হাস্য ব্যংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগ

হাস্য ব্যংগ

Share This
ৰাইজৰ চোতালৰ ৰহঘৰা
(১)
বয়সত সৰুবোৰে সুধিছে, ‘‘দাদা, বৌক কি দিলে ?’’
লগৰবোৰৰ বা বয়সত ডাঙৰবোৰে পাছে একো সোধা নাই ৷
কিয় সুধিব বাৰু ?

সকলো ব্যস্ত প্ৰিয়তমাৰ বাবে কপৌ চৰাই কিনাত ৷
শান্তিৰ প্ৰতীক ৷
বিয়াৰ ১০/১৫ বছৰ পাছত দৰকাৰ হয় ৷



-প্ৰতিভূ দত্ত, গুৱাহাটী
(২)
ইণ্ডিয়াত চাৰিধৰণৰ লোক আছে। পিতৃনামা, পুত্ৰনামা, স্বনামা, অন্যনামা-

পিতৃনামা: যি যিমানেই বিখ্যাত নহওক কিয়, সকলোৱে পিতৃ পৰিচয়েৰেহে তেওঁক জানে। যেনে: ৰাহুল (ৰাজীৱৰ পুত্ৰ)

পুত্ৰনামা: নিজৰ পৰিচয় নাথাকিলেও পুত্ৰৰ নামেৰে সকলোৱে জানে। যেনে: ধোনীৰ দেউতাক

স্বনামা: যাৰ পিতৃ-মাতৃৰ পৰিচয় কোনেও নাজানে, যিয়ে সম্পূৰ্ণ নিজৰ বাবেই পৰিচিত সমাজত। যেনে: নৰেন্দ্ৰ মোডী

আৰু...

অন্যনামা: যি স্ব-পিতৃ-পুত্ৰ কাৰো নামেৰে পৰিচিত নহয়, তথাপিও তেওঁ অন্য কাৰোবাৰ নামেৰে সমাজত বিখ্যাত। যেনে: ৰ'বাৰ্ট ভাদ্ৰা (ৰাজীৱ-চোনিয়াৰ জোঁৱাই!)

-দিগন্ত কুমাৰ ভট্টাচাৰ্য, পুনে, মহাৰাষ্ট্ৰ

(৩)
ভেলেণ্টাইন ডে'ৰ তেজ ৰঙা গোলাপৰ সমাহাৰ, প্ৰেমিক-প্ৰেমিকাৰ প্ৰেম কাহিনীত হেৰাই গ'ল বীৰ চিলাৰায় দিৱসৰ শৌৰ্য, গুণগান ৷ কাক দুষিম? দোষটো আমাৰেই ৷ নিজকে সুধিছো ৷ নিজৰ জাতিৰ শিপাবোৰ কি আমিয়ে উভালি যাম? বাংলাদেশী আহি ক'লে অসমীয়া ৷ আদৰিও ল'লো ৷ তাৰপিছতো আহিয়েই আছে, কৈয়ে আছে ৷ কিবা জমনি নহয়নে....

এইবাৰ উত্তৰ প্ৰদেশৰপৰা আহি অসমৰ ৰাজ্যসভাৰ সাংসদ হোৱা সঞ্জয় সিঙেও বীৰ চিলাৰায় দিৱসৰ অনুষ্ঠানত ক'লে তেৱোঁ হেনো কোঁচ ৰাজবংশীয় মূলৰ ৷ মানি ল'লো, মানিবই লাগিব, হাইকামাণ্ডৰ মানুহ....

কাইলৈ কোনোবা তালিবানী উগ্ৰপন্থীৰ নেতাই আহি যদি কয়, তেৱোঁ কোনোবা অসমীয়াৰে প্ৰজন্ম বুলি? তেতিয়া বাৰু খা-বাপ্পেকে ভীমকলটো বুলি কম নেকি?


অসমে এইদৰে আদৰণি জনোৱাতো বাৰু অভিলেখেই গঢ়িব নেকি?
নে জমনি চলিয়েই থাকিব, অসমত জমিয়েই থাকিব।

মূল পোষ্টঃ প্ৰ. ব. হাজৰিকা, গুৱাহাটী

(৪)
পৰহি মোদীৰ চাহ, কালি চকুত জালুক গুৰি, আজি অৰবিন্দৰ চেচাঁ-পানী।
অ' মোৰ ৰাজনীতি, কালিলৈ বা কি ?


- সুৰজিত চেতিয়া, তিনিচুকীয়া

(৫)
ঘৰৰ ওলোৱাৰ আগতে এবাৰ টিভিতো খুলি চাব। দেখিব, বুঢ়া বুঢ়া মানুহ কিছুমানে খেল ধেমালি কৰি আছে। হট্টগোল, চিঞৰ বাখৰ, স্কুলীয়া দিনৰ আনন্দ.... "বিল টেবুলত থলো, বিল টেবুলত থলো"।

লগে লগে চাপৰি, টেবুল বজাই আনন্দ.... এয়া বোলে চংচদ!

উস, ইংৰাজীতে এজনে কৈছে... "পলিটিক্স বিকাম চ' এণ্টাৰটেইনিঙ! ইট বি কাম এ থ্ৰেট টু এণ্টাৰটেইনমেণ্ট চেনেলচ!"

মূল পোষ্ট- অগ্নিদা, গুৱাহাটী

(৬)
কাৰোবাৰ বাবে প্ৰেম জনমে জনমে...
কাৰোবাৰ আকৌ সঘনে সঘনে
আমাৰহে প্ৰেম কিবা নজমেহে নজমে!

মূল পোষ্ট- জ্যোতি প্ৰকাশ নাথ, গুৱাহাটী
(সম্পাদকৰ টোকাঃ ফেচবুকৰ ব্যক্তিগত পৃষ্ঠা সমূহৰ পৰা সংগৃহীত ৰহঘৰা। যি বোৰত সম্পাদকে ৰহন সানিছে, তাত মূল পোষ্ট বুলি লিখি কৃতজ্ঞতা স্বীকাৰ কৰা হৈছে। সা-সলনি নকৰাবোৰত পোষ্ট কৰোতাৰ নামকে সন্নিবিষ্ট কৰা হৈছে)

No comments:

Post a Comment