শ্ৰদ্ধাঞ্জলি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শ্ৰদ্ধাঞ্জলি

শ্ৰদ্ধাঞ্জলি

Share This
এজন সতীৰ্থৰ সোঁৱৰণত
ভোগেশ্বৰ দত্ত
আজি সতীৰ্থ কেশৱ দত্তৰ আদ্যশ্ৰাদ্ধ। অসমৰ আমাৰ জালভাৰী গাঁও (ঢকুৱাখনাৰ) ভৌগোলিক দূৰত্বৰ দিশৰ পৰা যদিও আমি বৰ্তমানে থকা মুম্বাইৰ পৰা বহু দূৰৈত। কিন্তু মনৰ একাত্মতাৰ কোনো দূৰত্ব নাই। টেলিফোনত গুৱাহাটী আৰু ধেমাজিৰ পৰা পোৱা খবৰ মতে আজি সতীৰ্থ কমৰেড কেশৱ দত্তৰ আদ্যশ্ৰাদ্ধ। ব্যক্তিগত জীৱনত তেখেত আমাৰ ককাইদেউ স্বৰূপ। কেৱল সামাজিক কামতে নহয়, ৰাষ্ট্ৰ আৰু ৰাজনৈতিক কথা-বতৰা আৰু কাম কাজত আমাৰ অঞ্চলৰ এগৰাকী অপৰিহাৰ্য লোক আছিল তেখেত। ষাঠি দশক পৰ্যন্ত ছাত্ৰ অৱস্থাৰ পৰা তেখেত আছিল কংগ্ৰেছ সেৱক। দেশৰ অনেক লোকৰ দৰে ৰাষ্ট্ৰ-বাদী দেশপ্ৰেমিক চিন্তা-চৰ্চাত ব্ৰতী কেশৱ দত্ত ক্ৰমশ সাম্যবাদী মতবাদ, ৰাষ্ট্ৰ আৰু ৰাজনৈতিক সংগ্ৰামী চিন্তাধাৰালৈ আকৰ্ষিত হৈছিল।

১৯৬৭চনৰ সাধাৰণ নিৰ্বাচনৰ কেইবামাহৰ আগৰ পৰাই কেশৱ ককাইদেৱে ভি.আই. লেনিনৰ "ৰাষ্ট্ৰ আৰু বিপ্লৱ", কাৰ্ল মাৰ্ক্সৰ "ডাচ কেপিটেল", "ৰাজনৈতিক, অৰ্থনীতি, সমাজ বিকাশৰ ঐতিহাসিক ধাৰা", "লেনিনৰ মাৰ্ক্সবাদৰ উৎস", "তিনিটা উৎস, তিনিটা উপাদান", এমিল বাৰ্নৰ "সাম্যবাদ কি?", মেক্সিম গৰ্কীৰ "মা", "যুদ্ধ আৰু শান্তি" আদি গ্ৰন্থাৱলী পঠন, আলোচনা আৰু তেনে চিন্তা-চৰ্চাৰ প্ৰচাৰ আৰু তাৰ ভিত্তিত সাংগঠনিক কামত আত্ম-নিয়োগ কৰিছিল।

ঢকুৱাখনা বিধান সভা সমষ্টিত কমিউনিষ্ট প্ৰাৰ্থী নামেশ্বৰ পেগুক জয়যুক্ত কৰিবলৈ আত্ম-নিয়োগ কৰা বহু কংগ্ৰেছ সেৱকৰ অন্যতম আছিল কেশৱ দত্ত। তাৰ ফলতে প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থীজনতকৈ বুজন পৰিমানৰ ভোটত জয়ী হৈছিল কমিউনিষ্ট প্ৰাৰ্থীজন। 

এদিন কেশৱ ককাইদেউৰ বৌয়ে আমাক কৈছিল, "মইনা ককায়েৰাক কি কৰিলা? ৰাতি দূপৰলৈকে তিনি চাকি তেল পুৰি 'জনমত', 'দেশব্ৰতী', 'কম্পাচ' আদি কাকত পঢ়ি থাকে, ঢেৰ কিতাপো পঢ়ে, ৰাতি ৰাতি প্ৰায় টোপনি খতি কৰাৰ দৰেই! কিতাপ কাগজ পঢ়ি দেখুন আজিকালি আমি বুজি নোপোৱা কিছুমান কথা পাতে, মানুহজনৰ কি হব, সেয়াহে চিন্তা হৈছে!"

এই এজন মানুহ, যিয়ে গাঁৱত থাকিও কৰে নিৰলস অধ্যয়ন, কৰে চিন্তাৰ অনুশীলন, মেৰ পথাৰত হাল বায়, শিক্ষক হিচাবে জনপ্ৰিয়, সভা সমিতিত জনপ্ৰিয় বক্তাৰূপে শ্ৰোতাৰ মনত সাঁচ বহুৱাব পৰা বক্তা,ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ঢকুৱাখনা মহকুমা কমিটিৰ সম্পাদক, ধেমাজি-লখিমপুৰ জিলাৰ এজন গণ-সংগঠক ৰূপে জনাজাত লোক আছিল কমৰেড কেশৱ দত্ত।

প্ৰায় নবৈ বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰা ককাইদেউ, সতীৰ্থ, কমৰেড কেশৱৰ আজি আদ্যশ্ৰাদ্ধত আজি আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছো। এই লেখাৰেই তেখেতৰ ব্যক্তিত্ব তথা কৰ্মৰাজিক, সমাজৰ এগৰাকী আদৰ্শ ব্যক্তিক সোঁৱৰণ কৰিছো। বৌ-ভতিজা, ভতিজী, জোঁৱাইকে ধৰি পৰিয়াল তথা মিত্ৰ সকলৰ প্ৰতি আন্তৰিক সমবেদনা, আদ্যশ্ৰাদ্ধৰ স্থলীত সকলো লোকৰ প্ৰতি প্ৰণাম জনাইছো।

১৯৯১চনত হাইদৰাবাদৰ পাৰ্টি কংগ্ৰেছৰ মজিয়াত অসমৰ এজন প্ৰতিনিধি ৰূপে কমৰেড কেশৱ দত্তই ব্যক্ত কৰা অনুভৱ আছিল এনেধৰণৰ- "বৈচিত্ৰতাৰ মাজত একতাবদ্ধ আমাৰ মাতৃ-ভূমি, এইদেশৰ মাটিত আজি বিশ্বৰ ত্ৰিশখন দেশৰ সংগ্ৰামী জনগণৰ প্ৰতিনিধি একত্ৰিত হৈছেহি। এই ভাৰতৰ গণ-মুক্তি সংগ্ৰামৰ যোদ্ধা কমিউনিষ্ট সকলৰেই এইখন মঞ্চ নহয়, বিশ্বৰ সংগ্ৰামী মানুহৰ বিশাল মঞ্চৰ ই এক অংগমঞ্চহে। সঁচাই Communism is the Highest form of Humanism."

তেখেতৰ এই অনুভৱেই তেখেতৰ বীক্ষাক তুলি ধৰিছে। তেখেতৰ দৰে অক্লান্ত কৰ্মীৰ পৰাই আমিও প্ৰেৰণা লওঁ, নতুন নতুন চিন্তা আৰু কামত আত্ম-নিয়োগৰ বাবে প্ৰেৰিত হওঁ। অনুভৱ হয়, জনগণৰ বাবে সুন্দৰ ভৱিষ্যত গঢ়াৰ সংগ্ৰামত আমি একো একোজন সহোযোদ্ধা-সতীৰ্থ কমৰেড।

তেখেতৰ এই অনুভৱ আৰু আমাৰ অনুভৱৰ কোনো দূৰত্ব নাই। তেখেতৰ অনুভৱ নতুন পুৰুষৰ বাবে যুগে যুগে প্ৰেৰণাৰ আৰ্হি হওক। তাকেই কামনা কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

-------------------------
লেখক অসমৰ এগৰাকী বয়োজ্যেষ্ঠ বাওঁপন্থী নেতা

No comments:

Post a Comment