পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১.কালি "নিউজ এক্সপ্ৰেছ" টিভি নিউজ চেনেলে প্ৰচাৰ কৰিলে "অপাৰেচন প্ৰধানমন্ত্ৰী" নামৰ ষ্টিং অপাৰেচন। পোহৰলৈ আনিলে দহটাৰো অধিক "অপিনিয়ন পোলৰ সমীক্ষা" প্ৰস্তুত কৰা সংস্থাই ধন লৈ তথ্য বিকৃতি কৰাৰ প্ৰকৃত চৰিত্ৰ। ইণ্ডিয়া টুডে গ্ৰুপে তেওঁলোকৰ বাবে সমীক্ষা চলোৱা সংস্থাৰো মুখা খোল খোৱাৰ পাছত সেই সংস্থাৰ সৈতে চুক্তি বাতিল কৰাৰ সিদ্ধান্ত কৰিলে ঘোষণা।

২. আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে তিনিদিনীয়াকৈ মহিলা আৰক্ষীৰ ষষ্ঠ ৰাষ্ট্ৰীয় সন্মিলন।  দেশৰ বিভিন্ন ঠাইৰ ২৪০গৰাকী সৰ্বস্তৰৰ মহিলা আৰক্ষীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব লগা সন্মিলনখন উদ্বোধন কৰিব অসমৰ ৰাজ্যপালে। গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান আয়োজিত হৈছে।

৩.নগাঁৱত ৰাজীৱ গান্ধী খেল অভিযানৰ আনুষ্ঠানিকভাৱে হ'ল উদ্বোধন। ক্ৰীড়াক জীৱনৰ অৱলম্বন ৰূপে গ্ৰহণ কৰিবৰ বাবে প্ৰেৰিত কৰিবৰ বাবে ৰাষ্ট্ৰীয় যুৱ নীতিৰ-২০১৪ৰ আধাৰত এই অভিযান আৰম্ভ কৰা হৈছে। সজাগতা বৃদ্ধিৰ বাবে স্থানীয় কেইবাখনো কলেজৰ শিক্ষাৰ্থী সকলৰ সহযোগত উলিয়ালে এক বিশাল শোভাযাত্ৰাও।

৪. কংগ্ৰেছ আৰু বিজেপিক অনাগত লোকসভা নিৰ্বাচনত ৰোধিবলৈ দিল্লীত বাওঁপন্থী দলসমূহৰ আহ্বানত সমবেত হ'ল ১১টা ৰাজনৈতিক দল। তৃতীয় মৰ্চা গঢ়াৰ এই বৈঠকত লক্ষণীয় ভাৱে অনুপস্থিত থাকিল অসম গণ পৰিষদ।

৫. ৰাহুল গান্ধীৰ ৩০ঘণ্টীয়া নিৰ্বাচনমুখী অসম ভ্ৰমণত প্ৰথমে ডিফুত ৯খন স্বায়ত্ত শাসিত পৰিষদৰ নেতৃত্বৰে কৰিলে বৈঠক, নাৰী সৱলীকৰণ কাৰ্যসূচীতো কৰিলে অংশগ্ৰহণ। গুৱাহাটীৰ খানাপাৰাত লক্ষাধিক লোকৰ সমাবেশত কৰিলে অংশগ্ৰহণ। আজি যোৰহাটত ছশ মহিলাৰ সৈতে আলোচনাত কৰিব অংশগ্ৰহণ, ৰাইজৰ উপস্থিতি নিশ্চিত কৰিবলৈ আত্মসহায়ক গোটৰ চেক প্ৰদানৰ সুখবৰেও পালে সংবাদ শিৰোনামা।

৬. দক্ষিণ কামৰূপবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই মিৰ্জাত স্থাপিত হ'ল কামৰূপ (গ্ৰাম্য)  জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ কাৰ্যালয়। এই কাৰ্যালয় আনুষ্ঠানিকভাৱে শক্তিমন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে মুকলি কৰে।

৭. ঢেকীয়াজুলি প্ৰেছ ক্লাৱে আয়োজন কৰিলে "গাঁৱলৈ বলক" কাৰ্যসূচীৰ। ৰাইজমেলত বৰছলাৰ ন-বিল কছাৰী অঞ্চলৰ ক্ষুদ্ধ গঞাই সমস্যাৰ সমাধান নহলে লোকসভা নিৰ্বাচনৰ ভোটদান বৰ্জন কৰাৰ দিলে হুংকাৰ। গঞা ৰাইজৰ ক্ষোভ পোহৰলৈ অনাত প্ৰেছ ক্লাৱটোৱে গ্ৰহণ কৰিছে শলাগনীয় উদ্যোগ।

৮. বহৰি শংকৰদেৱ শিশু নিকেতনৰ উদ্যোগত ইউনেস্কই ঘোষণা কৰা আন্তৰ্জাতিক ভাষা দিৱস বিগত ২১ ফেব্ৰুৱৰীত উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি, লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ছাত্ৰ ছাত্ৰী সকলে উলিয়ালে বৃহত শোভাযাত্ৰাও।

৯. ভাৰত স্কাউট আৰু গাইডৰ জন্মদাতা লৰ্ড বেডেন পাৱেলৰ জন্মদিন উলক্ষে বাগসা জিলাৰ তামুলপুৰৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সদস্য সকে তামুলপুৰৰ ৰাজপথত প্লাষ্টিকৰ ক্ষতিকৰ প্ৰযোগ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে উলিয়ালে এক সমদল, যোৱা ২২ ফেব্ৰুৱাৰীত।

১০. 
অসমৰ চৰকাৰী কাৰ্যালয়-সচিবালয়ৰ নতুন সময়সূচী ঘোষণা। অহা ১ মাৰ্চৰ পৰা ৩০ছেপ্তেম্বৰলৈ পুৱা দহ বজাৰ পৰা বিৰতি বিহীন ভাৱে বিয়লি পাঁচ বজালৈকে চৰকাৰী কামকাজ চলিব বুলি সময়সূচী নিৰ্ধাৰণ কৰি চৰকাৰে জাৰি কৰিলে এক প্ৰেছ বিজ্ঞপ্তি।

No comments:

Post a Comment