আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
অস্ত্ৰোপচাৰ কক্ষত প্ৰণৱ বড়ো
ৰঞ্জিত কুমাৰ বৰা

ছঘণ্টা যুঁজিলে।মৃত্যুৰ জয় হ’ল। তেওঁ মৰিল। একুৰা জুই হৈ জ্বলিছিল। জুইকুৰা নুমাল। দেহটোও নিথৰ হ’ল। তেওঁ আকৗ মৰিব। বহুবাৰ মৰিব। ইতিমধ্যে আৰম্ভ হৈছে লাঠীচালনা-গুলীচালনা। চৰকাৰে কয় আমি নিৰ্দোষী। অখিলে কয় মই উচতোৱা নাই। 
বিৰোধীয়ে কয় চৰকাৰ দায়ী। তৰুণ গগৈ দায়ী। টিভিয়ে টিভিয়ে আলোচনা চলিছে। মনস্তত্ববিদৰ পৰা বুদ্ধিজীৱীলৈকে দলে দলে, কিচিমে কিচিমে মানুহ বহিছে। তেওঁলোকৰ হাতে হাতে এখনকৈ ধাৰাল কেঁচী। ছুৰী, দেগাৰো লৈ বহিছে কোনো কোনোৱে।দোষী উলিয়াইহে এৰিব। 
প্ৰণৱ বড়ো, কাৰ কাৰণে চৰম ত্যাগ কৰিলা? ঘৰত ডেৰ কথা মাটি আছিল। এশবাৰ ঘৰ ভঙা যাওক। তথাপি ঘৰ এটাটো আছিল। পত্নী, কন্যাৰে ভৰা সংসাৰ। নিমখেৰে হ’লেও সিজা ভাতকেইটা খাই থাকিব পাৰিলাহেঁতেন। দুসাঁজ নাখালাৱেই বাৰু। তাতে কি হ’ল। পৃথিৱীত কোটিৰ ঘৰত মানুহে দুবেলা দুমুঠি খাবলৈ নাপায়। তুমি গৰীৱ। তোমাৰ ত্যাগৰ হিচাপ-নিকাচ টিভিত নোলায়। ৰাজসভাতো গোৱা নহয় গৰীৱৰ ত্যাগৰ গাঁথা।
কাৰ বাবে দেহত জুই লগালা? তুমিতো দেখা নাই, এতিয়া সকলোৱে হাতে হাতে ছুৰী, কেঁচী লৈ বহিছে—কাৰ দোষত তোমাৰ প্ৰাণ গ’ল। বিচাৰি নুলিওৱালৈকে নিশাটো টোপনিনাহে তেওঁলোকৰ। তোমাৰ দেশপ্ৰেম, দুখীয়াৰ অধিকাৰৰ বাবে চৰম ত্যাগ, এইবোৰ কথা পতাৰ সময় নাই। দুখীয়া, কৃষক, শ্ৰমিকৰ ত্যাগক এইদৰেই যুগে যুগে ভৰিৰে মোহাৰি পেলোৱা হয়। আজিও ব্যতিক্ৰম হোৱা নাই। দুদিন পিছত তুমি পৰিসংখ্যা হৈ জীয়াই থাকিবা। কুইজ প্ৰতিযোগিতাত প্ৰশ্ন কৰা হ’ব—অসমৰ আত্মজাহ দিয়া প্ৰথমজন ব্যক্তিৰ নাম কি? উত্তৰত কোৱা হ’ব প্ৰণৱ বড়ো।

No comments:

Post a Comment