ডেকাই। যোৱা ২১ ফেব্ৰুৱাৰীত হোৱা অনুষ্ঠানটিৰ আয়োজক আছিল ইণ্ডিয়ান নেশ্বনেল কনফেডাৰেশ্বন এণ্ড একাডেমী অন এনথ্ৰোপলজিষ্ট নামৰ সংস্থাই।
১০. সোণাপুৰত উন্মোচিত হ'ল উত্তৰ-পূৱ জনজাতীয় সংগ্ৰাহালয় আৰু সাংস্কৃতিক কেন্দ্ৰৰ। ইয়াৰ চৌহদতে অহা ১৪-১৬ মাৰ্চত আয়োজিত হৈছে এক বিশাল জনজাতীয় মেলাৰো। মুখ্যমন্ত্ৰীয়ে ইয়াৰ উদ্বোধন কৰাৰ লগতে সোনাপুৰত স্থাপিত হব লগা আই.টি.বি.পি মুখ্য কাৰ্যালয়ৰো আধাৰশিলা স্থাপন কৰে।
১১. শিলিগুৰিৰ শালুগাৰাত স্থাপিত হ'ল বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম অতিথাশালা আৰু কলা-সাংস্কৃতিক কেন্দ্ৰটোৰ উদ্বোধন কৰিলে বিটিচিৰ উপ-মুখ্যকাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে।
১২. টেনিছক আন খেলৰ দৰে জনপ্ৰিয় কৰাৰ লক্ষ্যৰে বিশ্বৰ বিভিন্ন প্ৰান্তত অহা ২মাৰ্চ দিনটো বিশ্ব টেনিছ দিৱস ৰূপে পালন কৰা হব। বিশ্বৰ আগশাৰীৰ খেলুৱৈ সকলৰ সৈতে বিশ্বৰ ৬০খন দেশৰ খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় টেনিছ সন্থাৰ এই আয়োজনত ভাগ লব বুলি জানিব পৰা গৈছে।
১২. টেনিছক আন খেলৰ দৰে জনপ্ৰিয় কৰাৰ লক্ষ্যৰে বিশ্বৰ বিভিন্ন প্ৰান্তত অহা ২মাৰ্চ দিনটো বিশ্ব টেনিছ দিৱস ৰূপে পালন কৰা হব। বিশ্বৰ আগশাৰীৰ খেলুৱৈ সকলৰ সৈতে বিশ্বৰ ৬০খন দেশৰ খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় টেনিছ সন্থাৰ এই আয়োজনত ভাগ লব বুলি জানিব পৰা গৈছে।
i m new but i like it
ReplyDeleteok
ReplyDelete