১. প্ৰচান্ত ফুকনৰ "হুইপ নমনাৰ গুষ্টাখী মাফ" নামৰ নাটকখন ডিব্ৰুগড়ৰ পৰা দূৰদৰ্শন যোগে পোনে পোনে প্ৰচাৰ ব্যৱস্থা কৰা হৈছে।ৰহস্য-ৰোমাঞ্চ, বিশ্বাস-সংঘাত, ঠগ-প্ৰৱঞ্চনাৰে ভৰা এই নাটকখন চোৱাৰ আগতে প্ৰেছাৰৰ পিল বা নহৰু চোবাই সাজু লৈ লবলৈ দৰ্শকলৈ আহ্বান জনাইছে কেন্দ্ৰটোৰ জন-সম্পৰ্কৰক্ষী বিষয়াই।
২. কইনাধৰা গণিত শাস্ত্ৰ বিশ্ববিদ্যালয়ৰ মুৰব্বী ৰসাল গগৈয়ে ৰবীন সৰুদলৈয়ে অংক নাজানে বুলি ঘোষণা কৰিছে। তেওঁ ভাল অংক জনা কংগেচী মানুহৰ তালিকা অচিৰেই তেখেতৰ ৱেবচাইট বিড়াল-তপস্বী.কম যোগে ৰাজহুৱা কৰিব বুলি জানিব পৰা গৈছে।
৩. মানুহে ভাত খাবলৈ নাপালে পিজ্জা খাব লাগে বুলি পৰামৰ্শ আগবঢ়াই দেশত স্বীকৃতি লাভ কৰা ৰাহুল ওৰফে পাপ্পুৱে কালি ঘোষিত বাজেটৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে। এতিয়া চাইকেল কিনিবলৈ শকতি নথকা সকলে অন্তত বাৰশ টকালৈ দাম কমোৱা নেন' গাড়ী কিনাৰ কথা চিন্তা কৰিব পাৰিব বুলিও পাপ্পুৱে আশা প্ৰকট কৰিছে, আৰু কিনোতা সকললৈ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছে।
৪. অহা নাৰী দিৱসত সদৌ অসম আধুনিকা গাভৰু সংঘৰ সৌজন্যত অনুষ্ঠিত হব ত্ৰিশ কিলমিটাৰ যোৰা স্কুটি যাত্ৰা। আধুনিক সমাজৰ নাৰীৰ অবিচ্ছেদ্য বাহন খন চলোৱাৰ জৰিয়তেই দেশৰ পৰা এলান্ধু কলীয়া কু-সংস্কাৰ দলিয়াই পেলাব পৰা যাব বুলিও সজাগতা যাত্ৰাটোৰ আহ্বায়িকা তনুশ্ৰী বৰুৱাই ব্যক্ত কৰিছে আৰু এই মাহৰ ভিতৰতে ঘৰত পেচ পাতি স্কুটি কিনি লবলৈ সকলো গাভৰুক আহ্বান জনাইছে।
৫. দিল্লীত প্ৰথমে দিল্লীৰ চৰকাৰৰ শাসন চলে বুলি মানুহৰ ভুল ধাৰণা হৈছিল। পাছত মুখ্যমন্ত্ৰীয়ে ৰাস্তাত এৰাতি শুই সেই ভুল ভাঙি দিয়ে আৰু ইয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰহে শাসন চলে বুলি মানুহে ভাবিবলৈ লয়। পিচে কালি চচিয়েল মেডিয়াত উৰি ফুৰা বাতৰিৰ পৰাহে দিল্লীত প্ৰকৃততে যে খাপ পঞ্চায়তৰহে শাসন চলে সেই কথা স্পষ্ট হৈ পৰে। খাপৰ বাপ সকলৰ ভয়ত এতিয়া ৰাতি দেৰিলৈ টিঘিল ঘিলাই ফুৰা সকলে ভয়তে থৰহৰি কঁপি উঠা বুলিও গুজৱ ওলাইছে।

৬. হাজাৰ হাজাৰ টেট মাষ্টৰে পইচা নিদিয়াকৈ অসমত চাকৰি পালে, অথচ দেশৰ স্মাৰ্টতম মানুহ বুলি খ্যাতি তথা প্ৰতিস্থা লভিবলৈ চেষ্টা কৰা নৰেন কাই মোদী নামৰ চিন্তাশীল মানুহজনে ফুতকে নাপালে। কোনে এই খবৰ লুকুৱাই ৰাখিলে, আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ নাম লক্ষ্মীকান্ত কৰি ভাষণত লিখিলে, সেই সম্পৰ্কে সৰ্ব-আনন্দ দাই এক তদন্ত ঘোষণা কৰিছে। ৰাজ্যসভাৰ কেচটো ৰাইজে পাহৰাৰ পাছতে এই তদন্তৰো ফলাফল ঘোষণা কৰি এনেই এদিন বাতৰিৰ শিৰোনামা দখল কৰি নিয়মটো কৰি দিব বুলি জানিব পৰা গৈছে।
৭. এতিয়াৰ পৰা অসমৰ প্ৰতিবাদী জনতাই পাব সকাহ। নিৰ্বাচন নোযোৱালৈ প্ৰতিবাদী জনতাক হাঁহিমুখে কফি-চফি খোৱাই স্মাৰক পত্ৰ লবলৈ নিৰ্দেশ জাৰি কৰিলে ৰসাল গগৈয়ে। এই কেইদিনত বন্দুকৰ গাদীৰে খুন্দিয়ালে কম সময়তে নিৰ্বাচনলৈকে মানুহে কেনেবাকৈ পিঠিৰ বিষ নেপাহৰিব লাগিলে ৰাহুল মাইনাৰ ৰাজপাতত ভাত খোৱা নহবগৈ বুলিয়ে তেখেতে এই নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। মোদীয়ে চাহ খুওৱাৰ বাবে, চাৰে বিদেশী কফি খুৱাবলৈকো কাঢ়া নিৰ্দেশ দিয়াৰ গোপন খবৰ।
৮. সদৌ বুঢ়া ছাত্ৰ সন্থাৰ পৰাও পদুম পাৰ্টিলৈ নেতা ঢাপলি মেলাৰ সৰস খবৰ। হাতীৰ পৰা লাহকৈ নামি মাউতদাই গৈ মনে ভাবি থোৱা সমষ্টি দখল কৰিব বুলি ভয়তে সোনকালেই ছাত্ৰ সন্থা এৰি নিজৰ ছীট বুকিং কৰিবলৈহে এনে লৰা-ধপৰা লাগিছে বুলি জানিব পৰা গৈছে। ইস্ আগতে হাতীত থাকোতেটো ঠাই খালী নকৰিলে, এতিয়া পদুমতে চীট ব্লক কৰিবলৈ আহে বুলিও এনে বয়সীয়া ছাত্ৰ নেতাই পেচ ধৰাৰ বাতৰি পোৱা গৈছে।
৯. কালি নগালেণ্ডৰ পৰা আহি যোৰহাটৰ সীমাত কেইবালাখ কচুপাত ফালি থৈ যোৱাৰ ঘটনা ঘটে। পিছে অভিলেখ সংখ্যক কচুপাত ফালি থৈ যোৱাৰ পাছতো দুৰ্বত্ত সকলে অভিলেখ বৰুৱাৰ কাৰ্যালয়ত ৰেজিষ্ট্ৰেচনৰ ধন জমা নিদিয়াৰ বাবেই এই অভিলেখ ৰেকৰ্ড কৰিব পৰা নগল বুলি যোৰহাটৰ শাখা কাৰ্যালয়ৰ পৰা গম পোৱা গৈছে। আন-অফিচিয়েল খবৰ মতে এয়া বিশ্বৰ সবাতোতকৈ বেছি সংখ্যক কচুপাত অতি কম সংখ্যক মানুহে, অতি কম সময়তে ফালি থৈ যোৱাৰ ঘটনাই। কিন্তু ফীজ নিদিয়াৰ বাবে এই সফলতাই গীনিজ বুকৰ ৰেকৰ্ডৰ পৰাও বঞ্চিত হব লগা হ'ল।
১০. অৰুণাচলত সাংবাদিকৰ সুৰক্ষাৰ অভাৱত বন্ধ হৈছে দৈনিক বাতৰি কাকতৰ প্ৰকাশ। শাসকক গালি গালাজ কৰি থকাবোৰক কোনে সুৰক্ষা দি থাকিব বুলিও এজনে মন্ত্ৰীয়ে মনৰ আচল কথাটো ব্যক্ত কৰিছে। ইলেকচনলৈ এনে গালি পৰা পেপাৰ বন্ধ হৈ থাকিলেই ভাল পাব বুলিও তেখেতে এজন বন্ধুক কোৱা বুলি জানিব পৰা গৈছে।
No comments:
Post a Comment